সমললৈ যাওক

শৈলপুত্ৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Shailaputriৰ পৰা পুনঃনিৰ্দেশিত)
শৈলপুত্ৰী
পৰ্বতৰ দূহিতা
সম্পৰ্ক শক্তি, পাৰ্বতী
নিবাস কৈলাস পৰ্বত
মন্ত্ৰ ॐ देवी शैलपुत्र्यै नमः॥[1]
वंदे वाद्द्रिछतलाभाय चंद्रार्धकृतशेखराम।
वृषारूढां शूलधरां शैलपुत्री यशस्विनीम्•॥
অস্ত্ৰ ত্ৰিশূল আৰু পদ্ম
সঙ্গী শিৱ
আসন/বাহন বৃষভ

শৈলপুত্ৰী (সংস্কৃত: शैलपुत्री ) হৈছে হিন্দু দেৱী দুৰ্গাৰে এক ৰূপ। শৈলপুত্ৰীৰ আক্ষৰিক অৰ্থ হৈছে পৰ্বতৰ জীয়ৰী।[1] তেওঁ হৈছে নৱদুৰ্গাৰ প্ৰথমগৰাকী আৰু নৱৰাত্ৰিৰ প্ৰথমদিনাই তেওঁৰ উপাসনা কৰা হয়। তেওঁ আছিল পৰ্বতৰাজ হিমৱান আৰু তেওঁৰ পত্নী মৈনিকা বা মেনাৱতীৰ জীয়ৰী। শিৱ পুৰাণ আৰু কালিকা পুৰাণৰ মতে দেহৰ শ্যামবৰণৰ বাবে জন্মতে শৈলপুত্ৰীৰ নাম ৰখা হৈছিল কালী।[2][3]

তেওঁক সতী,[4] ভৱানী, পাৰ্বতী বা হেমৱতী নামেৰেও জনা যায়। তেওঁক প্ৰকৃতিৰ পৰম স্বৰূপ হিচাপে গণ্য কৰা হয়।

চিত্ৰায়ন

[সম্পাদনা কৰক]

দেৱী শৈলপুত্ৰীক দ্বিভূজা ৰূপত কপালত এক অৰ্ধচন্দ্ৰৰে সৈতে অংকন কৰা হয়। তেওঁ সোঁ‌হাতে ত্ৰিশূল আৰু বাওঁ‌হাতে এপাহ পদুম ফুল ধাৰণ কৰে। শৈলপুত্ৰীৰ বাহন হৈছে বৃষভ।[1]

​শৈলপুত্ৰী হৈছে আদি পৰাশক্তি যি হিমালয়ৰ ৰজা হিমৱানৰ ঘৰত জন্মলাভ কৰে। 'শৈল' অৰ্থাৎ পৰ্বত আৰু 'পুত্ৰী অৰ্থাৎ জীয়ৰীয়ে তেওঁ পৰ্বতৰাজৰ কন্যা হোৱাৰ কথাকে সূচায়।[5]

ব্ৰহ্মা, বিষ্ণু আৰু শিৱৰ শক্তিৰ বিমূৰ্ত ৰূপ শৈলপুত্ৰী পূৰ্বতে আছিল প্ৰজাপতি দক্ষৰ দুহিতা সতী।[4] দক্ষৰ যজ্ঞত শিৱক অপমান কৰাত ক্ষুণ্ণ হৈ সতীয়ে দেহত্যাগ কৰে। পিছৰ জন্মত তেওঁ হিমালয়ৰ কন্যা পাৰ্বতীৰ ৰূপত জন্ম হয় আৰু শিৱৰ সৈতে বিবাহপাশত আবদ্ধ হয়। উপনিষদৰ মতে তেওঁ দেৱৰাজ ইন্দ্ৰ আদি দেৱতাৰ দৰ্পচূৰ্ণ কৰে। ইয়াতে লজ্জানত হৈ দেৱতাসকলে কয় যে তেওঁলোকে শক্তি বা শৈলপুত্ৰীৰ পৰাই শক্তি লাভ কৰে।

দেৱী শৈলপুত্ৰীয়ে পাৰ্বতীৰূপে হিমালয়ৰ ঔৰষত জন্ম লাভ কৰে। তেওঁ হেমৱতী ৰূপত সকলো প্ৰধান দেৱতাকে পৰাজিত কৰে।[6]

শৈলপুত্ৰী হৈছে শৰীৰৰ মূলাধাৰ চক্ৰৰ দেৱী। জাগ্ৰত হোৱাৰ পিছত বৃষভত বহি তেওঁ উৰ্ধদিশেৰে যাত্ৰা কৰে। সেয়ে নৱৰাত্ৰিৰ আৰম্ভণিৰ দিনা যোগীসকলে নিজৰ ধ্যান মূলাধাৰ চক্ৰত নিৱদ্ধ ৰাখে। এয়া হৈছে তেওঁলোকৰ স্ব-নিয়মানুৱৰ্তিতাৰ আধাৰ। বিশ্বাস কৰা হয় যে সমস্ত জগতে পূৰ্ণ প্ৰকৃতিৰূপী শৈলপুত্ৰীৰ পৰাই যক্তি লাভ কৰে।

দেৱী শৈলপুত্ৰীৰ পূজা নাৰীশক্তিৰ প্ৰতীক ঘটস্থাপনেৰে আৰম্ভ হয়।[7] ঘটস্থাপনৰ পূজা পবিত্ৰ আৰু প্ৰতীকি বুলি বিশ্বাস কৰা কিছু সামগ্ৰীৰে সম্পন্ন কৰা হয়। এটা মাটিৰ পাত্ৰত তিনিতৰপ মাটি আৰু শস্যৰ বীজ সিঁ‌চি পানী ছটিয়াই জিকাই ৰখা হয়। ইয়াৰ ওপৰত গংগাজল পূৰ্ণ এটা কলহত কেইটামান মুদ্ৰা, হালধি মিহলোৱা আৰৈ চাউল আৰু দূবৰি বন ৰখা হয়। ইয়াৰ পিছত পাঁ‌চখিলা পাতৰ আমডালি কলহত গুঁ‌জি ইয়াৰ ওপৰত এটা নাৰিকল স্থাপন কৰা হয়।[7][8]

শৈলপুত্ৰীৰ মন্ত্ৰ:

ॐ देवी शैलपुत्र्यै नमः॥
ওম দেৱী শৈলপুত্ৰৈ নমঃ॥

শৈলপুত্ৰীৰ বন্দনা[1]

वन्दे वाञ्छितलाभाय चन्द्रार्ध कृतशेखराम्।
वृषारूढाम् शूलधराम् शैलपुत्रीम् यशस्विनीम्॥
বন্দে বাঞ্চিতলাভায় চন্দ্ৰাৰ্ধ কৃতশেখৰম।
বৃষাৰুধাম শূলধৰাম শৈলপুত্ৰীম যশশ্বীনিম॥

উত্তৰ প্ৰদেশৰ বাৰাণসীত শৈলপুত্ৰীৰ মন্দিৰ আছে।[6][9]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1 2 3 4 "Shailputri on drikpanchang". drikpanchang. http://www.drikpanchang.com/hindu-goddesses/parvati/durga/navdurga-shailputri.html আহৰণ কৰা হৈছে: 21 Sep 2017.
  2. "Shailaputri on Zee News". Zee News. http://zeenews.india.com/spirituality/navratri-2017-the-nine-forms-of-goddess-durga-2040684.html আহৰণ কৰা হৈছে: 21 Sep 2017.
  3. "Article on Hindu Deities & Mantra -Shailaputri". Archived from the original on 16 December 2013. https://web.archive.org/web/20131216054403/http://www.silambam.asia/god.html আহৰণ কৰা হৈছে: 13 December 2012.
  4. 1 2 "Shailaputri on Astropeak". astrospeak. http://www.astrospeak.com/slides/shailputri-mata আহৰণ কৰা হৈছে: 21 Sep 2017.
  5. "Article on Navadurga: The Nine Forms of Goddess Durga". Archived from the original on 21 March 2015. https://web.archive.org/web/20150321093621/http://hinduism.about.com/od/godsgoddesses/ss/navadurga_2.htm আহৰণ কৰা হৈছে: 13 December 2012.
  6. 1 2 "Shailaputri on Dainik Bhaskar". Dainik Bhaskar. https://www.bhaskar.com/news/NAT-NAN-infog-the-story-and-importance-of-maa-shailaputri-pooja-on-first-day-of-navratre-5700174-NOR.html আহৰণ কৰা হৈছে: 21 Sep 2017.
  7. 1 2 "Shailaputri on Financial Express". http://www.financialexpress.com/lifestyle/navratri-2017-day-1-puja-vidhi-vrat-durga-puja-shubh-muhurat-goddess-shailputri/864031 আহৰণ কৰা হৈছে: 21 Sep 2017.
  8. "ShailaputrionNBT". http://navbharattimes.indiatimes.com/metro/mumbai/other-news/first-day-worship-of-goddess-shailputri/articleshow/60771076.cms আহৰণ কৰা হৈছে: 21 Sep 2017.
  9. "Navadurga Temples". Archived from the original on 9 December 2021. https://web.archive.org/web/20211209134608/http://www.walkthroughindia.com/festivals/9-temples-of-9-devi-durga-of-navaratri-festival/ আহৰণ কৰা হৈছে: 21 Sep 2017.