সমললৈ যাওক

৩ কন্যা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Teen Kanya (2012 film)ৰ পৰা পুনঃনিৰ্দেশিত)
৩ কন্যা

পোষ্টাৰ
পৰিচালক অগ্নিদেৱ চেটাৰ্জী
চিত্ৰনাট্য সুদীপা মুখোপধ্যায়
কাহিনী অগ্নিদেৱ চেটাৰ্জী
প্ৰযোজক ৰোজভেলী ফিল্মছ্
অভিনয়ত ঋতুপৰ্ণা সেনগুপ্ত
অনন্যা চেটাৰ্জী
উন্নতি দাবাৰা
ৰজতাভ দত্ত
সংগীত পৰিচালক ইন্দ্ৰদীপ দাসগুপ্ত
মুক্তি
 নৱেম্বৰ ২০১২ (2012-11-02)
দেশ ভাৰত
ভাষা বঙালী

৩ কন্যা (ইংৰাজী: 3 Kanya ) ২০১২ চনৰ অগ্নিদেৱ চেটাৰ্জীৰ দ্বাৰা ৰচিত আৰু পৰিচালিত এখন বাংলা মনস্তাত্বিক একচন থ্ৰিলাৰ ছবি। ছবিখনত তিনিগৰাকী মহিলাৰ জীৱনৰ কাহিনী বৰ্ণনা কৰা হৈছে। এই তিনিটা চৰিত্ৰত অভিনয় কৰিছে ঋতুপৰ্ণা সেনগুপ্ত, অনন্যা চেটাৰ্জী আৰু উন্নতি দাভাৰাই।[1][2]

কাহিনীৰ সাৰাংশ

[সম্পাদনা কৰক]

এই ছবিখন অপৰ্ণা, দামিনী, নেন্সী নামৰ তিনিগৰাকী মহিলাৰ কাহিনী। অপৰ্ণা এগৰাকী সাংবাদিক।[3] তেওঁৰ সন্দেহ হৈছে যে তেওঁৰ স্বামীয়ে, যি এজন আই পি এছ বিষয়া, দামিনীৰ সৈতে প্ৰেমৰ সম্পৰ্ক স্থাপন কৰিছে। অপৰ্ণাৰ স্বামীক অপহৰণ কৰা হয়। অপৰ্ণাই দামিনী লগ কৰিবলৈ যায়। এইদৰেই দামিনীৰ সৈতে তেওঁৰ সম্পৰ্ক গঢ় লৈ উঠে। নেন্সী এগৰাকী কল গাৰ্ল আৰু তেওঁক ধৰ্ষণ কৰা হয়। তেওঁ স্থানীয় প্ৰশাসনত এজাহাৰ দাখিল কৰিছিল, কিন্তু কোনো লাভ নহ’ল। পিছত তেওঁ এটা নিউজ চেনেলৰ কাষ চাপিছিল, য’ত অপৰ্ণাই সাংবাদিক হিচাপে কাম কৰে। অপৰ্ণাই তেওঁক ন্যায় লাভ কৰাত সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।(৩)

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]