সমললৈ যাওক

ছিক্কিম বিশ্ববিদ্যালয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Sikkim Universityৰ পৰা পুনঃনিৰ্দেশিত)


ছিক্কিম বিশ্ববিদ্যালয়
মূলমন্ত্ৰ Quest Knowledge Wisdom
স্থাপিত ২০০৭; ১৯ বছৰ  আগতে (2007)
ধৰণ ৰাজহুৱা কেন্দ্ৰীয় বিশ্ববিদ্যালয়
আচাৰ্য লেফটেনেণ্ট জেনেৰেল (ড॰) ডি. বি. শেকতকাৰ (অৱসৰপ্ৰাপ্ত)
উপাচাৰ্য শান্তনু কুমাৰ সোঁই[1]
ৰেক্টৰ ছিক্কিমৰ ৰাজ্যপাল
পৰিদৰ্শক ভাৰতৰ ৰাষ্ট্ৰপতি
শৈক্ষিক কৰ্মচাৰী ১৬৩[2]
শিক্ষাৰ্থী ১,৯৮৬[2]
স্নাতক শিক্ষাৰ্থী ২৬৭[2]
স্নাতকোত্তৰ শিক্ষাৰ্থী ১,৩৪৭[2]
ডক্টৰেট শিক্ষাৰ্থী ৩৭২[2]
স্থান গেংটক, ছিক্কিম, ভাৰত
চৌহদ চহৰাঞ্চল
ৱেবছাইট www.cus.ac.in

ছিক্কিম বিশ্ববিদ্যালয়[3] (ইংৰাজী: Sikkim University) হʼল ভাৰতীয় সংসদৰ এক আইনৰ অধীনত প্ৰতিষ্ঠিত এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয়।[4]গেংটকত অৱস্থিত। ইয়াৰ চৌহদটো গেংটকৰ পৰা প্ৰায় ৫৬ কিলোমিটাৰ (৩৫ মাইল) দূৰত্বত থকা নামচি জিলাৰ ইয়াংগাঙত নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰা হৈছে।[5] ইয়াৰ প্ৰথমগৰাকী আচাৰ্য আছিল এম. এছ. স্বামীনাথন আৰু প্ৰথমগৰাকী উপাচাৰ্য আছিল মহেন্দ্ৰ পি. লামা।

২০০৮ চনত বিশ্ববিদ্যালয়খনে চাৰিটা বিভাগেৰে যাত্ৰা আৰম্ভ কৰিছিল — সমাজ ব্যৱস্থা আৰু নৃতত্ত্ব; শান্তি আৰু সংঘাত অধ্যয়ন আৰু ব্যৱস্থাপনা; আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক/ৰাজনীতি; আৰু অণুজীৱ বিজ্ঞান। বিশ্ববিদ্যালয়খনে মানৱীয় শাখা, ভৌতিক আৰু জীৱবিজ্ঞান আৰু বনবিজ্ঞানৰ দৰে পৰম্পৰাগত পাঠ্যক্ৰমৰ লগতে ৰাজ্যখনৰ সৈতে জড়িত কিছুমান অনন্য আৰু অপৰম্পৰাগত পাঠ্যক্ৰমো আগবঢ়ায়। ইয়াৰ ভিতৰত নৃগোষ্ঠীয় ইতিহাস, পৰ্বত অধ্যয়ন, সীমান্ত অধ্যয়ন আৰু পাৰ্বত্য সংগীত আৰু সংস্কৃতিৰ দৰে বিষয়সমূহ অন্তৰ্ভুক্ত।[6]

ছিক্কিম ৰাজ্যৰ সকলো মহাবিদ্যালয় এই বিশ্ববিদ্যালয়ৰ সৈতে সংযুক্ত।

অধিভুক্ত মহাবিদ্যালয়

[সম্পাদনা কৰক]
  • ডাম্বাৰ সিং কলেজ ৬ নং মাইল চামদুৰ, টাডং, পূব ছিক্কিম
  • চৰকাৰী মহাবিদ্যালয় ৰেনক ইষ্ট ছিক্কিম
  • চৰকাৰী বৃত্তিমূলক মহাবিদ্যালয়, ডেণ্টাম, পশ্চিম ছিক্কিম
  • নামচি চৰকাৰী মহাবিদ্যালয় দক্ষিণ ছিক্কিম
  • উত্তৰ ছিক্কিম মাংচিলা চৰকাৰী কলা মহাবিদ্যালয়
  • নৰ বাহাদূৰ ভাণ্ডাৰী চৰকাৰী মহাবিদ্যালয়, তাডং, পূব ছিক্কিম
  • ছিক্কিম চৰকাৰী আইন মহাবিদ্যালয় বুৰ্টুক, পূব ছিক্কিম
  • ছিক্কিম চৰকাৰী মহাবিদ্যালয় বুৰ্টুক, পূব ছিক্কিম
  • ছিকিম চৰকাৰী মহাবিদ্যালয়, গ্যালশ্বিং, পশ্চিম ছিক্কিম
  • ছিক্কিম চৰকাৰী বিজ্ঞান মহাবিদ্যালয় চাকুং, পশ্চিম ছিক্কিম
  • হৰকামায়া শিক্ষা মহাবিদ্যালয়
  • লয়লা কলেজ অৱ এডুকেচন
  • ছিক্কিম চৰকাৰী বি.এড কলেজ
  • চৰকাৰী ফাৰ্মাচী মহাবিদ্যালয়
  • হিমালয়ান ফাৰ্মাচী ইনষ্টিটিউট, মাঝিৰ, পূব ছিক্কিম
  • ছিক্কিম চৰকাৰী নাৰ্চিং মহাবিদ্যালয়
  • নামগ্যাল ইনষ্টিটিউট অৱ তিব্বত বিজ্ঞান
  • ছিক্কিম ইনষ্টিটিউট অৱ চাইন্স এণ্ড টেকন’লজি

বিশ্ববিদ্যালয়খনত নিম্নোল্লিখিত অনুষদ, বিভাগ আৰু অধ্যয়ন কেন্দ্ৰ আছে:[7]

  • স্কুল অৱ ছ’চিয়েল ছায়েন্স
    • অৰ্থনীতি বিভাগ
    • ইতিহাস বিভাগ
    • আইন বিভাগ
    • আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক বিভাগ
    • ৰাজনীতি বিজ্ঞান বিভাগ
    • সমাজবিজ্ঞান বিভাগ
    • শান্তি আৰু সংঘাত অধ্যয়ন আৰু ব্যৱস্থাপনা বিভাগ
  • স্কুল অৱ লাইফ ছায়েন্স
    • উদ্ভিদ বিজ্ঞান বিভাগ
    • উদ্যান শস্য বিভাগ
    • অণুজীৱবিজ্ঞান বিভাগ
    • প্ৰাণীবিজ্ঞান বিভাগ
  • স্কুল অৱ ফিজিকেল ছায়েন্স
    • ৰসায়ন বিজ্ঞান বিভাগ
    • কম্পিউটাৰ প্ৰয়োগ বিভাগ
    • ভূতত্ত্ব বিভাগ
    • গণিত বিভাগ
    • পদাৰ্থ বিজ্ঞান বিভাগ
  • স্কুল অৱ লেংগুৱেজেছ এণ্ড লিটাৰেচাৰ
    • ছিক্কিমী বিভাগ
    • চীন বিভাগ
    • ইংৰাজী বিভাগ
    • হিন্দী বিভাগ
    • লেপচা বিভাগ
    • লিম্বু বিভাগ
    • নেপালী বিভাগ
  • স্কুল অৱ হিউমেন ছায়েন্সেছ
    • নৃতত্ত্ব বিভাগ
    • ভূগোল বিভাগ
    • মনোবিজ্ঞান বিভাগ
  • স্কুল অৱ প্ৰফেচনেল ষ্টাডিজ
    • বাণিজ্য বিভাগ
    • শিক্ষা বিভাগ
    • পৰিচালনা বিভাগ
    • সংগীত বিভাগ
    • গণসংযোগ বিভাগ
    • পৰ্যটন বিভাগ
    • পুথিভঁৰাল আৰু তথ্য বিজ্ঞান বিভাগ

তথ্য উৎস

[সম্পাদনা কৰক]
  1. "From the Vice-Chancellor's Desk" (en-gb ভাষাত). www.cus.ac.in. Archived from the original on 10 March 2018. https://web.archive.org/web/20180310074059/http://www.cus.ac.in/index.php/en/from-the-vice-chancellor-s-desk। আহৰণ কৰা হৈছে: 9 March 2018. 
  2. 2.0 2.1 2.2 2.3 2.4 "NIRF 2021". Sikkim University. https://cus.ac.in/images/content/static/QuickLink/NIRF/2021/Sikkim%20University-Submitted-20210206-.pdf. 
  3. https://cus.ac.in/index.php/en/
  4. The Sikkim University Act, 2006, No. 10 of 2007.
  5. "Sikkim VC swipe at government on land". 29 December 2011. http://www.telegraphindia.com/1111229/jsp/siliguri/story_14938141.jsp#.UMvhQm-UQ6M। আহৰণ কৰা হৈছে: 15 December 2012. 
  6. "Prof Tanka Bahadur Subba, New VC of Sikkim University". Northeast Today. 26 September 2012. Archived from the original on 3 November 2012. https://web.archive.org/web/20121103025627/http://www.northeasttoday.in/our-states/sikkim/prof-tanka-bahadur-subba-new-vc-of-sikkim-university/। আহৰণ কৰা হৈছে: 15 December 2012. 
  7. "Schools of study". cus.ac.in. http://cus.ac.in/school। আহৰণ কৰা হৈছে: 12 August 2018. [সংযোগবিহীন উৎস]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

সাঁচ:Sikkim University সাঁচ:Universities in Sikkim সাঁচ:IndianCentralUniv সাঁচ:Universities in smaller states and territories of India