পৰিসাংখ্যিক বল বিজ্ঞান
(Statistical mechanicsৰ পৰা পুনঃনিৰ্দেশিত)
পৰিসাংখ্যিক বল বিজ্ঞান |
---|
![]() |
তাপগতিবিজ্ঞান · গেছৰ গতি বিজ্ঞান |
বিজ্ঞানীসকল |
পৰিসাংখ্যিক পদাৰ্থ বিজ্ঞান, পৰিসাংখ্যিক বল বিজ্ঞান বা পৰিসাংখ্যিক তাপগতিবিজ্ঞান হৈছে পদাৰ্থ বিজ্ঞানৰ এটা ভাগ। এই বিভাগত বৃহৎসংখ্যক কণিকাৰে গঠিত কোনো প্ৰণালীৰ তাপগতিবৈজ্ঞানিক ব্যৱহাৰ সম্পৰ্কে সম্ভাবিতা তত্ত্বৰে অধ্যয়ন কৰা হয়। পৰিসাংখ্যিক বল বিজ্ঞানে প্ৰতিটো সুকীয়া পৰমাণু বা অণুৰ অণুবীক্ষণিক ধৰ্মসমূহৰ লগত আমাৰ চিনাকি স্থূল পদাৰ্থৰ ধৰ্মসমূহৰ সম্পৰ্ক নিৰ্ণয় কৰে। অৰ্থাৎ ই তাপগতিবিজ্ঞানক বৰ্ণনা কৰাৰ বাবে কোৱাণ্টাম বলবিজ্ঞান, ধ্ৰুপদী বলবিজ্ঞান আৰু অণুবীক্ষণিক স্তৰৰ বলবিজ্ঞানৰ সংমিশ্ৰিত ক্ষেত্ৰ।