ছাইয়াৰা
| ছাইয়াৰা | |
|---|---|
চিত্ৰগৃহত মুক্তিৰ পোষ্টাৰ | |
| পৰিচালক | মোহিত সূৰী |
| চিত্ৰনাট্য | সংকল্প সদনঃ |
| সংলাপ লেখক | ৰোহন শংকৰ |
| কাহিনী | সংকল্প সদনঃ |
| প্ৰযোজক | অক্ষয় বিধানী |
| অভিনয়ত | আহান পাণ্ডে অনীত পাড্ডা |
| চিত্ৰগ্ৰহণকাৰী | বিকাশ শিৱৰমন |
| সম্পাদনা |
|
| সংগীত পৰিচালক |
|
প্ৰযোজনা কোম্পানী |
|
| পৰিবেশক | য়শ ৰাজ ফিল্মছ |
মুক্তি |
১৮ জুলাই ২০২৫ |
দৈৰ্ঘ্য |
১৫৬ মিনিট[1][2] |
| দেশ | ভাৰত |
| ভাষা | হিন্দী |
| বাজেট | ₹৩৫-৫০ কোটি[3][4] |
| সৰ্বমুঠ আয়-45 কোটি টকা | est. ₹৩২৭.৭৪ কোটি[5] |
ছাইয়াৰা (ইংৰাজী: Saiyaara) হʼল মোহিত সূৰীৰ দ্বাৰা পৰিচালিত, ২০২৫ চনত মুক্তিপ্ৰাপ্ত ভাৰতীয় হিন্দী ভাষাৰ সংগীতধৰ্মী ৰোমাণ্টিক নাট্য চলচ্চিত্ৰ।[6] য়শ ৰাজ ফিল্মছৰ দ্বাৰা প্ৰযোজিত এই ছবিখনত নৱাগত অভিনেতা আহান পাণ্ডে আৰু অভিনেত্ৰী অনীত পাড্ডাই মুখ্য চৰিত্ৰত অভিনয় কৰিছে। ছবিখন ২০০৪ চনৰ দক্ষিণ কোৰীয় ছবি এ মʼমেণ্ট টু ৰিমেম্বাৰৰ আধাৰত নিৰ্মাণ কৰা হৈছে। ছবিখনত কৃষ কাপুৰ নামৰ এজন অশান্ত সংগীতজ্ঞৰ কাহিনী চিত্ৰিত কৰা হৈছে। যিয়ে বাণী বাত্ৰা নামৰ এজনী লাজুক-স্বভাৱৰ লেখিকাৰ সৈতে গভীৰ সম্পৰ্ক গঢ়ি তুলে।
২০২৫ চনৰ ১৮ জুলাই তাৰিখে মুক্তিপ্ৰাপ্ত ছাইয়াৰাই সমালোচক তথা দৰ্শকৰ পৰা ইতিবাচক সমালোচনা লাভ কৰিছিল। ছবিখনে পাণ্ডে আৰু পাড্ডাৰ অভিনয়, সূৰীৰ পৰিচালনা আৰু সংগীতৰ বাবে ভূঁয়সী প্ৰশংসা লাভ কৰিছিল।[7][8] এই ছবিখনে ব্যৱসায়িকভাৱে এক বৃহৎ সফলতা লাভ কৰে, বিশ্বজুৰি ৩৫০ কোটি টকা উপাৰ্জন কৰে আৰু ২০২৫ চনৰ দ্বিতীয় সৰ্বাধিক উপাৰ্জনকাৰী হিন্দী ছবিৰ লগতে ২০২৫ চনৰ দ্বিতীয় সৰ্বাধিক উপাৰ্জনকাৰী ভাৰতীয় ছবি হিচাপেও অভিলেখ গঢ়ে।[9]
অভিনয় শিল্পী
[সম্পাদনা কৰক]- কৃষ্ণ কাপুৰৰ চৰিত্ৰত আহান পাণ্ডে
- বাণী বাত্ৰাৰ চৰিত্ৰত অনীত পাড্ডা
- বাণীৰ মাতৃৰ চৰিত্ৰত গীতা আগৰৱাল শৰ্মা
- বাণীৰ পিতৃৰ চৰিত্ৰত ৰাজেশ কুমাৰ
- কৃষৰ পিতৃ অশোক কাপুৰৰ চৰিত্ৰত বৰুণ বদোলা
- প্ৰিন্সৰ চৰিত্ৰত শ্বাদ ৰন্ধাৱা
- বিনীত ৰাৱালৰ চৰিত্ৰত ছিড মক্কাৰ
- কেভিৰ চৰিত্ৰত আলম খান
- ভানিৰ প্ৰাক্তন হবু ছোৱালী মহেশ আয়াৰৰ চৰিত্ৰত শ্বান গ্ৰ’ভাৰ
- ক্লিও মেথিউছৰ চৰিত্ৰত নীল দত্ত
- ৰুদ্ৰাশ "ৰুডী" বাত্ৰাৰ চৰিত্ৰত অনংগদ ৰাজ
- নেহাৰ চৰিত্ৰত ঋতিকা মূৰ্তি
- ৰিকৰ চৰিত্ৰত মোহিত ৱাধৱা
- ডাঃ খ্যাতিৰ চৰিত্ৰত মেহেৰ আচাৰিয়া দাৰ
- বিভানৰ চৰিত্ৰত ৰৌনক কুমাৰ ৰাৱত
প্ৰযোজনা
[সম্পাদনা কৰক]য়শ ৰাজ ফিল্মছে ছবিখন আনুষ্ঠানিকভাৱে ঘোষণা কৰিছিল আৰু মোহিত সূৰী ছবিখনৰ পৰিচালক হিচাপে চুক্তিবদ্ধ হৈছিল।[10] আহান পাণ্ডে আৰু অনীত পাড্ডাক মুখ্য চৰিত্ৰত অভিনয়ৰ বাবে নিৰ্বাচিত কৰা হৈছিল।[11][12] ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত ছবিখনৰ প্ৰধান ফটোগ্ৰাফী আৰম্ভ হৈছিল আৰু ২০২৫ চনৰ মাৰ্চ মাহত সমাপ্ত হৈছিল।[13][14]
এটা সাক্ষাৎকাৰত সূৰীয়ে প্ৰকাশ কৰে যে এই প্ৰকল্পটোক প্ৰথমতে তেওঁ আশিকি ফ্ৰেঞ্চাইজিৰ সম্ভাৱ্য তৃতীয় কিস্তি হিচাপে কল্পনা কৰিছিল যদিও ইয়াৰ প্ৰযোজকসকলৰ সৈতে ই বাস্তৱায়িত নহ’ল। নেটফ্লিক্সৰ তথ্যচিত্ৰ দ্য ৰোমাণ্টিক্সৰ পৰা অনুপ্ৰাণিত হৈ তেওঁ কোনো প্ৰযোজক নোহোৱাকৈয়ে ছাইয়াৰা নামৰ কাহিনীটোত স্বতন্ত্ৰভাৱে কাম আৰম্ভ কৰে। কিন্তু পিছত য়শ ৰাজ ফিল্মছৰ চিইঅ’ অক্ষয় বিধানীয়ে য়শ ৰাজ ফিল্মছৰ অধীনত ছবিখনৰ প্ৰযোজনা আৰু প্ৰচাৰ কৰিবলৈ ব’ৰ্ডলৈ আহে।[15]
সংগীত
[সম্পাদনা কৰক]
মিথুন, তনিষ্ক বাগচী, ফহীম আব্দুল্লাহ, আৰ্ছলান নিজামী, বিশাল মিশ্ৰা, সচেত–পৰম্পৰা আৰু দ্য ঋষ (ঋষভ কান্ত)ৰ দ্বাৰা সুৰাৰোপিত এই সংগীত এলবামটোত ৭টা গীত আছে। গীতসমূহৰ কথা ৰচনা কৰিছে ইৰছাদ কামিল, মিথুন, ঋষভ কান্ত আৰু ৰাজ শেখৰে।[16][17] ছবিখনৰ আৱহ সংগীত ৰচনা কৰিছিলজন ষ্টুৱেৰ্ট এডুৰীয়ে, যিয়ে সূৰীৰ নৰ্ম সহযোগী ৰাজু সিঙৰ ঠাই লয়।[18] গীতসমূহত কণ্ঠদান কৰে অৰিজিৎ সিং, জুবিন নৌটিয়াল, শ্ৰেয়া ঘোষাল, শিল্পা ৰাও, বিশাল মিশ্ৰা, সচেত–পৰম্পৰা, ফহীম আব্দুল্লা আৰু হংসিকা পাৰিকে। এই চাউণ্ডট্ৰেক এলবামটো ২০২৫ চনৰ ৪ জুলাই তাৰিখে মুক্তি পাইছিল।[19]
বিপণন
[সম্পাদনা কৰক]২০২৫ চনৰ ৩০ মে’ তাৰিখে ছবিখনৰ টিজাৰ মুক্তি পাইছিল।[20] ২০২৫ চনৰ ৮ জুলাই তাৰিখে ছবিখনৰ ট্ৰেইলাৰটো মুক্তি লাভ কৰিছিল।[21] মুক্তিৰ পূৰ্বে পাণ্ডে আৰু পাড্ডাই ছবিখনৰ প্ৰচাৰ কৰা নাছিল, কিয়নো সূৰীয়ে বিচাৰিছিল যে দৰ্শকে এই যুটিটোক প্ৰথমবাৰৰ বাবে পৰ্দাত অনুভৱ কৰক।[22]
মুক্তি
[সম্পাদনা কৰক]কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰামাণীকৰণ পৰিষদৰ পৰা ইউ/এ প্ৰমাণপত্ৰৰে ছবিখনে মুক্তি পাইছিল।[23] ২০২৫ চনৰ ১৮ জুলাই তাৰিখে ছাইয়াৰা ছবিখনে ছবিগৃহত মুক্তি লাভ কৰে।[24]
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ "Saiyaara". British Board of Film Classification. https://www.bbfc.co.uk/release/saiyaara-q29sbgvjdglvbjpwwc0xmdmxmju2। আহৰণ কৰা হৈছে: 11 July 2025.
- ↑ "Saiyaara". Central Board of Film Certification. https://www.cbfcindia.gov.in/cbfcAdmin/search-result.php?recid=Q0EwMTE0MDYyMDI1MDAxMTE=। আহৰণ কৰা হৈছে: 11 July 2025.
- ↑ "Saiyaara cast fees: How much did Ahaan Panday and Aneet Padda earned from the film?" (en ভাষাত). Financial Express. 2025-07-19. https://www.financialexpress.com/life/entertainment-saiyaara-cast-fees-how-much-did-ahaan-panday-and-aneet-padda-earned-from-the-film-3920283/। আহৰণ কৰা হৈছে: 2025-07-19.
- ↑ "Saiyaara worldwide box office collection day 7: Ahaan Panday-Aneet Padda film beats Raid 2 lifetime, crosses ₹250 crore". Hindustan Times. https://www.hindustantimes.com/entertainment/bollywood/saiyaara-worldwide-box-office-collection-day-7-ahaan-panday-aneet-padda-film-crosses-250-crore-101753450058097.html। আহৰণ কৰা হৈছে: 2025-07-27.
- ↑ "Saiyaara Box Office" (en ভাষাত). Bollywood Hungama. https://www.bollywoodhungama.com/movie/saiyaara/box-office/#bh-movie-box-office। আহৰণ কৰা হৈছে: 19 July 2025.
- ↑ Ramachandran, Naman (2025-06-30). "Mohit Suri’s ‘Saiyaara’ Sets Sights on Bollywood Love Stories Comeback: ‘Romance as a Genre Is Waiting to Deliver’" (en-US ভাষাত). Variety. https://variety.com/2025/film/news/mohit-suri-saiyaara-bollywood-romance-genre-revival-1236443909/। আহৰণ কৰা হৈছে: 2025-07-20.
- ↑ Ramachandran, Naman (16 July 2025). "'Saiyaara' Breaks Pre-Sales Records for Bollywood Debutant Film". Variety. https://variety.com/2025/film/news/saiyaara-pre-sales-records-bollywood-debutant-film-1236461927/.
- ↑ "Saiyaara Movie Review and Release LIVE: Chunky Panday Sends Love To Nephew Ahaan As Saiyaara Takes Record-Breaking Start" (en ভাষাত). Times Now. 2025-07-18. https://www.timesnownews.com/entertainment-news/bollywood/saiyaara-movie-review-and-release-live-updates-ahaan-panday-aneet-padda-mohit-suri-saiyaara-review-rating-day-1-box-office-collection-records-update-liveblog-152297736। আহৰণ কৰা হৈছে: 2025-07-18.
- ↑ "Saiyaara Box Office: Mohit Suri directorial crosses Rs. 200 cr milestone; races ahead to Rs. 225.73 cr worldwide : Bollywood News". Bollywood Hungama. 2025-07-24. https://www.bollywoodhungama.com/news/box-office-special-features/saiyaara-box-office-mohit-suri-directorial-crosses-rs-200-cr-milestone-races-ahead-rs-225-73-cr-worldwide/। আহৰণ কৰা হৈছে: 2025-07-24.
- ↑ "Mohit Suri to helm Yash Raj Films' romantic drama". The Indian Express. 31 January 2024. https://indianexpress.com/article/entertainment/bollywood/mohit-suri-to-helm-yash-raj-films-romantic-drama-9137149/। আহৰণ কৰা হৈছে: 13 July 2025.
- ↑ Tartaglione, Nancy (7 February 2024). "Ahaan Panday To Star In Yash Raj Films' Upcoming Young Love Story From Director Mohit Suri". Deadline. https://deadline.com/2024/02/ahaan-panday-cast-yash-raj-films-mohit-suri-1235817576/। আহৰণ কৰা হৈছে: 11 July 2025.
- ↑ "8 flawless pics of Aneet Padda: Big Girls Don't Cry actor set to become newest 'YRF heroine'". Hindustan Times. 28 May 2024. https://www.hindustantimes.com/photos/entertainment/8-flawless-pics-aneet-padda-big-girls-dont-cry-actor-newest-yrf-heroine-101716887958988-2.html। আহৰণ কৰা হৈছে: 11 July 2025.
- ↑ Hungama, Bollywood (14 September 2024). "Ahaan Panday's debut kept under wrap as family hides his reaction from vlog, reveals he's off social because of film preparation : Bollywood News". Bollywood Hungama. https://www.bollywoodhungama.com/news/features/ahaan-pandays-debut-kept-wrap-family-hides-reaction-vlog-reveals-hes-off-social-film-preparation/। আহৰণ কৰা হৈছে: 11 July 2025.
- ↑ "Ahaan Panday ends shoot of his debut with a banger". Mid-day. 28 February 2025. https://www.mid-day.com/entertainment/bollywood-news/article/mohit-suri-recreates-music-festival-1000-people-for-ahaan-panday-debut-23492199। আহৰণ কৰা হৈছে: 11 July 2025.
- ↑ Ramachandran, Naman (17 July 2025). "Mohit Suri's 'Saiyaara' Bets Big on Bollywood Romance: 'The Heart Still Aches in the Same Place'". Variety. https://variety.com/2025/film/news/mohit-suri-saiyaara-bollywood-romance-1236462355/.
- ↑ Mathur, Abhimanyu (July 21, 2025). "Meet men behind Saiyaara title song: Kashmiri engineer who quit his job, musician who came to Mumbai for just 2 weeks". https://www.hindustantimes.com/entertainment/music/meet-men-behind-saiyaara-title-song-arslan-nizami-faheem-abdullah-kashmiri-engineer-mohit-suri-ahaan-panday-aneet-padda-101753095871730.html.
- ↑ "Tanishk Bagchi To NDTV On Saiyaara Creating Saiyaara Title Song: "People Knew Me For Remixes, Good That..."" (en ভাষাত). NDTV. https://www.ndtv.com/entertainment/tanishk-bagchi-to-ndtv-on-saiyaara-creating-saiyaara-title-song-people-knew-me-for-remixes-good-that-8917404। আহৰণ কৰা হৈছে: 2025-07-23.
- ↑ Singh, Alakshendra (19 June 2025). "From the 'soundproof' hills of Kashmir to Bollywood: Meet Faheem Abdullah and Arslan Nizami, musicians behind Saiyaara's title track". The Indian Express. https://indianexpress.com/article/entertainment/music/faheem-abdullah-and-arslan-nizami-musicians-behind-saiyaaras-title-track-from-the-soundproof-hills-of-kashmir-to-bollywood-10064585/.
- ↑ ""Saiyaara Album Is My Tribute to The First Aashiqui Film"- Mohit Suri". Filmfare.com. 4 July 2025. https://www.filmfare.com/news/bollywood/saiyaara-album-is-my-tribute-to-the-first-aashiqui-film-mohit-suri-75343.html.
- ↑ Biswas, Sneha (30 May 2025). "Saiyaara teaser OUT: Ahaan Panday goes shirtless, locks lips with Aneet Padda in debut film, netizens react". mint. https://www.livemint.com/entertainment/saiyaara-teaser-out-ahaan-panday-goes-shirtless-locks-lips-with-aneet-padda-in-debut-film-netizens-react-11748596273530.html। আহৰণ কৰা হৈছে: 11 July 2025.
- ↑ "Saiyaara movie trailer: Ahaan Panday launches offensive against 'blue tick' celebs, flags discrimination against 'real artistes' in this tortured love story" (en ভাষাত). The Indian Express. 2025-07-08. https://indianexpress.com/article/entertainment/bollywood/saiyaara-trailer-ahaan-panday-launches-offensive-against-blue-tick-celebs-10113051/। আহৰণ কৰা হৈছে: 2025-07-08.
- ↑ "Ahaan Panday and Aneet Padda didn’t promote Saiyaara for a reason; Mohit Suri learned this tactic during Aashiqui 2" (en ভাষাত). The Indian Express. 2025-07-18. https://indianexpress.com/article/entertainment/bollywood/ahaan-panday-and-aneet-padda-didnt-promote-saiyaara-for-a-reason-mohit-suri-learned-this-tactic-during-aashiqui-2-10133963/। আহৰণ কৰা হৈছে: 2025-07-20.
- ↑ Fernandes, Shefali (16 July 2025). "Saiyaara: CBFC Deletes 10 Seconds Of 'Sensual & Intimacy' Visuals From Ahaan Panday's Film, Censors Objectionable Words". Free Press Journal. https://www.freepressjournal.in/entertainment/saiyaara-cbfc-deletes-10-seconds-of-sensual-intimacy-visuals-from-ahaan-panday-film-censors-objectionable-words.
- ↑ "'Saiyaara': Ahaan Panday's debut film gets title, release date" (en-IN ভাষাত). 2025-04-22. https://www.thehindu.com/entertainment/movies/saiyaara-ahaan-pandays-debut-film-gets-title-release-date/article69477360.ece.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- ছাইয়াৰা সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- বলিউড হাংগামাত ছাইয়াৰা-ৰ তথ্য