ভিয়েটনাম
ভিয়েটনাম সমাজতান্ত্ৰিক প্ৰজাতন্ত্ৰ Cộng hòa Xã hội chủ nghĩa Việt Nam | |
|---|---|
| Motto: Độc lập – Tự do – Hạnh phúc "স্বাধীনতা – মুক্ততা – সুখ" | |
| Anthem: "সেনা সমদল" (প্ৰথম পংক্তি) | |
| ৰাজধানী | হানয় |
| Largest city | হো চি মিন চিটি |
| Official languages | ভিয়েটনামিজ |
| চৰকাৰী লিপি | ভিয়েটনামিজ বৰ্ণমালা |
| Demonym | ভিয়েটনামিজ |
| Government | মাৰ্ক্সবাদী–লেনিনবাদী এক-দলীয় ৰাষ্ট্ৰ |
| Trương Tấn Sang | |
| Nguyễn Tấn Dũng | |
| Nguyễn Phú Trọng | |
| Nguyễn Sinh Hùng | |
| Trương Hòa Bình | |
| Legislature | National Assembly of Vietnam |
| গঠন | |
| ৯৩৮ | |
| ২ ছেপ্টেম্বৰ ১৯৪৫ | |
| ২ জুলাই ১৯৭৬[1] | |
| ১৫ এপ্ৰিল ১৯৯২ | |
| Area | |
• Total | 3,31,210 বৰ্গ কি.মি. (1,27,880 বৰ্গ মাইল) (65) |
• Water (%) | ৬.৪[2] |
| Population | |
• 2011 estimate | 90549390 (13) |
• ২০০৯ census | ৮,৫৮,৪৬,৯৯৭[3] |
| GDP (PPP) | ২০১১ estimate |
• Total | $২৯৯.৬ নিযুত[4] (৪০তম) |
• Per capita | $৩,৩৫৪.৮[4] (১৩০তম) |
| GDP (nominal) | ২০১১ estimate |
• Total | $১২১.৬ নিযুত[4] (৫৮তম) |
• Per capita | $১,৩৬১[4][5] (১৪১তম) |
| Gini (২০০৮) | ৩৮[6] Error: Invalid Gini value |
| HDI (২০১০) | Error: Invalid HDI value (১১৩তম) |
| Currency | ডং (₫)[8] (VND) |
| Time zone | UTC+৭ (আইচিটি (ইন্দোচীন সময়)) |
• Summer (DST) | UTC+৭ (No DST) |
| Calling code | ৮৪ |
| Internet TLD | .vn |
Map of Southeast Asia, showing Vietnam and its neighbors. | |
| |
ভিয়েটনাম (ভিয়েটনামিজ: Việt Nam ভিয়েট্ নাম্) চৰকাৰী নাম ভিয়েটনাম সমাজতান্ত্ৰিক প্ৰজাতন্ত্ৰ, ইন্দোচীন উপদ্বীপৰ পূৱ উপকূলত অবস্থিত ৰাষ্ট্ৰ। ভিয়েটনামৰ উত্তৰে চীন, পশ্চিমে লাউচ আৰু ক'ম্বডিয়া, দক্ষিণ আৰু পূৱত দক্ষিণ চীন সাগৰ আছে। হানয় ভিয়েটনামৰ ৰাজধানী। হো চি মিন চিটি হৈছে বৃহত্তম চহৰ।
ভিয়েটনামৰ ভৌগোলিক গঠন সৰু আৰু দীঘলীয়া। ইয়াৰ ভূমিৰূপ বিচিত্ৰ। উত্তৰ প্ৰান্ত আৰু মধ্য ভিয়েটনাম পাহাৰ-পৰ্বতময়। উত্তৰৰ উচ্চভূমিভাগ ক্ৰমান্নয়ে হেলনীয়াহৈ পূৱদিশৰ বহল, নদীবহুল উপকূলীয় সমভূমিৰ লগত মিলি গৈছে। সমভূমিভাগত বিস্তৰ কৃষিকাৰ্য কৰা হয় আৰু বহু শতাব্দী ধৰি ভিয়েটনামীসকলে ইয়াত অনেক বান্ধ তৈয়াৰ কৰি আৰু খাল খান্দি কৃষি আৰু বান নিয়ন্ত্ৰণৰ ব্যবস্থা গড়ি তুলিছে। মধ্য ভিয়েটনাম দেশৰ সবাতোকৈ সৰু অংশ; ইয়াৰ পৰ্বতসমূহ সমুদ্ৰতীৰৰ নিচেই কাষত অৱস্থিত, আনকি কোনো কোনো ঠাইত এইবোৰ সাগৰৰ একেবাৰে কাষতেই আছে। দক্ষিণ ভিয়েটনাম মূলতঃ মেকং নদীৰ অৱবাহিকাৰ দ্বাৰা গঠিত বিস্তৃত, উৰ্বৰ সমভূমি। ইয়াত প্ৰচুৰ কৃষিকাৰ্য হয়, আৰু মূলতঃ ধান উৎপাদন কৰা হয়।
ভিয়েটনাম এখন কৃষিভিত্তিক সমাজ হিচাপে গঢ়ি উঠিছে। এতিয়াও ইয়াৰ অধিকাংশ লোক গাঁৱত বাস কৰে। ২০০৩ চনৰ হিচাপ অনুযায়ী মাত্ৰ ২৬% লোকহে চহৰত বাস কৰে। বৰ্তমান চহৰমুখী জনসংখ্যাৰ পৰিমাণ ক্ৰমে বাঢ়িছে, ফলত হো চি মিন চিটি, হানয় আৰু অন্যান্য এলেকাৰ জনসংখ্যা বৃদ্ধি পাইছে।
ভিয়েটনামত প্ৰায় ৫০টা মান ভিন্ন জাতিগত আৰু ভাষাগত গোষ্ঠীৰ লোক বাস কৰে। তাৰ ভিতৰত ভিয়েট বা ভিয়েটনামীয় জাতিৰ লোকেই সৰ্বতোভাবে সংখ্যাগৰিষ্ঠ। ভিয়েটনামীয় জাতিৰ লোক আদিতে লোহিত নদীৰ উপত্যকাত বাস কৰিছিল। নদীখন দক্ষিণ চীনত উৎপত্তি লাভ কৰি উত্তৰ ভিয়েটনামৰ মধ্য দিশলৈ প্ৰবাহিত হৈ টোনকিন উপসাগৰত পৰিছে। খ্ৰিষ্টপূৰ্ব ২য় শতিকাত চীনে অঞ্চলটো দখল কৰে। ৯৩৯ চনত ভিয়েটনামীয়সকলে স্বাধীনতা প্ৰতিষ্ঠা কৰে। পৰবৰ্তী ১০০০ বছৰত ভিয়েটনাম দক্ষিণ-পূৱ এছিয়াৰ এটি গতিশীল সভ্যতাত পৰিণত হয় আৰু উপকূলকে ধৰি দক্ষিণ দিশলৈ বিস্তাৰ লাভ কৰে।
১৯শ শতিকাৰ শেষৰ ফালে ফ্ৰান্সে ভিয়েটনাম আক্ৰমণ কৰে। ফৰাচীসকলে দেশখনক তিনিটা অঞ্চলত বিভক্ত কৰে আৰু অঞ্চলসমূসক লাউচ আৰু ক'ম্বডিয়াৰ লগত সংযুক্ত কৰি ইন্দোচীন ইউনিয়ন তথা ফৰাচী ইন্দোচীন গঠন কৰে। ফৰাচীসকলে নিজৰ সুবিধাৰ বাবে ভিয়েটনামৰ সম্পদ আহৰণ কৰে। দ্বিতীয় বিশ্বযুদ্ধৰ পাছত (১৯৩৯-১৯৪৫), ভিয়েটনামৰ উপনিবেশবিৰোধীসকলে সাম্যবাদী দলৰ নেতৃত্বত ফৰাচী শাসনৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰে। ১৯৫৪ চনত দিয়েন বিয়েন ফুত ভিয়েটনামী সেনাই ফৰাচী সেনাক যুদ্ধত পৰাজিত কৰে। ইতিমধ্যে ভিয়েটনামক সাময়িকভাবে দুটা অঞ্চলত ভাগ কৰা হয়; উত্তৰ আৰু দক্ষিণ। উত্তৰ ভিয়েটনামত এক সাম্যবাদী চৰকাৰ আৰু দক্ষিণ ভিয়েটনামত সাম্যবাদবিৰোধীসকলে শাসন কৰা আৰম্ভ কৰে। পৰবৰ্তী ২০ বছৰ ধৰি উত্তৰ ভিয়েটনামৰ নেতৃত্বত ভিয়েটনাম একত্ৰীকৰণৰ এটা আন্দোলন আৰম্ভ হয় আৰু দক্ষিণ ভিয়েটনামৰ চৰকাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সহায়তাত ইয়াক ব্যৰ্থ কৰাৰ চেষ্টা চলায়। ১৯৭৩ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাৰ সহযোগত দুই বছৰৰ পাছত দক্ষিণ ভিয়েটনামৰ সাম্যবাদীসকলক কৰায়ত্ত কৰে। ১৯৭৬ চনত দুয়োখন ভিয়েটনাম একত্ৰিত কৰি এখন সাম্যবাদী ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰা হয়, যাৰ ৰাজধানী আছিল হানয়। যদিও ভিয়েটনাম এতিয়াও সাম্যবাদী শাসনৰ অধীন, ইয়াৰ নেতৃত্বই বৰ্তমান অৰ্থনৈতিক উন্নতিৰ উদ্দেশ্যে বজাৰ অৰ্থনীতিৰ বিভিন্ন দিশ বাস্তবায়ন কৰা আৰম্ভ কৰিছে।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Robbers, Gerhard (30 January 2007). Encyclopedia of world constitutions. Infobase Publishing. পৃষ্ঠা. 1021. ISBN 9780816060788. http://books.google.com/books?id=M3A-xgf1yM4C&pg=PA1021। আহৰণ কৰা হৈছে: 1 July 2011.
- ↑ Vietnam - Geography. Index Mundi, 12 July 2011. Retrieved 19 December 2011.
- ↑ 2009 Population and Housing Census. General Statistics Office of Vietnam, 22 July 2010. Retrieved 2012-01-24.
- ↑ 4.0 4.1 4.2 4.3 Vietnam.International Monetary Fund, September 2011 data. Retrieved 14 January 2012.
- ↑ "Vietnam’s per capita income to top $1,300" Archived 2012-02-23 at the Wayback Machine. Tuoi Tre News, 6 December 2011. Retrieved 15 January 2012.
- ↑ "Gini Index". World Bank. http://data.worldbank.org/indicator/SI.POV.GINI/। আহৰণ কৰা হৈছে: 2 March 2011.
- ↑ "Human Development Report 2010. Human development index trends: Table G". The United Nations. http://hdr.undp.org/en/media/HDR_2010_EN_Table1.pdf। আহৰণ কৰা হৈছে: 5 January 2011.
- ↑ "Socialist Republic of Vietnam". Travelsradiate.com. Archived from the original on 24 November 2019. https://web.archive.org/web/20191124031535/http://www.travelsradiate.com/asia/socialist-republic-of-vietnam.html। আহৰণ কৰা হৈছে: 6 August 2011.
| |||||||||||||||||||||