সমললৈ যাওক

সুৰজ কা সাতোৱা ঘোঁৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Suraj Ka Satvan Ghodaৰ পৰা পুনঃনিৰ্দেশিত)
সুৰজ কা সাতোৱা ঘোঁৰা

পোষ্টাৰ
পৰিচালক শ্যাম বেনেগাল
চিত্ৰনাট্য শ্যামা জাইদী
কাহিনী ধৰমবীৰ ভাৰতী
ভিত্তি সুৰজ কা সাতোৱা ঘোঁৰা (উপন্যাস)
লেখক: ধৰমবীৰ ভাৰতী
প্ৰযোজক ভাৰতৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বিকাশ নিগম
অভিনয়ত
সূত্ৰধাৰ ৰঘুবীৰ যাদৱ
সংগীত পৰিচালক বনৰাজ ভাটিয়া
মুক্তি
১৯৯২ (1992)
দৈৰ্ঘ্য
১৩০ মিনিট
দেশ ভাৰত
ভাষা হিন্দী
বাজেট 5 crore

সুৰজ কা সাতোৱা ঘোঁৰা (ইংৰাজী: Suraj Ka Satvan GhodaStrir Patra; অনু: সুৰ্যৰ সপ্তমটো ঘোঁৰা) ১৯৯২ চনত শ্যাম বেনেগালৰ পৰিচালনাত আৰু ধৰ্মবীৰ ভাৰতীৰ “সুৰজ কা সাতোৱা ঘোঁৰা“ নামৰ উপন্যাসৰ আধাৰত নিৰ্মিত এখন ভাৰতীয় হিন্দী ছবি। ১৯৯৩ চনত ই হিন্দী ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।[1] আত্ম-চিন্তনশীল ছবিখন "দেৱদাস" চিনড্ৰ’মৰ ওপৰত এক বিধ্বংসী ৰূপ লোৱাৰ বাবেও জনাজাত।[2] এই ছবিখন ভাৰতীয় ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগমে (এন এফ ডি চি) প্ৰযোজনা কৰিছিল।[3] ইয়াত অভিনয় কৰিছে ৰজিত কাপুৰ, ৰাজেশ্বৰী সচদেৱ, পল্লৱ যোশী, নীনা গুপ্তা আৰু অমৰীশ পুৰী।

গল্পকাৰ মনেক মল্লাই (ৰজিত কাপুৰ) বন্ধুসকলক জীৱনৰ বিভিন্ন সময়ত চিনাকি হোৱা তিনিগৰাকী মহিলাৰ তিনিটা কাহিনী কয়: ৰাজেশ্বৰী সচদেৱ (মধ্যবিত্ত শ্ৰেণীৰ বাবে উপমা), পল্লৱ যোশী (বুদ্ধিদীপ্ত আৰু ধনী), আৰু নীনা গুপ্তা (দৰিদ্ৰ)।[4] ছবিখনৰ বিভিন্ন মুখ্য চৰিত্ৰৰ দৃষ্টিকোণৰ পৰা চালে এই তিনিটা কাহিনী এটা একক কাহিনীৰ তিনিটা ভিন্ন ৰূপ বুলি প্ৰকাশ পাইছে।

কোনো এটা গোট বা সমাজৰ আটাইতকৈ নিম্ন, লেহেমীয়া বা দুৰ্বল সকলেই গতি বা প্ৰগতি নিৰ্ধাৰণ কৰে। ছবিখনৰ শিৰোনাম, ছবিখনৰ বাবেই এক উপমা, সমাজ আৰু সাতটা ঘোঁৰাই টনা সূৰ্য্যৰ ৰথৰ পৌৰাণিক প্ৰতীকাত্মতা মাজত এক সাদৃশ্য পোৱা যায়।

আখ্যান শৈলীয়ে বিমূৰ্ততাক আৰু অধিক বৃদ্ধি কৰে; ছবিখনক সমকালীন শিল্পী শ্যামৰ (ৰঘুবীৰ যাদৱ) ফ্লেছবেক হিচাপে উপস্থাপন কৰা হৈছে।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "40th National Film Awards". Directorate of Film Festivals. পৃষ্ঠা: 62. http://dff.nic.in/2011/40th_nff_1993.pdf। আহৰণ কৰা হৈছে: 2 March 2012. 
  2. Rao, Maithili (12 August 2007). "Bollywood's hegemony". The Hindu. http://www.thehindu.com/todays-paper/tp-features/tp-sundaymagazine/article2275483.ece। আহৰণ কৰা হৈছে: 2015-01-22. 
  3. Verma, Sukanya (16 September 2017). "Great film, no audience" (English ভাষাত). The Hindu. http://www.thehindu.com/entertainment/movies/great-film-no-audience/article19691271.ece. 
  4. Clarke Fountain (2007). "Suraj Ka Satvan Ghoda (1992) - Overview" (English ভাষাত). The New York Times. https://movies.nytimes.com/movie/224680/Suraj-Ka-Satvan-Ghoda/overview. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]