সমললৈ যাওক

চোহা আলী খান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Soha Ali Khanৰ পৰা পুনঃনিৰ্দেশিত)
চোহা আলী খান

২০১৪ চনৰ 'ক্লাছমেট স্পেল বি'ত চোহা আলী খান
জন্ম ৪ অক্টোবৰ, ১৯৭৮ (৪৭ বছৰ)
নতুন দিল্লী, দিল্লী, ভাৰত
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ২০০৪–বৰ্তমান
দাম্পত্যসঙ্গী কুনাল খেমু (বি. ২০১৫)
পিতৃ-মাতৃ মনচুৰ আলী খান পাটাউদী
শৰ্মিলা ঠাকুৰ
সন্তান

চোহা আলী খান পাটাউদী (ইংৰাজী: Soha Ali Khan Pataudi, জন্ম: ৪ অক্টোবৰ ১৯৭৮) হৈছে এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী। তেখেতে বিশেষকৈ হিন্দী ছবিৰ উদ্যোগত কাম কৰিছে। ইয়াৰ লগতে ইংৰাজী ভাষা আৰু বঙালী ভাষাৰ ছবিতো তেখেতে ভূমুকি মাৰিছে। তেখেত যশস্বী চিত্ৰাভিনেত্ৰী শৰ্মিলা ঠাকুৰ আৰু ক্ৰিকেটাৰ মনছুৰ আলী খান পাটাউদীৰ জীয়েক। আনহাতে অভিনেতা চেইফ আলী খানৰ তেখেত কনিষ্ঠ ভগ্নী। ২০০৪ চনত মুক্তি লাভ কৰা ৰোমাণ্টিক কমেডি ছবি 'দিল মাংগে ম'ৰ'ৰ জৰিয়তে তেখেতে ছবি জগতত অভিষেক কৰে। ২০০৬ চনত মুক্তিপ্ৰাপ্ত জনপ্ৰিয় আৰু সমাদৃত হিন্দী ছবি 'ৰং দে বাসন্তী'ত কৰা অভিনয়ৰ জৰিয়তে তেখেতে সমালোচকৰ দৃষ্টি আকৰ্ষণ কৰে আৰু শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটাৰ বাবেও মনোনীত হয়।[1]

সংক্ষিপ্ত জীৱন

[সম্পাদনা কৰক]
২০১৪ চনত পতি কুনাল খেমুৰ সৈতে ছোহা

১৯৭৮ চনৰ ৪ অক্টোবৰত ভাৰতৰ নতুন দিল্লীত চোহা আলী খানৰ জন্ম হয়। তেখেতৰ পৰিয়ালটো আছিল পাটাউদী বংশৰ।[2] চোহা আলী খান মনছুৰ আলী খান পাটাউদীৰ কনিষ্ঠ জী। মনছুৰ আলী খান হৈছে পাটাউদী পৰিয়ালৰ নৱমজন নৱাব। চোহা আলী খানৰ মাতৃ হৈছে ভাৰতীয় ছবি জগতৰ পৰিচিত অভিনেত্ৰী শৰ্মিলা ঠাকুৰ। চোহা দেউতাক আৰু ককাদেউতাক-দুয়োজনেই আছিল ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক। আনহাতে আইতাক ছাজিদা চুলতান পাটাউদী আছিল ভূপালৰ বেগম। চোহা আলী খানৰ জ্যেষ্ঠ ভ্ৰাতৃ ছয়ফ আলী খান হৈছে বলিউডৰ জনপ্ৰিয় তাৰকা আৰু জ্যেষ্ঠা ভগ্নী চাবা আলী খান হৈছে জুৱেলাৰী ডিজাইনাৰ।

নতুন দিল্লীত থকা ব্ৰিটিছ স্কুলৰ পৰা চোহাই প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰে আৰু অক্সফৰ্ডৰ বালিঅ'ল কলেজত আধুনিক বুৰঞ্জী অধ্যয়ন কৰে। তেখেতে 'লণ্ডন স্কুল অৱ ইক'নমিকছ এণ্ড পলিটিকেল ছায়েঞ্চ'ৰ পৰা 'আন্তৰ্জাতিক সম্পৰ্ক'ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।[3][4]

২০০৪ চনত মুক্তিলাভ কৰা বলিউদৰ হিন্দী ছবি 'দিল মাংগে ম'ৰ'ৰ জৰিয়তে চোহা আলী খানে অভিনয় জগতত অভিষেক ঘটায়। পৰৱৰ্তী সময়ত তেখেতে বঙালী ভাষাৰ ছবি 'অন্তৰ মহল' (২০০৫)-ত অভিনয় কৰে। ২০০৬ চনত মুক্তিপ্ৰাপ্ত হিন্দী ভাষাৰ ছবি 'ৰং দে বাসন্তী' আছিল চোহা আলী খানৰ জীৱনৰ গুৰুত্বপূৰ্ণ ছবি। তেখেতৰ আন কেইখনমান চিনেমা হৈছে- 'খোয়া খোয়া ছান্দ', '৯৯', 'তুম মিলে'। চোহা আলী খানে গদৰেজ খেলো জিতৌ জিঅ' নামৰ গেম শ্ব' এটাতো উপস্থাপকৰ ভূমিকা পালন কৰে।[5] তেখেতে 'মি. জো ভি কৰৱালো' নামৰ ছবিখনতো অভিনয় কৰিছে।[6] ২০১৭ চনত তেখেতৰ জীৱনৰ কিছুমান ৰসাত্মক অভিজ্ঞতা আৰু ঘটনাৰ বিৱৰণী সংকলন The Perils of Being Moderately Famous প্ৰকাশিত হয়।[7] ২০১৭ চনত চোহা আলী খানে 'ছাউণ্ডপ্ৰুফ' নামৰ চুটি ছবি এখনত অভিনয় কৰে। আদিত্য কেলগাঁৱকাৰে পৰিচালনা কৰা এই চুটি ছবিখন নিউয়ৰ্ক ভাৰতীয় ছবি মহোৎসৱকে ধৰি বহুকেইটা ছবি মহোৎসৱত প্ৰদৰ্শিত হয় আৰু বঁটাও অৰ্জন কৰে।[8]

২০১৪ চনৰ জুলাই মাহত চোহা আলী খানে বলিউদৰ অভিনেতা কুনাল খেমুৰ লগত বৈবাহিক জীৱনৰ সূত্ৰপাত ঘটে আৰু[9] ২০১৫ চনৰ ২৫ জানুৱাৰীত মুম্বাইত তেওঁলোকৰ বিয়া হয়।[10] ২০১৭ চনত ২৯ ছেপ্টেম্বৰত তেওঁলোকে এটি কন্যা সন্তান লাভ কৰে। সন্তানটিৰ নাম হৈছে ইনায়া নাউমি খেমু।[11]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Soha Ali Khan". Internet Movie Database. https://m.imdb.com/name/nm1675786/bio আহৰণ কৰা হৈছে: 2020-07-05.
  2. "Soha Ali Khan khemu turns 34!". Rediff. 4 October 2012. http://www.rediff.com/movies/slide-show/slide-show-1-soha-ali-khan-turns-34/20121004.htm আহৰণ কৰা হৈছে: 14 May 2016.
  3. "Mom wants me to have a regular job like others: Soha Ali Khan". Mid-day.comNDTV Movies. 9 January 2013. http://movies.ndtv.com/bollywood/mom-wants-me-to-have-a-regular-job-like-others-soha-ali-khan-610017 আহৰণ কৰা হৈছে: 14 May 2016.
  4. "Soha Ali Khan: I Would Like My Daughter to Go to the Oxford University". News18. https://www.news18.com/news/movies/soha-ali-khan-i-would-like-my-daughter-to-go-to-the-oxford-university-1606867.html আহৰণ কৰা হৈছে: 2019-05-25.
  5. "Godrej Khelo Jeeto Jiyo". Archived from the original on 2010-02-14. https://web.archive.org/web/20100214010842/http://www.starplus.in/pages/index.php?s=Godrej%20Khelo%20Jeeto%20Jiyo&showid=29&pid=727 আহৰণ কৰা হৈছে: 2021-02-23.
  6. "Soha Ali Khan wears a bikini for 'Mr Joe B Carvalho'". Mid-Day.com. 16 November 2013. http://www.mid-day.com/entertainment/2013/nov/191113-soha-ali-khan-wears-bikini-mr-joe-b-carvalho.htm আহৰণ কৰা হৈছে: 16 November 2013.
  7. "Soha Ali Khan's debut book launched at a starry evening - Times of India". The Times of India. https://timesofindia.indiatimes.com/life-style/books/soha-ali-khans-debut-book-launched-at-a-starry-evening/articleshow/62079322.cms.
  8. "18th Annual NEW YORK INDIAN FILM FESTIVAL SCREENING SCHEDULE Friday May 11". New York Indian Film Festival. https://www.iaac.us/nyiff2018/Schedule-May11.htm আহৰণ কৰা হৈছে: 28 January 2020.
  9. PTI (24 July 2014). "Soha Ali Khan, Kunal Khemu get engaged". The Hindu. http://www.thehindu.com/entertainment/soha-ali-khan-kunal-khemu-get-engaged/article6244848.ece?homepage=true&theme=true আহৰণ কৰা হৈছে: 14 May 2016.
  10. Prashar, Chandni (25 January 2015). "Soha Ali Khan Marries Kunal Khemu, Saif-Kareena Play Hosts". NDTVMovies.com. http://movies.ndtv.com/bollywood/soha-ali-khan-marries-kunal-khemu-saif-kareena-by-her-side-732740 আহৰণ কৰা হৈছে: 14 May 2016.
  11. "Soha Ali Khan, Neha Dhupia post adorable pics on Inaaya Naumi Kemmu’s first birthday. See here". hindustantimes.com. https://www.hindustantimes.com/bollywood/soha-ali-khan-neha-dhupia-post-adorable-pics-of-inaaya-naumi-kemmu-s-first-birthday-see-here/story-v9r7JshEVulROi7fyng9EO.html আহৰণ কৰা হৈছে: 29 September 2018.