শ্বেফালী জাৰিৱালা
| এই প্ৰবন্ধৰ উন্নীতকৰণৰ প্ৰয়োজন। অনুগ্ৰহ কৰি সাম্প্ৰতিক ঘটনা বা নতুনকৈ উপলব্ধ তথ্য সংযোগ কৰি প্ৰবন্ধ উন্নত কৰক। |
| শ্বেফালী জাৰিৱালা | |
|---|---|
![]() ২০১২ চনত জাৰিৱালা | |
| জন্ম | ১৫ ডিচেম্বৰ, ১৯৮২[1] বম্বে, মহাৰাষ্ট্ৰ, ভাৰত |
| মৃত্যু | ২৭ জুন, ২০২৫ (৪২ বছৰ)[2] মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত |
| অন্য নাম | দ্য কাঁটা লগা গাৰ্ল |
| শিক্ষানুষ্ঠান | চৰ্দাৰ পেটেল অভিযান্ত্ৰিক মহাবিদ্যালয় |
| পেচা |
|
| সক্ৰিয় হৈ থকা সময় | ২০০২–২০২৫ |
| দাম্পত্যসঙ্গী |
|
শ্বেফালী জাৰিৱালা (ইংৰাজী: Shefali Jariwala; ১৫ ডিচেম্বৰ ১৯৮২ – ২৭ জুন ২০২৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল আছিল। তেওঁ কেইবাখনো হিন্দী সংগীত ভিডিঅʼ,[4] ৰিয়েলিটি শ্ব' আৰু চলচ্চিত্ৰত অভিনয় কৰিছিল।[5] কাঁটা লগা শীৰ্ষক মিউজিক ভিডিঅ’ত অভিনয়ৰ বাবে তেওঁ পৰিচিত। তেওঁ পৰাগ ত্যাগীৰ সৈতে ডান্স ৰিয়েলিটি শ্বʼ নাচ বলিয়ে ৫ আৰু নাচ বলিয়ে ৭-ত অংশগ্ৰহণ কৰিছিল। ২০১৯ চনত তেওঁ বিগ বছ ১৩-ত অংশগ্ৰহণ কৰিছিল। ২০১৮ চনত তেওঁ অল্ট বালাজীৰ বেবী কম না শীৰ্ষক ৱেব ধাৰাবাহিকত অভিনেতা শ্ৰেয়াছ তালপাডেৰ বিপৰীতে নায়িকাৰ চৰিত্ৰত অভিনয় কৰিছিল।[6]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]২০০৪ চনত শ্বেফালী জাৰিৱালাই মীত ব্ৰাদাৰ্ছৰ সংগীতজ্ঞ হৰমীত সিঙৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। ২০০৯ চনত শ্বেফালীয়ে হৰমীতৰ বিৰুদ্ধে অভিযোগ কৰাৰ পিছতে দম্পতীহালৰ বিবাহ বিচ্ছেদ হয়।[7] পিছত ২০১৫ চনত তেওঁ অভিনেতা পৰাগ ত্যাগীৰ সৈতে বিবাহপাশত আবদ্ধ হয়। শ্বেফালী জাৰিৱালাই কম্পিউটাৰ এপ্লিকেচন বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰিছিল।[8]
ই টাইমছ টিভিৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ প্ৰকাশ কৰে যে ১৫ বছৰ বয়সত তেওঁ প্ৰথমবাৰ মৃগীৰোগত আক্ৰান্ত হৈছিল। তেওঁ কোৱা মতে মানসিক চাপ আৰু উদ্বেগৰ বাবেই তেওঁৰ এই ৰোগ হৈছিল। ব্যায়াম-যোগাসন আদিৰ যোগেদি তেওঁ ৰোগমুক্ত হৈছিল আৰু লগতে হতাশাৰ বিৰুদ্ধে যুঁজিবলৈ চেষ্টা কৰিছিল।[উদ্ধৃতিৰ প্ৰয়োজন]
২০২৫ চনৰ ২৭ জুনৰ নিশা হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ যোৱাৰ ফলত জাৰিৱালাৰ মৃত্যু হয়।[9][10]
কৰ্মজীৱন
[সম্পাদনা কৰক]২০০২ চনৰ ভিডিঅʼ এলবাম কাঁটা লগাত গীত এটিত অভিনয়েৰে শ্বেফালীয়ে খ্যাতি লাভ কৰিছিল।[11]
চলচ্চিত্ৰপুঞ্জী
[সম্পাদনা কৰক]টেলিভিছন
[সম্পাদনা কৰক]| বৰ্ষ | অনুষ্ঠান | ভূমিকা |
|---|---|---|
| ২০০৮ | বুগী ৱুগী | প্ৰতিযোগী |
| ২০১২–২০১৩ | নাচ বালিয়ে ৫ | |
| ২০১৫–২০১৬ | নাচ বলিয়ে ৭ | |
| ২০১৯–২০২০ | বিগ বছ ১৩ | |
| ২০২৪ | শৈতানী ৰাছমেইঁ | কপালিকা |
চলচ্চিত্ৰ
[সম্পাদনা কৰক]| বৰ্ষ | চলচ্চিত্ৰ | ভূমিকা | ভাষা |
|---|---|---|---|
| ২০০৪ | মুঝছে শ্বাদী কৰোগী | বিজলি | হিন্দী |
| ২০১১ | হুদুগাৰু | পংকজ | কন্নড় ভাষা |
ৱেব ধাৰাবাহিক
[সম্পাদনা কৰক]| বৰ্ষ | অনুষ্ঠান | ভূমিকা |
|---|---|---|
| ২০১৮ | বেবী কাম না | চাৰা |
সংগীত ভিডিঅʼ
[সম্পাদনা কৰক]| বৰ্ষ | এলবাম | গীত | কণ্ঠশিল্পী |
|---|---|---|---|
| ২০০২ | ডিজে ডল - কাঁটা লগা ৰিমিক্স | কাঁটা লগা | ডিজে ডল[12] |
| ২০০৪ | চুইট হানী মিক্স | কভি আৰ কভি পাৰ ৰিমিক্স | স্মিতা |
| ডিজে ডল এণ্ড দ্য ৰিটাৰ্ণ অৱ দ্য কাঁটা মিক্স ভলিউম.২ | কাঁটা লগা | ডিজে ডল |
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ "Bigg Boss 13 contestants Hindustani Bhau, Arti Singh celebrates Shefali Jariwala's birthday, Krushna Abhishek joins them". Hindustan Times. 15 December 2020. https://www.hindustantimes.com/tv/bigg-boss-13-contestants-hindustani-bhau-arti-singh-celebrate-shefali-jariwala-s-birthday-krushna-abhishek-joins-them/story-2xvacG6VRS2J2KCZFJBkZJ_amp.html.
- ↑ "'Kaanta Laga' Star Shefali Jariwala Passes Away at 42" (en ভাষাত). Deccan Herald. 28 June 2025. https://www.deccanherald.com/india/kaanta-lagaa-bigg-boss-fame-shefali-jariwala-passes-away-at-42-report-3606409.
- ↑ "Television Celebrity Who Move On From Their Ex And Find A Love Again". The Times of India. https://timesofindia.indiatimes.com/tv-celebs-who-moved-on-from-their-exes-and-found-love-again/after-bitter-divorce-with-nandish-sandhu-rashami-desai-finds-love-again-in-actor-arhaan-khan/photostory/70711067.cms। আহৰণ কৰা হৈছে: 17 August 2019.
- ↑ "Shefali Jariwala : মুখ ফিৰিয়েছে বলিউড, হট শেফালিৰ হাত ধৰে এবাৰ 'কাঁটা লাগবে' বাংলাদেশে". The Bengali Chronicle. 13 July 2022. Archived from the original on 10 August 2022. https://web.archive.org/web/20220810124259/https://thebengalichronicle.com/shefali-jariwala-featured-in-piriter-karbar-new-bangladeshi-song/.
- ↑ "Shefali Jariwala on her web show Baby Come Naa: There isn't any ...". November 2018. Archived from the original on 5 September 2019. https://web.archive.org/web/20190905165556/https://indianexpress.com/article/entertainment/web-series/shefali-jariwala-baby-come-naa-altbalaji-kaanta-laga-girl-acting-debut-5426931/। আহৰণ কৰা হৈছে: 5 September 2019.
- ↑ "Bigg Boss 13: Shefali Jariwala to enter as wild card, Rashami Desai and Arti Singh fight over Sidharth Shukla". 30 October 2019. Archived from the original on 2 November 2019. https://web.archive.org/web/20191102160534/https://m.hindustantimes.com/tv/bigg-boss-13-preview-october-30-shefali-jariwala-to-enter-as-wild-card-rashami-desai-and-arti-singh-fight-over-sidharth-shukla/story-CAlApGwARtoDOK0SnK10lK_amp.html। আহৰণ কৰা হৈছে: 2 November 2019.
- ↑ "Shefali Jariwala On Divorce From Harmeet Singh: "Not Every Kind Of Violence Is Physical"" (en ভাষাত). NDTV. 3 May 2021. https://www.ndtv.com/entertainment/shefali-jariwala-on-divorce-from-harmeet-singh-not-every-kind-of-violence-is-physical-2427116। আহৰণ কৰা হৈছে: 28 Jun 2025.
- ↑ "Shefali Zariwala enters matrimony with Parag Tyagi" (en ভাষাত). Zee News. 19 August 2014. https://zeenews.india.com/entertainment/sex-and-relationships/shefali-zariwala-enters-matrimony-with-parag-tyagi_160315.html। আহৰণ কৰা হৈছে: 28 January 2020.
- ↑ "Salman Khan & Akshay Kumar's Mujhse Shaadi Karogi costar Shefali Jariwala dies: Report". Firstpost. 27 June 2025. https://www.firstpost.com/entertainment/salman-khan-akshay-kumars-mujhse-shaadi-karogi-costar-shefali-jariwala-dies-report-13901182.html.
- ↑ "Bigg Boss 13 Fame Shefali Jariwala passes away due to cardiac arrest at the age of 42". The Times of India. 28 June 2025. https://timesofindia.indiatimes.com/tv/news/hindi/bigg-boss-13-fame-shefali-jariwala-passes-away-due-to-cardiac-arrest-at-the-age-of-42/articleshow/122119569.cms.
- ↑ "I didn’t work much after Kaanta Laga because I suffered from epilepsy seizures: Shefali Jariwala". The Times of India. 6 December 2021. https://timesofindia.indiatimes.com/tv/news/hindi/i-didnt-work-much-after-kaanta-laga-because-i-suffered-from-epilepsy-seizures-shefali-jariwala/articleshow/88108738.cms.
- ↑ "'Kaanta Laga' item girl Shefali Zariwala secretly marries boyfriend Parag Tyagi". www.indiatvnews.com. 14 August 2014. Archived from the original on 3 April 2019. https://web.archive.org/web/20190403010118/https://www.indiatvnews.com/entertainment/bollywood/shefali-zariwala-parag-tyagi-wedding-16352.html। আহৰণ কৰা হৈছে: 3 April 2019.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত শ্বেফালী জাৰিৱালা সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- শ্বেফালী জাৰিৱালা সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- শ্বেফালী জাৰিৱালা সম্পৰ্কে বলিউড হাংগামাত থকা তথ্য
