সমললৈ যাওক

টাইটান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Titansৰ পৰা পুনঃনিৰ্দেশিত)
কৰ্ণেলিছ ভেন হাৰলেমৰদ্বাৰা অংকিত দ্য ফল অফ দ্য টাইটানছ (১৫৯৬-১৫৯৮) শীৰ্ষক ছবি

গ্ৰীক কিংবদন্তিৰ মতে টাইটান বা টাইটানসকল (ইংৰাজী: Titans) হৈছে প্ৰাক অলিম্পিয়ান দেৱতা।[1] হেচিঅ'ডৰ থিঅ'গনিৰ আখ্যান মতে টাইটানসকল ভূদেৱী গেইয়া আৰু ইউৰেনাচৰ সন্তান। তেওঁলোকৰ মুঠ বাৰগৰাকীৰ ছগৰাকী পুৰুষ: অ'চেনাচ, ক'য়াচ, ক্ৰিয়াচ, হাইপেৰিয়ন, লেপিটাচ আৰু ক্ৰ'নচ। বাকী থকা ছগৰাকী হৈছে নাৰী। তেওঁলোকক টাইটানেচ বা টাইটানিডেচ বুলিও জনা যায়। তেওঁলোক হৈছে থেইয়া, ৰীয়া, থেমিছ, মেম'চিন, ফ'বি আৰু টেথিচ। ক্ৰ'নচে ৰীয়াৰ সৈতেযোৰ বান্ধে আৰু প্ৰথম প্ৰজন্মৰ অলিম্পিয়ান অৰ্থাৎ জ্যুচ, হেডিচ, প'জাইডন, হেষ্টিয়া, ডিমিটাৰ আৰু হীৰাৰ পিতৃ-মাতৃ হয়। টাইটানসকলৰ কোনো কোনো বংশধৰ যেনে প্ৰমিথিউচ, হেলিঅ'চ আৰু লেট'কো টাইটান হিচাপে জনা যায়।

টাইটানসকল হৈছে দ্বাদশ অলিম্পিয়ানৰ পূৰ্বসূৰী দেৱ-দেৱী। গ্ৰীকসকলৰ উত্তৰাধিকাৰৰ আখ্যানত কিদৰে ক্ৰ'নচে ইউৰেনাচক ক্ষমতাচ্যুত কৰি বাকী টাইটানসকলক লৈ ব্ৰহ্মাণ্ডৰ শাসনত অধিষ্ঠিত হয় আৰু পিছলৈ কিদৰে জ্যুচ আৰু অলিম্পিয়ানসকলে সুদীৰ্ঘ দহ বছৰীয়া যুদ্ধৰ অন্তত ক্ৰ'নচক ক্ষমতাচ্যুত কৰি শাসনৰ বাঘজৰী নিজৰ হাতলৈ আনে সেই কথা বৰ্ণনা কৰা হৈছে। এই যুদ্ধৰ ফলস্বৰূপে টাইটানসকলক টাৰটাৰাচত বন্দী কৰি ৰখা হয়। অৱশ্যে কোনো কোনো টাইটানক মুক্ত কৰি ৰখা হয়।

টাইটানৰ যুদ্ধৰ পৰৱৰ্তী কাল

[সম্পাদনা কৰক]
ৰোমত অৱস্থিত অ'চেনাচৰ প্ৰতিমূৰ্ত্তি

টাইটানৰ যুদ্ধৰ পিছত ক্ৰ'নচ আৰু তেওঁৰ সহযোগী টাইটানসকলক টাৰটাৰাচত নিক্ষেপ কৰা হয়।[2]

অৱশ্যে ক্ৰ'নচৰ সৈতে কোনকেইগৰাকী টাইটানক টাৰটাৰাচত বন্দী কৰা হয় সেই বিষয়ে নিশ্চিতি পোৱা নাযায়।[3]মূল টাইটানসকলৰ ভিতৰত কেৱল লেপিটাচকহে ক্ৰ'নচৰ সৈতে বন্দী কৰা বুলি পোৱা যায়।[4]

অ'চেনাচ, অৰ্থাৎ সমগ্ৰ বিশ্বক আৱৰি থকা নদীখন নিশ্চিতভাৱে মুক্ত হৈ আছিল। তেওঁ আনকি টাইটানসকলৰ পক্ষ লৈ যুদশত অৱতীৰ্ণও হোৱা নাছিল।[5] হেচিঅ'ডৰ মতে অ'চেনাচে তেওঁৰ জীয়ৰী ষ্টিক্সক নাতি জেলাচ (ইৰ্ষা), নাইক (জয়), ক্ৰেট'চ (শক্তি) আৰু বায়াক (বল) টাইটানসকলৰ বিপক্ষে যুঁ‌জলৈ প্ৰেৰণ কৰিছিল।[6] ইলিয়াদৰ মতে অ'চেনাচ আৰু তেওঁৰ ভগ্নী তথা সহধৰ্মিণী টেথিচে হীৰাৰ আদৰ-যত্ন লৈছিল।[7] অ'চেনাচৰ দৰেই টাইটান হাইপেৰিয়নৰ পুত্ৰ সূৰ্যদেৱতা হেলিঅ'চেও আকাশমাৰ্গত দৈনিক ৰথত উঠি বিচৰণ কৰিছিল। [8]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Hansen, p. 302; Grimal, p. 457 s.v. Titans; Tripp, p. 579 s.v. Titans; Rose, p. 1079 s.v. Titan; Smith, s.v. Titan 1..
  2. 729 734, translation by Glenn W. Most.
  3. Gantz, pp. 45 46.
  4. Homer, Iliad 8.478 481.
  5. Fowler 2013, p. 11; Hard, p. 37; Gantz, pp. 28, 46; West 1983, p. 119.
  6. Hesiod, Theogony 337 398. The translations of the names used here follow Caldwell, p. 8.
  7. Homer, Iliad 14.200 204.
  8. Gantz, pp. 30 31.