সমললৈ যাওক

সংঘ লোক সেৱা আয়োগ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Union Public Service Commissionৰ পৰা পুনঃনিৰ্দেশিত)

স্থানাংক: 28°36′29″N 77°13′36″E / 28.60806°N 77.22667°E / 28.60806; 77.22667

সংঘ লোক সেৱা আয়োগ
(ইউ. পি. এছ. চি.)
সংক্ষিপ্ত ইউ. পি. এছ. চি.
গঠন ১ অক্টোবৰ ১৯২৬
প্ৰকাৰ ভাৰত চৰকাৰ
Headquarters ধলপুৰ হাউচ, শ্বাহ জাহান ৰোড, নতুন দিল্লী
Location
  • ধলপুৰ হাউচ, শ্বাহ জাহান ৰোড, নতুন দিল্লী, ১১০০৬৯
Region served
ভাৰত
অধ্যক্ষ
শ্ৰী ডেভিদ ৰেইড চায়েমলি
Parent organization
ভাৰত চৰকাৰ
ৱেবছাইট upsc.gov.in

সংঘ লোক সেৱা আয়োগ হৈছে ভাৰত চৰকাৰৰ দ্বাৰা স্থাপিত কেন্দ্ৰীয় সংস্থা যি অসামৰিক সেৱা পৰীক্ষা, অভিযান্ত্ৰিক সেৱা পৰীক্ষা, চিকিৎসা সেৱা পৰীক্ষা, ৰাষ্ট্ৰীয় সামৰিক একাডেমী পৰীক্ষা (এন ডি এ) আদি গুৰুত্বপূৰ্ণ পৰীক্ষা অনুষ্ঠিত কৰে।

১৯২৪ চনত ভাৰতব্ৰিটিছ শাসনৰ সময়ত উৎকৃষ্ট লোক সেৱাৰ ভিত্তিত ল'ৰ্ড লীৰ অধ্যক্ষতাত গঠিত তদানীন্তন ৰাজকীয় আয়োগে ভাৰতত ৰাজহুৱা সেৱা আয়োগ গঠনৰ প্ৰতিবেদন আগবঢ়াই । ইয়াৰ ফলত ১৯২৬ চনত ছাৰ ৰ'ছ বাৰ্কাৰৰ অধ্যক্ষতাত ভাৰতৰ প্ৰথমখন লোকসেৱা আয়োগ গঠন হয় । কিন্তু উক্ত আয়োগক ব্ৰিটিছ চৰকাৰে সীমিত পৰামৰ্শমূলক শক্তি আগবঢ়াইছিল, যি ভাৰতীয় মুক্তি যোদ্ধা সকলে প্ৰবল বিৰোধিতা কৰিছিল । ১৯৩৫ চনত গঠিত "গৱৰমেন্ট অৱ ইণ্ডিয়া এক্ট"ৰ ফল স্বৰূপে উক্ত আযোগক সমন্ধীয় লোক সেৱা আয়োগ (ফেডাৰেল পাব্লিক ছাৰ্ভিছ কমিশ্ব্যন) হিচাপে নতুনকৈ নামাকৰণ কৰা হ্য় । স্বাধীনতাৰ পাছত উক্ত আয়োগৰ "সংঘ লোক সেৱা আয়োগ" (ইউনিয়ন পাব্লিক ছাৰ্ভিছ কমিশ্ব্যন) হিচাপে আত্মপ্ৰকাশ ঘটে আৰু ২৬ জানুৱাৰী ১৯৫০ চনত ইয়াক সাংবিধানিক মৰ্য্যদা প্ৰদান কৰা হ্য় ।

প্ৰশাসন আৰু নিয়ন্ত্ৰণ

[সম্পাদনা কৰক]

"ইউ.পি.এছ.চি."ৰ এজন অধ্যক্ষসহ দহ জন সদস্য থাকে। উক্ত আয়োগৰ নীতি-নিৰ্দেশনা "সংঘ লোক সেৱা আয়োগ (সদস্য) অধিনিয়ম,১৯৬৯"ৰ ভিত্তিত পৰিচালিত হয়। আয়োগৰ অধ্যক্ষ আৰু আন সদস্যবোৰ ভাৰতৰ ৰাষ্ট্ৰপতিৰ দ্বাৰা নিয়োগ কৰা হয়। আয়োগৰ কমেও আধাখিনি সদস্য প্ৰাক্তন বা বৰ্তমানৰ অসামৰিক বিষয়া যাৰ কেন্দ্ৰীয় বা ৰাজ্যিক প্ৰসাশনীয় ক্ষেত্ৰত কমেও দহ বছৰৰ অভিজ্ঞতা আছে।

বৰ্তমান (১৫ জানুৱাৰী লৈকে) উক্ত আয়োগত এজন অধ্যক্ষৰ উপৰি আঠ জন সদস্য আছে৷[1]তেওঁলোক হৈছে—

  1. শ্ৰী বিনয় মিট্টল, ৰেলৱে ব'ৰ্ডৰ প্ৰাক্তন অধ্যক্ষ
  2. ড: (শ্ৰীমতী) পি কিলেমশ্বুংলা, ভাৰতীয় শিক্ষাবিদ
  3. শ্ৰী চটৰ সিং , হাৰিয়ানাৰ মুখ্যমন্ত্ৰীলৈ প্ৰাক্তন প্ৰিন্সিপাল চিক্ৰেটেৰী
  4. প্ৰফেছৰ হেমচন্দ্ৰ গুপ্তা, আই.আই.টি.-দিল্লী প্ৰাক্তন প্ৰবক্তা[2][3]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]