উচ্চাকাংক্ষা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Ussakansyaৰ পৰা পুনঃনিৰ্দেশিত)
উচ্চাকাংক্ষা  
লেখক হোমেন বৰগোহাঞি
প্ৰচ্ছদ শিল্পী তপোন চট্টোপাধ্যায়
দেশ ভাৰত
ভাষা অসমীয়া
শৃংখলা এঘাৰ
বিষয় শিক্ষামূলক
প্ৰকাৰ প্ৰবন্ধ সংকলন
প্ৰকাশক ষ্টুডেণ্টচ্ ষ্ট’ৰচ্
প্ৰকাশ নৱেম্বৰ, ১৯৯৯
মিডিয়া প্ৰকাৰ মুদ্ৰণ
পৃষ্ঠা সংখ্যা ৮২
আই.এচ.বি.এন. 81-7665-027-7

উচ্চাকাংক্ষা (ইংৰাজী: Ussakansya) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন প্ৰবন্ধ সংকলন। এই উচ্চাকাংক্ষা প্ৰবন্ধ সংকলনখন ১৯৯৯ চনৰ নৱেম্বৰ মাহত প্ৰথম প্ৰকাশ কৰে ষ্টুডেণ্টচ্ ষ্ট’ৰচ্‌ প্ৰকাশনে।[1]

বিৱৰণ[সম্পাদনা কৰক]

গ্ৰন্থখন ১১টা পাঠত ভাগ কৰি লেখকে প্ৰথম পাঠত এখন গাঁৱৰ মজলীয়া বিদ্যালয়ৰ ন-দহ বছৰীয়া এজন ষষ্ঠ শ্ৰেণীৰ ছাত্ৰৰ পৰাই আৰম্ভ কৰিছে য’ত তেওঁৰ স্কুলীয়া দিনত হোৱা অভিজ্ঞতা আলোচনা কৰিছে। দ্বিতীয় পাঠটোত মজলীয়া বিদ্যালয়ৰ সাহিত্য বিষয়ৰ শিক্ষকজনে 'উচ্চাকাংক্ষা'ৰ অৰ্থ খুব সহজ-সৰল ভাষাৰে শিকায়।[1] তৃতীয় পাঠত ইংৰাজ ঔপন্যাসিক ছাৰ ৱাল্টাৰ স্কটৰ উদ্ধৃতিৰে নিৰক্ষৰ লোকসকলো যে অজ্ঞানী নহয় সেই কথা লিখিছে। চতুৰ্থ পাঠত ছক্ৰেটিছে নিজৰ সন্তানক কেনেকুৱা হোৱাটো বিচাৰিছিল আৰু আব্ৰাহাম লিংকনে ডাঙৰ ল'ৰাজনক পাঠশালাত ভৰ্তি কৰোৱাৰ সময়ত শিক্ষকলৈ লিখা চিঠিখন সবিস্তাৰে বৰ্ণনা কৰিছে। পঞ্চম পাঠত অশেষ ধৈৰ্যৰ সহায়েৰে জীৱনত কৃতকাৰ্যতা অৰ্জন কৰা কেইজনমান মানুহে যেনে— বোপদেৱ, ড° টমাছ কুপাৰ, টমাছ কাৰ্লাইল, টমাছ আলভা এডিছন, গিমাৰ্ডিনি, অৰ্জুন, উইলিয়াম কেৰীৰ সঁচা কাহিনী বৰ্ণনা কৰিছে। ষষ্ঠ পাঠত এজন হতাশাগ্ৰস্ত ডেকাই লেখকৰ ওচৰত উপদেশ বিচাৰি আহোঁতে তেখেতে ফ্লেমষ্টডৰ কাহিনী কৈ কিদৰে উৎসাহিত কৰিলে তাকে লিপিবদ্ধ কৰিছে। সপ্তম পাঠত লিও টলষ্টয়, জৰ্জ ৱাশ্বিংটন, আব্ৰাহম লিংকনৰ নিচিনা মহান মনীষীসকলে কেনেদৰে শিষ্টাচাৰ মানি চলিছিল আৰু শিষ্টাচাৰ নহ'লে মানুহে জীৱনত যে উন্নতি কৰিব নোৱাৰে সেই কথা কৈছে। অষ্টম পাঠত কিতাপ পঢ়াৰ উপৰি আজৰি সময়খিনি সুচিন্তিতভাৱে কামত লগালে যে উপকৃত হ’ব পাৰি সেই কথা কৈছে। নৱম পাঠত প্ৰতিজন মানুহৰে সমাজ তথা আন মানুহৰ প্ৰতি থকা দায়িত্বৰ কথা উদাহৰণসহ লিখিছে। দশম পাঠত জীৱ-জন্তু, গছ-গছনি, মাছ-কাছ আদি সকলো জীৱৰ কাৰণেও মানুহে কৰিবলগীয়া বহুত থাকে সেই কথা লিখিছে। একাদশ পাঠত প্ৰত্যেকজন মানুহে একান্তভাৱে পালন কৰিবলগীয়া কৰ্তব্যৰ বিষয়ে উল্লেখ কৰিছে। যেনে— নিজৰ প্ৰতি, পৰিয়ালৰ প্ৰতি, সমাজৰ প্ৰতি আৰু প্ৰাকৃতিক পৰিৱেশৰ প্ৰতি।[2]

লেখকৰ চমু পৰিচয়[সম্পাদনা কৰক]

অসমৰ এগৰাকী প্ৰখ্যাত সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ। ১৯৭৮ চনত পিতা-পুত্ৰ গ্ৰন্থখনৰ বাবে অসমীয়া ভাষাসাহিত্য অকাডেমি বঁটাৰে সন্মানিত হয়।[3] ১৯৩২ চনত হোমেন বৰগোহাঞিৰ অসমৰ লখিমপুৰ জিলাঢকুৱাখনাত জন্ম হয়।[4]

তথ্যৰ উৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 বৰগোহাঞি, হোমেন (1999). উচ্চাকাংক্ষা. প্ৰকাশক গুৱাহাটী: ষ্টুডেণ্টচ্ ষ্ট’ৰচ্. 
  2. গগৈ, মানস প্ৰিয় (18 মে' 2021). "ককাক বিদায় দিব নোৱাৰোঁ". নিয়মীয়া বাৰ্তা. পৃষ্ঠা 28 মে' 2021. Archived from the original on 2021-05-20. https://web.archive.org/web/20210520131124/https://niyomiyabarta.com/epaper/18052021/page6.php। আহৰণ কৰা হৈছে: 28 মে' 2021. 
  3. Awards 1955–2007 Archived 2008-05-13 at the Wayback Machine Sahitya Akademi Official website.
  4. http://indilens.com/?s=homen+borgohain! Homen Borgohain

লগতে চাওক[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]