সমললৈ যাওক

ষ্টীভ জব্‌ছ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Stev Jobsৰ পৰা পুনঃনিৰ্দেশিত)
ষ্টীভ জব্‌চ
Shoulder-high portrait of smiling man in his fifties wearing a black turtle neck shirt with a day-old beard holding a phone facing the viewer in his left hand
২০১০ চনৰ en:Worldwide Developers Conference-অত এটা বগা ৰঙৰ en:iPhone 4 প্ৰদৰ্শন কৰি থকা আৱস্থাত জবচ।
জন্ম ষ্টীভেন প'ল জব্‌চ
২৪ ফেব্ৰুৱাৰী, ১৯৫৫[1]
চান ফ্ৰান্সিছ্‌কো', কেলিফৰ্ণিয়া, U.S.[1]
মৃত্যু ৫ অক্টোবৰ, ২০১১ (৫৬ বছৰ)
পাল' অল্ট', কেলিফৰ্ণিয়া, U.S.[2]
শিক্ষানুষ্ঠান ৰীড মহাবিদ্যালয় (১৯৭২ চনৰ এটা চেমিষ্টাৰ)
পেচা অধ্যক্ষ, এপল ইন্‌ক.
মুঠ আয় বৃদ্ধি$8.3 billion (2011)[3]
বোৰ্ডৰ সদস্য  ৱাল্ট ডিজনী কোম্পানী,[4] Apple, Inc.
ধৰ্ম বৌদ্ধ ধৰ্ম[5]
দাম্পত্যসঙ্গী ল'ৰিন পাৱেল জব্‌চ (1991–2011)
সন্তান 4
আত্মীয়-স্বজন ম'না ছিম্পচন (ভগ্নী)
স্বাক্ষৰ
ৱেবছাইট
Steve Jobs

ষ্টিভেন পল জব্‌চ (Steven Paul Jobs, জন্ম ২৪ ফেব্ৰুৱাৰী, ১৯৫৫ - মৃত্যু ৫ অক্টোবৰ, ২০১১)[2][6][7][8] এগৰাকী আমেৰিকান কম্পিউটাৰ ব্যৱসায়ৰ গুৰি ধৰোঁতা আৰু আৱিষ্কাৰক। তেখেত এপল ইন্‌ক. (Apple Inc.)-ৰ সহ-প্ৰতিষ্ঠাতা, লগতে তেখেত অধ্যক্ষ আৰু মুখ্য কাৰ্য্যবাহী বিষয়াৰ পদতো অধিষ্ঠিত আছিল।[9][10][11] পিক্সাৰ এনিমেছন ষ্টুডিঅ'ৰ (Pixar Animation Studio) মুখ্য-কাৰ্য্যবাহী বিষয়াৰ পদো এখেতে অলংকৃত কৰিছিল। ২০০৬ চনত এখেত ৱাল্ট ডিজনী কোম্পানীৰ পৰিচালক মণ্ডলীৰ সভ্য হৈছিল। তেখেত 'টয় ষ্ট'ৰী' (Toy Story, ১৯৯৫) নামৰ এনিমেছন ছবি খনৰ কাৰ্য্যকৰী প্ৰযোজক আছিল। [12]

সত্তৰৰ দশকৰ শেষৰ ফালে ষ্টিভ জব্‌চে এপল কোম্পানীৰ সহ-প্ৰতিষ্ঠাতা ষ্টিভ ৱজনিয়াক (Steve Wozniak) আৰু মাইক মেৰকুলা (Mike Markkula)-ৰ[9] সতে লগ-লাগি প্ৰথমটো ব্যৱসায়িক ভাৱে সফল ব্যক্তিগত কম্পিউটাৰ 'এপল ২ ছিৰিজ'ৰ নিৰ্মাণ কৰে। ১৯৮০-ৰ দশকৰ প্ৰথম ভাগত জব্‌ছেই প্ৰথমে মাউছেৰে চলোৱা GUI সম্বলিত কম্পিউটাৰ চালনা ব্যৱস্থাৰ ব্যৱসায়িক সফলতাৰ সম্ভাৱনা অনুমান কৰে, আৰু সেই সম্ভাৱনাৰেই বজাৰলৈ উলিয়ায় মেকিণ্টোছ নামৰ কম্পিউটাৰ।[13][14]

পৰিচালন মণ্ডলীৰে হোৱা মতান্তৰৰ ফলস্বৰূপে জব্‌চে ১৯৮৫ চনত 'এপল' কোম্পানীৰ পৰা অব্যাহতি লয়[15][16] আৰু NeXT নামে আন এটা কোম্পানীৰ পট্টন কৰে। এই কোম্পানীয়েও কম্পিউটাৰৰ পৰিচালন প্ৰণালী (computer platform) বিকাশৰ কাম কৰিছিল আৰু ঘাইকৈ ব্যৱসায়িক আৰু উচ্চ-শিক্ষাৰ কেন্দ্ৰৰ বাবে কাম কৰিছিল। ১৯৯৬ চনত 'এপল কোম্পানী'য়ে NeXT-ক কিনি লোৱাৰ পাছত জব্‌চ আকৌ 'এপল'-ৰ মাজলৈ আহে, আৰু ১৯৯৭ চনত তাৰে মুখ্য কাৰ্য্যবাহী বিষয়া (CEO) ৰ পদত অধিষ্ঠিত হয়। ২০১১ চনলৈ তেখেতে এই পদত কাম কৰি যায়। ১৯৮৬ চনত তেখেতে 'লুকাছ ফিল্ম লিমিটেডৰ কম্পিউটাৰ গ্ৰাফিক্স অংশ কিনি লয় আৰু তাকেই 'পিক্সাৰ এনিমেছন ষ্টুডিঅ' হিচাপে গঢ় দিয়ে।[17] তেখেতে এই কোম্পানীৰ ৫০.১% ছেয়াৰৰ অংশ লৈ ইয়াৰ মুখ্য কাৰ্য্যবাহী বিষয়াৰ পদত থাকে। ২০০৬ চনত পিক্সাৰ ৱাল্ট ডিজনী কোম্পানীয়ে কিনি লয়।[18] কোম্পানিৰ এটা ডাঙৰ অংশ (৭%) হাতত থকা হেতুকে জব্‌চ ডিজনী-ৰ পৰিচালন মণ্ডলীৰ সদস্য হয়।[19][20][21][22]

২০১১ চনৰ ২৪ আগষ্ট তাৰিকে ষ্টিভ জব্‌চে 'এপল'-ৰ CEO পদৰ পৰা অব্যাহতি লোৱাৰ কথা ঘোষণা কৰে। জব্‌চে 'টিম কুক' (Tim Cook)-ক তেখেতৰ উত্তৰসূৰী হিচাপে মনোনীত কৰে। ইয়াৰ পাছত জব্‌চক এপল-ৰ পৰিচালন মণ্ডলীৰ অধ্যক্ষ নিযুক্ত কৰা হয়।[23][24][25][26]

৫ অক্টোবৰ ২০১১ তাৰিখে 'এপল'-ৰ ফালৰপৰা ষ্টিভ জব্‌চৰ মৃত্যুৰ খবৰ দিয়া হয়।[8][27] মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৫৬ বছৰ।[28] ষ্টিভ জব্‌চে কাৰ্য্যক্ষম আৰু একেসময়তে দৃষ্টি-নন্দন আহিলা তৈয়াৰ কৰাত গুৰুত্ব দিছিল। সেইবাবেই তেখেতে বহুতো অনুৰাগীৰ মন জয় কৰিবলৈ সক্ষম হৈছিল।[29]

জীৱনৰ আগছোৱা

[সম্পাদনা কৰক]
Waist-high portrait of man in his fifties wearing a black turtle-neck shirt and blue jeans, gesturing in front of a blue curtain
World Wide Developers Conference 07 (WWDC)-ত ষ্টিভ জব্‌ছ

ষ্টিভ জব্‌চৰ জন্ম হৈছিল ছান ফ্ৰান্সিছ্‌কো নগৰত[1] তেখেতক তুলি-তালি ডাঙৰ-দীঘল কৰিছিল কেলিফৰ্নিয়াৰ পল আৰু ক্লাৰা জব্‌চে।[30] তেওঁলোকে তেখেতৰ নামকৰণ কৰিছিল ষ্টিভেন পল।[2] ক্লাৰা দম্পতীয়ে পাছলৈ পেটী নামে এগৰাকী ছোৱালীও তুলি লৈছিল।

ষ্টিভ জব্‌চৰ প্ৰকৃত পিতৃৰ নাম আছিল আব্দুলফতেহ জন জন্দালি (Abdulfattah John Jandali),[31] এগৰাকী ছিৰিয়াদেশীয় ইছলামধৰ্মী নাগৰিক আছিল।[32] তেখেতে পাছলৈ ৰাজনীতি বিজ্ঞানৰ অধ্যাপক হৈছিল।[33] জব্‌চৰ প্ৰকৃত মাতৃ আছিল 'জোৱান ছিম্পছন', এগৰাকী আমেৰিকান স্নাতক ছাত্ৰী[32]। এখেত পাছলৈ এগৰাকী 'কথা আৰু ভাষা বিষয়ক ৰোগৰ বিশেষজ্ঞা' (Speech Language Pathologist) হৈছিল[34]। জব্‌চৰ প্ৰকৃত পিতৃ-মাতৃ পাছলৈ বিবাহ-পাশত আবদ্ধ হয়, আৰু তেওঁলোকৰ ফালৰপৰা জব্‌চৰ নিজা ভনীয়েক 'ম'না ছিম্পছন' (Mona Simpson)ৰ জন্ম হয়। এখেত এগৰাকী উপন্যাস লেখিকা।[35][36][37][38][39][40]

জব্‌চে কেলিফৰ্নিয়াৰ কাপাৰটিনো জুনিয়ৰ হাইস্কুল (Cupertino Junior High School) আৰু হোমষ্টীড হাই স্কুল (Homestead High School)-ত শিক্ষাগ্ৰহণ কৰিছিল।[29] তেখেতে প্ৰায়েই স্কুলৰ পাছত হিউলেট-পেকাৰ্ড কোম্পানী (Hewlett-Packard Company)-য়ে প্ৰদান কৰা আলোচনা শুনিবলৈ গৈছিল। তাতেই তেখেতে প্ৰথম গৰম বন্ধৰ চাকৰিত সোমাইছিল। তাতেই লগ পাইছিল ষ্টিভ ৱজনিয়াক-ক। [41]

১৯৭২ চনত হাইস্কুলৰ শিক্ষা সাং কৰি জব্‌চে পোৰ্টলেণ্ড, অ'ৰিগন'-ৰ ৰীড কলেজ (Reed College)-ত ভৰ্তি হয়। কিন্তু এটা ছেমিষ্টাৰৰ পাছতেই তেওঁ কলেজীয়া শিক্ষা বাদ দিয়ে।[42]

অৱশ্যে তেখেতে 'বিদ্যায়তনিক হিচাপৰক্ষা' (Academic Auditing)-ৰ শ্ৰেণীত উপস্থিত থাকিছিল। ৰাতি প্ৰায়েই বন্ধু-বান্ধৱৰ কোঠাৰ মজিয়াত শুইছিল। খালী "ক'ক" (Coke)-ৰ বটল ওভতাই দি টকা অৰ্জন কৰিছিল আৰু স্থানীয় হৰে কৃষ্ণ মন্দিৰত সপ্তাহত শেষত বিনামূলীয়া ভোজন কৰিছিল।[16]

১৯৭৪ চনত জব্‌চে কেলিফৰ্নিয়ালৈ উভতি আহে আৰু Homebrew Computer Club-ৰ বৈঠকত ষ্টিভ ৱজনিয়াকৰ সৈতে নিয়মীয়াকৈ যোগ দিবলৈ ধৰে। তেওঁ Atari নামৰ এটা জনপ্ৰিয় ভিডিঅ' গেম নিৰ্মাণ কৰা কোম্পানীৰ চাকৰি লয়। অৱশ্যে তেখেতৰ মূল উদ্দেশ্য আছিল আধ্যাত্মিক উন্নয়নৰ বাবে ভাৰতলৈ যাত্ৰা কৰাৰ বাবে ধন সঞ্চয় কৰা।

জব্‌চে সেই বছৰেই ভাৰতলৈ আহে 'নীম কৰোলী বাবা'-ক লগ ধৰিবলৈ।[43] ৰীড কলেজৰ এগৰাকী সহপাঠী, ডেনিয়েল কোট্‌কে-ৰ (ডেনিয়েল কোট্‌কে 'এপল' কোম্পানীৰ প্ৰথম গৰাকী কৰ্মচাৰী আছিল) সৈতে জব্‌চ আহি 'নীম কৰোলী বাবা'ৰ কাইঞ্ছি আশ্ৰমত উপস্থিত হয়। ভাৰতৰপৰা উভতি যোৱাৰ সময়ত তেখেতে পাৰম্পৰিক ভাৰতীয় পোছাক পৰিধান কৰিছিল আৰু বৌদ্ধ ধৰ্মত দীক্ষিত হৈছিল।[44][45]

এই সময়তে জব্‌চে ইন্দ্ৰিয় উত্তেজক মাদক দ্ৰব্য (psychedelic drug) ব্যৱহাৰ কৰিছিল। LSD ব্যৱহাৰ কৰি হোৱা আভিজ্ঞতাক তেখেতে জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অভিজ্ঞতা বুলি উল্লেখ কৰি গৈছে।[46]

তেখেতে উল্লেখ কৰি গৈছে যি সকলে তেখেতৰ দৰে বিপৰীতমুখী বিভিন্ন সংস্কৃতিৰ আওভাও পোৱা নাই তেওঁলোকে তেখেতৰ চিন্তাৰ আঁত ৰাখিব নোৱাৰিব।[46]

উভতি আহি জব্‌চে আকৌ Atari কোম্পানীত যোগ দিয়ে আৰু তেখেতক Breakout নামৰ গেম বিধৰ circuit board-খন নকৈ সজাৰ দায়িত্ব দিয়ে। Atari-ৰ প্ৰতিষ্ঠাতাৰ মতে সেই বোৰ্ডৰপৰা প্ৰতিটো চিপ কমোৱাৰ বাবে জব্‌চক এশ ডলাৰকৈ দিয়াৰ প্ৰস্তাৱ দিয়া হৈছিল। জব্‌ছৰ এই বিষয়ত সিমান আগ্ৰহ নাছিল, সেয়ে ষ্টিভ ৱজনিয়াকৰ লগত চুক্তি কৰিছিল যে ৱজনিয়াকে মূল কামখিনি কৰিব, আৰু মাননিখিনি দুয়োজনে সমানে ভগাই লব। ৱজনিয়াকে মূল বোৰ্ডখনৰপৰা ৫০-টা চিপ কমাবলৈ সক্ষম হৈছিল। কিন্তু সেইখন ইমানেই সংকীৰ্ণ আছিল যে তাক নিৰ্মাণ কৰা সম্ভৱ নাছিল। জব্‌চে ৱজনিয়াকক কয় যে Atari-য়ে মাত্ৰ ৭০০ ডলাৰহে দিলে (আচলতে পাবলগীয়া আছিল ৫০০০ ডলাৰ), গতিকে ৱজনিয়াকে ৩৫০ ডলাৰহে পাব।[47][48][49][50][51][52]

কৰ্মজীৱন

[সম্পাদনা কৰক]

এপল কম্পিউটাৰ (Apple Computer)

[সম্পাদনা কৰক]
Two men in their fifties shown full length sitting in red leather chairs smiling at each other
ষ্টিভ জব্‌চ আৰু বিল গেট্‌ছ ২০০৭ চনত

১৯৭৬ চনত ষ্টীভ জব্‌চ, ষ্টীভ ৱজনিয়াক আৰু ৰ'নাল্ড ৱেইন-এ এপল কম্পিউটাৰ প্ৰতিষ্ঠানৰ জন্ম দিয়ে[53]। এই প্ৰতিষ্ঠানত কম্পিউটাৰ নিৰ্মাণ কৰি বিক্ৰী কৰা হৈছিল। ৱজনিয়াক আৰু জব্‌চ-ৰ বন্ধুত্ব হৈছিল ১৯৭১ চনত, উমৈহতীয়া বন্ধু বিল ফাৰ্নান্দেজৰ জৰিয়তে। জব্‌চে ৱজনিয়াকক ব্যৱসায়ত যোগ দিবলৈ উদ্বুদ্ধ কৰে[54]

১৯৮০ চনৰ প্ৰথম বছৰকেইটাত জেৰক্স কোম্পানীৰ মাউছ-ৰে চলোৱা GUI-ৰপৰা প্ৰেৰণা লৈ জব্‌চে 'এপল লিছা' (Apple Lisa) নাম দি প্ৰথম কম্পিউটাৰ বজাৰলৈ উলিয়ায়। তাৰ এবছৰ পাছত বজাৰলৈ অনা হয় মেকিণ্টোছ[55][56]। GUI সম্বলিত প্ৰথমটো ব্যৱসায়িক ভাৱে সফল কম্পিউটাৰ আছিল 'মেকিণ্টোছ'।

১৯৮৫ চনত 'এপল কোম্পানী'ৰ মুখ্য কাৰ্যবাহী বিষয়া জন স্কালি-ৰ লগত হোৱা মতবিৰোধৰ পৰিণতি স্বৰূপে, জব্‌চক প্ৰশাসনীয় দায়িত্বৰপৰা অব্যাহতি দিয়া হয়[57][58]। ইয়াৰ পাঁচমাহ পাছত ষ্টীভে এপল কোম্পানীৰপৰা অব্যাহতি লয়[59] আৰু 'নেক্ট' (NeXT) নামৰ আন এটা কোম্পানী খোলে[60][61]

পাছত জব্‌চে মন্তব্য কৰিছিল যে এপল কম্পিউটাৰৰপৰা বহিস্কৃত হোৱাটো তেখেতৰ জীৱনত ঘটা আটাইতকৈ ভাল ঘটনা। সফলতাৰ বোজাৰ সলনি ন-শিকাৰুৰ উদ্যমেৰে আকৌ এবাৰ আৰম্ভ কৰিবলৈ তেখেতে নতুন সাহস পাইছিল। সেই সময়ছোৱাতেই তেখেত হেনো আটাইতকৈ বেছি সৃজনীশীল হৈ আছিল।[16][62][63]

তথ্য টোকা

[সম্পাদনা কৰক]
  1. 1 2 3 "Smithsonian Oral and Video Histories: Steve Jobs". Smithsonian Institution. April 20, 1995. Archived from the original on December 5, 2006. https://web.archive.org/web/20061205020739/http://americanhistory.si.edu/collections/comphist/sj1.html আহৰণ কৰা হৈছে: September 20, 2006.
  2. 1 2 3 Markoff, John (October 5, 2011). "Steve Jobs, Apple's Visionary, Dies at 56". The New York Times. http://www.nytimes.com/2011/10/06/business/steve-jobs-of-apple-dies-at-56.html আহৰণ কৰা হৈছে: October 5, 2011.
  3. "Forbes 400 Richest Americans". Forbes. March, 2011. http://www.forbes.com/profile/steve-jobs আহৰণ কৰা হৈছে: March 10, 2011.
  4. "The Walt Disney Company and Affiliated Companies – Board of Directors". The Walt Disney Company. http://corporate.disney.go.com/corporate/board_of_directors.html আহৰণ কৰা হৈছে: October 2, 2009.
  5. Elkind, Peter (March 15, 2008). "The trouble with Steve Jobs". Fortune. http://money.cnn.com/2008/03/02/news/companies/elkind_jobs.fortune/index.htm আহৰণ কৰা হৈছে: July 21, 2008.
  6. "Steve Jobs, Apple founder, dies". CNN. October 5, 2011. http://www.cnn.com/2011/10/05/us/obit-steve-jobs/index.html?iref=BN1&hpt=hp_t1 আহৰণ কৰা হৈছে: October 5, 2011.
  7. "Statement by Apple's Board of Directors" (Press release). Apple Inc.. October 5, 2011. http://www.apple.com/pr/library/2011/10/05Statement-by-Apples-Board-of-Directors.html আহৰণ কৰা হৈছে: October 5, 2011.
  8. 1 2 "Remembering Steve Jobs". প্ৰকাশক Cupertino, California: Apple Inc.. October 5, 2011. http://www.apple.com/stevejobs/ আহৰণ কৰা হৈছে: October 5, 2011.
  9. 1 2 Markoff, John (September 1, 1997). "An 'Unknown' Co-Founder Leaves After 20 Years of Glory and Turmoil". The New York Times. http://www.nytimes.com/1997/09/01/business/an-unknown-co-founder-leaves-after-20-years-of-glory-and-turmoil.html আহৰণ কৰা হৈছে: August 24, 2011.
  10. "Steve Jobs Resigns as CEO of Apple" (Press release). Apple Inc.. August 24, 2011. http://www.apple.com/pr/library/2011/08/24Steve-Jobs-Resigns-as-CEO-of-Apple.html আহৰণ কৰা হৈছে: August 24, 2011.
  11. Ovide, Shira (August 24, 2011). "Steve Jobs Resigns as Apple CEO". The Wall Street Journal. http://blogs.wsj.com/deals/2011/08/24/steve-jobs-resigns-as-apple-ceo/ আহৰণ কৰা হৈছে: August 24, 2011.
  12. IMDB, "Toy Story" Credits
  13. Kahney, Leander (January 6, 2004). "Wired News: We're All Mac Users Now". Wired News. Archived from the original on June 29, 2012. http://www.wired.com/gadgets/mac/news/2004/01/61730 আহৰণ কৰা হৈছে: September 20, 2006.
  14. "America's Most Admired Companies: Jobs' journey timeline". CNNMoney.com. http://money.cnn.com/magazines/fortune/storysupplement/stevejobs/index.html আহৰণ কৰা হৈছে: May 24, 2010. Jobs and a team of engineers visit Xerox PARC, where they see a demo of mouse and graphical user interface
  15. Vivek Kaul (May 11, 2009). "What Steve Jobs did when he was fired from Apple". DNA (newspaper). http://www.dnaindia.com/money/report_what-steve-jobs-did-when-he-was-fired-from-apple_1254757.
  16. 1 2 3 "'You've got to find what you love,' Jobs says". Stanford Report. June 14, 2005. Archived from the original on July 11, 2012. https://archive.ph/20120711/http://news-service.stanford.edu/news/2005/june15/jobs-061505.html আহৰণ কৰা হৈছে: March 31, 2006."I didn't see it then, but it turned out that getting fired from Apple was the best thing that could have ever happened to me".
  17. "Pixar History – 1986". Pixar. Archived from the original on May 28, 2012. https://web.archive.org/web/20120528202345/http://www.pixar.com/companyinfo/history/1986.html আহৰণ কৰা হৈছে: April 25, 2008.
  18. "Apple — Press Info — Bios — Steve Jobs". Apple Inc.. May 2006. http://www.apple.com/pr/bios/jobs.html আহৰণ কৰা হৈছে: September 20, 2006.
  19. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; DisneyBuysPixar নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  20. "The Walt Disney Company — Steve Jobs Biography". http://corporate.disney.go.com/corporate/bios/steve_jobs.html.
  21. Holson, Laura M. (January 25, 2006). "Disney Agrees to Acquire Pixar in a $7.4 Billion Deal". The New York Times. http://www.nytimes.com/2006/01/25/business/25disney.html আহৰণ কৰা হৈছে: January 17, 2010.
  22. "Pixar Becomes Unit of Disney". The New York Times. Associated Press. May 6, 2006. http://www.nytimes.com/2006/05/06/business/media/06pixar.html আহৰণ কৰা হৈছে: January 17, 2010.
  23. . http://www.beautymania.biz/2011/08/entertainment-paradise-steve-jobs.html.
  24. "Steve Jobs resigns as Apple CEO". The Guardian (London). August 25, 2011. http://www.guardian.co.uk/technology/2011/aug/25/steve-jobs-resigns-apple-ceo.
  25. (Press release). http://www.apple.com/pr/library/2011/08/24Letter-from-Steve-Jobs.html.
  26. (Press release). http://www.apple.com/pr/library/2011/08/24Steve-Jobs-Resigns-as-CEO-of-Apple.html.
  27. "Apple Co-founder Steve Jobs dies at 56.". BeautyMania.biz. October 5, 2011. http://www.beautymania.biz/2011/10/entertainment-paradise-apple-co-founder.html আহৰণ কৰা হৈছে: October 5, 2011.
  28. "Steve Jobs: Apple Announces Former CEO Steve Jobs Has Died". Chicago Tribune. October 5, 2011. Archived from the original on October 7, 2011. http://www.chicagotribune.com/news/nationworld/ktla-apple-steve-jobs-dies,0,7477308.story আহৰণ কৰা হৈছে: October 5, 2011.
  29. 1 2 Cringely, Robert X. (April 1, 2004). "Steve Jobs – Apple Computer, Pixar". Inc. Magazine. http://www.inc.com/magazine/20040401/25jobs.html আহৰণ কৰা হৈছে: September 20, 2006.
  30. «Mother: Clara Hagopian (adoptive mother, accountant)» – Steve Jobs biography at NNDB.
  31. "Steve Jobs' Father Regrets Adoption, Hasn't Met Apple Founder". http://abcnews.go.com/Technology/steve-jobs-biological-father-regrets-adoption-report/story?id=14381769 আহৰণ কৰা হৈছে: 29 August 2011.
  32. 1 2 Sherman, Suzan. "BOMB Magazine: Mona Simpson by Ameena Meer". Bombsite.com. Archived from the original on July 21, 2011. https://web.archive.org/web/20110721135008/http://bombsite.com/issues/20/articles/947 আহৰণ কৰা হৈছে: November 11, 2010.
  33. Smith, David (January 29, 2006). "The non-stop revolutionary". The Guardian (London). http://www.guardian.co.uk/media/2006/jan/29/citynews.apple.
  34. Lohr, Steve (January 12, 1997). "Creating Jobs". The New York Times. http://www.nytimes.com/1997/01/12/magazine/creating-jobs.html?pagewanted=5.
  35. Alan Deutschman, Richard Siklos, Heather Halberstadt, John Brodie, Duff McDonald, Craig Offman and Richard Rushfield, "The New Establishment 2005: The 50 Most Powerful Leaders of the Information Age", Vanity Fair, October 1, 2005.
  36. Andy Behrendt, "Apple Computer mogul's roots tied to Green Bay", Green Bay Press-Gazette, December 4, 2005.
  37. David Smith, "The non-stop revolutionary", The Observer (U.K.), January 26, 2006.
  38. Rob Waugh, additional reporting by Paul Henderson, "iGod—how Apple went bad, and made billions from doing it", Daily Mail (U.K.), April 30, 2008.
  39. "Steve Jobs, Apple's iGod: Profile", Telegraph (U.K.), January 14, 2009.
  40. Elkind, Peter (March 4, 2008). "The trouble with Steve Jobs". CNN. http://money.cnn.com/2008/03/02/news/companies/elkind_jobs.fortune/index.htm.
  41. "Biography: Steve Jobs". The Apple Museum. http://www.theapplemuseum.com/index.php?id=49 আহৰণ কৰা হৈছে: May 18, 2006.
  42. Campbell, Duncan (June 8, 2004). "The Guardian Profile: Steve Jobs". The Guardian (UK). http://arts.guardian.co.uk/features/story/0,11710,1241745,00.html আহৰণ কৰা হৈছে: March 31, 2006.
  43. "Il santone della Silicon Valley che ha conquistato i tecno-boss" (Italian ভাষাত). Repubblica.it. 2008-06-09. http://www.repubblica.it/2008/06/sezioni/scienza_e_tecnologia/santone-silicon-valley/santone-silicon-valley/santone-silicon-valley.html আহৰণ কৰা হৈছে: 2011-08-30.
  44. Andrews, Amanda (January 14, 2009). "Steve Jobs, Apple's iGod: Profile". The Daily Telegraph (UK). http://www.telegraph.co.uk/technology/apple/4242660/Steve-Jobs-Apples-iGod-Profile.html আহৰণ কৰা হৈছে: October 29, 2009.
  45. "Steve Jobs profile: Apple's hard core". প্ৰকাশক Edinburgh: News scotsman. January 11, 2009. http://news.scotsman.com/comment/Steve-Jobs-profile-Apple39s-hard.4863847.jp আহৰণ কৰা হৈছে: October 29, 2009.
  46. 1 2 John Markoff (2005). What the Dormouse Said: How the Sixties Counterculture Shaped the Personal Computer Industry. Penguin. পৃষ্ঠা. preface xix. ISBN 978-0-14-303676-0. http://books.google.com/books?id=cTyfxP-g2IIC&pg=PT21 আহৰণ কৰা হৈছে: 5 October 2011.
  47. Letters – General Questions Answered Archived 2011-06-12 at the Wayback Machine, Woz.org
  48. Wozniak, Steven: "iWoz", a: pages 147–148, b: page 180. W. W. Norton, 2006. ISBN 978-0-393-06143-7
  49. Kent, Stevn: "The Ultimate History of Video Games", pages 71–73. Three Rivers, 2001. ISBN 0-7615-3643-4
  50. "Player 2 Stage 1: The Coin Eaters". Thedoteaters.com. September 29, 2007. Archived from the original on December 31, 2007. https://web.archive.org/web/20071231000817/http://www.thedoteaters.com/p2_stage1.php আহৰণ কৰা হৈছে: April 19, 2010.
  51. "Breakout". Arcade History. June 25, 2002. http://www.arcade-history.com/index.php?page=detail&id=3397 আহৰণ কৰা হৈছে: April 19, 2010.
  52. "Classic Gaming: A Complete History of Breakout". Classicgaming.gamespy.com. http://classicgaming.gamespy.com/View.php?view=Articles.Detail&id=395 আহৰণ কৰা হৈছে: April 19, 2010.
  53. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; Wayne01 নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  54. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; esquire নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  55. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; Wired News: We're All Mac Users Now নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  56. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; America's Most Admired Companies: Jobs' journey timeline নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  57. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; The End Of An Era নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  58. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; everything নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  59. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; Apple Matters 1985 নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  60. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; lemsculley নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  61. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; Apple's Jobs Starts New Firm, Targets Education Market নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  62. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; Life lessons from Jobs নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  63. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; Steve Jobs: Stanford commencement address, June 2005 নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই

তথ্য সমল

[সম্পাদনা কৰক]

বহিঃসংযোগ

[সম্পাদনা কৰক]

প্ৰবন্ধসমূহ

[সম্পাদনা কৰক]

সাক্ষাৎকাৰ

[সম্পাদনা কৰক]