সমললৈ যাওক

উধৌলি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Udhauliৰ পৰা পুনঃনিৰ্দেশিত)
উধৌলি
উধৌলি
কিৰাট সুনুৱাৰ ৰাইজৰ উধৌলি উদ্‌যাপন
পালন কৰে কিৰাট জনগোষ্ঠী
প্ৰকাৰ কিৰাট উৎসৱ
তাৰিখ আঘোণ মাহপূৰ্ণিমা (পূৰ্ণ চন্দ্ৰ দিনা)[1]
আচাৰ প্ৰাৰ্থনা আৰু ধৰ্মীয় আচাৰ
সংঘটন বছৰেকীয়া

উধৌলি (আক্ষৰিক অৰ্থ- তললৈ গৈ থকা) নেপাল, ভাৰত আৰু বিশ্বৰ অন্যান্য বিভিন্ন দেশৰ সুনুৱাৰ, লিম্বু, যক্ষ্খা, খাম্বু ৰায় আদি খিলঞ্জীয়া লোক বসতিপ্ৰধান অঞ্চলত কিৰাট জনগোষ্ঠীয়ে বিশেষভাৱে পালন কৰা এক জনগোষ্ঠীয় উৎসৱ। প্ৰতি বছৰে এই উৎসৱ শীতকাল আহিলে কম উচ্চতাৰ ঠাইৰফালে অৰ্থাৎ তললৈ প্ৰব্ৰজনৰ পৰ্যায় হিচাপে চিহ্নিত কৰি উদ্‌যাপন কৰা হয়। কম উচ্চতাৰ অঞ্চলৰপৰা ওপৰলৈ পাহাৰীয়া অঞ্চললৈ প্ৰব্ৰজনক উভৌলি (ওপৰলৈ) বোলা হয়, যিটো এই সম্প্ৰদায়সমূহৰ বাৰ্ষিক উৎসৱো[2] উধৌলী উৎসৱৰদিনা কিৰাট ৰাইজে ভাল শস্য যোগান ধৰাৰ বাবে মাতৃ প্ৰকৃতিক ধন্যবাদ জ্ঞাপন কৰে।

কিৰাট জনগোষ্ঠীয় মানুহৰ উধৌলি উদ্‌যাপন

উধৌলি উৎসৱ সকলো কিৰাট ৰাইজে উদ্‌যাপন কৰে। বিশ্বাস কৰা হয় যে, উৎসৱৰ দিনাৰ পৰাই শীতকাল আৰম্ভ হয়। গতিকে মানুহ, চৰাই আৰু জীৱ-জন্তুৱে ঠাণ্ডা অঞ্চলৰপৰা উষ্ণ অঞ্চললৈ প্ৰব্ৰজন কৰে। মূলতঃ নেপালৰ পূব অঞ্চলত ইয়াক ছাকেৱা বা সাধাৰণতে ছাকেলা নামেৰে জনাজাত বিদেশী নৃত্য পৰিৱেশন কৰি উদ্‌যাপন কৰা হয়। নেপালত এই নৃত্য অতি জনপ্ৰিয় আৰু ঢোল/ঢোল, ঝ্যামতা/জংঘল আদিৰ তালত বৃত্তাকাৰে সুসম নৃত্য কৰি পৰিৱেশন কৰা হয়। ছাকেলাৰ নৃত্যৰ খোজবোৰ জীৱ-জন্তুৰ জীৱন-শৈলী আৰু তেওঁলোকৰ আচৰণৰপৰা নকল কৰা পূৰ্বপুৰুষৰপৰাই প্ৰচলিত হৈ আছে।

ছাকেলা উৎসৱ উদযাপন কৰিছে কিৰণ খাম্বু ৰায়ে

নৃত্যৰ সময়ত কিৰাট সম্প্ৰদায়ৰ প্ৰতিটো জনগোষ্ঠীয়ে নিজৰ নিজৰ উপগোত্ৰ অনুসৰি নিজৰ নিজৰ নৃত্যৰ পদক্ষেপ প্ৰদৰ্শন কৰে। যিহেতু ছাকেলা পৃথিৱী মাতৃক সন্মান জনোৱাৰ বাবে কৰা নৃত্য, সেয়েহে ই প্ৰকৃতিৰ মানুহক দিয়া উপহাৰৰ শলাগ লোৱা হিচাপে প্ৰকৃতিক সন্তুষ্ট কৰে বুলি বিশ্বাস কৰা হয়। গতিকে, ছাকেলাৰ প্ৰতিটো খোজতে নৃত্যশিল্পীয়ে দেখুৱায়, সভ্যতা কেনেকৈ আৰম্ভ হৈছিল আৰু কিৰাট মানুহে কেনেকৈ জীৱ-জন্তু আৰু চৰাইৰ সৈতে মিলা-প্ৰীতিৰে জীয়াই থাকিবলৈ শিকিছিল।

ছাকেলাৰ বাবে মূল গন্তব্যস্থান হ’ল খোটাং, ভোজপুৰ, ধৰণ, ধনকুটা, পাঠৰী, কানেপোখাৰী, কেৰাবাৰী আদি। কিৰাট জনগোষ্ঠীৰ এই ঘটনা মুন্ধুম (কিৰাট জনগোষ্ঠীৰ পৱিত্ৰ পুথি)তো উল্লেখ কৰা হৈছে।[3]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Udhauli festival being observed today". https://myrepublica.nagariknetwork.com/news/udhauli-festival-being-observed-today/. 
  2. "Udhauli Festival, December 02". www.nepaltravelnews.com. Archived from the original on 2023-03-20. https://web.archive.org/web/20230320111004/http://www.nepaltravelnews.com/portal/events.php?event=15। আহৰণ কৰা হৈছে: 2025-11-04. 
  3. "Udhauli and Ubhauli festivals". The Himalayan Times. December 9, 2015. https://thehimalayantimes.com/opinion/udhauli-and-ubhauli-festivals/.