সাৰলা দাস
| সাৰলা দাস | |
|---|---|
| জন্ম | সিদ্ধেশ্বৰ পৰিড়া ১৫শ শতিকাৰ কবি তেণ্টুলিপাডা, জগৎসিংহপুৰ |
| পেচা | কবি • পণ্ডিত |
| সময় | সাৰলা যুগ |
| উল্লেখনীয় কৰ্মৰাজি | সাৰলা মহাভাৰত, বিলংকা ৰামায়ণ আৰু চণ্ডী পুৰাণ |
সাৰলা দাস (ওড়িয়া: ସାରଳା ଦାସ, ইংৰাজী: Sarala Dasa, জন্মনাম: সিদ্ধেশ্বৰ পৰিড়া) আছিল ওডিয়া সাহিত্যৰ ১৫শ শতিকাৰ এজন খ্যাতনামা কবি আৰু পাণ্ডিত।[1] তেওঁ সাৰলা মহাভাৰত, বিলংকা ৰামায়ণ আৰু চণ্ডী পুৰাণ নামৰ তিনখন উল্লেখযোগ্য গ্ৰন্থৰ বাবে বিশেষভাৱে পৰিচিত। তেওঁ ওডিয়া ভাষাত প্ৰথমবাৰৰ বাবে পুথি ৰচনা কৰা সাহিত্যিক, সেয়ে তেওঁক ওড়িয়া ভাষাৰ আদিকবি বুলি সন্মানিত কৰা হয়।[2] ওডিয়া সাহিত্যৰ আধাৰভূমি হিচাপে তেওঁৰ কৰ্মই পৰৱৰ্তী পঢ়ুৱৈ আৰু লেখকসকলৰ বাবে এখন স্থায়ী জ্ঞানভঁৰাল গঠন কৰিছে।[3]
জীৱনী
[সম্পাদনা কৰক]সাৰলা দাসৰ প্ৰাৰম্ভিক জীৱনৰ বিষয়ে সঠিকভাৱে জনা নাযায়। তেওঁ গজাপতি ৰজা কপিলেন্দ্ৰ দেৱৰ সমসাময়িক আছিল। যদিও তেওঁৰ জন্মৰ তাৰিখ সঠিকভাৱে নিৰ্ণয় কৰিব নোৱাৰি, তথাপি তেওঁক খ্ৰীষ্টীয় ১৫ শতিকাৰ বুলি ধৰিব পাৰি।[4] জগতসিংপুৰ জিলাৰ তন্তুলীয়াপদত কনকপূৰা নামেৰে জনাজাত কনকাৱতী পতনা নামৰ এখন গাঁৱত তেওঁৰ জন্ম হৈছিল।[5] সাৰলা দাস চাছা সম্প্ৰদায়ৰ আছিল।[6]
সাৰলা দাসৰ কোনো সংগঠিত প্ৰাথমিক শিক্ষা নাছিল, আত্মশিক্ষাৰ জৰিয়তে তেওঁ যিখিনি অৰ্জন কৰিছিল তাক ভক্তি আৰু প্ৰেৰণাৰ দেৱী সাৰলাৰ কৃপাত বুলি কোৱা হৈছিল। যদিও তেওঁৰ প্ৰাৰম্ভিক নাম সিদ্ধেশ্বৰ পৰিড়া, পিছলৈ তেওঁক সাৰলা দাস বুলি জনা যায়। (দাস উপাধিৰ অৰ্থ হ’ল কোনো বিশেষ দেৱতা বা দেৱীৰ দাস। জনবিশ্বাসমতে, সিদ্ধেশ্বৰে ল’ৰা অৱস্থাত এসময়ত পিতৃৰ পথাৰত হাল বাই ইমানেই সুৰীয়াকৈ গান গাইছিল যে দেৱী সাৰলাই ৰৈ তেওঁৰ গীত শুনি তেওঁক সুন্দৰ কবিতা ৰচনা কৰাৰ শক্তিৰে সজ্জিত কৰিছিল।
তেওঁৰ মহাভাৰতত তেওঁ ওড়িশাৰ গজাপতি ৰজাৰ সেনাবাহিনীত সৈনিক হিচাপে সেৱা আগবঢ়োৱাৰ কেইবাটাও ইংগিত পোৱা যায়।
তেওঁৰ জীৱনকালৰ সময়ছোৱাক ওড়িয়া সাহিত্যৰ মধ্যযুগীয় যুগ বুলি জনা যায়।
সাহিত্য কৰ্ম
[সম্পাদনা কৰক]সাৰলা দাস মূলতঃ সাৰলা মহাভাৰত, বিলংক ৰামায়ণ আৰু চণ্ডী পুৰাণৰ বাবে বিখ্যাত। এই তিনিখন গ্ৰন্থৰ উপৰিও তেওঁ লক্ষ্মী নাৰায়ণ বাছনিকা গ্ৰন্থও লিখিছিল।
যদিও সাৰলা দাসে ওড়িয়া মহাভাৰত লিখাৰ ক্ষেত্ৰত সংস্কৃত মহাভাৰতৰ মূল ৰূপৰেখা অনুসৰণ কৰিছিল, তথাপি তেওঁ অসংখ্য বিচ্যুতি ঘটাইছিল আৰু ইয়াৰ লগত নিজৰ সৃষ্টিৰ কাহিনী আৰু তেওঁৰ জনা বিভিন্ন বিষয়ৰ প্ৰচুৰ পৰিমাণে যোগ কৰিছিল। চূড়ান্ত ৰূপত সৰল দাসৰ মহাভাৰত ৰামায়ণৰ আধাৰত কালিদাসৰ ৰঘুবংশৰ সাদৃশ্যপূৰ্ণ এক নতুন সৃষ্টি।[7]
সংস্কৃত সাহিত্যত দিয়া মহিষাসুৰক (মহিষৰ মূৰৰ অসুৰ) দেৱীয়ে হত্যা কৰাৰ সুপৰিচিত কাহিনীৰ আধাৰত চণ্ডী পুৰাণখন ৰচনা কৰা হৈছিল যদিও ইয়াতো ওড়িয়া কবিয়ে কেইবাটাও বিন্দুত মূলৰপৰা বিচ্যুতি ঘটাইছিল। তেওঁৰ প্ৰাচীন গ্ৰন্থ বিলংক ৰামায়ণ হ'ল ৰাম আৰু হাজাৰটা মূৰৰ ৰাৱণৰ যুদ্ধৰ কাহিনী।
তেওঁ কবিতাবোৰ দণ্ডী ছন্দত ৰচনা কৰিছিল। সাৰলা দাসৰ পদ্য সহজ, সংগীতময় আৰু অকৃত্ৰিম। কাব্যিক উদ্দেশ্যত কথিত শব্দ প্ৰয়োগ কৰি তেওঁৰ লেখা সংস্কৃতকৰণৰপৰা মুক্ত কৰিছিল।
সকলোৱে বুজিব পৰা ভাষাত ধৰ্মীয় গ্ৰন্থ ৰচনা কৰি ওড়িশাত সাধাৰণ জনতাৰ বাবে উপলব্ধ কৰিবলৈ তেওঁ প্ৰবল ধৰ্মীয় উদ্যমেৰে প্ৰেৰণা যোগাইছিল। তেওঁ নিজৰ কবিতাসমূহ "মানুহৰ" সুবিধাৰ্থে ৰচনা কৰা বুলি উল্লেখ কৰিছিল।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Mansinha, Mayadhar (1962). History of Oriya Literature. Sahitya Akademi. পৃষ্ঠা. 50. https://books.google.com/books?id=gwFIAAAAMAAJ&q=mayadhar%20mansingh%20history%20of%20odia%20literature। আহৰণ কৰা হৈছে: 21 March 2021.
- ↑ "Shri Naidu hails Sarala Das as Adi Kabi, Adi Aitihasika and Adi Bhougolbith at the poet's 600th birth anniversary event". PIB. https://pib.gov.in/PressReleasePage.aspx?PRID=1709219। আহৰণ কৰা হৈছে: 2 April 2021.
- ↑ "In Conversation With: Paramita S Tripathy" (en-US ভাষাত). Purple Pencil Project. 2020-07-06. https://www.purplepencilproject.com/paramita-s-tripathy-interview/। আহৰণ কৰা হৈছে: 2020-07-10.
- ↑ Bryant, E.F. (2007). Krishna: A Sourcebook. Oxford University Press. পৃষ্ঠা. 141. ISBN 978-0-19-972431-4. https://books.google.com/books?id=2n4VDAAAQBAJ&pg=PA141। আহৰণ কৰা হৈছে: 2020-09-13. "His exact dates are not established; it is only known that he as contemporary of King Kapilendra dev.Sarala Dasa was born as Siddheshwara Parida in a farming family, in a village about forty miles from Puri."
- ↑ (or ভাষাত) Orissa Review. Published and issued by Home (Public Relations) Department, Government of Orissa. 2004. পৃষ্ঠা. 57. https://books.google.com/books?id=gVhQAQAAMAAJ। আহৰণ কৰা হৈছে: 2020-09-13. "He was born at Kanakavati Patana ' is known as Kanakapura, one of the șidhikshetras in Jagatsinghpur District . His early name was Siddheswar Parida"
- ↑ Mallik, Basanta Kumar (2004) (en ভাষাত). Paradigms of Dissent and Protest: Social Movements in Eastern India, C. AD 1400-1700. Manohar Publishers & Distributors. ISBN 978-81-7304-522-6. https://books.google.com/books?id=KOnZAAAAMAAJ&q=balarama+dasa+karana.
- ↑ This contribution is a nearly verbatim reproduction of "Sarala Dasa, the Originator of the Oriya Literature" by Debendra Nath Bhoi and Priyadarshini Bakshi in the Orissa Review of October 2004
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- Adikabi Sarala Das Archived 2020-04-12 at the Wayback Machine
- About Sarala das mahabharat