স্বামী প্ৰণৱানন্দ
স্বামী প্ৰণৱানন্দ | |
|---|---|
স্বামী প্ৰণৱানন্দ | |
| ব্যক্তিগত | |
| জন্ম | বিনোদ ভূঞা [[২৯ জানুৱাৰী]], ১৮৯৬ বাজিতপুৰ, ফৰিদপুৰ জিলা, বেংগল প্ৰেচিডেঞ্চি, ব্ৰিটিছ ভাৰত; (বৰ্তমানৰ বাজিতপুৰ, ফৰিদপুৰ জিলা, বাংলাদেশ) |
| মৃত্যু | ৮ জানুৱাৰী, ১৯৪১ (৪৪ বছৰ) |
| ধৰ্ম | হিন্দু ধৰ্ম |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| প্ৰতিষ্ঠাতা | ভাৰত সেৱাশ্ৰম সংঘ |
স্বামী প্ৰণৱানন্দ (বঙালী: স্বামী প্ৰণবানন্দ; সংস্কৃত: स्वामी प्रणवानन्द; IAST: Svāmī Praṇavānanda), (২৪ ফেব্ৰুৱাৰী ১৮৯৬ – ৮ জানুৱাৰী ১৯৪১)[1] এগৰাকী হিন্দু যোগী আৰু সন্ত, যাক যুগাচাৰ্য্য শ্ৰীমৎ স্বামী প্ৰণৱানন্দ জী মহাৰাজ বুলিও জনা যায়। তেওঁ ভাৰত সেৱাশ্ৰম সংঘ নামেৰে জনাজাত এটি অলাভজনক আধ্যাত্মিক সংগঠনৰ প্ৰতিষ্ঠা কৰিছিল।[2]
হিন্দু আধ্যাত্মিকতাৰ প্ৰাচীন পৰম্পৰাৰ অত্যাৱশ্যকীয় মূল্যবোধৰ লগত আপোচ নকৰাকৈ আধুনিক হিন্দু সমাজখনক নতুন যুগলৈ অনাৰ ক্ষেত্ৰত তেওঁৰ অৱদানৰ বাবে তেওঁক স্মৰণ কৰা হয়।[3] স্বামীজী আছিল আধুনিক ভাৰতৰ অন্যতম শ্ৰেষ্ঠ আধ্যাত্মিক নেতা। মাতৃভূমিৰ প্ৰতি থকা উৎসাহ আৰু প্ৰেমক ত্যাগ নকৰাকৈ সাৰ্বজনীন প্ৰেম, মানৱতাৰ প্ৰতি কৰুণা আৰু সমাজ সংস্কাৰৰ বাৰ্তাটিক আজিও শ্ৰদ্ধা কৰা হয়।[4][5]
১৮৯৬ চনৰ ২৯ জানুৱাৰী তাৰিখে, মাঘী পূৰ্ণিমাৰ দিনা (১৬ মাঘ, ১৩০২) অবিভক্ত ভাৰতৰ (বৰ্তমানৰ বাংলাদেশত) ফৰিদপুৰ জিলাৰ বাজিতপুৰ নামৰ গাঁও এখনত এক বঙালী কায়াস্থ পৰিয়ালত প্ৰণৱানন্দই জন্মগ্ৰহণ কৰে। তেওঁৰ পিতৃ বিষ্ণু চৰণ ভূঞা আৰু মাতৃ সাৰদাদেৱী দুয়ো ধৰ্মপৰায়ণ ব্যক্তি আছিল আৰু মানৱ দুখ-কষ্ট লাঘৱ তথা সাৰ্বজনীন মুক্তিৰ বাবে তেওঁলোকে ভগৱান শিৱৰ পৰা পুত্ৰ সন্তানৰ আশীৰ্বাদ লাভ কৰিছিল। জন্মতে তেওঁৰ পিতৃয়ে তেওঁক জয়নাথ নাম দিছিল আৰু পিছলৈ ল’ৰালিত তেওঁক বিনোদ নাম দিয়া হৈছিল। বিনোদৰ অস্বাভাৱিক দাৰ্শনিক প্ৰৱণতা আছিল। সৰুৰে পৰাই তেওঁ দিব্যদৃষ্টিৰ গৰাকী আছিল আৰু গাঁৱৰ বিদ্যালয়ত তেওঁক প্ৰায়ে ধ্যানমগ্ন অৱস্থাত দেখা পোৱা গৈছিল। নিজৰ পৰোপকাৰী স্বভাৱৰ বাবেই স্থানীয় ল’ৰা-ছোৱালীৰ লগত তেওঁ চা-চিনাকি হৈছিল।[6][7][5]
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ Library of Congress Office, New Delhi (1981). Accessions List, South Asia. E.G. Smith. পৃষ্ঠা. 90. https://books.google.com/books?id=HslVAAAAYAAJ। আহৰণ কৰা হৈছে: 14 December 2012.
- ↑ Subodh Kapoor (1 July 2002). The Indian Encyclopaedia: Biographical, Historical, Religious, Administrative, Ethnological, Commercial and Scientific. Indo-Pak War-Kamla Karri. Cosmo Publication. পৃষ্ঠা. 6887. ISBN 978-81-7755-257-7. https://books.google.com/books?id=0Ukyp-gbtHcC&pg=PA6887। আহৰণ কৰা হৈছে: 14 December 2012.
- ↑ Dasgupta, Koushiki (2012). "Hinduising the Hindus and Politicizing the 'Consciousness': A Focus on the "Bharat Sevashram Sangha" in Late Colonial Bengal". Proceedings of the Indian History Congress খণ্ড 73: 697–706. ISSN 2249-1937. https://www.jstor.org/stable/44156265.
- ↑ Chatterji, Joya (6 June 2002) (en ভাষাত). Bengal Divided: Hindu Communalism and Partition, 1932-1947. Cambridge University Press. পৃষ্ঠা. 234. ISBN 978-0-521-52328-8. https://www.google.com/books/edition/Bengal_Divided/iDNAQcoVqoMC.
- ↑ 5.0 5.1 Mukhopadhyay 1996.
- ↑ (en ভাষাত) Hindu Regeneration, Volume 8. Bharat Sevashram Sangha, Hyderabad Branch and University of California. 1978. পৃষ্ঠা. 67. https://books.google.com/books?id=zAYnAQAAIAAJ.
- ↑ Shantananda, Swami (1975) (en ভাষাত). Acharya Pranavananda in the Eyes of the Learned. Bharat Sevashram Sangha. পৃষ্ঠা. 117. https://www.google.com/books/edition/Acharya_Pranavananda_in_the_Eyes_of_the/mdYXAAAAIAAJ.
অধিক পঢ়ক
[সম্পাদনা কৰক]- Pranavananda, Swami (1939). "The Sources of the Brahmaputra, Indus, Sutlej, and Karnali: With Notes on Manasarowar and Rakas Tal". The Geographical Journal খণ্ড 93 (2): 126–135. doi:10.2307/1787863. ISSN 0016-7398. https://www.jstor.org/stable/1787863.
- Shantananda, Swami (1975) (en ভাষাত). Acharya Pranavananda in the Eyes of the Learned. Bharat Sevashram Sangha. https://books.google.com/books?id=C1QqAAAAYAAJ.
- Mukhopadhyay, Prasanta (1996) (en ভাষাত). Swami Pranavananda: The World-teacher and Saint-saviour; (an Oblation on the Eve of Birth Centenary of Swami Pranavananda). Bharat Sevshram Sangha. https://books.google.com/books?id=pBEAYAAACAAJ.
- Smart, Ninian; Purnananda, Swami (2017) (en ভাষাত). Prophet of a New Hindu Age: The Life and Times of Acharya Pranavananda. Routledge. ISBN 978-1-351-80105-8. https://books.google.com/books?id=niOtDQAAQBAJ.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]
ৱিকিমিডিয়া কমন্সত স্বামী প্ৰণৱানন্দ সম্পৰ্কীয় মিডিয়া ফাইল।- Yugacharya Swami Pranavananda at Bharat Sevashram Sangha