সময়ৰ মানকসমূহ
অৱয়ব
(Time standardsৰ পৰা পুনঃনিৰ্দেশিত)
সময়ৰ মানক বুলিলে সময় জুখিবলৈ আৰু বৰ্ণনা কৰিবলৈ ব্যৱহাৰ কৰা বহুমান্য পদ্ধতি সমূহকে বুজা যায়। এনে মানকসমূহ মানুহে পৰম্পৰাগতভাবে, বা সৰ্বসন্মতিক্ৰমে, বা চৰকাৰী বা আইনগত ভাবে বা বৈজ্ঞানিক প্ৰয়োজনত গ্ৰহণ কৰা বা উদ্ভাৱিত হ'ব পাৰে। অতীতত পৃথিবীৰ আহ্নিক বা বাৰ্ষিক গতি, আকাশৰ গ্ৰহ-নক্ষত্ৰৰ গতি আদিৰ আধাৰত সময়ৰ জোখমাখ লোৱা হৈছিল। আধুনিক যুগত কোনো পৰমাণুৰ কম্পন, মহাকাশৰ কোনো নক্ষত্ৰৰ আৱৰ্তনৰ ফলত হোৱা বিকিৰণৰ সমমিত হীন দেৰি আদিৰ ভিত্তিত সময় জোখা যায়।
পদাৰ্থবিজ্ঞানৰ মতে দৈৰ্ঘ্য আৰু ভৰৰ লগতে সময়ো প্ৰকৃতিৰ তিনিটা মৌলিক ধৰ্মৰ ভিতৰত এটা।
| ||||||||||
