সমললৈ যাওক

কৰ্মচাৰী চয়ন আয়োগ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Staff Selection Commissionৰ পৰা পুনঃনিৰ্দেশিত)
কৰ্মচাৰী চয়ন আয়োগ
চমু  নাম এছএছচি
প্ৰতিষ্ঠা ৪ নৱেম্বৰ ১৯৭৫ (1975-11-04) (৫০ বছৰ পূৰ্বে)
ধৰণ চৰকাৰী
প্ৰধান  কাৰ্যালয় নতুন দিল্লী, ভাৰত
সেৱা  ক্ষেত্ৰ ভাৰত
অধ্যক্ষ অসীম খুৰানা
ৱেবছাইট ssc.gov.in
পূৰ্বৰ  নাম অধীনস্থ সেৱা আয়োগ

কৰ্মচাৰী চয়ন আয়োগ চমুকৈ এছএছচি ভাৰত চৰকাৰৰ অধীনস্থ বিভিন্ন মন্ত্ৰণালয় আৰু বিভাগৰ কৰ্মচাৰীৰ ভৰ্তি কৰা এক সংস্থা। ই ভাৰত চৰকাৰৰ কৰ্মচাৰী,জন অভিযোগ আৰু পেঞ্চন মন্ত্ৰণালয়ৰ অধীনত। ইয়াৰ এজন অধ্যক্ষ, দুজন সদস্য আৰু এজন সচিব তথা পৰীক্ষা নিয়ন্ত্ৰক আছে। ইয়াৰ অধ্যক্ষৰ পদ ভাৰত চৰকাৰৰ অতিৰিক্ত সচিবৰ সমপৰ্যায়ৰ।

১৯৬৭-৬৮ চনৰ লোকসভাৰ অনুমান সমিতিয়ে ইয়াৰ ৪৭তম খতিয়ানত নিম্ন পৰ্যায়ৰ চাকৰিৰ ভৰ্তিৰ বাবে কৰ্মচাৰী চয়নৰ বাবে আয়োগ প্ৰতিষ্ঠা কৰিবলৈ অনুমোদন জনাইছিল। তাৰপিছত ১৯৭৫ চনৰ ৪ নৱেম্বৰ তাৰিখে ভাৰত চৰকাৰৰ কৰ্মচাৰী আৰু প্ৰশাসনিক সংস্কাৰ বিভাগে অধীনস্থ সেৱা আয়োগ গঠন কৰিছিল। ১৯৭৭ চনৰ ২৬ ছেপ্টেম্বৰ তাৰিখে ইয়াৰ নাম সলনি কৰি কৰ্মচাৰী চয়ন আয়োগ ৰখা হয়। ইয়াৰ কাৰ্যকলাপ সমূহ ২১ মে ১৯৯৯ চনত কৰ্মচাৰী,জন অভিযোগ আৰু পেঞ্চন মন্ত্ৰণালয়ে পুনৰ নিৰ্ধাৰণ কৰে। কৰ্মচাৰী চয়ন আয়োগৰ নতুন সংবিধান আৰু কাৰ্যকলাপ ১৯৯৯ চনৰ ১ জুনত আৰম্ভ হয়।

মূখ্য কাৰ্যালয়

[সম্পাদনা কৰক]

ইয়াৰ মুখ্য কাৰ্যালয় নতুন দিল্লীত অৱস্থিত আৰু ভাৰতৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত এছএছচিৰ আঞ্চলিক আৰু উপ-আঞ্চলিক কাৰ্যালয় আছে।বৰ্তমান অধ্যক্ষ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া অসীম খুৰানা।

প্ৰধান পৰীক্ষাসমূহ

[সম্পাদনা কৰক]

কৰ্মচাৰী চয়ন আয়োগৰ দ্বাৰা আয়োজন কৰা গুৰুত্বপূৰ্ণ পৰীক্ষাসমূহ হ'ল --

  • সংযুক্ত স্নাতক পৰ্যায়ৰ পৰীক্ষা (CGLE)
  • সংযুক্ত উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ পৰীক্ষা (CHSLE)
  • ষ্টেনোগ্ৰাফাৰ গ্ৰেড 'চি' আৰু 'ডি' পৰীক্ষা (Steno)
  • কনিষ্ঠ অভিযন্তা (JE)
  • দিল্লী আৰক্ষী আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ উপ-পৰিদৰ্শক
  • কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীত কনিষ্টবল (জিডি),এছ এছ এফ , অসম ৰাইফলছত ৰাইফলমেন (জিডি) আৰু নাৰ্কটিকছ কণ্টল ব্যুৰোত চিপাহী পৰীক্ষা (GD)
  • কনিষ্ঠ হিন্দী অনুবাদক, কনিষ্ঠ অনুবাদক আৰু জ্যেষ্ঠ হিন্দী অনুবাদক পৰীক্ষা (Hindi Translator)
  • মাল্টি টাস্কিং (নন-টেকনিকেল )ষ্টাফ আৰু হাভালদাৰ পৰীক্ষা (MTS)

যোগ্যতা

[সম্পাদনা কৰক]

এছএছচিৰ CHSL আৰু Steno পৰীক্ষাৰ বাবে দ্বাদশ বা সমতুল্য পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব আৰু বয়স ১৮ৰ পৰা ৩০ বছৰৰ ভিতৰত হ'ব লাগিব । CGL, Delhi Police &CAPF আৰু Hindi translator পৰীক্ষাৰ বাবে স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক বা সমতুল্য ডিগ্ৰী হ'ব লাগিব আৰু বয়সৰ সময়সীমা ১৮-৩২ ভিতৰত হ'ব লাগিব। MTS আৰু GD ৰ বাবে দশম উত্তীৰ্ণ হ'ব লাগিব আৰু বয়স ১৮-৩০ বছৰৰ ভিতৰত হ'ব লাগিব। শেষত কনিষ্ঠ অভিযন্তা বা JE পৰীক্ষাৰ বাবে স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা অসামৰিক, যান্ত্ৰিক, বৈদ্যুতিক আৰু পৰিমাণ জৰীপ আৰু চুক্তি শাখাত ডিগ্ৰী বা ডিপ্লমা থাকিব লাগিব আৰু বয়স ১৮- ৩০/৩২ বছৰ হ'ব লাগিব।

তথ্য উৎস

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]