ইয়াণ্ডাবু সন্ধি
| ইষ্ট ইণ্ডিয়া কোম্পানী আৰু আভাৰ ৰজাৰ মাজৰ শান্তি চুক্তি | |
|---|---|
| স্বাক্ষৰ | ২৪ ফেব্ৰুৱাৰী, ১৮২৬ |
| অৱস্থিতি | ইয়াণ্ডাবু, ম্যানমাৰ |
| স্বাক্ষৰকাৰীসকল | আভাৰ ৰজা |
| ভাষাসমূহ | ইংৰাজী, বাৰ্মীয় |
ইয়াণ্ডাবু সন্ধি প্ৰথম এংলো-বাৰ্মা যুদ্ধৰ অন্ত পেলোৱা শান্তিৰ চুক্তি আছিল। ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে এই সন্ধি স্বাক্ষৰিত হৈছিল। ব্ৰিটিছ বাহিনীৰ ফালৰপৰা 'ছাৰ আৰ্চিবল্ড কেম্পবেল' আৰু ব্ৰহ্মদেশৰ ফালৰপৰা লেগাইৰ ৰাজ্যপাল 'মহা মিন লা কিয়' টিন'-এ এই সন্ধিত স্বাক্ষৰ কৰিছিল। ব্ৰিটিছ বাহিনী ৰাজধানী 'আভা'ৰপৰা মাত্ৰ পঞ্চাছ মাইলমান আঁতৰত থকা ইৰাৱতী নদীৰ পাৰৰ ইয়াণ্ডাবু গাঁৱত উপস্থিত হোৱাত ব্ৰিটিছ বাহিনীয়ে আগবঢ়োৱা চৰ্তমতেই সন্ধি স্বাক্ষৰ কৰিবলৈ মানসকল বাধ্য হৈছিল।[1]
এই সন্ধি অনুসৰি, মানসকলে নিম্নোক্ত চৰ্তসমূহ মানি লৈছিল: (১) অসম, মণিপুৰ, আৰাকান আৰু টেনাছেৰিমকে ধৰি ছেলৱিন নদীৰ দক্ষিণ উপত্যকা ব্ৰিটিছক এৰি দিয়া হ'ব। (২) কাছাৰ আৰু জয়ন্তীয়াৰ ওপৰত হস্তক্ষেপ নকৰা, (৩) যুদ্ধৰ ক্ষতিপূৰণ হিচাপে ১ নিযুত ব্ৰিটিছ পাউণ্ড চাৰিটা কিস্তিত ব্ৰিটিছক দিয়া, (৪) আভা আৰু কলিকতাৰ মাজত স্থায়ী ব্ৰিটিছ প্ৰতিনিধি ৰখা, আৰু (৫) ব্ৰিটিছৰ লগত বেপাৰৰ চুক্তিত স্বাক্ষৰ কৰা।[1][2]
এই সন্ধিয়ে ব্ৰিটিছে সেই সময়লৈ সম্পন্ন কৰা আটাইতকৈ খৰচী যুদ্ধখন শেষ কৰে। এংলো-বাৰ্মা যুদ্ধত ১৫০০০ ইংৰাজ আৰু ভাৰতীয় সৈন্য নিধন হৈছিল আৰু তাতকৈ বেছি সংখ্যক (সঠিক অংক জনা নাযায়) মান সৈন্য নিহত হৈছিল। এই যুদ্ধত ব্ৰিটিছৰ খৰচ হৈছিল পাঁচ নিযুত পাউণ্ড ষ্টাৰলিংৰপৰা (২০০৬ চনৰ আমেৰিকাৰ ডলাৰৰ হিচাপত : ১৮.৫ বিলিয়ন)[3] ১৩ নিযুত পাউণ্ড ষ্টাৰলিঙৰ ভিতৰত। এই খৰচে ১৮৩৩ চনত ব্ৰিটিছ শাসনক তীব্ৰ অৰ্থনৈতিক সংকটলৈ নিক্ষেপ কৰিছিল।[4]
এই সন্ধিৰ লগতে ব্ৰহ্মদেশৰ মানসকলৰ স্বাধীনতাৰ অৱসান হ'বলৈ আৰম্ভ কৰে। সেই সময়ৰ ব্ৰিটিছৰ তীব্ৰ প্ৰতিদ্বন্দ্ব্বী তৃতীয় মান সাম্ৰাজ্যৰ কঁকাল এই সন্ধিয়ে ভাঙি পেলাইছিল।[5] সন্ধিমতে দিবলগীয়া ১ নিযুত ক্ষতিপূৰণে মান সাম্ৰাজ্যত তীব্ৰ অৰ্থনৈতিক সংকটৰ সৃষ্টি কৰিছিল।[2] ইয়াৰ পাছত ব্ৰিটিছে আৰু দুবাৰ ব্ৰহ্মদেশৰ লগত যুদ্ধৰ লিপ্ত হয় আৰু ১৮৮৫ চনত সমগ্ৰ ব্ৰহ্মদেশ নিজৰ অধীনলৈ আনে।
বুজা-পৰা
[সম্পাদনা কৰক]প্ৰাৰম্ভিক বুজা-পৰা
[সম্পাদনা কৰক]ইয়াণ্ডাবু চুক্তিৰ সময়ত ব্ৰিটিছসকল চালকৰ আসনত আছিল কিয়নো ১৮২৫ ৰ এপ্ৰিলত হোৱা শেহতীয়া যুদ্ধত মানৰ সেনাপতি মহা বন্দুলাক হত্যা কৰিছিল আৰু সন্ধিত তেওঁলোকে নামনি বাৰ্মা, ৰাখিন, তেনিনথ্যায়ি, অসম আৰু মণিপুৰক তেওঁলোকক গতাই দিবলৈ দাবী কৰিছিল।
প্ৰথমাৱস্থাত বাৰ্মা ৰজাই তেওঁলোকৰ চৰ্তসমূহ মানি লবলৈ টান পাইছিল যদিও সেই সময়ত মান সৈন্যৰ মনোবল প্ৰায় ভাগি পৰিছিল, ফলস্বৰূপে ব্ৰিটিছৰ আগত নতি স্বীকাৰ কৰিবলৈ বাধ্য হৈ পৰিছিল। বাৰ্মা ৰজাৰ সিদ্ধান্তবোৰ ব্ৰিটিছ চৰকাৰলৈ এনেদৰে জনোৱা হৈছিল-
- অসম আৰু মনিপুৰ ব্ৰিটিছক গতাই দিবলৈ সিদ্ধান্ত
- মণিপুৰী ৰজাক সৈমান কৰোৱা
- তনিনথ্যায়ী গতাই দিবলৈ সিদ্ধান্ত ৰাখি নিজৰ লগত ৰাখিবলৈ সিদ্ধান্ত
বুজা-পৰা ভাঙি পৰাত
[সম্পাদনা কৰক]কিন্তু শেষত বুজা-পৰা ভাঙি পৰিছিল, আৰু ১৮২৫ ৰ নবেম্বৰ মাহত ব্ৰিটিছৰ লগত পুনৰ যুদ্ধ কৰিবলৈ সাজু হ'ল। ডিচেম্বৰত হোৱা বাৰ্মা আৰু ব্ৰিটিছৰ সেই ঐতিহাসিক যুদ্ধখনত পুনৰ ব্ৰিটিছৰে বিজয় হ'ল আৰু ১৮২৬ চনৰ ৮ ফেব্ৰুৱাৰীত পাগন আৰু ১৬ ফেব্ৰুৱাৰীত ইয়াণ্ডাবু নিজৰ অধীনলৈ আনিবলৈ সমৰ্থ হ'ল।
স্বাক্ষৰ
[সম্পাদনা কৰক]অৱশেষত শান্তি ৰক্ষাৰ স্বাৰ্থত বাৰ্মা ৰজা ইংৰাজৰ লগত এক আলোচনাত বহিবলৈ সন্মত হ'ল। তেওঁলোকে দুজন মন্ত্ৰীক এই শান্তি আলোচনাত ভাগ লবলৈ পথালে। এই আলোচনাখনত উপস্থিত আছিল ব্ৰিটিছ সেনাধ্যক্ষ চাৰ আৰ্চিবল্ড কেম্পবেল। তেওঁলোকে কোনো বুজা-পৰালৈ আহিবলৈ সন্মত নহ'ল ফলস্বৰূপে বাৰ্মা ৰজাই ব্ৰিটিছৰ সকলোবোৰ চৰ্ত বিনাদ্বিধাই মানি লবলৈ বাধ্য হ'ল।
- অসম, মণিপুৰ, ৰেখিন, তনিনথ্যায়ি ব্ৰিটিছক গটাই দিবলৈ সিদ্ধান্ত
- কাছাৰ আৰু জয়ন্তীয়াৰ পৰা বাৰ্মাৰ সামৰিক ঘাটি আঁতৰাই নিবলৈ সিদ্ধান্ত
- ১০ লাখ পাউণ্ড জৰিমনা আদায় (৪টা কিস্তিত)
- আভা আৰু কলিকতাৰ মাজত এজন দূত ৰাখিবলৈ সিদ্ধান্ত
- লগতে এখন বাণিজ্যিক চুক্তি স্বাক্ষৰ কৰিবলৈ সিদ্ধান্ত
(প্ৰথমটো কিস্তি লগে লগে পৰিশোধ কৰা হৈছিল, দ্বিতীয় কিস্তিটো ১০০ দিনৰ মূৰত পৰিশোধ কৰা হৈছিল, আৰু বাকীবোৰ প্ৰায় দুটা বছৰৰ পিছত পৰিশোধ কৰা হৈছিল। মন কৰিবলগীয়া যে, ধনসমূহ লাভ নকৰালৈকে ব্ৰিটিছসকল ইয়াণ্ডাবু ত্যাগ কৰা নাছিল। )
সন্ধিখন
[সম্পাদনা কৰক]সন্ধিখনৰ মূল পাঠৰ অনুবাদ:[6]
ইয়াণ্ডাবুৰ সন্ধি, ২৪ ফেব্ৰুৱাৰী ১৮২৬
এফালে সন্মানীয় ইষ্ট ইণ্ডিয়া কোম্পানী আৰু আনফালে আভাৰ ৰজাৰ মাজত হোৱা শান্তিৰ চুক্তি। কোম্পানীৰ হৈ আছে মেজৰ-জেনেৰেল ছাৰ আৰ্চিবল্ড কেম্পবেল, K.C.B.,আৰু K.C.T.S., অভিযানৰ নেতৃত্ব লওঁতা তথা পেগু আৰু আভাৰ উচ্চ আয়ুক্ত; থমাছ কেম্পবেল ৰবাৰ্টছন, ESQ., পেগু আৰু আভাৰ অসামৰিক আয়ুক্ত; আৰু হেনৰী ডুচি চাড, ESQ., কেপ্টেইন, ইৰাৱতী নদীত ব্ৰিটিছ ৰাজ আৰু কোম্পানীৰ নৌ বাহিনীৰ নেতৃত্ব লওঁতা। আভাৰ ৰজাৰ হৈ আছে মেংগ্যি-মহা-মিন-লা-কিয়'-টিন ৱুংগ্যি, লাইকাইঙৰ শাসক, আৰু মেংগ্যি-মাৰা-লাহ-থু-হাহ-থু-হাহ-থু-আটৱিন-হুন, ৰেবিনিউৰ শাসক। দুয়োপক্ষই আভাৰ ৰাজ্যৰ ইয়াণ্ডাবুত এহেজাৰ আঠশ আৰু ছাব্বিছ বছৰৰ ফেব্ৰুৱাৰীৰ চৌবিছ তাৰিখে, আৰু এহেজাৰ এশ সাতাশী গৰুমা বৰ্ষৰ টাবং চন্দ্ৰ টুটি অহাৰ চতুৰ্থ দিনা এই চুক্তি স্বাক্ষৰ কৰিছে।
দফা ১
[সম্পাদনা কৰক]শান্তি-শৃংখলাৰ স্বাৰ্থত দুয়োটা পক্ষ ইষ্ট ইণ্ডিয়া কোম্পানী, ব্ৰিটিছ আৰু মানৰ ৰজা বুজাপৰালৈ আহিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে।
দফা ২
[সম্পাদনা কৰক]চুক্তিৰ মতে মানৰ ৰজাই আগতে আৰোপ কৰা সকলোবোৰ ৰাজকীয় ঘোষণা, কৰ ইত্যাদিবোৰ উঠাই লবলৈ সিদ্ধান্ত গ্ৰহণ কৰে।
দফা ৩
[সম্পাদনা কৰক]দুয়োখন দেশৰ মাজত শান্তি-শৃংখলা বজাই ৰখা কাম্য। স্থায়ী সীমাৰেখা নিৰ্ধাৰণ কৰা হয় আৰু আৰকন গিৰিমালাকে দুয়োখন দেশৰ সীমা হিচাবে পঞ্জীভূত কৰা হয়।
দফা ৪
[সম্পাদনা কৰক]আভাৰ ৰজাই য়েহ, টাভয়, মেৰগুই আৰু চেনাচেৰিম প্ৰদেশ আৰু সেইবোৰৰ অধীনৰ সকলো এলেকাৰ অধিকাৰ ছেলৱিন নদীক সীমা হিচাপে ধৰি ব্ৰিটিছ চৰকাৰক এৰি দিব। সিবোৰৰ সীমা লৈ কোনো সন্দেহৰ উদ্ভৱ হ'লে তৃতীয় অনুচ্ছেদৰ শেষ অংশ মতে নিষ্পত্তি কৰা হ'ব।
দফা ৫
[সম্পাদনা কৰক]দুয়োপক্ষৰ মাজত শান্তি আৰু বন্ধুত্ব বজাই ৰখাত বাৰ্মাৰ চৰকাৰৰ আগ্ৰহৰ চিনস্বৰূপে আৰু যুদ্ধত হোৱা খৰচৰ ক্ষতিপূৰণ হিচাপে আভাৰ ৰজাই দহ লাখ পাউণ্ড পৰিশোধ কৰিব।
দফা ৬
[সম্পাদনা কৰক]যুদ্ধত অংশ লোৱাৰ বাবে দেশী বা বিদেশী কোনো লোককে কোনো পক্ষই অত্যাচাৰ নকৰিব।
দফা ৭
[সম্পাদনা কৰক]দুয়োখন চৰকাৰৰ মাজত স্থাপন হোৱা বন্ধুত্ব আৰু শান্তিৰ পৰিবেশ অধিক উন্নত কৰিবৰ বাবে দুয়ো পক্ষৰ দ্বাৰা অনুমোদিত মন্ত্ৰী বা বিষয়াই পঞ্চাছজনীয়া দেহৰক্ষীৰ দল এটা লৈ বিপক্ষৰ দৰবাৰত থাকিব আৰু তেওঁলোকে পাৰস্পৰিক বিনিময় প্ৰথাৰ যোগেদি স্থায়ী সামগ্ৰীৰ বাসস্থান কিনিব পাৰিব বা সাজিব পাৰিব। পাৰস্পৰিক লাভালাভলৈ চাই দুই পক্ষই এখন ব্যৱসায়িক চুক্তি কৰিব।
দফা ৮
[সম্পাদনা কৰক]দূয়োখন চৰকাৰে যুদ্ধৰ আগৰ কালছোৱাত চুক্তিবদ্ধ হোৱা ৰাজহুৱা বা ব্যক্তিগত ঋণক স্বীকৃতি দিব। মান ৰজাৰ অধীনৰ কোনো ঠাইত থকা কোনো ইংৰাজ নাগৰিকৰ মৃত্যু হ'লে আৰু তেওঁৰ কোনো উত্তৰাধিকাৰী নাথাকিলে তেওঁৰ সকলো সম্পত্তি ইংৰাজ প্ৰতিনিধিৰ হাতত মান ৰজাই গতাই দিব লাগিব। একেদৰে ব্ৰিটিছ শাসিত অঞ্চলত থকা কোনো বাৰ্মাৰ নাগৰিকৰ মৃত্যু হ'লে তেওঁৰ সম্পত্তি বাৰ্মাৰ ৰজাৰ প্ৰতিনিধিৰ হাতত গতাই দিয়া হ'ব।
দফা ৯
[সম্পাদনা কৰক]ব্ৰিটিছৰ নাও বা জাহাজে বাৰ্মাৰ বন্দৰত দিবলগীয়া কৰ আভা ৰজাই উঠাই ল'ব আৰু বাৰ্মাৰ জাহাজ বা নাৱেও ব্ৰিটিছ বন্দৰত কৰ দিব নালাগিব। ইউৰোপীয় বা ভাৰতীয় ব্ৰিটিছ প্ৰজাৰ জাহাজ বা নাওৰ বয়-বস্তু বাৰ্মাৰ বন্দৰত নমাব পাৰিব।
দফা ১০
[সম্পাদনা কৰক]যুদ্ধত ব্ৰিটিছক সহযোগ কৰা শ্যাম দেশৰ ৰজা আৰু প্ৰজা সকলোকে এই চুক্তিৰ আওতাত সামৰি লোৱা হ'ব।
দফা ১১
[সম্পাদনা কৰক]এই চুক্তি কাৰ্যকৰী কৰাৰ বাবে বাৰ্মা চৰকাৰে দেশী, আমেৰিকান বা ইউৰোপীয় সকলো বন্দীকে ব্ৰিটিছ আয়ুক্তৰ হাতত গতাই দিব। ব্ৰিটিছ আয়ুক্তয়ো বাৰ্মাৰ বন্দীসকলক বংগৰ পৰা ঘূৰাই অনাৰ পাছত বাৰ্মা চৰকাৰ প্ৰতিনিধিৰ হাতত গতাই দিব। চাৰিমাহৰ ভিতৰত এয়া কাৰ্যকৰী কৰাৰ বাবে গৱৰ্ণৰ-জেনেৰেলে দায়িত্ব ল'ব।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- 1 2 Lt. Gen. Sir Arthur P. Phayre (1967). History of Burma (2 সম্পাদনা). প্ৰকাশক London: Sunil Gupta. পৃষ্ঠা. 237.
- 1 2 Maung Htin Aung (1967). A History of Burma. প্ৰকাশক New York and London: Cambridge University Press. পৃষ্ঠা. 214–215.
- ↑ Thant Myint-U (2006). The River of Lost Footsteps--Histories of Burma. Farrar, Straus and Giroux. পৃষ্ঠা. 113. ISBN 978-0-374-16342-6, 0-374-16342-1.
- ↑ Anthony Webster (1998). Gentlemen Capitalists: British Imperialism in South East Asia, 1770-1890. I.B.Tauris. পৃষ্ঠা. 142–145. ISBN 1860641717, 9781860641718.
- ↑ Thant Myint-U (2006). The River of Lost Footsteps--Histories of Burma. Farrar, Straus and Giroux. পৃষ্ঠা. 125–127. ISBN 978-0-374-16342-6, 0-374-16342-1.
- ↑ "আৰ্কাইভ কপি". Archived from the original on 2015-11-08. https://web.archive.org/web/20151108105702/http://www.sdstate.edu/projectsouthasia/loader.cfm?csModule=security/getfile&PageID=874574। আহৰণ কৰা হৈছে: 2014-01-22.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- Treaty of Yandabo Archived 2015-11-08 at the Wayback Machine