সোমলতা আচাৰ্য্য চৌধুৰী
সোমলতা আচাৰ্য্য চৌধুৰী | |
|---|---|
| জন্ম নাম | সোমলতা আচাৰ্য্য চৌধুৰী |
| জন্ম | ১১ ফেব্ৰুৱাৰী, ১৯৮৫ (৪০ বছৰ) কলিকতা, পশ্চিম বংগ, ভাৰত |
| সংগীতৰ ধৰণ | ৰবীন্দ্ৰ সংগীত, চফ্ট ৰক, অৰ্ধ শাস্ত্ৰীয়, পপ সংগীত |
| পেচা | কণ্ঠশিল্পী |
| বাদ্যযন্ত্ৰ | কণ্ঠস্বৰ |
| সক্ৰিয়তাৰ বছৰ | ২০০৯-বৰ্তমান |
| লেবেল | স্বতন্ত্ৰ |
| ৱেবছাইট | somlata |
সোমলতা আচাৰ্য্য চৌধুৰী (ইংৰাজী: Somlata Acharyya Chowdhury; জন্ম: ১১ ফেব্ৰুৱাৰী ১৯৮৫) এগৰাকী ভাৰতীয় বঙালী কণ্ঠশিল্পী আৰু অধ্যাপিকা।[1] তেওঁ ২০১১ চনৰ বঙালী চলচ্চিত্ৰ ৰঞ্জনা আমি আৰ আসবনাৰ 'তুমি আসবে বলে' আৰু 'জাগৰণে যায় বিভাবৰী' শীৰ্ষক গীতদুটিৰ জৰিয়তে খ্যাতি অৰ্জন কৰিছিল।[2] তেওঁ বঙালী চলচ্চিত্ৰৰ এগৰাকী বিশিষ্ট গায়িকা। চলচ্চিত্ৰৰ উপৰিও, তেওঁ তেওঁৰ বেণ্ড সোমলতা এণ্ড দ্য এচেচৰ সৈতে কেইবাটাও একক এলবামৰ বাবেও কাম কৰে।[3] এগৰাকী গায়িকা হোৱাৰ উপৰিও, তেওঁ কলিকতাৰ আশুতোষ মহাবিদ্যালয়ত, মনোবিজ্ঞান বিভাগৰ অতিথি প্ৰবক্তাৰূপে কৰ্মৰত আছে।
শৈশৱকাল
[সম্পাদনা কৰক]১৯৮৫ চনৰ ১১ ফেব্ৰুৱাৰী তাৰিখে, ভাৰতৰ পশ্চিমবংগ ৰাজ্যৰ কলিকতা চহৰত এটি পূৰ্ববঙ্গীয় জমিদাৰ পৰিয়ালত সোমলতাই জন্মগ্ৰহণ কৰে। তেওঁৰ মাকৰ পৈতৃক গৃহ বাংলাদেশৰ নোৱাখালী জিলাত আছিল। তেওঁৰ পিতৃ শ্যামল আচাৰ্য্য চৌধুৰী ময়মনসিংহৰ মুক্তাগাছাৰ আচাৰ্য্য জমিদাৰ পৰিয়ালৰ বংশধৰ।[4] তেওঁ ন বছৰ বয়সৰ পৰাই পণ্ডিত বিৰেশ ৰায়ৰ অধীনত ভাৰতীয় ধ্ৰুপদী সংগীতৰ প্ৰশিক্ষণ লৈছিল।
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]তেওঁ বিদ্যা ভাৰতী গাৰ্লছ হাইস্কুলৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল। ২০১২ চনৰ ২৩ নৱেম্বৰ তাৰিখে, তেওঁ আকাশ ৰায়ৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।
সংগীতপঞ্জী
[সম্পাদনা কৰক]একক এলবাম আৰু একক গীত
[সম্পাদনা কৰক]- চুপকথা (২০০৯)
- আমি আছি এৰ মাঝে (২০১৪)
- মোৰ ভাবনাৰে (২০১৬)
- আবদাৰ (একক) (২০১৭)
- ক্যা কৰুঁ সজনী (২০১৮)
- ইয়াদ পিয়া কি আয়ে (২০১৮)
- উড়ে যেতে চায় (২০১৯)
- নয়না মোৰে (২০১৯)
- প্ৰতিশ্ৰুতি (২০১৯)
- খোজে পাবে না আমাকে (২০১৯)
- ও যে মানে না মানা (২০২০)[5]
- উড়ে যেতে চায় (ৰিপ্ৰাইজ) (২০২০)
- নিশিথো ৰাতেৰ (২০২১)
- কানামাছি (২০২১)
- তোমাৰ ঘৰে বসত কৰে কয়জনা (২০২২)
- আজ যেমন কৰে গাইছে আকাশ (২০২২)
- ডায়েৰী (২০২২)
চলচ্চিত্ৰপুঞ্জী
[সম্পাদনা কৰক]২০০৭ চনত, ক্ৰছ অভাৰ চলচ্চিত্ৰ পাৰফেক্ট উইমেনত সোমলতাই প্ৰথমবাৰৰ বাবে নেপথ্যত গাইছিল। সকলোবোৰ গীত বঙালী ভাষাতেই আছে, অন্যথা উল্লেখ কৰা হৈছে।
| বৰ্ষ | চলচ্চিত্ৰ | গানসমূহ | সুৰকাৰ(সকল) | লেখক(সকল) | সহ-শিল্পী(সকল) |
|---|---|---|---|---|---|
| ২০০৭ | পাৰফেক্ট উইমেন | ||||
| ২০০৯ | ক্ৰছ কানেকচন | ||||
| ২০১০ | ইউ-টাৰ্ণ | ||||
| ২০১১ | ৰঞ্জনা আমি আৰ আসবনা | অন্ধকাৰেৰ পাৰে
একলা অনেক দুৰ বৃষ্টি চলো যাই জাগৰণে যায় বিভাবৰী তুমি আসবে বলে |
নীল দত্ত | অঞ্জন দত্ত | অঞ্জন দত্ত
কবীৰ সুমন |
| চেভেন ডেইজ | |||||
| বেডৰুম | মায়াবন বিহাৰিনী হৰিণী | ৰবীন্দ্ৰনাথ ঠাকুৰ
ৰূপম ইছলাম আৰু অ্যালান টেমজেন আও |
ৰবীন্দ্ৰনাথ ঠাকুৰ | ||
| ২০১২ | এলাৰ চাৰ অধ্যায় | ||||
| দত্ত বনাম দত্ত | ভালোবেসে সখী
উঠোগো ভৰতলক্ষ্মী |
ৰবীন্দ্ৰনাথ ঠাকুৰ
নীল দত্ত |
ৰবীন্দ্ৰনাথ ঠাকুৰ | ৰূপংকৰ বাগচী | |
| মাছ মিষ্টি এণ্ড মোৰ | তুমি এবাৰ | নীল দত্ত | |||
| বোঝেনা সে বোঝেনা | ভগবান | অৰিন্দম চট্টোপাধ্যায় | প্ৰসেন | ||
| ২০১৩ | হাফ চিৰিয়াছ | জয় সৰকাৰ | |||
| অন্তৰাল | |||||
| আসব আৰ এক দিন | |||||
| ২০১৪ | হাৰকিউলিচ | ||||
| আমাৰ আমি | অন্য কেও থাকবে কাছাকাছি | কবীৰ আৰু শিবা | অৰ্ক সিনহা | অনুপম ৰায় | |
| চতুষ্কোণ | মনে পড়াৰ গান | অনুপম ৰায় | অনুপম ৰায় | ||
| এক ফালি ৰোদ | |||||
| বিয়ে নট আউট | |||||
| খোলা হাৱা | তোমাকে ফিৰিয়ে নিয়ে
তোমাৰ খোলা হাৱা |
নীল দত্ত | শ্ৰীজাত | ||
| ২০১৫ | ভীতু | ||||
| বেলা শেষে | |||||
| বিটনুন | |||||
| ফেমিলি এলবাম | |||||
| যমেৰ ৰাজা দিলো বৰ | কিছুটা ৰহস্য | অনুপম ৰায় | |||
| চিত্ৰ | |||||
| শুধু তোমাৰই জন্য | যেনো তোমাৰই কাছে
এগিয়ে দে (ৰিপ্ৰাইজ সংস্কৰণ) |
অৰিন্দম চট্টোপাধ্যায় | |||
| শেষ সংবাদ | |||||
| ২০১৭ | বিবাহ ডায়েৰীজ | ||||
| ক্ৰছ কানেকচন ২ | |||||
| ককপিট | ভালোবাসা যাক | অৰিন্দম চট্টোপাধ্যায় | প্ৰসেন | অৰিজিৎ সিং | |
| ঢাকা এটেক | টুপ টাপ | অৰিন্দম চট্টোপাধ্যায় | অনিন্দ্য চট্টোপাধ্যায় | অৰিজিৎ সিং | |
| ঘৰে ও বাইৰে | |||||
| মাইকেল | |||||
| ২০১৮ | উমা | ||||
| শেষেৰ গল্প | |||||
| ২০১৯ | আহা ৰে | ||||
| ২০২০ | দিন ৰাত্ৰিৰ গল্প | ||||
| ব্ৰহ্মা জানেন গোপন কম্মটি | তুই চল | অনিন্দ্য চট্টোপাধ্যায় | |||
| চিনি | আমাদেৰ কথাগুলো | প্ৰসেন | |||
| ২০২১ | শ্ৰীমতি | শোন শোন | সৌম্য ৰিট | ||
| ২০২২ | মিনি | বিচিওৰ | স্যাভি | ঋতম সেন | |
| লক্ষ্মী ছেলে | লক্ষ্মী ছেলে প্ৰʼমʼশ্যনেল গান | ||||
| ওগো বিদেশিনী | ওগো বিদেশিনী | প্ৰতীক কুণ্ডু | |||
| ২০২৩ | মানবজমিন | শিৰায় ছোটে ট্ৰেফিক | জয় সৰকাৰ | শ্ৰীজাত | |
| ২০২৪ | পাৰিয়া | ভালোবাসাৰ নাম (মহিলা) | ৰণজয় ভট্টাচাৰ্য | তথাগত মুখোপাধ্যায় | |
পোনপটীয়া পৰিৱেশন
[সম্পাদনা কৰক]সোমলতাই তেওঁৰ বেণ্ড সোমলতা এণ্ড দ্য এচেছৰ সৈতে লাইভ শ্ব’ত কণ্ঠদান কৰে।[6] সমগ্ৰ ভাৰতবৰ্ষত বিভিন্ন লাইভ কনচাৰ্টত কণ্ঠদান কৰাৰ উপৰিও তেওঁ বাংলাদেশ, আমেৰিকা যুক্তৰাষ্ট্ৰ, যুক্তৰাজ্য, কানাডা, সংযুক্ত আৰৱ আমিৰাত, হংকং, কুৱেইট আদি বহু দেশৰ সংগীতানুষ্ঠানতো গীত পৰিৱেশন কৰিছে। তেওঁলোকৰ লাইভ সংগীতক ভাৰতীয় অৰ্ধ-ধ্ৰুপদী, পপ ৰক, আধুনিক চলচ্চিত্ৰ গীত, ফ’ক ফিউজন আৰু চুফীৰ সংমিশ্ৰণ বুলি ক’ব পাৰি। বেণ্ডটো বিশেষকৈ যুৱক-যুৱতীসকলৰ মাজত জনপ্ৰিয়। এই বেণ্ডটোৱে বিদেশৰ বহু কেম্পাছ উৎসৱ, কৰ্পৰেট অনুষ্ঠান, টেলিভিছন শ্ব’, ৰাজহুৱা কনচাৰ্ট আৰু চৰকাৰী অনুষ্ঠান আদিতো সংগীত পৰিৱেশন কৰে।[7]
বৰ্তমানৰ বেণ্ড লাইন-আপটো হৈছে:
সোমলতা আচাৰ্য্য চৌধুৰী: কণ্ঠস্বৰ
অৰ্ণব ৰয়: গীটাৰ
অভিষেক ভট্টাচাৰ্য: বেছ গীটাৰ
তুষাৰ বেনাৰ্জী: ড্ৰাম আৰু পাৰ্কচন
সোমলতা এণ্ড দ্য এচেছ, বেণ্ডএজ টেলেণ্ট এজেন্সি প্ৰাইভেট লিমিটেডৰ দ্বাৰা পৰিচালিত হয়।
বঁটাসমূহ
[সম্পাদনা কৰক]- ইটিভি দাদা না দিদিত শ্ৰেষ্ঠ আৱিষ্কাৰ বঁটা: গানেৰ বিগ ফাইট
- ষ্টাৰ জলছা এণ্টাৰটেইনমেণ্ট এৱাৰ্ডছত আগামী দিনেৰ ষ্টাৰ বঁটা (২০১০)
- আনন্দলোক বিশেষ জুৰী বঁটা
- ইটিভি বাংলা শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পী (মহিলা)
- শ্ৰেষ্ঠ গায়িকাৰ টেলি চিনে বঁটা
- শ্ৰেষ্ঠ গায়িকাৰ মিৰ্চি মিউজিক এৱাৰ্ডচ বাংলা, ২০১৭
- ৰেডিঅʼ মিৰ্চি শ্ৰেষ্ঠ চলচ্চিত্ৰ "বোঝেনা সে বোঝেনা"
- ৰেডিঅʼ মিৰ্চি শ্ৰেষ্ঠ চলচ্চিত্ৰ "বিবাহ ডায়েৰীজ"
- ৰেডিঅ মিৰ্চি শ্ৰেষ্ঠ গায়িকা
- টাইমছ পাৱাৰ ৱʼমেন ২০১৮
- টাইমছ ষ্টাইল আইকন ২০১৯
- সংগীত সন্মান ২০১৯, পশ্চিম বংগ চৰকাৰ
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ entertainment/somlata-acharyya-chowdhury-exclusive-interview-in-etv-bharat-wbs24050800657 "ৰবীন্দ্ৰসঙ্গীত আমাৰ ৩৬৫ দিনেৰ সঙ্গী : সোমলতা আচাৰ্য চৌধুৰী - Somlata Acharyya Chowdhury". ETV Bharat. https://www.etvbharat.com/amp/bn/! entertainment/somlata-acharyya-chowdhury-exclusive-interview-in-etv-bharat-wbs24050800657। আহৰণ কৰা হৈছে: ৯ জানুৱাৰী ২০২৫.[সংযোগবিহীন উৎস]
- ↑ "প্ৰাণেৰ তাৰে বাঁধা গান". Anandabazar. https://www.anandabazar.com/entertainment/somlata-acharyya-chowdhury-will-sing-nazrul-islam-s-poem-as-a-song-in-a-movie-1.926758। আহৰণ কৰা হৈছে: ৯ জানুৱাৰী ২০২৫.
- ↑ "Gear up for fusion music in Chennai from the city of joy". https://www.newindianexpress.com/cities/chennai/2019/Apr/03/gear-up-for-fusion-music-in-chennai-from-the-city-of-joy-1959815.html.
- ↑ "বাংলা গানেৰ কদৰ বাংলাদেশেই বেশি: সোমলতা". বিডিনিউজবিডিনিউজ টোয়েণ্টিফোৰ ডটকম. ২৬ অক্টোবৰ ২০১৩. https://bangla.bdnews24.com/glitz/article690381.bdnews. "আমাদেৰ আদি বাড়ি ময়মনসিংহেৰ মুক্তাগাছায়। আমাৰ দাদু নবাব আচাৰ্য চৌধুৰী। তাৰ বিশাল বাড়ি নিয়ে ঠাকুৰমা অনেক গল্প কৰতেন।"
- ↑ "Somlata and her team recreate Rabindra Sangeet". https://timesofindia.indiatimes.com/entertainment/bengali/music/somlata-and-team-recreate-tagores-song-receive-overwhelming-response/articleshow/76745269.cms.
- ↑ "#LockdownCreativity: Somlata And The Aces recreate Tagore song online". Times of India. https://timesofindia.indiatimes.com/entertainment/bengali/music/lockdowncreativity-somlata-and-the-aces-recreate-tagore-song-online/amp_articleshow/75389812.cms। আহৰণ কৰা হৈছে: ৯ জানুৱাৰী ২০২৫.
- ↑ "Somlata performs to packed house in Siliguri". https://timesofindia.indiatimes.com/entertainment/bengali/music/somlata-performs-to-packed-house-in-siliguri/articleshow/81256771.cms.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- সোমলতা আচাৰ্য্য চৌধুৰী সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।