সমললৈ যাওক

তৰলা দালাল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Tarla Dalalৰ পৰা পুনঃনিৰ্দেশিত)
তৰলা দালাল
জন্ম ৩ জুন ১৯৩৬
পুনা, বোম্বে প্ৰেচিডেঞ্চি, ব্ৰিটিছ ভাৰত
মৃত্যু (৭৭ বছৰ)
মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা খাদ্য বিষয়ক লেখক আৰু গ্ৰন্থ প্ৰণেতা, টিভি চেফ website = www.tarladalal.com
সক্ৰিয় হৈ থকা সময় ১৯৬৬-২০১৩

তৰলা দালাল (ইংৰাজী: Tarla Dalal; ৩ জুন ১৯৩৬ – ৬ নৱেম্বৰ ২০১৩) এগৰাকী ভাৰতীয় খাদ্য লেখিকা, চেফ, ৰন্ধন গ্ৰন্থ লেখিকা আৰু ৰন্ধন অনুষ্ঠানৰ পৰিবেশক আছিল।[1][2] ১৯৭৪ চনত তেওঁৰ প্ৰথম ৰন্ধন গ্ৰন্থ “দ্য প্লেজাৰ্ছ অৱ ভেজেটেৰিয়ান কুকিং” প্ৰকাশ পায়।তেতিয়াৰ পৰা তেওঁ ১০০ খনতকৈও অধিক কিতাপ লিখে আৰু এক কোটিতকৈও অধিক কপি বিক্ৰী হয়। তেওঁ ভাৰতীয় খাদ্যৰ আটাইতকৈ ডাঙৰ ৱেব চাইটটোও চলাইছিল, আৰু “কুকিং এণ্ড ম’ৰ” নামৰ এখন দ্বি-মাহেকীয়া আলোচনী প্ৰকাশ কৰিছিল। তেওঁৰ ৰন্ধন অনুষ্ঠানৰ ভিতৰত আছিল “দ্য তৰ্লা দালাল শ্ব’” আৰু “কুক ইট আপ উইথ তৰ্লা দালাল”। তেওঁৰ ৰেচিপিসমূহ প্ৰায় ২৫খন আলোচনীত প্ৰকাশ পাইছিল আৰু আনুমানিক ১২ কোটি ভাৰতীয় ঘৰত সেই ৰেচিপি ব্যৱহাৰ কৰা হৈছিল।[3]

যদিও তেওঁ বহুতো খাদ্য আৰু স্বাস্থ্যসন্মত ৰন্ধন প্ৰণালীৰ বিষয়ে লিখিছিল, তথাপিও তেওঁ নিৰামিষ ভাৰতীয় খাদ্য, বিশেষকৈ গুজৰাটী খাদ্যৰ বিশেষজ্ঞ আছিল।[4] ২০০৭ চনত ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী বঁটা প্ৰদান কৰে আৰু[5] ৰন্ধন ক্ষেত্ৰৰ পৰা এই উপাধি লাভ কৰা তেওঁ একমাত্ৰ ভাৰতীয় মহিলা হিচাপে পৰিগণিত হয়।[6] ২০০৫ চনত ইণ্ডিয়ান মাৰ্চেণ্ট চেম্বাৰ্ছে তেওঁক বছৰৰ মহিলাৰ সন্মানো প্ৰদান কৰে।[7]

২০১৩ চনৰ ৬ নৱেম্বৰত হৃদৰোগত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয়।[8]

লগতে চাওক

[সম্পাদনা কৰক]
  1. "Rendezvous with Tarla Dalal". Sify. Archived from the original on 17 March 2012. https://web.archive.org/web/20120317212433/http://videos.sify.com/with-Tarla-Dalal-SIFY-watch-Rendezvous-watch-klmq4hifgje.html আহৰণ কৰা হৈছে: 17 February 2025.
  2. "Man's empowerment... in the kitchen!". Deccan Herald. http://www.deccanherald.com/content/180872/mans-empowerment-kitchen.html.
  3. "The Queen of Cabbages". India Today. 30 April 1994. https://www.indiatoday.in/magazine/profile/story/19940430-the-queen-of-cabbages-755586-1994-04-30.
  4. "Tarla Dalal shares a few Gujarati recipes". MiD DAY. 27 April 2004. http://www.mid-day.com/metro/2004/apr/82051.htm.
  5. "Padma Awards Directory (1954-2009)". Ministry of Home Affairs. Archived from the original on 10 May 2013. https://web.archive.org/web/20130510095705/http://www.mha.nic.in/pdfs/LST-PDAWD.pdf আহৰণ কৰা হৈছে: 17 February 2025.
  6. India, Uppercrust. "Home Page - uppercrustindia". www.uppercrustindia.com. Archived from the original on 2016-06-14. https://web.archive.org/web/20160614032426/http://www.uppercrustindia.com/ver2/ আহৰণ কৰা হৈছে: 2016-06-25.
  7. "The Biography of Celebrated Indian Chef Tarla Dalal". Biharprabha News. http://news.biharprabha.com/2013/11/the-biography-celebrated-indian-chef-tarla-dalal/ আহৰণ কৰা হৈছে: 6 November 2013.[সংযোগবিহীন উৎস]
  8. Mid-Day: Celebrity Chef Tarla Dalal passes away

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]