সমললৈ যাওক

শক্তিপদ ৰাজগুৰু

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Shaktipada Rajguruৰ পৰা পুনঃনিৰ্দেশিত)
শক্তিপদ ৰাজগুৰু
জন্ম ১ ফেব্ৰুৱাৰী, ১৯২২
বাঁকুড়া জিলা, বেংগল প্ৰেচিডেঞ্চি, ব্ৰিটিছ ভাৰত
মৃত্যু ১২ জুন, ২০১৪ (৯২ বছৰ)
কলিকতা, পশ্চিমবংগ, ভাৰত
পেচা ঔপন্যাসিক, ৰচনাকাৰ, জিপিঅ’ কৰ্মচাৰী
সময় ১৯৩৪–২০১৪
উল্লেখনীয় কৰ্মৰাজি মেঘে ঢাকা তাৰা
অমানুষ
বৰসাত কি এক ৰাত
উল্লেখযোগ্য বঁটা
  • বিভূতিভূষণ বঁটা
  • অল-ইণ্ডিয়া লায়ন'চ্ বঁটা
সন্তান পাৰ্থ সাৰথি ৰাজগুৰু
ফাল্গুনী ৰাজগুৰু

শক্তিপদ ৰাজগুৰু (ইংৰাজী: Shaktipada Rajguru) (১ ফেব্ৰুৱাৰী ১৯২২ ১২ জুন ২০১৪) এগৰাকী ভাৰতীয় বঙালী সাহিত্যিক। তেওঁৰ ৰচিত উপন্যাসসমূহৰ কাহিনীৰ ভিত্তিত কেইবাখনো চলচ্চিত্ৰ নিৰ্মিত হৈছে। যাৰ ভিতৰত ঋত্বিক ঘটকৰ দ্বাৰা পৰিচালিত মেঘে ঢাকা তাৰা[1] আৰু শক্তি সামন্তৰ দ্বাৰা পৰিচালিত অমানুষ উল্লেখযোগ্য।[2] তেওঁৰ ৰচিত গল্পসমূহ হিন্দী, তামিল আৰু মালয়ালম ভাষালৈ অনুবাদ কৰা হৈছে।

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

১৯২২ চনৰ ১ ফেব্ৰুৱাৰী তাৰিখে ভাৰতৰ বৰ্তমানৰ পশ্চিমবংগৰ বাঁকুড়া জিলাৰ গোপবান্দি নামে ঠাইত শক্তিপদ ৰাজগুৰুৰ জন্ম হৈছিল। মুৰ্শিদাবাদৰ পাঁচথুপি ত্ৰৈলক্যনাথ প্ৰতিষ্ঠানিক বিদ্যালয়ত তেওঁ প্ৰাৰম্ভিক স্কুলীয়া শিক্ষা লাভ কৰিছিল।[3] কলিকতা বিশ্ববিদ্যালয়ৰ অন্তৰ্গত সুৰেন্দ্ৰনাথ মহাবিদ্যালয়ৰ পৰা তেওঁ স্নাতক ডিগ্ৰী লাভ কৰে।[4] ১৯৪৫ চনত শৰণাৰ্থীসকলৰ দুৰ্দশাৰ স্পৰ্শকাতৰ বিষয়ক কেন্দ্ৰ কৰি তেওঁৰ প্ৰথম উপন্যাস দিনগুলি মোৰ-ৰ জৰিয়তে লিখিবলৈ আৰম্ভ কৰে। তেওঁৰ কৰ্মজীৱনৰ সময়ছোৱাত তেওঁ ১০০ খনতকৈও অধিক উপন্যাস লিখি উলিয়ায়। ২০১৪ চনৰ ১২ জুন তাৰিখে ৯২ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।[5][6]

লিখন শৈলী

[সম্পাদনা কৰক]

শক্তিপদ ৰাজগুৰুৰ ভ্ৰমণ কৰাৰ চখ আছিল আৰু তেওঁৰ বহু উপন্যাস কলিকতাৰ পৰা দূৰৈৰ ঠাই ছোটা নাগপুৰ, মহাৰাষ্ট্ৰ আৰু দণ্ডকাৰণ্যৰ দৰে স্থানত ৰচিত হৈছে, য'ত তেওঁৰ উপন্যাসসমূহ প্ৰকাশিত হৈছিল। প্ৰকৃতিৰ বিষয়ে অতি বিশদভাৱে বৰ্ণনা কৰাৰ লগতে এই স্থানসমূহত তেওঁৰ উপন্যাসৰ শক্তিশালী কেন্দ্ৰীয় চৰিত্ৰসমূহৰ চিত্ৰণ কৰি তেওঁ ভাল পাইছিল। তেওঁ বিভূতিভূষণ বন্দ্যোপাধ্যায় আৰু তাৰাশঙ্কৰ বন্দ্যোপাধ্যায়ক তেওঁৰ প্ৰধান প্ৰভাৱক বুলি উল্লেখ কৰিছে।

নিৰ্বাচিত গ্ৰন্থপঞ্জি

[সম্পাদনা কৰক]
  • মেঘে ঢাকা তাৰা
  • মনি বেগম
  • অন্তৰে অন্তৰে
  • জীৱন কাহিনী
  • অনুসন্ধান
  • অমানুষ
  • সাহিত্যৰ উৎকৰ্ষৰ বাবে বিভূতিভূষণ বঁটা
  • অমানুষ চলচ্চিত্ৰৰ বাবে শ্ৰেষ্ঠ চিত্ৰনাট্য শিতানত অল-ইণ্ডিয়া লায়ন'চ্ বঁটা
  • দ্য হল অৱ ফেম - জীৱনজোৰা সাহিত্য বঁটা, ২০০৯

তথ্য উৎস

[সম্পাদনা কৰক]
  1. "Of memories and realities" (en ভাষাত). frontline.thehindu.com. 2010-11-04. https://frontline.thehindu.com/arts-and-culture/cinema/article30182395.ece আহৰণ কৰা হৈছে: 2022-12-07.
  2. "Shaktipada Rajguru". Archived from the original on 3 January 2019. https://web.archive.org/web/20190103111257/http://www.bfi.org.uk/films-tv-people/4ce2baa4c06ca আহৰণ কৰা হৈছে: December 28, 2018.
  3. তাপস বন্দ্যোপাধ্যায় (1 February 2019). "বাল্যসখা ন্যাড়াই ছিল শক্তিপদৰ সৰ্বক্ষণেৰ সঙ্গী". https://www.anandabazar.com/editorial/life-of-shaktipada-rajguru-the-man-behind-many-successful-films-1.943276 আহৰণ কৰা হৈছে: 7 December 2022.
  4. "খোলা আকাশেৰ শিক্ষা তাঁকে বেশি টানত" (bn ভাষাত). www.anandabazar.com. https://www.anandabazar.com/editorial/article-on-famous-screenwriter-shaktipada-rajguru-1.1004107 আহৰণ কৰা হৈছে: 2022-12-07.
  5. "Eminent Bengali author Shaktipada Rajguru passes away". IANS. news.biharprabha.com. Archived from the original on 8 July 2014. https://web.archive.org/web/20140708124125/http://news.biharprabha.com/2014/06/eminent-bengali-author-shaktipada-rajguru-passes-away/ আহৰণ কৰা হৈছে: 13 June 2014.
  6. "Eminent Bengali novelist Shaktipada Rajguru dies" (en ভাষাত). The Indian Express. 2014-06-12. https://indianexpress.com/article/lifestyle/eminent-bengali-novelist-shaktipada-rajguru-dies/ আহৰণ কৰা হৈছে: 2022-12-07.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]