ঊষা মংগেশকাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Usha Mangeshkarৰ পৰা পুনঃনিৰ্দেশিত)
ঊষা মংগেশকাৰ
প্ৰাথমিক তথ্য
জন্ম ১৫ ডিচেম্বৰ, ১৯৩৫ (৮৮ বছৰ)
বোম্বে, বোম্বে প্ৰেচিডেন্সি, ব্ৰিটিছ ভাৰত
সংগীতৰ প্ৰকাৰ ভাৰতীয় শাস্ত্ৰীয় সংগীত, নেপথ্য কণ্ঠশিল্পী
পেচা কণ্ঠশিল্পী
বাদ্যযন্ত্ৰ স্বৰ
কাৰ্যকাল ১৯৫৪- বৰ্তমানলৈকে

ঊষা মংগেশকাৰ (ইংৰাজী: Usha Mangeshkar; ১৫ ডিচেম্বৰ, ১৯৩৫) এগৰাকী ভাৰতীয় নেপথ্য কণ্ঠশিল্পী। তেওঁ হিন্দু, বঙালী, মাৰাঠী, কান্নড়, নেপালী, ভোজপুৰী, গুজৰাটী আৰু অসমীয়া ভাষাত বহুতো গীত বাণীৱদ্ধ কৰিছে।

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

১৯৩৫ চনৰ ১৫ ডিচেম্বৰ তাৰিখে মধ্যপ্ৰদেশলতা মংগেশকাৰৰ ভনীয়েক ঊষা মংগেশকাৰৰ জন্ম হৈছিল।[1] তেওঁ পণ্ডিত দীননাথ মংগেশকাৰ আৰু শ্বেৱন্তী (শুদ্ধমতী) -ৰ দ্বিতীয় কনিষ্ঠ সন্তান। ঊষাৰ ছয় বছৰ বয়সতে পিতৃ দীননাথ মংগেশকাৰৰ দেহাৱসান হোৱাত ঊষাৰ ভাই-ভনীসকলে বহুতো সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়৷[1] তেওঁ লতা মংগেশকাৰ, আশা ভোঁচলে আৰু মীনা খাদিকাৰৰ ভিতৰত আটাইতকৈ কনিষ্ঠ ভগ্নী। সংগীত-পৰিচালক হৃদয়নাথ মংগেশকাৰ তেওঁৰ সৰু ভায়েক। তেওঁ ১৯৭৫ চনৰ কম বাজেটৰ চলচ্চিত্ৰ “জয় সন্তোষী মা”-ৰ কেইটামান ভক্তিমূলক গীতত কণ্ঠদান কৰিছিল। যাৰ পিছত তেওঁ নেপথ্য কণ্ঠশিল্পী হিচাপে চৰ্চালৈ আহে আৰু সেইখন সৰ্বকালৰ ব্লকবাষ্টাৰ চলচ্চিত্ৰ হৈ পৰে।[2] সেই ছবিখনত তেওঁ কণ্ঠদান কৰা “মে তো আৰতি উতাৰু ৰে” গীতটিৰ বাবে তেওঁ ফিল্মফেয়াৰ শ্ৰেষ্ঠ মহিলা নেপথ্য কণ্ঠশিল্পী বঁটা (Filmfare Best Female Playback Singer award) -লৈ মনোনীত হৈছিল। ২০০৬ চনত সেই চলচ্চিত্ৰখন পুনৰ্নিমাণ (ৰিমেক) কৰাত তেওঁ সেই একেটি গীতত পুনৰ কণ্ঠ নিগৰাইছে। চিত্ৰাংকনৰ প্ৰতি তেওঁৰ খুব ৰাপ আছে।

কৰ্মজীৱন[সম্পাদনা কৰক]

ভি. শান্তাৰামে পৰিচালনা কৰা ১৯৫৪ চনত মুক্তিপ্ৰাপ্ত ৰোমাণ্টিক-ড্ৰামা ফিল্ম “সুবহ কা তাৰা”ৰ “ভাভী আয়ী বড়ী ধূম ধাম সে মেৰী ভাভী আয়ী” গীতটিৰ জৰিয়তে ঊষা মংগেশকাৰে সংগীতৰ জগতত আত্মপ্ৰকাশ কৰিছিল।[3] তেওঁ কণ্ঠদান কৰা গীতবোৰৰ ভিতৰত 'ইনকাৰ' চলচ্চিত্ৰৰ 'মুংড়া' গীতটি খুব জনপ্ৰিয়[3][4][5] লগতে ১৯৭২ চনত মুক্তিপ্ৰাপ্ত ভি. শান্তাৰামৰ দ্বাৰা পৰিচালিত মাৰাঠী চলচ্চিত্ৰ পিঞ্জৰাৰ গীতসমূহৰ বাবে তেওঁ জনাজাত।

দূৰদৰ্শনে সম্প্ৰচাৰ কৰা ১৯৯২ চনৰ ভাৰতীয় সংগীত নাট ধাৰাবাহিক ফুলৱন্তীৰ তেওঁ প্ৰযোজক আছিল। যিটোৰ কাহিনী বাবাচাহেব পুৰন্দৰেৰ ওপৰত আধাৰিত আছিল৷[1]

বঁটা আৰু মনোনয়ন[সম্পাদনা কৰক]

১৯৭৫ চনত তেওঁ “জয় সন্তোষী মা” (১৯৭৫) -ৰ বাবে শ্ৰেষ্ঠ মহিলা নেপথ্য কণ্ঠশিল্পীৰ বেঙ্গল ফিল্ম জাৰ্ণেলিষ্টছ্ এছোছিয়েশ্যন (চমুকৈ বি.এফ.জে.এ) বঁটা লাভ কৰে[6] আৰু সেইখন চলচ্চিত্ৰৰে “মে তো আৰতি” শীৰ্ষক গীতটিৰ বাবে শ্ৰেষ্ঠ মহিলা নেপথ্য কণ্ঠশিল্পীৰ ফিল্মফেয়াৰ বঁটালৈ মনোনীত হয়৷ তেওঁ ইনকাৰ (১৯৭৭) চলচ্চিত্ৰৰ “মংগতা হে তো আজা” গীতটিৰ বাবে[7] আৰু ইকৰাৰ (১৯৮০) চলচ্চিত্ৰৰ “হমসে নাজাৰ তু মিলাও” গীতটিৰ বাবে শ্ৰেষ্ঠ মহিলা নেপথ্য কণ্ঠশিল্পীৰ ফিল্মফেয়াৰ বঁটালৈ মনোনীত হয়৷ তেওঁ লাইফটাইম এচিভমেণ্ট এৱাৰ্ডৰ মিৰ্চি বঁটা ২০২০ বিজয়ী৷

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 "Usha Mangeshkar Birthday : 6 साल की उम्र में छोड़ गए थे पिता, ऐसे स्ट्रगल कर बनाया सिंगिंग कॅरियर" (হিন্দী ভাষাত). Patrika.com. 2020-12-15. https://www.patrika.com/bollywood-news/usha-mangeshkar-birthday-unknown-facts-about-singing-career-6573845/। আহৰণ কৰা হৈছে: 2021-09-28. 
  2. rediff.com: Movies: Will Kavi Pradeep get his due?
  3. 3.0 3.1 "Usha Mangeshkar gets Lata Mangeshkar award on sister's birthday" (ইংৰাজী ভাষাত). Deccanherald.com. 2020-08-20. https://www.deccanherald.com/entertainment/usha-mangeshkar-gets-lata-mangeshkar-award-on-sisters-birthday-894375.html। আহৰণ কৰা হৈছে: 2021-09-28. 
  4. "क्या उषा मंगेशकर लता मंगेशकर से बेहतर हैं ?" (হিন্দী ভাষাত). 2020-05-19. https://www.iwmbuzz.com/hindi/music/celebrities-music/is-usha-mangeshkar-better-than-lata-mangeshkar/2020/05/19। আহৰণ কৰা হৈছে: 2021-09-28. 
  5. "Usha Mangeshkar's birthday" (ইংৰাজী ভাষাত). Republicworld.com. 2020-12-15. https://www.republicworld.com/entertainment-news/music/usha-mangeshkars-birthday-here-are-top-songs-of-the-singer-to-add-to-your-playlist.html। আহৰণ কৰা হৈছে: 2021-09-28. 
  6. 69th & 70th Annual Hero Honda BFJA Awards 2007 Archived 8 January 2010 at the Wayback Machine
  7. "1st Filmfare Awards 1953". Archived from the original on 2009-06-12. https://web.archive.org/web/20090612065210/http://deep750.googlepages.com/FilmfareAwards.pdf। আহৰণ কৰা হৈছে: 2021-09-28. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]