উৎসৱ (চলচ্চিত্ৰ)
| উৎসৱ | |
|---|---|
পোষ্টাৰ | |
| পৰিচালক | গিৰিশ কৰ্ণাড |
| ৰচনা | সাৰদ যোশী (সংলাপ) |
| চিত্ৰনাট্য | কৃষ্ণ বচৰুৰ গিৰিশ কৰ্ণাড |
| ভিত্তি | মৃচ্ছকটিকম লেখক: সুদ্ৰক |
| প্ৰযোজক | শশী কাপুৰ |
| অভিনয়ত | শংকৰ নাগ ৰেখা অনুৰাধা পেটেল আমজাদ খান শশী কাপুৰ শেখৰ সুমন |
| সূত্ৰধাৰ | আমজাদ খান |
| চিত্ৰগ্ৰহণকাৰী | অশোক মেহতা |
| সম্পাদনা | ভৌদাস দিবাকৰ |
| সংগীত পৰিচালক | লক্ষ্মীকান্ত প্যাৰেলাল বসন্ত দেৱ (গীত) |
প্ৰযোজনা কোম্পানী |
ফিল্ম বালাচ |
মুক্তি |
২১ ডিচেম্বৰ ১৯৮৪ |
দৈৰ্ঘ্য |
১৪৫ মিনিট |
| দেশ | ভাৰত |
| ভাষাসমূহ | [1] |
উৎসৱ (ইংৰাজী: Utsav ) ১৯৮৪ চনত শশী কাপুৰৰ প্ৰযোজনা আৰু গিৰীশ কৰ্ণাডৰ পৰিচালনাত নিৰ্মিত এখন হিন্দী এৰোটিক ড্ৰামা ছবি। শুদ্ৰকৰ মৃচ্ছকটিকম নাটকৰ আধাৰত নিৰ্মিত এই ছবিখন।[2] ইয়াৰ হিন্দী আৰু ইংৰাজী ভাষাত একেলগে চিত্ৰগ্ৰহণ কৰা হৈছিল। ইংৰাজী সংস্কৰণৰ পোষ্ট প্ৰডাকচনৰ কাম লণ্ডনত কৰা হৈছিল।[1]
ছবিখনত অভিনয় কৰিছে শংকৰ নাগ, শশী কাপুৰ, ৰেখা, আমজাদ খান, অনুৰাধা পেটেল, শেখৰ সুমন, অনুপম খেৰ, নীনা গুপ্তা, কুলভূষণ খাৰবন্দা, অন্নু কাপুৰ, সঞ্জনা কাপুৰ আৰু কুনাল কাপুৰে।
সমস্থানকৰ চৰিত্ৰত অভিনয় কৰিছে ছবিখনৰ প্ৰযোজক শশী কাপুৰে। ইয়াক প্ৰথমে অমিতাভ বচ্চনে অভিনয় কৰাৰ কথা আছিল। কিন্তু ১৯৮২ চনৰ জুলাই মাহত বচ্চনে বাংগালুৰুত এক ডাঙৰ দুৰ্ঘটনাৰ সন্মুখীন হয়। গতিকে প্ৰযোজকজনে নিজেই এই ভুমিকাটো কৰাৰ সিদ্ধান্ত লয়।[3] ছবিখনৰ সংগীত লক্ষ্মীকান্ত-প্যাৰেলালৰ। লতা মংগেশকাৰ আৰু আশা ভোছলেৰ বিখ্যাত দ্বৈতকণ্ঠৰ গীত 'মন কিউ বেহকা ৰে বেহকা আধি ৰাত কো' আদি গীতৰ বাবে ছবিখন বিখ্যাত। ‘মেৰে মন বাজা মৃদং’গীতটোৰ বাবে ১৯৮৫ চনত অনুৰাধা পড়ৱালে ফিল্মফেয়াৰৰ শ্ৰেষ্ঠ মহিলা নেপথ্য গায়িকাৰ বঁটা লাভ কৰিছিল। ভাৰতৰ কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰমাণীকৰণ ব'ৰ্ডে ১৯৮৪ চনৰ ২৩ আগষ্টত ছবিখনক "এ" প্ৰমাণপত্ৰ প্ৰদান কৰে।[4]
বঁটা
[সম্পাদনা কৰক]- ৩২তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা
- শ্ৰেষ্ঠ কলা নিৰ্দেশক- নাচিকেত পটবৰ্ধন আৰু জায়ু পটবৰ্ধন
- ৩৩তম ফিল্মফেয়াৰ বঁটা
- শ্ৰেষ্ঠ গীতিকাৰ- বসন্ত দেৱ
- শ্ৰেষ্ঠ মহিলা নেপথ্য গায়িকা- অনুৰাধা পড়ৱাল
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 "Shahi Kapoor interview". YouTube. https://www.youtube.com/watch?v=KqkPlXIKF8I.
- ↑ "Of Jennifer and MTR (Shashi Kapoor interview)". The Hindu. 31 January 2005. Archived from the original on 14 May 2014. https://web.archive.org/web/20140514043456/http://hindu.com/thehindu/mp/2005/01/31/stories/2005013101660100.htm। আহৰণ কৰা হৈছে: 2014-05-13.
- ↑ "Utsav (1984)". Central Board of Film Certification (CBFC). 1984-08-23. http://cbfcindia.gov.in/html/SearchDetails.aspx?mid=29752&Loc=Backlog। আহৰণ কৰা হৈছে: 2014-05-13.
- ↑ Richmond, Farley P. (1990). "Characteristics of Sanskrit Theatre and Drama". In Farley P. Richmond. Indian Theatre: Traditions of Performance. প্ৰকাশক Honolulu: University of Hawaii Press. পৃষ্ঠা. 55–62. ISBN 0824811909. https://books.google.com/books?id=OroCOEqkVg4C&pg=PA55.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- Utsav সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- A study of film Utsav