সমললৈ যাওক

ৰোগান চিত্ৰশৈলী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Rogan paintingৰ পৰা পুনঃনিৰ্দেশিত)
পদ্মশ্ৰী আব্দুল গফুৰ খাত্ৰীয়ে নিৰ্মাণ কৰা ৰোগান চিত্ৰশৈলীৰ 'ট্ৰি অফ লাইফ' (জীৱন বৃক্ষ)
ৰোগান চিত্ৰশৈলীৰ শ্ৰী তিৰুপতি বালাজী
গুজৰাটৰ কাচ্ছৰ এগৰাকী ৰোগান চিত্ৰশিল্পী
গুজৰাটৰ কাচ্ছৰ এগৰাকী ৰোগান চিত্ৰশিল্পী

ৰোগান চিত্ৰশৈলী (ইংৰাজী: Rogan painting) ভাৰতৰ গুজৰাট আৰু আফগানিস্তানৰ বামিয়ান অঞ্চলত প্ৰচলিত কাপোৰৰ ওপৰত ছপাকৰা একপ্ৰকাৰৰ পাৰম্পৰিক চিত্ৰশৈলী। এই চিত্ৰকলা ৰোগান কলা, ৰোগান ছাপ আৰু ৰং ৰোগান আদি ভিন ভিন নামেৰে পৰিচিত। ৰোগান চিত্ৰশৈলী মূলতঃ তিনি প্ৰকাৰৰ। এই তিনি প্ৰকাৰ হৈছে ৰোগান ছাপ, ৰোগান নিৰ্মিকা ছাপ আৰু ৰোগান বৰ্ণিকা ছাপ। এসময়ত সমগ্ৰ গুজৰাট, ৰাজস্থান, বিহাৰ আৰু তামিলনাডুৰ হিন্দু আৰু ক্ষত্ৰিয়সকলে এই চিত্ৰশৈলীৰ অনুশীলন কৰিছিল। এৰা তেল আৰু শাক-পাচলিৰ ৰং মিহলি কৰি উতলাই তৈয়াৰ কৰা ৰং তুলিকা ব্যৱহাৰ কৰি কাপোৰৰ ওপৰত অংকন কৰা হয়। ৰোগান চিত্ৰকলাৰ যাত্ৰা প্ৰাচীন পাটলীপুত্ৰ (বিহাৰ)ৰ পৰা বামিয়ান আৰু তাৰ পিছত গুজৰাটলৈকে বিস্তৃত হৈছিল। এই শিল্পৰূপ গৌতম বুদ্ধৰ শিষ্যসকলে আয়ত্ত কৰিছিল। ২০০৮ চনত ইউনেস্কোৰ গৱেষণাৰ মতে বুদ্ধ ৰোগান চিত্ৰকলা ৫ম বা ষষ্ঠ শতিকাৰ।[1][2][3] ৰোগানৰ চিত্ৰকলাক "শুষ্ক তেল পদ্ধতি" বুলিও কোৱা হয়।[4] 'পোপাট গিৰ্নাৰ' নামেৰে জনাজাত এই বিশেষ ডিজাইনটো ২০০ বছৰতকৈও অধিক সময় ধৰি ৰোগান শিল্পৰ এক অবিচ্ছেদ্য অংশ।

এই তেল ভিত্তিক ৰং কাপোৰত প্ৰয়োগ কৰাৰ প্ৰক্ৰিয়া গুজৰাটৰ হিন্দু আৰু খাত্ৰী সম্প্ৰদায়ৰ মাজত আৰম্ভ হৈছিল।[5] যদিও ৰোগান নামটোৱে (আৰু কিছুমান পৰম্পৰাগত ডিজাইন) ভাৰতীয় সংস্কৃতিৰ উৎপত্তিৰ কথা সূচায়, ইয়াক প্ৰমাণ কৰিবলৈ কোনো নিৰ্ভৰযোগ্য ঐতিহাসিক তথ্য নাই। ৰোগান চিত্ৰশৈলীৰে নিৰ্মিত লেহেংগা ভাৰতীয় বিয়া আৰু উৎসৱৰ বাবে পৰিধান কৰা পৰম্পৰাগত কাপোৰ। ই ইয়াৰ জটিল কাৰুকাৰ্য্যৰ বাবে বিখ্যাত। ‘প’পাট গিৰনাৰ’ নামেৰে পৰিচিত এই বিশেষ ডিজাইনটো ২০০ বছৰতকৈও অধিক সময় ধৰি ৰোগান কলাৰ এক অবিচ্ছেদ্য অংশ।

গুজৰাট অঞ্চলৰ কেইবাটাও স্থানত প্ৰথমে ৰোগান চিত্ৰকলাৰ চৰ্চা চলিছিল। চিত্ৰৰে সমৃদ্ধ কাপোৰসমূহ বেছিভাগ হিন্দু নিম্নবৰ্ণৰ মহিলাসকলে বিয়াৰ বাবে ক্ৰয় কৰিছিল।[6] সেয়েহে ই এবিধ ঋতুভিত্তিক কলা আছিল। বিয়া হোৱা মাহবোৰত ইয়াৰ কাম-কাজ তুংগত হৈছিল। বছৰৰ বাকী সময়ছোৱাত শিল্পীসকলে অন্যান্য ধৰণৰ কাম যেনে কৃষিলৈ স্থানান্তৰিত হৈছিল।[7]

২০ শতিকাৰ শেষৰ ফালে সস্তা আৰু মেচিনেৰে নিৰ্মিত বস্ত্ৰশিল্পৰ উত্থানৰ লগে লগে ৰোগান চিত্ৰৰে সমৃদ্ধ সামগ্ৰী তুলনামূলকভাৱে অধিক ব্যয়বহুল হৈ পৰে আৰু বহু শিল্পীয়ে অন্য বৃত্তিৰ ফালে গতি কৰে। ইয়াৰ ফলত এই কলা মৃতপ্ৰায় ৰূপত পৰিগণিত হয়।

শিল্পৰ পুনৰুত্থান

[সম্পাদনা কৰক]

২০ শতিকাৰ শেষৰ ফালে আৰু একবিংশ শতিকাৰ আৰম্ভণিতে কেইবাটাও কাৰকে একত্ৰিত হৈ ৰোগান চিত্ৰকলাৰ প্ৰতি নৱীকৃত আগ্ৰহৰ সৃষ্টি কৰিছিল। ২০০১ চনৰ গুজৰাট ভূমিকম্পৰ পিছত এই অঞ্চলৰ বহু অংশ ধ্বংস হৈছিল। তাৰপিছত এই অঞ্চলত পানীৰ ব্যৱস্থা আৰু বিদ্যুতৰ আন্তঃগাঁথনি উন্নত কৰা হৈছিল, নতুন পথ নিৰ্মাণ কৰা হৈছিল, আৰু অঞ্চলটোলৈ বিমান সেৱাৰ সংখ্যা বৃদ্ধি কৰা হৈছিল। এই সকলোবোৰৰ ফলত পৰ্যটনৰ সংখ্যা বৃদ্ধি পাইছিল। বৰ্ধিত পৰ্যটকৰ সংখ্যাই এই শিল্পকলা জীয়াই তুলিবলৈ অৰিহণা যোগাইছে। আশিস কানছাৰাৰ দৰে ৰোগান শিল্পীকে ধৰি স্থানীয় শিল্পীসকলক চহৰীয়া পৰিৱেশ আৰু অনলাইনত বিক্ৰী কৰি তেওঁলোকৰ বজাৰ বৃদ্ধি কৰাত সহায় কৰি।[8] বহু শিল্পীয়ে নিজৰ কলাৰ বাবে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে। ইয়াৰ ফলত তেওঁলোকৰ কামৰ সমাদৰ আৰু প্ৰতিপত্তি বৃদ্ধি পাইছে।[9]

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকাৰ হোয়াইট হাউছ ভ্ৰমণ কৰোঁতে তেওঁ ৰাষ্ট্ৰপতি বাৰাক ওবামাক দুখন ৰোগান চিত্ৰ উপহাৰ স্বৰূপে প্ৰদান কৰিছিল। ইয়াৰে এখন ৰাষ্ট্ৰীয় বঁটা বিজয়ী আব্দুল গাফুৰ খাত্ৰীয়ে অংকন কৰা 'ট্ৰি অফ লাইফ' নামৰ চিত্ৰ আছিল।[10] আশিস কনছাৰাৰ পৰিয়ালেও ভূজৰ মাধাপাৰৰ পৰা পৰম্পৰাগত ৰোগান শিল্পৰ জড়িত হৈ আছে।[11]

গুজৰাটৰ শিল্পীসকলে পৰ্যটকক আকৰ্ষণ কৰিবলৈ সমসাময়িক সামগ্ৰী, লেহেংগা, মানিবেগ, বেগ, কুশ্বন কভাৰ, টেবুলৰ কাপোৰ, দেৱালত ওলমি থকা সামগ্ৰী, আঁঠুৱাৰ কভাৰ আৰু ৰোগান চিত্ৰ সমৃদ্ধ শাৰী আদিৰ প্ৰৱৰ্তন কৰিছে।[12][13] ২০১০ চনত শিল্পী কৰ্মশালালৈ পৰ্যটকৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাই প্ৰতিদিনে ৪০০ জনলৈ বৃদ্ধি পায়।[14] ৰোগান চিত্ৰৰ বৰ্ধিত চাহিদাৰ লগত খাপ খোৱাৰ প্ৰয়াসত ২০১০ চনত শিল্পী আব্দুল গাফুৰ খাত্ৰীয়ে প্ৰথমবাৰৰ বাবে মহিলাক প্ৰশিক্ষণ দিবলৈ আৰম্ভ কৰে। ইয়াৰ পূৰ্বে আশংকা কৰা হৈছিল যে মহিলাসকলে পৰিয়ালৰ বাহিৰত বিয়া হ’লে এই শিল্পৰ গোপনীয়তা হেৰাই যাব। ২০১৫ চনত গুজৰাটৰ নিৰোনা গাঁৱত আব্দুল গাফুৰ খাত্ৰীৰ পৰিয়ালৰ সৈতে বিশগৰাকী মহিলাই ৰোগান চিত্ৰৰ সৈতে জড়িত হৈ আছিল।[15] পৰম্পৰাগত ৰোগান চিত্ৰকলাৰ আগতে কেৱল লেহেংগা আৰু শাৰীত ডিজাইন বনোৱাত সীমাবদ্ধ আছিল। কিন্তু এতিয়া মাধাপাৰ, কাচ্ছ অঞ্চলৰ ৰোগান শিল্পীয়ে ৰোগান চিত্ৰকলাত পাৰম্পৰিক চিত্ৰৰ লগতে দেৱতা আৰু অন্যান্য প্ৰতিকৃতি অংকন কৰিব লৈছে।[16][17]

২০২০ চনত ক’ভিড-১৯ মহামাৰীৰ পিছত পৰ্যটকৰ সংখ্যা যথেষ্ট হ্ৰাস পোৱাৰ লগতে তেওঁলোকৰ সৈতে কাম কৰা মহিলাসকলক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছিল। আব্দুল গাফুৰ খাত্ৰী পৰিয়ালৰ সদস্যসকলে এই শিল্পৰ কাম কৰিবলৈ এৰি দিয়ে।[18]

ৰোগান চিত্ৰত ব্যৱহাৰ কৰা ৰং[19] প্ৰায় দুদিন এৰা তেল উতলাই আৰু তাৰ পিছত শাক-পাচলিৰ ৰং আৰু কিছু ৰসায়ন যোগ কৰি উৎপাদন কৰা হয়। এই ৰং ডাঠ আৰু চিকচিকিয়া হয়।[20] ৰং কৰা বা ছপা কৰা কাপোৰখন সাধাৰণতে গাঢ় ৰঙৰ হয়। ফলত তীব্ৰ ৰঙৰ ডিজাইন সমূহ বেছিকৈ দৃশ্যমান হয়।

ৰোগান চিত্ৰ কাপোৰত ছপাবলৈ ধাতুৰ ব্লক ব্যৱহাৰ কৰা হয়। ধাতুৰ ব্লকত আৰ্হি প্ৰয়োগ কৰা হয় আৰু ইয়াৰ ভিতৰত আৰ্হি খোদিত কৰা হয়। আনহাতে ৰোগান চিত্ৰত ৰংসমূহ হাতেৰে সূতাৰ দৰে টানি কাপোৰত হেঁচি ধৰি বিশদ ডিজাইন প্ৰস্তুত কৰা হয়। প্ৰায়ে এটা ডিজাইনৰ আধা অংশ ৰং কৰা হয় আৰু তাৰ পিছত কাপোৰখন আধা ভাঁজ কৰি কাপোৰৰ আন আধা অংশলৈ সমমিত ছবি এখন স্থানান্তৰিত কৰা হয়। ডিজাইনসমূহত ফুল, জীৱ-জন্তু আৰু স্থানীয় লোকশিল্পৰ আকৃতি ব্যৱহাৰ কৰা হয়।

তথ্য উৎস

[সম্পাদনা কৰক]
  1. "Synchrotron light unveils oil in ancient Buddhist paintings from Bamiyan". The European Synchotron. 2008-04-21. https://www.esrf.fr/news/general-old/general-2008/bamiyan আহৰণ কৰা হৈছে: 2024-10-19.
  2. "Afghan caves hold world's first oil paintings: expert" (en-AU ভাষাত). ABC News. 2008-01-25. https://www.abc.net.au/news/2008-01-26/afghan-caves-hold-worlds-first-oil-paintings-expert/1024106.
  3. "Earliest Oil Paintings Discovered" (en ভাষাত). livescience.com. 2008-04-22. https://www.livescience.com/2465-earliest-oil-paintings-discovered.html আহৰণ কৰা হৈছে: 2024-07-28.
  4. Kheder, Ahmed (2023-10-01). "Oil Painting History... What We Know" (en ভাষাত). KHEDERPAINTINGS.. https://www.khederpaintings.com/post/oil-painting-history আহৰণ কৰা হৈছে: 2024-07-28.
  5. Pandey, Priya (September 1, 2002). "Rogan artists abandoning their art". The Sunday Tribune, India. http://www.tribuneindia.com/2002/20020901/spectrum/heritage.htm আহৰণ কৰা হৈছে: 22 August 2017.
  6. Mahurkar, Uday (12 December 2005). "Kutch family that kept alive Rogan art form hopes to benefit from tourist attention". India Today. http://indiatoday.intoday.in/story/kutch-family-that-kept-alive-rogan-art-form-hopes-to-benefit-from-tourist-attention/1/192417.html আহৰণ কৰা হৈছে: 21 August 2017.
  7. Spiegel, Claire (7 September 2012). "In Northwest Corner of India, the Work of Centuries". The New York Times. https://www.nytimes.com/2012/09/08/arts/08iht-sckutch08.html আহৰণ কৰা হৈছে: 21 August 2017.
  8. Kansara, Ashish (2023-08-19). "Ancient intellectual Indian rogan art by Ashish Kansara" (en-US ভাষাত). Rogan art. https://roganart.com/rogan-art-painting-by-ashish-kansara/ আহৰণ কৰা হৈছে: 2024-07-28.
  9. Tuorisam, Kutch (2024-09-02). "Komal Kansara: Reviving the 1550-Year-Old Rogan Art Tradition from Kutch's Madhapar" (en-US ভাষাত). Rogan art. https://roganart.com/komal-kansara-rogan-art-reviving-the-1550-year-old/ আহৰণ কৰা হৈছে: 2024-09-10.
  10. Parashar, Sachin (3 October 2014). "PM Modi gives Obama rare Rogan paintings made by Gujarat-based Muslim family". The Times of India. http://timesofindia.indiatimes.com/india/PM-Modi-gives-Obama-rare-Rogan-paintings-made-by-Gujarat-based-family/articleshow/44251860.cms আহৰণ কৰা হৈছে: 21 August 2017.
  11. "Kutch: દેવી-દેવતાના આવા ચિત્રો તમે ક્યારેય નહીં જોયા હોય! જુઓ VIDEO" (gu ভাষাত). News18 ગુજરાતી. 2022-11-11. Archived from the original on 2025-05-09. https://web.archive.org/web/20250509035754/https://gujarati.news18.com/news/kutchh/youth-creates-wall-pieces-of-gods-and-godesses-through-rogan-art-in-kutch-kdg-local18-1281961.html আহৰণ কৰা হৈছে: 2024-07-28.
  12. "Rogan art saree from Madhapar kutch" (en ভাষাত). Bhujodi Saree. https://www.craftcentres.com/rogan-art-saree আহৰণ কৰা হৈছে: 2024-07-28.
  13. Tripathi, Shailaja (December 24, 2011). "Ready for Rogan" (en ভাষাত). The Hindu. http://www.thehindu.com/arts/crafts/ready-for-rogan/article2741704.ece আহৰণ কৰা হৈছে: 22 August 2017.
  14. "Rogan fame kutch to get tourist centre - Times of India". The Times of India. January 6, 2016. http://timesofindia.indiatimes.com/city/vadodara/Rogan-fame-kutch-to-get-tourist-centre/articleshow/50464108.cms আহৰণ কৰা হৈছে: 22 August 2017.
  15. "Rogan painting revived at 'Dastkar Basant'" (en ভাষাত). Zee News. 18 February 2015. http://zeenews.india.com/entertainment/art-theatre/rogan-painting-revived-at-dastkar-basant_1548785.html আহৰণ কৰা হৈছে: 22 August 2017.
  16. OTV (2023-03-23). Artists doing rare Rogan Art in Gujarat's Kutch. Retrieved 2024-07-28 via YouTube.
  17. Dhiraj (2024-01-04). "રામ દરબારની આ ઐતિહાસિક કૃતિ જોઈ?" (en-US ভাষাত). મુંબઈ સમાચાર. Archived from the original on 2024-07-28. https://web.archive.org/web/20240728161349/https://bombaysamachar.com/gujarat/see-this-historical-work-of-ram-darbar/ আহৰণ কৰা হৈছে: 2024-07-28.
  18. Barth, Dylan. "WATCH: Meet family practicing this 400-year-old Indian art form". Business Insider. https://www.businessinsider.com/rogan-art-india-khatri-family-2020-12 আহৰণ কৰা হৈছে: 2021-01-15.
  19. Kansara, Ashish (2024-04-07). "Rogan painting paste Making" (en-US ভাষাত). Rogan art. https://roganart.com/rogan-painting-paste-making/ আহৰণ কৰা হৈছে: 2024-07-28.
  20. Kamaladevi Chattopadhyaya (1976). The glory of Indian handicrafts. Indian Book Co.. পৃষ্ঠা. 34. https://books.google.com/books?id=pwZUAAAAMAAJ আহৰণ কৰা হৈছে: 3 November 2016.