ভাৰতত অন্ধবিশ্বাস
অন্ধবিশ্বাস বা কুসংস্কাৰ (ইংৰাজী: Superstition in India) বুলিলে এনে কোনো বিশ্বাসক বুজায় যি অলৌকিক কাৰ্যৰ ওপৰত ভিত্তি কৰি গঠিত প্ৰথা আৰু যি আধুনিক বিজ্ঞানৰ বিৰোধী।[1] অন্ধবিশ্বাসৰ বিশ্বাস আৰু আচাৰ-ব্যৱহাৰ প্ৰায়ে ব্যক্তিভেদে বা এটা সংস্কৃতিৰ পৰা আন এটা সংস্কৃতিলৈ পৰিলৰ্তিত হয়।
ভাৰতত প্ৰচলিত কিছুমান সাধাৰণ অন্ধবিশ্বাসৰ ভিতৰত — ক’লা মেকুৰী এটাই ৰাস্তা পাৰ হোৱা দেখিলে দুৰ্ভাগ্যজনক বুলি গণ্য কৰা, ৰাতি আঙুলি বা ভৰিৰ নখ কটা দুৰ্ভাগ্য, কাউৰীয়ে মাৰিলে আলহী অনাৰ সম্ভাৱনা, মাছ খোৱাৰ পিছত গাখীৰ খোৱাৰ ফলত ছালৰ ৰোগ হ’ব পাৰে বুলি ধাৰণা, হাত খুজুৱালে টকা আহিব বুলি বিশ্বাস কৰা আদি।[2][3][4][5][6]
সাৰাংশ
[সম্পাদনা কৰক]সাধাৰণতে শিক্ষাৰ অভাৱক অন্ধবিশ্বাসৰ মূল কাৰণ হিচাপে দোষাৰোপ কৰা হয়।[1] কিন্তু ভাৰতত বিষয়টো সদায় তেনেকুৱা নহয়। ইয়াত বহুতো শিক্ষিত লোকেও আনৰ বাবে অন্ধবিশ্বাসৰ দৰে যেন লগা কথাবোৰ বিশ্বাস কৰে। দেশৰ বিভিন্ন অঞ্চলত বিভিন্ন অন্ধবিশ্বাসৰ প্ৰচলন আছে।[7] কিছুমান অন্ধবিশ্বাস সম্পূৰ্ণ অহিংস, যেনে- কোনোবাই বেয়া দৃষ্টি নিদিবলৈ ঘৰৰ দুৱাৰত নেমু আৰু জলকীয়া ওলোমাই থোৱা।[8] আকৌ কিছুমান অন্ধবিশ্বাস ভয়ংকৰ ক্ষতিকাৰক, যেনে ডাইনী বুলি সন্দেহ কৰি কাৰোবাক জ্বলাই হত্যা কৰা।
এই বিশ্বাস আৰু আচৰণ ধৰ্ম আৰু পৰম্পৰাৰ অংশ হিচাপে যুগ যুগ ধৰি এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ চলি আহিছে। ভাৰত চৰকাৰে অন্ধবিশ্বাস দূৰ কৰিবলৈ বিভিন্ন আইন প্ৰণয়নৰ চেষ্টা চলাইছে। কিন্তু বহু লোকে গভীৰভাৱে শিপাই থকা পক্ষপাতিত্বৰ বাবেই এই আইনসমূহৰ বিৰোধিতা কৰে। ২০১৩ চনত অন্ধবিশ্বাস বিৰোধী কৰ্মী তথা কমিটি ফৰ দ্য এৰেডিকেশ্যন অৱ ব্লাইণ্ড ফেইথৰ প্ৰতিষ্ঠাপক নৰেন্দ্ৰ ডাভোলকাৰক মটৰ চাইকেল চলোৱা দুজন আক্ৰমণকাৰীয়ে গুলীয়াই হত্যা কৰিছিল। তেওঁ ক’লা যাদু নিষিদ্ধ কৰিবলৈ নতুন আইন প্ৰণয়নৰ বাবে দাবী জনাইছিল। সমালোচকৰ মতে ভাৰতীয় সংবিধানত এনে অন্ধবিশ্বাসী কাম-কাজ নিষিদ্ধ কৰা কোনো স্পষ্ট বিধান নাই।
অতীত
[সম্পাদনা কৰক]সতীদাহ
[সম্পাদনা কৰক]সতীদাহ হৈছে এনে এক প্ৰথা, য'ত এগৰাকী হিন্দু বিধৱা স্বেচ্ছাই হওক বা বলপূৰ্বকভাৱে হওক, স্বামীৰ চিতাত জীৱন্তে আত্মাহুতি দিয়ে।[9] ৰাম মোহন ৰায়ে নিজৰ ভাই বোৱাৰীৰ সতীদাহ দেখাৰ পিছত ১৮১১ চনত এই প্ৰথা শেষ কৰিবলৈ আন্দোলন আৰম্ভ কৰিছিল। পিছলৈ ১৮২৯ চনত ব্ৰিটিছ ভাৰতৰ গৱৰ্ণৰ জেনেৰেল আইন প্ৰণয়ন কৰি লৰ্ড উইলিয়াম বেণ্টিংকে সতী প্ৰথা নিষিদ্ধ কৰে।[10]
১৯৮৭ চনৰ ৪ ছেপ্টেম্বৰত ৰাজস্থানৰ দেওৰালাৰ ১৮ বছৰীয়া ৰূপ কানৱাৰ, যাৰ বিয়া হোৱা মাত্ৰ সাত মাহ হৈছিল,[11] তাক স্বামীৰ চিতাৰ জুইত জ্বলাই হত্যা কৰা হয়। অভিযোগ অনুসৰি তেওঁ পলাবলৈ চেষ্টা কৰিছিল যদিও তাক মাদক দ্ৰব্য সেৱন কৰোৱাই অচেতন কৰি চিতাৰ জুইত বহিবলৈ বাধ্য কৰা হৈছিল।[12][13] এই ঘটনাৰ পিছত ১৯৮৭ চনৰ ১ অক্টোবৰত ৰাজস্থান বিধানসভাই সতীদাহ প্ৰথাৰ বিৰুদ্ধে অধ্যাদেশ গৃহীত কৰে, যিখন অধ্যাদেশ পিছলৈ আইনত পৰিণত হয়।[14] কিন্তু ইয়াৰ বিৰোধিতা কৰি জয়পুৰত সতী প্ৰথাৰ সমৰ্থকসকলে সমাৱেশ আৰু প্ৰতিবাদ সাব্যস্ত কৰে।[14] [15] পিছলৈ ১৯৮৮ চনৰ ৩ জানুৱাৰীত[16] ভাৰতীয় সংসদে এখন নতুন আইন (আয়োগ (নিষেধাজ্ঞা) সতী আইন, ১৯৮৭) গৃহীত কৰে,[11] য'ত সতীদাহ প্ৰথা নিষিদ্ধ কৰাই নহয়, ইয়াৰ প্ৰচাৰ আৰু মহিমামণ্ডিতকো অপৰাধ হিচাপে গণ্য কৰা হয়।[11] আৰক্ষীয়ে ৰূপ কানৱৰৰ শহুৰেক আৰু দেউতাকৰ বিৰুদ্ধে সতীদাহ যাবলৈ জোৰ-জবৰদস্তি কৰাৰ অভিযোগ উত্থাপন কৰিছিল। কিন্তু ১৯৯৬ চনৰ অক্টোবৰ মাহত তেওঁলোকক আদালতে জামিন প্ৰদান কৰে।
নৰবলি
[সম্পাদনা কৰক]ভাৰতত নৰবলি সাধাৰণ প্ৰথা নহয় যদিও গ্ৰাম্য অঞ্চলত মাজে মাজে বিচ্ছিন্ন ঘটনা সংঘটিত হয়। বহু ক্ষেত্ৰত মানুহৰ সলনি জীৱ-জন্তু বা চৰাইক বলি দিয়া হয়। অৱশ্যে এইক্ষেত্ৰত পশু অধিকাৰ সংগঠনসমূহে প্ৰতিবাদ কৰা দেখা যায়। ফলত কোনো কোনো ঠাইত জীৱ-জন্তুৰ সলনি মানুহৰ প্ৰতিমূৰ্তি বলি দিয়াৰ প্ৰথা পুনৰ সজীৱ হৈ উঠিছে। বৰষুণৰ বাবে প্ৰাৰ্থনা কৰা বা নিঃসন্তান মহিলাক সন্তান দিয়া আদি বিভিন্ন বিশ্বাসৰ আঁৰত নৰবলি প্ৰথা পৰিলক্ষিত হয়। এনে ঘটনা সততে ঢাকি ৰখা হয় বা আৰক্ষীক খবৰ নিদিয়াৰ অভিযোগ উত্থাপন হৈছে। ১৯৯৯ চনৰ পৰা ২০০৬ চনৰ ভিতৰত কেৱল উত্তৰ প্ৰদেশতেই প্ৰায় ২০০টা শিশু বলিৰ ঘটনা সংঘটিত হৈছিল।
প্ৰচলিত অন্ধবিশ্বাস
[সম্পাদনা কৰক]শুভ দিন
[সম্পাদনা কৰক]হিন্দু ধৰ্মত কিছুমান দিন বিশেষভাৱে শুভ বুলি বিশ্বাস কৰা হয়। এইকেইদিনত কৰা যিকোনো কামত সফলতাৰ সম্ভাৱনা বেছি। জন্ম নক্ষত্ৰ, চন্দ্ৰৰ অৱস্থান, গ্ৰহৰ গতিৰ ওপৰত ভিত্তি কৰি এই শুভ দিন আৰু সময় নিৰ্ধাৰণ কৰা হয়, যিবোৰ হিন্দু জ্যোতিষ অনুসৰি গণনা কৰা হয়। ব্যৱসায় আৰম্ভ কৰা, নতুন চুক্তি কৰা বা নতুন উদ্যোগ গ্ৰহণ কৰাটো সাধাৰণতে জড়িত লোকসকলৰ শুভ দিনবোৰ চাই নিৰ্ণয় কৰা হয়। ঠিক তেনেদৰে হিন্দু জ্যোতিষ আৰু দৰা-কইনাৰ ৰাশিফলৰ ভিত্তিত হিন্দু বিবাহতো হিন্দু-কইনাৰ ৰাশিফলৰ ভিত্তিত হিন্দু-বিবাহৰ শুভ তাৰিখ আৰু সময় নিৰ্ধাৰণ কৰা হয়।
ভাগ্য গণনা
[সম্পাদনা কৰক]ভাৰতত ভাগ্য গণনা খুবেই প্ৰচলিত এটা বিষয়। ভৱিষ্যদ্বাণীৰ বিভিন্ন পদ্ধতি আছে, যেনে- হস্তৰেখা বিশ্লেষণ, ৰাশিফল সংখ্যাতত্ত্ব শাস্ত্ৰ আদি।
ধৰ্মগুৰু আৰু অলৌকিক চিকিৎসক
[সম্পাদনা কৰক]বহুতো ধৰ্মগুৰুৱে দাবী কৰে যে তেওঁলোকৰ বিশেষ অলৌকিক ক্ষমতা আছে, আৰু তেওঁলোকে আচৰিত অলৌকিক কাম কৰিব পাৰে। অৱশ্যে কিছুমানে কেৱল আধ্যাত্মিক উপদেশহে দিয়ে।[17] তদুপৰি নাৰীও ধৰ্মগুৰু হ'ব পাৰে।[18] আৰু অনুগামীসকলে তেওঁলোকক অৱতাৰ বা জীৱন্ত দেৱতা হিচাপে পূজা কৰে।[18] আৰু বৰ্তমান সময়ত বহুতো [18] ধৰ্মগুৰুয়ে সমগ্ৰ ভাৰতত বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বৃহৎ অনুগামী বা ভক্ত গঢ়ি তুলিবলৈ সক্ষম হৈছে।[18] সিহঁতৰ জনপ্ৰিয়তাৰ আঁৰত সংবাদ মাধ্যম আৰু জনসংযোগ কৌশলৰ ব্যৱহাৰে বিশেষ ভূমিকা গ্ৰহণ কৰিছে।[17]
ৰাশিফল
[সম্পাদনা কৰক]ভাৰতৰ হিন্দুসকলে বিশ্বাস কৰে যে প্ৰতিজন ব্যক্তিক জন্মৰ সময়ত এটা নিৰ্দিষ্ট নক্ষত্ৰ থাকে, যিটো হিন্দু জ্যোতিষৰ মতে ২৭টা নক্ষত্ৰৰ ভিতৰৰ এটা। চন্দ্ৰৰ অৱস্থান, গ্ৰহৰ গতি, আকৃতি, বিশেষ পৰিঘটনা (যেনে পূৰ্ণিমা বা সূৰ্যগ্ৰহণ) আদিয়ে এজন ব্যক্তিৰ জন্ম তাৰিখ আৰু সময়ৰ ওপৰত ভিত্তি কৰি ব্যক্তিৰ দৈনন্দিন জীৱনত প্ৰভাৱ পেলায় বুলি বিশ্বাস কৰা হয়। প্ৰতিজন ব্যক্তিৰ বাবে এটা সুকীয়া ৰাশিফল সৃষ্টি কৰা হয়, য’ত তেওঁলোকৰ জীৱনৰ সম্ভাৱ্য সমস্যা বা নেতিবাচক প্ৰভাৱৰ কথা উল্লেখ কৰা হয়। এই ৰাশিফলে হিন্দু বিবাহত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ৰাশিফলৰ মিল নাথাকিলে বহুক্ষেত্ৰত বিয়া নহয়।
নেমু
[সম্পাদনা কৰক]

ভাৰতৰ বহু দোকানীয়ে নিজৰ দোকানৰ প্ৰৱেশদ্বাৰৰ ওচৰত ৰছীৰে নেমু আৰু সেউজীয়া জলকীয়া ওলোমাই ৰাখে। ব্যৱসায়ৰ ওপৰত কোনো কুশক্তিৰ প্ৰভাৱ বা কুদৃষ্টি যাতে নপৰে তাৰ বাবে এই কাম কৰা হয়। সাধাৰণতে নেমুক প্ৰতিৰোধক হিচাপে গণ্য কৰা হয়, যিয়ে "মন্ত্ৰ" আৰু তন্ত্ৰ মন্ত্ৰৰ কুপ্ৰভাৱৰ পৰা ৰক্ষা কৰিব পাৰে। কিছুমান হিন্দুৱে ভ্ৰমণৰ সময়ত নেমু লগত লৈ ফুৰে, যাতে কোনো অচিনাকি মানুহৰ "মন্ত্ৰ" বা যাদুকৰী মন্ত্ৰৰ চিকাৰ নহয়। ৰাস্তাৰ যিকোনো ঠাইত পৰি থকা নেমুৰ ওপৰত ভৰি দিলে ক্ষতিকাৰক বুলি গণ্য কৰা হয়, কিয়নো ইয়াক মন্ত্ৰৰ যোগেদি অভিশপ্ত কৰি ৰখা বুলি বিশ্বাস কৰা হয়। হিন্দু পূজা আৰু ৰীতি-নীতিতো নেমু আৰু নাৰিকল ব্যৱহাৰ কৰা হয়। ভাৰত চৰকাৰে নিয়মিতভাৱে বিভিন্ন যান-বাহন,[19] কম্পিউটাৰ আৰু ইলেক্ট্ৰনিক সঁজুলি, বিমান, অস্ত্ৰ-শস্ত্ৰৰ বাবে হিন্দু ধৰ্মীয় অনুষ্ঠান পালন কৰে। পূজাৰ সময়ত নাৰিকল ভঙাৰ প্ৰথাও প্ৰচলিত। হিন্দুসকলে অস্ত্ৰ-শস্ত্ৰক পূজা কৰে, য’ত অস্ত্ৰ-শস্ত্ৰক দেৱী হিচাপে পূজা কৰা হয়।
সূৰ্য আৰু চন্দ্ৰ গ্ৰহণ
[সম্পাদনা কৰক]সূৰ্যগ্ৰহণক লৈ অসংখ্য অন্ধবিশ্বাস প্ৰচলিত আছে। বহুতে বিশ্বাস কৰে যে সূৰ্যগ্ৰহণে যুদ্ধ, হিংসা বা কোনো ডাঙৰ বিপদৰ ইংগিত দিয়ে। গ্ৰহণৰ সময়ত ৰন্ধা খাদ্য নষ্ট হয় বুলি বিশ্বাস কৰি বহু লোকে এই সময়ত খোৱা বন্ধ কৰি দিয়ে, পূৰ্বতে ৰন্ধা খাদ্য পেলাই দিয়ে, বা ভিক্ষাৰীক দান কৰে। সূৰ্যগ্ৰহণৰ পূৰ্বে মন্দিৰসমূহ বন্ধ কৰি দিয়া হয় আৰু গ্ৰহণ শেষ হোৱাৰ পিছত পুনৰ মুকলি কৰা হয়। সূৰ্যগ্ৰহণৰ সময়ত বহু দোকানো বন্ধ কৰি ৰখা দেখা যায়। বহুতে বিশ্বাস কৰে যে গৰ্ভৱতী মহিলাই এই সময়ত বাহিৰলৈ ওলাই যোৱাটো উপযুক্ত নহয়, কিয়নো ইয়াৰ ফলত তেওঁলোকৰ গৰ্ভস্থ সন্তানৰ ক্ষতি হ’ব পাৰে বা আনকি গৰ্ভপাত হ’ব পাৰে। আন মানুহেও বাহিৰলৈ ওলাই যোৱাৰ পৰা বিৰত থাকে। কিছুমানৰ মতে সূৰ্যগ্ৰহণৰ সময়ত সূৰ্যৰ পোহৰ বিষাক্ত হৈ পৰে, গতিকে সূৰ্যগ্ৰহণ শেষ হোৱাৰ পিছত গা ধোৱাটো প্ৰয়োজনীয়। ভাৰতীয় শ্বেয়াৰ বজাৰতো গ্ৰহণৰ সময়ছোৱাত ব্যৱসায়ৰ পৰিমাণ হ্ৰাস পোৱা দেখা গৈছে। লগতে দেখা যায় যে গ্ৰামাঞ্চলত শাৰীৰিকভাৱে অক্ষম শিশুসকলক গ্ৰহণৰ সময়ত ডিঙিলৈকে বোকা বা বালিত পুতি থোৱা হয় যাতে তেওঁলোকৰ অক্ষমতা আৰোগ্য হয়। চন্দ্ৰগ্ৰহণৰ সময়তো একেধৰণৰ বিশ্বাস প্ৰচলিত আছে। এই সময়ত বহুতে খাদ্য খোৱাৰ পৰা বিৰত থাকে আৰু বাহিৰলৈ ওলাই যোৱাৰ পৰা বিৰত থাকে। যুক্তিবাদী সংগঠনসমূহে এনে অন্ধবিশ্বাস দূৰ কৰাৰ উদ্যোগ লৈছে। অভ্যৰ্থনাৰ সময়ত তেওঁলোকে ৰাজহুৱা খাদ্য-পানীয়ৰ আয়োজন কৰি সজাগতা সৃষ্টিৰ চেষ্টা কৰে।
বাস্তু
[সম্পাদনা কৰক]বাস্তু হিন্দু ধৰ্মত প্ৰচলিত এক বিশ্বাস, য'ত ঘৰ বা যিকোনো অট্টালিকা নিৰ্মাণৰ বাবে নিৰ্দিষ্ট নিয়ম-নীতি নিৰ্ধাৰণ কৰা হয়। ইয়াত এটা ঘৰ কেনেকৈ নিৰ্মাণ কৰিব লাগে, দুৱাৰ-খিৰিকীবোৰ কোন দিশলৈ মুখ কৰিব লাগে, কোঠাবোৰ কেনেকৈ স্থাপন কৰিব লাগে সেইটো নিৰ্ধাৰণ কৰে - এই সকলোবোৰ বাস্তু শাস্ত্ৰৰ মূল কথা। ভাৰতৰ বহু নিৰ্মাণ কোম্পানীয়ে এই নিয়ম মানি অট্টালিকা নিৰ্মাণ কৰে। বহু হিন্দুৰ মতে শাৰীৰিক অসুখ, পাৰিবাৰিক অস্থিৰতা, আৰ্থিক ক্ষতি বা সম্পৰ্কত জটিলতা আদি জীৱনত যদি কোনো সমস্যা থাকে তেন্তে কাৰণ হ’ল বাস্তু দোষ। গতিকে এই দোষ দূৰ কৰিবলৈ বহুতে ঘৰৰ গঠন সলনি কৰে, আচবাব স্থানান্তৰ কৰে, বা বাস্তু সংশোধনৰ বিভিন্ন পদ্ধতি অনুসৰণ কৰে। বাস্তু চীনৰ ফেং ছুইৰ দৰেই।
ডাইনী হত্যা
[সম্পাদনা কৰক]ভাৰতৰ কোনো কোনো ঠাইত বিশেষকৈ গাঁৱে-ভূঞে বহুতে ডাইনী আৰু ক’লা যাদু কাৰ্যকৰী বুলি বিশ্বাস কৰে। কিছুমান মানুহে স্বাস্থ্য, আৰ্থিক সমস্যা বা বৈবাহিক জটিলতা সমাধানৰ বাবে যাদুকৰ বা তান্ত্ৰিকৰ ওচৰলৈ যায়। কিন্তু দুৰ্ভাগ্যজনকভাৱে কিছুমান নিৰীহ লোক বিশেষকৈ মহিলাৰ ওপৰত ডাইনীৰ অভিযোগ উত্থাপন হয়। সিহঁতৰ ওপৰত আক্ৰমণ কৰা হয়, কেতিয়াবা হত্যাও কৰা হয়। খবৰ অনুসৰি সাধাৰণতে বিধৱা বা বিবাহ বিচ্ছেদ হোৱা মহিলাসকল এই আক্ৰমণৰ বলি হয়, কিয়নো আট্ৰমণকাৰীৰ প্ৰকৃত উদ্দেশ্য তেওঁলোকৰ সম্পত্তি লুট কৰা। বৰ্তমানৰ আইনসমূহে এনে হত্যাকাণ্ড ৰোধ কৰাত ফলপ্ৰসূ হোৱা নাই।[20] ২০১৩ চনৰ জুন মাহত নেশ্যনেল কমিচন ফৰ উইমেনে (এনচিডব্লিউ) ৰিপ’ৰ্ট কৰিছিল যে নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰোৰ পৰিসংখ্যা অনুসৰি ২০০৮ চনৰ পৰা ডাইনীৰ অভিযোগত ৭৬৮ গৰাকী মহিলাক হত্যা কৰা হৈছে। ইয়াৰ পিছত আয়োগে কঠোৰ আইন প্ৰণয়নৰ পৰিকল্পনা ঘোষণা কৰে।
শেহতীয়া পৰিঘটনা
[সম্পাদনা কৰক]২০০১ চনৰ পৰা ২০০৬ চনৰ ভিতৰত অসম ৰাজ্যত ডাইনী সন্দেহত প্ৰায় ৩০০ লোকক হত্যা কৰা হৈছিল। ২০০৩ চনৰ অক্টোবৰ মাহত বিহাৰৰ মুজাফ্ফৰপুৰ জিলাৰ কমলপুৰা গাঁৱত তিনিগৰাকী মহিলাক ডাইনী হিচাপে চিনাক্ত কৰা হৈছিল। সিহঁতক ৰাজহুৱাভাৱে অপমানিত কৰা হৈছিল। পিছত তেওঁলোক সকলোৱে আত্মহত্যা কৰে। ২০০৫ চনৰ পৰা ২০১০ চনৰ ভিতৰত ওড়িশাৰ সুন্দৰগড় জিলাত প্ৰায় ৩৫টা ডাইনী সম্পৰ্কীয় হত্যাকাণ্ড সংঘটিত হৈছিল।[21] ২০১৩ চনৰ আগষ্ট মাহত অসমৰ কোকৰাঝাৰ জিলাত ডাইনী সন্দেহত এহাল দম্পতীক এদল পুৰুষে ঘঁপিয়াই হত্যা কৰিছিল। ২০১৩ চনৰ ছেপ্টেম্বৰ মাহত ছত্তীশগড়ৰ যশপুৰ জিলাত এগৰাকী মহিলাক হত্যা কৰি তাৰ কন্যাক ক’লা যাদু চলোৱাৰ অভিযোগত ধৰ্ষণ কৰা হৈছিল।
উল্লেখযোগ্য পৰিঘটনা
[সম্পাদনা কৰক]১৯৯৫ চনৰ ‘অলৌকিক দুগ্ধপান’
[সম্পাদনা কৰক]১৯৯৫ চনৰ ২১ ছেপ্টেম্বৰত দিল্লীত গণেশ মূৰ্তিয়ে গাখীৰ খোৱাৰ খবৰ বিয়পি পৰে। অলপ সময়ৰ ভিতৰতে সমগ্ৰ ভাৰতৰ পৰা অনুৰূপ ঘটনাৰ শুনা যায়। আনকি বহিঃৰাজ্যৰ কিছুমান ঠাইতো একেধৰণৰ দাবী উত্থাপন হৈছিল।[22] জনা যায় যে একে ঘটনা কেৱল গণেশ মূৰ্তিৰ ক্ষেত্ৰতে নহয় নন্দী আৰু শিৱৰ দৰে আন আন মূৰ্তিৰ ক্ষেত্ৰতো ঘটিছিল। ইয়াৰ ফলত গাখীৰৰ চাহিদা ইমানেই বৃদ্ধি পায় যে বজাৰত সংকটৰ সৃষ্টি হয় আৰু গাখীৰৰ দাম বৃদ্ধি পায়। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ মন্দিৰৰ সন্মুখত আৰক্ষী মোতায়েন কৰা হৈছিল। বিজ্ঞানী তথা শিক্ষাবিদ যশ পালে ইয়াক ভ্ৰম বুলি অভিহিত কৰিছিল। নেচনেল কাউন্সিল ফৰ ছায়েন্স এণ্ড টেকন’লজি কমিউনিকেচনৰ (এনচিএছটিচি) বিজ্ঞানীসকলে পৰীক্ষাৰ জৰিয়তে দেখুৱাইছে যে আচলতে গাখীৰৰ কেপিলাৰী ক্ৰিয়াৰ বাবেই এনে পৰিঘটনা সংগঠিত হৈছিল। পৰীক্ষাৰ বাবে তেওঁলোকে গাখীৰৰ লগত ৰঙা ৰং মিহলাই দেখুৱাইছিল যে মূৰ্তিটোৰ সংস্পৰ্শলৈ আহিলে গাখীৰ ওপৰলৈ উঠি যায়।[23]
আৰু চাওক
[সম্পাদনা কৰক]অধিক পঢ়ক
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত Superstitions in India সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- Dr. Abraham Kovoor (2005). Begone Godmen. Jaico Publishing House. ISBN 978-8172243319. https://books.google.com/books?id=ul8EwHy93gMC.
- Dr. Abraham Kovoor (2000). Gods, Demons & Spirits. Jaico Publishing House. ISBN 978-8172242169. https://books.google.com/books?id=n5es1-ikfBwC.
- R. V. Kolhatkar (te ভাষাত). Vastu Nijaanijalu (Vaastu Myths). Hyderabad Book Trust.
- Varuna Verma (27 May 2012). "The God Busters". The Telegraph (India). http://www.telegraphindia.com/1120527/jsp/7days/story_15536725.jsp#.T8MU3rAjF8H.
- Ashwaq Masoodi (23 February 2014). "Witch hunting: Victims of superstition". Live Mint. http://www.livemint.com/Politics/Nnluhl4wjhiAAUklQwDtOL/Witch-hunting--Victims-of-superstition.html.
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- 1 2 N. Jayapalan (2001). Problems of Indian Education. Atlantic Publishers & Dist. পৃষ্ঠা. 155. ISBN 978-8171569731. https://books.google.com/books?id=QslpBDaJHXIC&pg=PA155। আহৰণ কৰা হৈছে: 13 September 2013.
- ↑ Dalisay, Juan (English ভাষাত). Towards Maharlika: A Vision for a New Philippines. Soranomics.
- ↑ "Indian superstitions and the theories behind them: Not to be missed" (English ভাষাত). India Today. 12 September 2015. https://www.indiatoday.in/education-today/gk-current-affairs/story/indian-superstitions-262609-2015-09-12। আহৰণ কৰা হৈছে: 23 August 2020. "black cat crosses our path and like a dead statue, we stop and wait for someone else to pass first."
- ↑ (English ভাষাত) Census of India, 1971: A. Town directory. B. Special survey report on selected towns. (i) Town study of Bhongir. (ii) Town study of Kakinanda. C. Special survey reports on selected villages. 1. Panchalamarri. 2. Unagatla. Registrar General and Census Commissioner of India. 1972. পৃষ্ঠা. 199.
- ↑ "Can having milk and fish together give you white patches on skin? Science has the answer" (English ভাষাত). The Times of India. 20 August 2019. https://timesofindia.indiatimes.com/life-style/health-fitness/diet/can-having-milk-and-fish-together-give-you-white-patches-on-skin-science-has-the-answer/photostory/68904378.cms#:~:text=According%20to%20an%20old%20wives,lead%20to%20skin%20related%20problem.। আহৰণ কৰা হৈছে: 3 September 2020.
- ↑ "Superstition #15 Cutting Fingernails at Night". Dartmouth College. 15 November 2017. https://journeys.dartmouth.edu/folklorearchive/2017/11/15/superstition-15-cutting-fingernails-at-night/। আহৰণ কৰা হৈছে: 3 March 2024.
- ↑ Peter Jarvis; Mary Watts (2012). The Routledge International Handbook of Learning. Routledge. পৃষ্ঠা. 527. ISBN 978-0415571302. https://books.google.com/books?id=6mYgGsQKtDUC&pg=PA527। আহৰণ কৰা হৈছে: 13 September 2013.
- ↑ Joanne O'Sullivan (2010). Book of Superstitious Stuff. Charlesbridge Publishing. পৃষ্ঠা. 119. ISBN 978-1607343677. https://books.google.com/books?id=kQAUTJS5frAC&pg=PA119। আহৰণ কৰা হৈছে: 14 September 2013.
- ↑ "Definition of SATI" (en ভাষাত). merriam-webster.com. https://www.merriam-webster.com/dictionary/sati। আহৰণ কৰা হৈছে: 2020-08-12.
- ↑ Margot I. Duley; Mary I. Edwards (1986). The Cross-cultural Study of Women: A Comprehensive Guide. Feminist Press at CUNY. পৃষ্ঠা. 167. ISBN 978-0935312027. https://archive.org/details/crossculturalstu00dule। আহৰণ কৰা হৈছে: 15 September 2013.
- 1 2 3 Rajeswari Sunder Rajan (2004). Real and Imagined Women: Gender, Culture and Postcolonialism. Taylor & Francis. পৃষ্ঠা. 16. ISBN 978-0203359662. https://books.google.com/books?id=_AEAZp10lYQC&pg=PA16। আহৰণ কৰা হৈছে: 15 September 2013.
- ↑ John Stratton Hawley (1994). Sati, the Blessing and the Curse: The Burning of W. Oxford University Press. পৃষ্ঠা. 116. ISBN 978-0195360226. https://books.google.com/books?id=w_VbHItKQjYC&pg=PA116। আহৰণ কৰা হৈছে: 15 September 2013.
- ↑ Radha Kumar (1997). The History of Doing: An Illustrated Account of Movements for Women's Rights and Feminism in India 1800–1990. Zubaan. পৃষ্ঠা. 175. ISBN 978-8185107769. https://books.google.com/books?id=68xTBT1-H4IC&pg=PA175। আহৰণ কৰা হৈছে: 15 September 2013.
- 1 2 Gerald James Larson (2001). Religion and Personal Law in Secular India: A Call to Judgment. Indiana University Press. পৃষ্ঠা. 204. ISBN 978-0253108685. https://books.google.com/books?id=E4-wYWX4bH8C&pg=PA204। আহৰণ কৰা হৈছে: 15 September 2013.
- ↑ Kumari Jayawardena; Malathi de Alwis (1996). Embodied Violence: Communalising Women's Sexuality in South Asia. Zed Books. পৃষ্ঠা. 293. ISBN 978-1856494489. https://archive.org/details/isbn_9781856494489। আহৰণ কৰা হৈছে: 15 September 2013.
- ↑ P.K. Das. Protection of Women from Domestic Violence. Universal Law Publishing. পৃষ্ঠা. 116. ISBN 978-8175349513. https://books.google.com/books?id=D862-YtfK2sC&pg=PA116। আহৰণ কৰা হৈছে: 15 September 2013.
- 1 2 Preminder Singh Sandhawalia (2012). Celebrity: Its Changing Face in India Through the Ages. AuthorHouse. পৃষ্ঠা. 145–146. ISBN 978-1468577709. https://books.google.com/books?id=qsljh_JPnZIC। আহৰণ কৰা হৈছে: 15 September 2013.
- 1 2 3 4 Lise McKean (1996). Divine Enterprise: Gurus and the Hindu Nationalist Movement. University of Chicago Press. পৃষ্ঠা. 1–3. ISBN 978-0226560106. https://books.google.com/books?id=OsI7Hy8H34YC&pg=PA1। আহৰণ কৰা হৈছে: 15 September 2013.
- ↑ "Move to the Launch Pad – Proba-3 blog" (en-US ভাষাত). https://blogs.esa.int/proba-3/2024/11/25/move-to-the-launch-pad/। আহৰণ কৰা হৈছে: 2024-11-26. "Before the lorry could leave there were a couple of interesting traditions to perform. One was lemons under the wheels, which is considered to absorb negative energies, is crushed as the vehicle moves forward, signifying the destruction of any evil forces or bad luck. This ritual is believed to purify the vehicle, ensuring smooth, accident-free journeys and the other was breaking open coconuts. It is believed that doing this helps in keeping the problems away and makes the work successful."
- ↑ Jill Schnoebelen. "Witchcraft allegations, refugee protection and human rights:a review of the evidence". UNHRC. http://www.unhcr.org/4981ca712.pdf। আহৰণ কৰা হৈছে: 13 September 2013.
- ↑ "Witch Killings in Orissa District Cause Concern". 21 December 2010. http://news.outlookindia.com/items.aspx?artid=705806.
- ↑ Arvind Devendra (2011). Hinduism and Modernity. John Wiley & Sons. পৃষ্ঠা. 3. ISBN 978-0470776858. https://books.google.com/books?id=x-aRSuypah8C&pg=PA3.
- ↑ Hilary Evans; Robert E. Bartholomew (2009). Outbreak! : The Encyclopedia of Extraordinary Social Behavior. Anomalist Books, LLC. পৃষ্ঠা. 247. ISBN 978-1933665252. https://books.google.com/books?id=7aJVq5-ZkuEC&pg=PA247.