ৰুদ্ৰ (২০২৫ চলচ্চিত্ৰ)
| ৰুদ্ৰ | |
|---|---|
চিত্ৰগৃহত মুক্তিৰ পোষ্টাৰ | |
| পৰিচালক | ৰূপক গগৈ |
| ৰচনা | ৰূপক গগৈ |
| প্ৰযোজক | ৰাজেশ কুমাৰ মʼৰ অʼ. পি. গাৰোডিয়া অৰবিন্দ গাৰোডিয়া গৌতম বেৰিয়া অনুপ বেৰিয়া মনোজ কুমাৰ কেড়িয়া |
| অভিনয়ত | ৰবি শৰ্মা আদিল হুছেইন জয় কাশ্যপ অৰ্চিতা প্ৰকাশ নন্দিনী কাশ্যপ |
| সংগীত পৰিচালক | দিগন্ত ভাৰতী ইবচন লাল বৰুৱা |
প্ৰযোজনা কোম্পানী |
শ্যাম প্ৰডাকচনজ |
মুক্তি |
২৭ জুন ২০২৫ |
| দেশ | ভাৰত |
| ভাষা | অসমীয়া |
| সৰ্বমুঠ আয় | est. ₹10.56 crore[1] |
ৰুদ্ৰ (ইংৰাজী: Rudra) হʼল ২০২৫ চনত মুক্তিপ্ৰাপ্ত, ৰূপক গগৈৰ দ্বাৰা পৰিচালিত তথা ৰচিত, অসমীয়া ভাষাৰ এখন একশ্যন থ্ৰিলাৰধৰ্মী চলচ্চিত্ৰ।[2] শ্যাম প্ৰডাকচনজৰ বেনাৰত নিৰ্মিত এই ছবিখনত অভিনয় কৰিছে ৰবি শৰ্মা, আদিল হুছেইন, জয় কাশ্যপ, নন্দিনী কাশ্যপ আৰু অৰ্চিতা প্ৰকাশে।[3] ছবিখনৰ সংগীত ৰচনা কৰিছে দিগন্ত ভাৰতী আৰু ইবচন লাল বৰুৱাই। ছবিখন অসমৰ আইন-শৃংখলা পৰিস্থিতি আৰু বিদ্ৰোহী সংগঠনৰ কাহিনীৰ আলমত নিৰ্মাণ কৰা হৈছে।[4]
অভিনয় শিল্পী
[সম্পাদনা কৰক]- ৰুদ্ৰৰ চৰিত্ৰত ৰবি শৰ্মা
- যশৱৰ্ধনৰ চৰিত্ৰত আদিল হুছেইন
- সংকল্পৰ চৰিত্ৰত জয় কাশ্যপ
- সুৰভীৰ চৰিত্ৰত নন্দিনী কাশ্যপ
- চʼনিয়াৰ চৰিত্ৰত অৰ্চিতা প্ৰকাশ
- ৰঞ্জিতৰ চৰিত্ৰত মিনৰো শ্ৰ
- তপন খুৰাৰ চৰিত্ৰত ঈশান হাজৰিকা
- দেৱদাস মামাৰ চৰিত্ৰত ৰাজীৱ ক্ৰʼ
- ৰঞ্জনৰ চৰিত্ৰত নিলোৎপল বৰুৱা
- ইন্দ্ৰৰ চৰিত্ৰত হিমাংশু গগৈ
- হিমাংশু প্ৰসাদ দাস
- আধ্যাশ্ৰী উপাধ্যায়
প্ৰযোজনা
[সম্পাদনা কৰক]অসমৰ বিভিন্ন স্থানৰ লগতে হাইদৰাবাদতো ছবিখনৰ চিত্ৰগ্ৰহণ কৰা হৈছিল।
চিত্ৰগ্ৰহণৰ সময়ত এটা একুৰিয়াম ব্লাষ্টৰ দৃশ্যগ্ৰহণ কৰাৰ সময়ত অভিনেতা ৰবি শৰ্মাই মুখত আঘাত পাইছিল।[5] ততাতৈয়াকৈ তেওঁক দিছপুৰস্থিত জি.এন.আৰ.চি. চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। চিকিৎসালয়ৰ পৰা মুকলি হোৱাৰ পাছত নিৰ্মাতাসকলে পুনৰ ছবিখনৰ চিত্ৰগ্ৰহণ আৰম্ভ কৰে।[5]
সংগীত
[সম্পাদনা কৰক]ৰুদ্ৰৰ চাউণ্ডট্ৰেকটি ৰচনা কৰিছে সংগীত শিল্পী দিগন্ত ভাৰতী আৰু ইবচন লাল বৰুৱাই।[6]
| গীতৰ শীৰ্ষ | ||||||||||
|---|---|---|---|---|---|---|---|---|---|---|
| নং | শিৰোনাম | গীতিকাৰ | কণ্ঠশিল্পী | দৈৰ্ঘ্য | ||||||
| 1. | "আগলি অনুভবে" | দিগন্ত ভাৰতী | জুবিন গাৰ্গ, ভাস্বতী ভাৰতী | ০৩:০৪ | ||||||
| 2. | "ৰুদ্ৰ (থীম চং)" | ইবচন লাল বৰুৱা | নীল আকাশ, লিজা দৃষ্টি | ৩:৪৩ | ||||||
মুক্তি
[সম্পাদনা কৰক]প্ৰথমে ২০২৫ চনৰ ১ মেʼ তাৰিখে ছবিগৃহত মুক্তি পোৱাৰ কথা আছিল যদিও ২০২৫ চনৰ ২৭ জুন তাৰিখেহে ছবিখন মুক্তি পায়।[7]
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ উদ্ধৃতি ত্ৰুটি: অবৈধ
<ref>টেগ;BOনামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই - ↑ "Rudra Movie". Times of India. https://timesofindia.indiatimes.com/entertainment/assamese/movie-details/rudra/movieshow/121292760.cms। আহৰণ কৰা হৈছে: 27 June 2025.
- ↑ "'Rudra' movie review: Ravi Sarma’s career-best performance with no body doubles, and real stunts". India Today NE. https://www.indiatodayne.in/entertainment/story/rudra-movie-review-ravi-sarmas-career-best-performance-with-no-body-doubles-and-real-stunts-1234456-2025-06-25। আহৰণ কৰা হৈছে: 27 June 2025.
- ↑ "অসমৰ বাহিৰে-ভিতৰে ৰূপালী পৰ্দাত “ৰুদ্ৰ”ৰ গৰ্জন". ETV Bharat. https://www.etvbharat.com/as/!entertainment/roopak-gogoi-directorial-new-assamese-movie-rudra-starring-ravi-sarma-adil-hussain-releases-today-assam-news-ass25062703338। আহৰণ কৰা হৈছে: 27 June 2025.
- ↑ 5.0 5.1 "Ravi Sarma severely injured during the shoot of upcoming Assamese film Rudra". ETV Bharat. https://www.etvbharat.com/as/%21entertainment/ravi-sarma-severely-injured-during-the-shoot-of-upcoming-assamese-film-rudra-ass24072904821। আহৰণ কৰা হৈছে: 27 June 2025.
- ↑ "Rudra (Original Motion Picture Soundtrack)". JioSaavn. https://www.jiosaavn.com/album/rudra-original-motion-picture-soundtrack/IXdNZT0g8Uc_। আহৰণ কৰা হৈছে: 27 June 2025.
- ↑ "ইয়াকেই কয় যোগাত্মক প্ৰতিযোগিতা! ৬ জুনত 'ৰুদ্ৰ' নাহে আপোনাৰ কাষলৈ". ETV Bharat. https://www.etvbharat.com/as/!entertainment/roopak-gogoi-directorial-new-assamese-movie-rudra-starring-ravi-sarma-adil-hussain-release-date-postpone-team-hold-a-press-conference-assam-news-ass25060303776। আহৰণ কৰা হৈছে: 27 June 2025.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- ৰুদ্ৰ (২০২৫ চলচ্চিত্ৰ) সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।