সমললৈ যাওক

সেনাপতি জিলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Senapati districtৰ পৰা পুনঃনিৰ্দেশিত)
সেনাপতি জিলা
মণিপুৰত সেনাপতিৰ অৱস্থান
মণিপুৰত সেনাপতিৰ অৱস্থান
দেশ  ভাৰত
ৰাজ্য মণিপুৰ
সদৰ সেনাপতি
চৰকাৰ
  লোকসভা সমষ্টি আউটাৰ মণিপুৰ
  বিধানসভা সমষ্টি ৬ খন
কালি
  মুঠ
৩,২৭১ বৰ্গকিমি (১,২৬৩ বৰ্গমাইল)
জনসংখ্যা
 (2011)
  মুঠ
৪,৭৯,১৪৮
  ঘনত্ব ১৫০/বৰ্গকিমি (৩৮০/বৰ্গমাইল)

সেনাপতি জিলা (Pron:/ˌseɪnəˈpʌti/) উত্তৰ-পূব ভাৰতমণিপুৰ ৰাজ্যৰ এখন জিলা৷

ভৌগোলিক অৱস্থান

[সম্পাদনা কৰক]

সেনাপতি জিলা ৯৩.২৯° আৰু ৯৪.১৫° পূব দ্ৰাঘিমাংশ আৰু ২৪.৩৭° আৰু ২৫.৩৭° উত্তৰ অক্ষাংশত অৱস্থিত৷ জিলাখনৰ দক্ষিণে কংপকপি জিলা (Kangpokpi District), পূবে উখৰুল জিলা, পশ্চিমে তামেংলং জিলা আৰু উত্তৰে নাগালেণ্ডৰ ক’হিমা আৰু ফেক জিলা অৱস্থিত৷ এই জিলা সাগৰপৃষ্ঠৰ পৰা ১০৬১-১৭৮৮ মিটাৰ উচ্চতাত অৱস্থিত৷ জিলাখনৰ উষ্ণতা সৰ্বনিম্ন ৩.৪° ছেলছিয়াছ ৰ পৰা সৰ্বোচ্চ ৩৪.১° ছেলছিয়াছ হ’ব পাৰে৷

প্ৰশাসন

[সম্পাদনা কৰক]

সেনাপতি মণিপুৰ ৰাজ্যৰ চতুৰ্থ বৃহৎ জিলা৷ এই জিলা উপায়ুক্ত (Deputy Commissioner)ৰ অধীনত পৰিচালিত হয়৷

সেনাপতি জিলাখন সাতটা মহকুমাত বিভক্ত:[1]

মহকুমা সদৰ ঠাই
Mao-Maram Tadubi
Paomata Paomata
Purul Purul
Willong Willong
Chilivai-Phaibung Phaibung
Song Song Song Song
Lairouching Lairouching

অৰ্থনীতি

[সম্পাদনা কৰক]
IMS C.P.Arcade ভৱনৰ পৰা দেখা পোৱা সেনাপতি জিলাৰ ৩৬০ ডিগ্ৰী দৃশ্য

সেনাপতি জিলাৰ ৬৬.৪৩% মাটি অৰণ্য আৰু ২০% কৃষিভূমি৷ এই জিলাত উৎপাদন কৰা মূল শস্যবোৰ হৈছে ধান, গোমধান, আলু, বন্ধাকবি আৰু মাহজাতীয় শস্য৷ জিলাখনৰ অধইকাংশ লোকেই কৃষক৷

সেনাপতি, মণিপুৰ
নতুন কাৰং

জনসংখ্যা

[সম্পাদনা কৰক]
সেনাপতি জিলাৰ ধৰ্মসমূহ
ধৰ্ম শতকৰা
খ্ৰীষ্টান ধৰ্ম‎
 
৮৯.০৮%
হিন্দু ধৰ্ম‎
 
৯.১৫%
তথ্য নাই
 
০.৬৩%
বৌদ্ধ ধৰ্ম‎
 
০.৫০%
ইছলাম ধৰ্ম‎
 
০.৩৪%
অন্য
 
০.২৬%
শিখ ধৰ্ম‎
 
০.০৩%
জৈন ধৰ্ম‎
 
০.০১%

২০১১ চনৰ লোকপিয়ল অনুসৰি সেনাপতি জিলাৰ মুঠ জনসংখ্যা ৪,৭৯,১৪৮ জন৷[2] ভাৰতৰ মুঠ ৬৪০ খন জিলাৰ ভিতৰত জনসংখ্যাৰ ফালৰ পৰা এই জিলাৰ স্থান ৫৬৫৷[2] জিলাখনৰ জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত ১০৯ জন৷[2] ২০০১-২০১১ দশকত জিলাখনৰ জনসংখ্যা বৃদ্ধিৰ হাৰ ২৫.১৬% [2] সেনাপতি জিলাৰ প্ৰতি ১০০০ গৰাকী পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৯৩৯ গৰাকী[2] আৰু সাক্ষৰতাৰ হাৰ ৭৫%৷[2]

সেনাপতি জিলাৰ অধিবাসীসকল মূলত মাও নগা (Mao Naga), Maram, Poumai, Thangal, Zemai, Liangmai, Rongmei(Kabui), Tangkhul, Meetei, Thadou, নেপালী, Vaiphei, Chothe, Chiru, Maring আদি জনজাতিৰ লোক৷

এই জিলাত প্ৰচলিত মূল ভাষাসমূহ হৈছে:

  • মাও (Mao) ভাষা
  • পওমাই (Poumai) ভাষা
  • ৰংমেই (Rongmei) ভাষা
  • জেমি (Zeme) ভাষা
  • Lianglad
    • জেমি ভাষা
    • Maram ভাষা
    • Khoirao ভাষা
    • Mzieme ভাষা
    • Inpui ভাষা
  • আংগামী পশ্চুৰী (Angami–Pochuri) ভাষা
    • Chokri ভাষা

সংস্কৃতি

[সম্পাদনা কৰক]

সেনাপতি জিলাত পালন কৰা প্ৰধান উৎসৱসমূহ হৈছে:

  • Chaga Ngee:এই উৎসৱ ৩০ অক্টোবৰৰ দিনা লিয়াংমাই জনজাতি (liangmai tribe) ৰ লোকসকলে পালন কৰে৷
  • Thounii: এই উৎসৱ পওমাই নগা (Poumai Naga) জনজাতিৰ লোকসকলে ৫ জানুৱাৰীৰ দিনা পালন কৰে৷
  • Laonii: এই উৎসৱো পওমাই নগাসকলৰ কৃষিৰ লগত জড়িত উৎসৱ৷ সাধাৰণতে জুলাই মাহৰ শেষৰফালে এই উৎসৱ পালন কৰা হয়৷
  • Chiithuni: এই উৎসৱ ডিচেম্বৰ মাহত মাও নগা (Mao Naga) সকলে ছদিনীয়াকৈ উদযাপন কৰে৷
  • Saleni: এই উৎসৱ কৃষিৰ লগত জড়িত৷ জুলাই মাহত ধান ৰোৱাৰ সময়ত মাও নগাসকলে এই উৎসৱ উদযাপন কৰে৷
  • Ponghi: মাৰাম নগা (Maram Naga) লোকসকলে জুলাই মাহত ধান ৰোৱাৰ সময়ত সাতদিনীয়াকৈ এই উৎসৱ পালন কৰে৷
  • Kanghi: এই উৎসৱ মাৰাম নগাসকলে ডিচেম্বৰ মাহত সাতদিন পৰ্যন্ত উদযাপন কৰে৷ পৰম্পৰাগত মল্লযুঁজ এই উৎসৱৰ এক অন্যতম অংগ৷

পৰ্য্যটন

[সম্পাদনা কৰক]
The stick took root and sprouted into a Wild Pear Tree and was called "Khyataobii" at Makhel
  • কওব্ৰু পৰ্বত (Koubru Mountain): এই পৰ্বত মণিপুৰৰ সৰ্বোচ্চ উচ্চতাৰ পৰ্বত৷ এই পৰ্বত মেইটেই লোকসকলৰ জনবিশ্বাসত আৰাধ্য দেবতা "Koubru" ৰ উপাসনাৰ স্থল৷ এই পৰ্বতত ভালেসংখ্যক গুহা আছে৷
  • কওব্ৰু লাইখা (Koubru Laikha)': কওব্ৰু লাইখা মণিপুৰৰ এটা বিখ্যাত শিব মন্দিৰ৷ এই মন্দিৰটো ইম্ফল নদীৰ পাৰত অৱস্থিত৷ শিৱৰাত্ৰিৰ দিনা এই মন্দিৰত অসংখ্য লোকৰ সমাগম হয়৷
  • কংপকপি (Kangpokpi): সেনাপতি জিলাৰ দ্বিতীয় বৃহৎ নগৰ৷ মূল অধিবাসী থাদও কুকী জনজাতিয় লোকসকল৷
  • মাও দ্বাৰ (Mao Gate): মণিপুৰ-নাগালেণ্ড সীমান্তত অৱস্থিত এক পাহাৰীয়া ঠাই৷

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Office of the Registrar General of India
  2. 1 2 3 4 5 6 "District Census 2011". Census2011.co.in. 2011. http://www.census2011.co.in/district.php আহৰণ কৰা হৈছে: 2011-09-30.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]