উত্তৰাখণ্ড
উত্তৰাখণ্ড | |
|---|---|
ৰাজ্য | |
| উত্তৰাখণ্ড ৰাজ্য | |
আউলিৰ পৰা গাড়োৱালী হিমালয় হৰ কী পাউৰীত আৰতি ৰাজভৱন, নৈনিতাল | |
| ব্যুৎপত্তি: Northern Land | |
| উপনাম: "দেৱভূমি" | |
| মূলমন্ত্ৰ: সত্যমেৱ জয়তে | |
| জাতীয় সংগীত: উত্তৰাখণ্ড দেৱভূমি মাতৃভূমি ("Uttarakhand, Land of the Gods, O Motherland!")[1] | |
| স্থানাংক: 30°20′N 78°04′E / 30.33°N 78.06°Eস্থানাংক: 30°20′N 78°04′E / 30.33°N 78.06°E | |
| কালি | |
• ৰাজ্য |
৫৩৪৮৩ বৰ্গকিমি (২০,৬৫০ বৰ্গমাইল) |
| • স্থান | ১৯তম |
| মাত্ৰাসমূহ | |
| • দৈৰ্ঘ্য | ৩২০ কিলোমিটাৰ (২০০ মাইল) |
| • প্ৰস্থ | ৩৮৫ কিলোমিটাৰ (২৩৯ মাইল) |
| সৰ্বোচ্চ উচ্চতা | ৭,৮১৬ মিটাৰ (২৫,৬৪৩ ফুট) |
| সৰ্বনিম্ন উচ্চতা | ১৮৭ মিটাৰ (৬১৪ ফুট) |
| জনসংখ্যা (২০১১) | |
• ৰাজ্য |
|
| • স্থান | ২১তম |
| • নগৰ | ৩০.২৩% |
| • গ্ৰাম্য | ৬৯.৭৭% |
উত্তৰাখণ্ড (English: Uttarakhand /ˈʊtərɑːkʌnd/,[2] /ˌʊtərəˈkʌnd/[3] or /ˌʊtəˈrækənd/;[4] হিন্দী: उत्तराखण्ड), ভাৰতৰ এখন ৰাজ্য, যাৰ নাম ২০০০ চনৰ পৰা ২০০৬ চন পৰ্য্যন্ত উত্তৰাঞ্চল আছিল। এইখন ভাৰতৰ ২৭-তম ৰাজ্য। ইয়াৰ উত্তৰে তিব্বত (চীনৰ অংশ), পূবে নেপাল, পশ্চিমে ভাৰতৰ হিমাচল প্ৰদেশ আৰু দক্ষিণে উত্তৰ প্ৰদেশ অৱস্থিত। ২০০০ চনলৈকে এইখন উত্তৰপ্ৰদেশৰ অন্তৰ্গত আছিল। পুৰাণ আৰু ভাৰতৰ প্ৰাচীন ঐতিহাসিক দলিলসমূহে এই অঞ্চলৰ প্ৰাচীন নাম "উত্তৰাখণ্ড" হিচাপেই বৰ্ণিত - যাৰ আক্ষৰিক অৰ্থ ভাৰতৰ উত্তৰৰ ভূখণ্ড। স্থানীয় জনগণৰ অধিকাংশৰ ইচ্ছাৰে ২০০৭ চনৰ জানুৱাৰী মাহৰ পৰা ইয়াৰ নাম উত্তৰাঞ্চলৰ সলনি উত্তৰাখণ্ড কৰা হয়। উত্তৰাখণ্ডৰ অস্থায়ী ৰাজধানী দেৰাডুন। ৰাজ্যৰ উচ্চতম আদালত (হাইকোৰ্ট) নৈনিতালত অৱস্থিত।
প্ৰত্নতাত্ত্বিক খননৰ ফলস্বৰূপে প্ৰাগঐতিহাসিক কালৰে পৰা উত্তৰাখণ্ড ভূখণ্ডত মানুহৰ বাসস্থানৰ প্ৰমাণ পোৱা যায়। প্ৰাচীন ভাৰতৰ বৈদিক যুগত এই অঞ্চলটো কুৰু আৰু পাঞ্চল মহাজনপদৰ অংশ আছিল। গড়োৱাল আৰু কুমাওঁ অঞ্চলৰ প্ৰথম উল্লেখযোগ্য বংশ আছিল কুনিন্দ বংশ। খ্ৰীষ্টপূৰ্ব ২য় শতিকাৰ এই বংশটো প্ৰথমে শৈৱ ধৰ্ম আছিল। কোলাচীত পোৱা অশোকৰ শিলালিপিৰ পৰা এই অঞ্চলত বৌদ্ধ ধৰ্মৰ অস্তিত্ব আছিল বুলি বুজা যায়। মধ্যযুগীয় কালত এই অঞ্চলটো কুমাউন ৰাজ্য আৰু গড়ৱাল ৰাজ্যৰ অন্তৰ্গত আছিল। ১৮০৩ চনত এই ৰাজ্য নেপালৰ গোৰ্খা সাম্ৰাজ্যৰ অধীনলৈ আহে। ১৮১৬ চনত এংলো-নেপালী যুদ্ধৰ পিছত বৰ্তমানৰ উত্তৰাখণ্ডৰ অধিকাংশ অঞ্চল চুগৌলি সন্ধিৰ অধীনত ব্ৰিটিছ ভাৰতৰ লগত সংযুক্ত হৈছিল। যদিও পূৰ্বৰ গড়ৱাল আৰু কুমাউন আৰু গড়োৱাল ৰাজ্য দুখন প্ৰতিদ্বন্দ্বী ৰাজ্য আছিল, তথাপিও চুবুৰীয়া বিভিন্ন জনগোষ্ঠীৰ অৱস্থান আৰু পাৰস্পৰিক ভৌগোলিক, অৰ্থনৈতিক, সাংস্কৃতিক, ভাষিক আৰু পৰম্পৰাগত সাদৃশ্যৰ বাবে দুয়োটা অঞ্চলৰ মাজত যি ঐক্য গঢ় লৈ উঠিছিল, সেই ঐক্যই এক বিশেষ গতি প্ৰদান কৰিছিল নব্বৈৰ দশকত উত্তৰাখণ্ড আন্দোলন।
উত্তৰাখণ্ডৰ বাসিন্দাসকলক উত্তৰাখণ্ডী বুলি কোৱা হয়। বিশেষভাৱে অঞ্চলভিত্তিক উত্তৰাখণ্ডৰ বাসিন্দাসকলক দুটা ভাগত বিভক্ত কৰা হৈছে – গড়োৱালী আৰু কুমাউনী। ২০১১ চনৰ লোকপিয়ল অনুসৰি এই ৰাজ্যৰ জনসংখ্যা ১০,১১৬,৭৫২। জনসংখ্যাৰ হিচাপত ই ভাৰতৰ ১৯ নং সৰ্বাধিক জনবহুল ৰাজ্য। এই ৰাজ্যৰ জনসংখ্যাৰ এক বৃহৎ অংশ ৰাজপুত আৰু ব্ৰাহ্মণ। ৰাজ্যখনৰ ৮৫% লোক হিন্দু। ৰাজ্যৰ দ্বিতীয় বৃহত্তম ধৰ্মীয় গোট মুছলমান। লগতে শিখ, খ্ৰীষ্টান, বৌদ্ধ আৰু জৈনসকলো এই ৰাজ্যত বাস কৰে। গড়োৱালী আৰু কুমাউনী ভাষা আৰু অন্যান্য পাহাৰীয়া উপভাষা ৰাজ্যখনৰ প্ৰধান আঞ্চলিক ভাষা। এই ৰাজ্যৰ আটাইতকৈ বেছি কথিত ভাষা হিন্দী। উত্তৰাখণ্ড ভাৰতৰ একমাত্ৰ ৰাজ্য য'ত সংস্কৃত ভাষাকো চৰকাৰী ভাষাৰ মৰ্যাদা হৈছে।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Now Uttarakhand Will Sing Its Own Official Song". The Times of India. 6 February 2016. https://timesofindia.indiatimes.com/city/dehradun/Now-Ukhand-will-sing-its-official-song/articleshow/50882569.cms। আহৰণ কৰা হৈছে: 12 November 2018.
- ↑ "Uttarakhand". Lexico UK English Dictionary. Oxford University Press. Archived from the original on 16 May 2021. Unknown parameter
|url-status=ignored (help) - ↑ "Define Uttarakhand at Dictionary.com". Dictionary.com. http://dictionary.reference.com/browse/Uttarakhand। আহৰণ কৰা হৈছে: 27 August 2013.
- ↑ "Definition of 'Uttarakhand'". Collins English Dictionary. https://www.collinsdictionary.com/dictionary/english/uttarakhand। আহৰণ কৰা হৈছে: 16 May 2021.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত উত্তৰাখণ্ড সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- আধিকাৰিক ৱেবছাইট of Uttarakhand Government
- Uttarakhand বিষয়ে Curlie (DMOZ)-ত থকা তথ্য
- Resources on Uttarakhand - news, policies, documents, articles Archived 2013-08-10 at the Wayback Machine
- Photos of the massive destruction due to floods, Uttarakhand
![]() |
হিমাচল প্ৰদেশ | ![]() | ||
| হাৰিয়ানা | ||||
| উত্তৰ প্ৰদেশ | Far-Western Region, |
| ||||||||
