তুৰ্কমেনিস্তান
স্থানাংক: 40°N 60°E / 40°N 60°E
তুৰ্কমেনিস্তান Turkmenistan Türkmenistan (Script error: The function "name_from_code" does not exist.) | |
|---|---|
| Anthem: Garaşsyz Bitarap Türkmenistanyň Döwlet Gimni স্বাধীন আৰু নিৰপেক্ষ তুৰ্কমেনিস্তানৰ ৰাষ্ট্ৰীয় সংগীত | |
তুৰ্কমেনিস্তানৰ অৱস্থান (red) | |
| ৰাজধানী and largest city | আশগাবাত |
| Official languages | তুৰ্কমেন ভাষা |
| Other languages | তুৰ্কমেন ভাষা |
| Ethnic groups (২০১১) |
|
| Demonym | তুৰ্কমেন |
| Government | একক ৰাষ্ট্ৰপতি শাসিত গণতন্ত্ৰ |
• ৰাষ্ট্ৰপতি |
গোৰ্বাঙুলি বেৰডিমুহম্মদৌ |
• মেজলিছৰ অধ্যক্ষ |
অকজা নুৰবেৰদিয়েৱা |
| Legislature | মেজলিছ |
| স্থাপিত | |
• খিভাৰ খানাতে |
১৫১১ |
• তুৰ্কীস্তান স্বায়ত্ত্বশাসিত ছোভিয়েট সমাজতান্ত্ৰিক গণতন্ত্ৰ |
৩০ এপ্ৰিল ১৯১৮ |
• তুৰ্কমেন ছোভিয়েট সমাজতান্ত্ৰিক গণতন্ত্ৰ |
১৩ মে ১৯২৫ |
• ছোভিয়েট ইউনিয়নৰ পৰা ঘোষণা |
২৭ ডিচেম্বৰ ১৯৯১ |
• স্বীকৃতি |
২৫ ডিচেম্বৰ ১৯৯১ |
| Area | |
• Total | 4,91,210 বৰ্গ কি.মি. (1,89,660 বৰ্গ মাইল)[1] (৫৩ তম) |
• Water (%) | ৪.৯ |
| Population | |
• ২০১৪ estimate | ৫,১৭১,৯৪৩[2] (১১৭তম) |
• Density | 10.5 /কিমি২ (27.2 /বৰ্গ মাইল) (২২১ তম) |
| GDP (PPP) | ২০১৬ estimate |
• Total | $৯৩.২৭১ বিলিয়ন[3] |
• Per capita | $১৭,০৭২[3] |
| GDP (nominal) | ২০২৬ estimate |
• Total | $৩৫.৩৯৮ বিলিয়ন[3] |
• Per capita | $৬,৪৭৯[3] |
| Gini (১৯৯৮) | 40.8 medium inequality |
| HDI (২০১৪) | Error: Invalid HDI value (১০৯ তম) |
| Currency | তুৰ্কমেন নতুন মানাত (TMT) |
| Time zone | UTC+৫ (তুৰ্কমেনিস্তান মান সময় (TMT)) |
| Calling code | ৯৯৩ |
| Internet TLD | .tm |
তুৰ্কমেনিস্তান (তুৰ্কমেন ভাষা: Türkmenistan ত্যুৰ্কমেনিস্তান্) মধ্য এছিয়াৰ দক্ষিণ-পশ্চিম অংশৰ এখন প্ৰজাতান্ত্ৰিক ৰাষ্ট্ৰ। ইয়াৰ উত্তৰে কাজাখাস্তান আৰু উজবেকিস্তান, পূবে উজবেকিস্তান আৰু আফগানিস্তান, দক্ষিণে আফগানিস্তান আৰু ইৰান আৰু পশ্চিমে কাস্পিয়ান সাগৰ অৱস্থিত। আশগাবাত ইয়াৰ ৰাজধানী আৰু বৃহত্তম চহৰ।
তুৰ্কমেনিস্তানৰ চৰকাৰী ভাষা তুৰ্কমেন। তুৰ্কমেন সকল এই অঞ্চলৰ সংখ্যাগৰিষ্ঠ জাতি। পূৰ্বতে দেশখন তুৰ্কমেন ছোভিয়েট সমাজতান্ত্ৰিক প্ৰজাতন্ত্ৰ নামে পৰিচিত আছিল। লগতে ই ছোভিয়েট ইউনিয়নৰ অংশ আছিল। ১৯৯১ চনত ই স্বাধীনতা ঘোষণা কৰে আৰু ১৯৯২ চনত নতুন সংবিধান কাৰ্যক্ষম হয়।
ৰাজনীতি
[সম্পাদনা কৰক]তুৰ্কমেনিস্তান এখন ৰাষ্ট্ৰপতিশাসিত প্ৰজাতন্ত্ৰ ৰাষ্ট্ৰ। ৰাষ্ট্ৰপতি একাধাৰে ৰাষ্ট্ৰ আৰু চৰকাৰৰ প্ৰধান। তুৰ্কমেনিস্তানত বৰ্তমানে একদলীয় শাসনব্যৱস্থা বিদ্যমান। কিন্তু সম্প্ৰতি দেশখনত বহুদলীয় ৰাজনৈতিক ব্যৱস্থা প্ৰতিষ্ঠাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। ২০০৭ চনত গুৰ্বাঙুলী বেৰ্ডিমহম্মদৌ ইয়াৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হয়। কিন্তু এই নিৰ্বাচনক বিদেশী পৰ্যবেক্ষক সকলে ভুৱা বুলি আখ্যা দিয়ে। তুৰ্কমেনিস্তান পৃথিৱীৰ একমাত্ৰ দেশ যত ১৯৯১ চনৰ পৰা গেছ, বিদ্যুৎ আৰু পানীৰ সুবিধা বিনামূল্যে প্ৰদান কৰা হয়।
ভূগোল
[সম্পাদনা কৰক]
তুৰ্কমেনিস্তান মধ্য এছিয়াৰ এখন স্থলবেষ্টিত ৰাষ্ট্ৰ। ইয়াৰ পশ্চিমে কাস্পিয়ান সাগৰ, দক্ষিণে ইৰান আৰু আফগানিস্তান, উত্তৰ-পূবে উজবেকিস্তান, আৰু উত্তৰ-পশ্চিমে কাজাখাস্তান অৱস্থিত।
তুৰ্কমেনিস্তানৰ অধিকাংশ অঞ্চল সমতল বা বালিময় মৰুভূমি। এই মৰুভূমি সমূহৰ কিছু কিছু স্থানত বালিয়াৰী দেখিবলৈ পোৱা যায়। দক্ষিণে ইৰানৰ লগত সীমান্তত সুউচ্চ পৰ্বতমালা অৱস্থিত। কাৰাকুম মৰুভূমিৰ ওচৰত অৱনমিত ভূমি দেখিবলৈ পোৱা যায়।
ভাষা
[সম্পাদনা কৰক]তুৰ্কমেন ভাষা আৰু ৰুছ ভাষা তুৰ্কমেনিস্তানৰ চৰকাৰী ভাষা। তুৰ্কমেন পাৰ্চী ভাষাৰ এটি উপভাষা। তুৰ্কমেন ভাষা ৰি অঞ্চলৰ জনগণৰ প্ৰায় ৮০% আৰু ৰুছ ভাষা প্ৰায় ৮% ব্যৱহাৰ কৰে। ইয়াত প্ৰচলিত আন আন ভাষাসমূহ হল; বেলুচি ভাষা আৰু উজবেক ভাষা।
ধৰ্ম
[সম্পাদনা কৰক]চিআইএ ৱৰ্ল্ড ফেক্টবুকৰ মতে, জনসংখ্যাৰ ৮৯% লোক মুছলমান আনহাতে ৯% লোকে পৰম্পৰাগত খ্ৰীষ্টান ধৰ্ম পালন কৰে আৰু বাকী ২% লোক ধৰ্মবিহীন। ২০০৯ চনৰ পেও ৰিছাৰ্চ চেণ্টাৰৰ এক প্ৰতিবেদন অনুসৰি ৯৩.১% লোক মুছলমান। ইয়াৰোপৰি তুৰ্কমেনিস্তানত অতি কম সংখ্যক আমেৰিকান এপ'ষ্টলিক ক্ৰাচ, ৰোমান কেথলিক ক্ৰাচ, পেণ্টেকষ্টেল খ্ৰীষ্টান, প্ৰটেষ্টেন ৱৰ্ড অৱ লাইফ ক্ৰাষ্ট, গ্ৰেটাৰ গ্ৰেচ ৱৰ্ল্ড আউটৰিচ ক্ৰাচ, নিউ এপ'ষ্টলিক ক্ৰাচ, জেহ'ৱাহ'ছ ৱিটনেছ, জিয়ুছ, বহুতো ক্ষুদ্ৰ ক্ষুদ্ৰ খ্ৰীষ্টান সম্প্ৰদায় আছে। তদুপৰি অতি নগণ্য সংখ্যক বাহাই, বেপিষ্ট, ছেভেন-ডে এডভেনটিষ্ট আৰু হৰে কৃষ্ণা লোকো আছে।
শিক্ষা
[সম্পাদনা কৰক]তৰ্কমেনিস্তানৰ শিক্ষা সৰ্বজনীন আৰু মাধ্যমিক পৰ্যায়লৈকে বাধ্যতামূলক, মুঠ সময় ১০ বছৰৰ পৰা ৯ বছৰলৈ হ্ৰাস কৰা হৈছে।
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ Государственный комитет Туркменистана по статистике : Информация о Туркменистане : О Туркменистане Archived 2012-01-07 at the Wayback Machine : Туркменистан — одна из пяти стран Центральной Азии, вторая среди них по площади (491,21 тысяч км2), расположен в юго-западной части региона в зоне пустынь, севернее хребта Копетдаг Туркмено-Хорасанской горной системы, между Каспийским морем на западе и рекой Амударья на востоке.
- ↑ Department of Economic and Social Affairs Population Division (2009) (PDF). World Population Prospects, Table A.1. 2008 revision. United Nations. http://www.un.org/esa/population/publications/wpp2008/wpp2008_text_tables.pdf। আহৰণ কৰা হৈছে: 12 March 2009.
- ↑ 3.0 3.1 3.2 3.3 "Turkmenistan". International Monetary Fund. http://www.imf.org/external/pubs/ft/weo/2016/01/weodata/weorept.aspx?pr.x=44&pr.y=15&sy=2016&ey=2020&scsm=1&ssd=1&sort=country&ds=.&br=1&c=925&s=NGDPD%2CNGDPDPC%2CPPPGDP%2CPPPPC%2CLP&grp=0&a=। আহৰণ কৰা হৈছে: 2 June 2016.
- ↑ "2015 Human Development Report". United Nations Development Programme. 2015. http://hdr.undp.org/sites/default/files/hdr_2015_statistical_annex.pdf। আহৰণ কৰা হৈছে: 15 December 2015.
| |||||||||||||||||||||