ছিজুকা মিউৰা
| ছিজুকা মিউৰা | |||||
|---|---|---|---|---|---|
| স্থানীয় নাম | 三浦静香 | ||||
| জন্ম | 静香 ০৭ মাৰ্চ, ১৯৬২ জাপান | ||||
| মৃত্যু | ৩১ জানুৱাৰী, ২০১০ (৪৭ বছৰ) জাপান | ||||
| পেচা |
| ||||
| সক্ৰিয় হৈ থকা সময় | ?–২০১০ | ||||
| জনা যায় | ছিজুকা | ||||
| দাম্পত্যসঙ্গী |
| ||||
| সন্তান | ১ | ||||
| 'সঙ্গীত যাত্ৰা' | |||||
| উৎসস্থান | ট’কিঅ, জাপান | ||||
| সংগীতৰ ধৰণ |
| ||||
| বাদ্যযন্ত্ৰ |
| ||||
| সক্ৰিয়তাৰ বছৰ | ১৯৯২–২০১০ | ||||
| লেবেল |
| ||||
| Japanese name | |||||
| কাঞ্জি | 三浦静香 | ||||
| হিৰাগানা | みうら しずか | ||||
| |||||
ছিজুকা মিউৰা (জাপানী: 三浦 静香, ইংৰাজী: Shizuka Miura; ৭ মাৰ্চ ১৯৬২ – ৩১ জানুৱাৰী ২০১০) এগৰাকী জাপানী বল-সংযুক্ত পুতলা নিৰ্মাতা, গায়িকা, গীতিকাৰ আৰু গীটাৰ বাদক।[1][2] পুতলাৰ কামৰ বাবে তেওঁ জাপানত স্বীকৃতি লাভ কৰিছিল। ছিজুকা নামৰ ৰক বেণ্ডৰ প্ৰতিষ্ঠাপক আৰু বাটকটীয়া হিচাপে তেওঁ বিশ্বজুৰি পৰিচিত।[3][4]
জীৱনী
[সম্পাদনা কৰক]ছিজুকা মিউৰাই দক্ষ পুতলা নিৰ্মাতা কাটান আমানোৰ তত্বাবধান আৰু মেণ্টৰশ্বিপত পুতলা নিৰ্মাণ কলাৰ আৰম্ভণি কৰিছিল।[5] ছিজুকা নিৰ্মাণ কৰা বল-সংযুক্ত পুতলাৰ বাবে তেওঁ জাপানত স্বীকৃতি লাভ কৰে।[3][4][6]
১৯৯২ চনৰ আশে-পাশে ছিজুকাই নিজৰ কবিতাত সংগীতৰ সুৰ আৰোপ কৰি সংগীত জীৱন আৰম্ভ কৰে। প্ৰথম অৱস্থাত স্থান ভাড়া কৰি নিজেই অনুষ্ঠান পৰিৱেশন কৰিছিল। ছিজুকাই অতি সোনকালেই টকিঅ’ৰ চাইকেডেলিক আণ্ডাৰগ্ৰাউণ্ড দৃশ্যৰ সংগীতজ্ঞসকলৰ সৈতে ছিজুকা নামৰ এটা বেণ্ড গঠন কৰে। গোটটোৰ সৈতে তেওঁ এটা ষ্টুডিঅ' এলবাম, তিনিটা লাইভ এলবাম,[3] আৰু দুটা ভিডিঅ' এলবাম মুক্তিৰ কাম কৰিছিল।[1] ছিজুকাই জাপানৰ বহুতো লাইভ শ্ব',[5] আমেৰিকালৈ দুটা ভ্ৰমণ,[4][7] আৰু স্কটলেণ্ডৰ এটা উৎসৱতো অনুষ্ঠান পৰিবেশন কৰিছিল।[8][9][10][11]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 P.S.F. Records. "Shizuka / Owari no Nai Yume (DVD)" (en ভাষাত). P.S.F. Records. Wikidata Q105485579. http://psfrecords.com/listLPsingle.html.
- ↑ P.S.F. Records. "PSFD-178 Shizuka / Live/Traditional Aesthetics" (en ভাষাত). P.S.F. Records. Wikidata Q105485580. http://psfrecords.com/list161-180.html.
- ↑ 3.0 3.1 3.2 Alan Cummings (11 March 2010). "Shizuka Miura". The Wire. ISSN 0952-0686. Wikidata Q105485575. Archived from the original on 6 May 2018.
- ↑ 4.0 4.1 4.2 Mason Jones (15 February 2010). "Shizuka R.I.P." Ongakublog. Wikidata Q105485577. Archived from the original on 6 May 2018
- ↑ 5.0 5.1 ethereal (2001). "最接近天國的異界之音──靜香". The Rocker (in Chinese) (6). The Rocker: 56–60. Wikidata Q104530295.
- ↑ Doll Forum Japan (September 1997). "Doll Forum Japan: Vol. 14". Doll Forum Japan (in Japanese). 14: 1–31. Wikidata Q105485606. Archived from the original on 3 December 2018.
- ↑ Aquarius Records; Eclipse Records (2003). "Shizuka — Tokyo Underground '95". Last Visible Dog. Wikidata Q105485582. Archived from the original on 8 August 2018.
- ↑ Poison Pie (2002). "Le Weekend: Back at the Tolbooth". Poison Pie. Wikidata Q105485599. Archived from the original on 13 January 2019.
- ↑ "Shizuka and David S Quartet". The List (438): 62; 64. 11 April 2002. ISSN 0959-1915. Wikidata Q104919336.
- ↑ Edwin Pouncey (June 2002). "Le Weekend: Stirling Tolbooth, UK". The Wire (220): 82. ISSN 0952-0686. Wikidata Q104919335.
- ↑ Gavin Laird (2002). "Le Weekend, Stirling, 25th–28th April 2002: Day One". Telstar Ponies. Wikidata Q105485600. Archived from the original on 12 February 2003.