বিনোদ খান্না

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Vinod Khannaৰ পৰা পুনঃনিৰ্দেশিত)
বিনোদ খান্না
১৬ তম ভাৰতীয় সংসদসদস্য
(গুৰদাসপুৰৰ পৰা)
কাৰ্যকাল
২০১৪ – ২৭ এপ্ৰিল ২০১৭
পূৰ্বসূৰী প্ৰতাপ সিং বাজৱা
উত্তৰসূৰী খালি
কাৰ্যকাল
১৯৯৯ – ২০০৯
পূৰ্বসূৰী সুখবংস কৌৰ
উত্তৰসূৰী প্ৰতাপ দিং বাজৱা
ব্যক্তিগত তথ্য
জন্ম ৬ অক্টোবৰ, ১৯৪৬
পেশ্বাৱৰ, ব্ৰিটিছ শাসিত ভাৰত
(এতিয়াৰ পাকিস্তানত)
মৃত্যু ২৭ এপ্ৰিল, ২০১৭ (৭০ বছৰ)
মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত
মৃত্যুৰ কাৰণ মূত্ৰাশয়ৰ কৰ্কট ৰোগ
ৰাজনৈতিক দল ভাৰতীয় জনতা দল
দাম্পত্যসঙ্গী
  • গীতাঞ্জলি (বি. ১৯৭১৮৫)
  • কবিতা দাফ্টাৰী (বি. ১৯৯০)
সন্তান অক্ষয় খান্না
ৰাহুল খান্না
সাক্ষী খান্না
শ্ৰদ্ধা খান্না
শিক্ষানুষ্ঠান Sydenham College, Mumbai
পেচা অভিনেতা, ৰাজনীতিবিদ

বিনোদ খান্না (৬ অক্টোবৰ ১৯৪৬ – ২৭ এপ্ৰিল ২০১৭)[1] এজন ভাৰতীয় অভিনেতা, প্ৰযোজক আৰু ৰাজনীতিবিদ।[2] তেখেতে দুবাৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল। ৰাজনৈতিক ক্ষেত্ৰত গুৰদাসপুৰ সমষ্টিৰ পৰা দুবাৰকৈ সাংসদ (১৯৯৮-২০০৯ আৰু ২০১৪-২০১৭) নিৰ্বাচিত হৈছিল। ২০০২ চনৰ জুলাইত বিনোদ খান্না অটল বিহাৰী বাজপায়ীৰ মন্ত্ৰীসভাত সাংস্কৃতিক আৰু পৰ্যটন বিভাগৰ মন্ত্ৰী পদ লাভ কৰে। ছমাহ পাছত তেখেত বৈদেশিক পৰিক্ৰমাৰ ৰাজ্যিক মন্ত্ৰী নিৰ্বাচিত হয়।[3]

বিনোদ খান্নাই বহুকেইখন উল্লেখযোগ্য হিন্দী বোলছবিত নায়কৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল, যেনে- মেৰে অপ্‌নে, মেৰা গাঁও মেৰা দেশ, গড্ডাৰ, জেইল যাত্ৰা, ইম্‌তিহান, মুকড্ডৰ কা ছিকন্দৰ, ইন্‌কাৰ, কচ্ছে ধাগে, অমৰ আকবৰ এন্থনী, ৰাজপুত, কুৰবানী, কুদ্‌ৰত, দয়াবান, কাৰনামা, জুৰ্ম আদি।[4]

১৯৬৮ চনত অভিনয়ৰ পাতনি মেলি খান্নাই প্ৰথমে সৰু আৰু ঋণাত্মক চৰিত্ৰত অভিনয় কৰিছিল। তাৰ ভিতৰত "মেৰে অপ্‌নে" ছবিৰ খঙাল যুৱকৰ চৰিত্ৰ,[5] "মেৰে গাঁও মেৰা দেশ" ছবিৰ মূল খলনায়কৰ চৰিত্ৰ,[4] আৰু সমালোচকৰ দ্বাৰা প্ৰশংসিত তথা সঁচা ঘটনাৰ ওপৰত আধাৰিত ছবি "অচানক"ত[6] পলাতক হোৱা সামৰিক বিষয়াৰ চৰিত্ৰ উল্লেখযোগ্য।[7]

১৯৮২ চনত কেৰিয়াৰ শীৰ্ষত থাকোঁতে বিনোদ খান্নাই সাময়িকভাৱে ছবিজগতৰ পৰা বিৰতি লৈ তেখেতৰ আধ্যাত্মিক গুৰু অ'শ্ব' ৰাজনীশক অনুসৰণ কৰে।[8] পাঁচ বছৰ পাছত তেখেতে ছবিজগতলৈ ঘূৰি আহি "ইন্‌ছাফ" আৰু "সত্যমেৱ জয়তে" নামৰ দুখন হিট্‌ বোলছবি উপহাৰ দিয়ে।[9]

বিনোদ খান্নাক তেখেতৰ অনুৰাগীসকলে হিন্দী বোলছবি জগতৰ সৰ্বকালৰ দেখনিয়াৰ নায়কৰ এজন বুলি অভিহিত কৰিছিল।[10][11][12][13] কিছুকাল ধৰি মূত্ৰাশয়ৰ কৰ্কট ৰোগত ভোগি থকা খান্নাৰ ২০১৭ চনৰ ২৭ এপ্ৰিলৰ দিনৰ ১১:২০ বজাত মুম্বাইৰ এখন চিকিৎসালয়ত মৃত্যু হয়।[14]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "Veteran actor Vinod Khanna,70, dies after a battle with cancer". On Manorama. 27 april 2017. http://english.manoramaonline.com/news/nation/2017/04/27/bollywood-actor-vinod-khanna-dies-politics-films-biography.html। আহৰণ কৰা হৈছে: 28 april 2017. 
  2. "Vinod Khanna, 1946 - 2017: Actor, Politician, Icon" (en ভাষাত). NDTVMovies.com. http://movies.ndtv.com/photos/vinod-khanna-1946-2017-actor-politician-icon-24286#photo-298642. 
  3. "Vinod Khanna: Reluctant Politician to India's Voice on Global Stage". News18. 2017-04-28. http://www.news18.com/news/india/vinod-khanna-a-reluctant-politician-who-became-indias-voice-on-global-stage-1386113.html. 
  4. 4.0 4.1 "The actor who renounced success". www.rediff.com. http://www.rediff.com/movies/2003/jan/28dinesh.htm। আহৰণ কৰা হৈছে: 2017-04-27. 
  5. "Remembering Vinod Khanna: 15 Films That Celebrate the Legacy of the Actor". News18. 2017-04-27. http://www.news18.com/news/movies/remembering-vinod-khanna-15-films-that-celebrate-the-legacy-of-the-actor-1385327.html. 
  6. "Akshay Kumar’s Rustom and other films that KM Nanavati case inspired" (en-US ভাষাত). The Indian Express. 2016-08-09. http://indianexpress.com/article/entertainment/bollywood/akshay-kumars-rustom-and-other-films-that-km-nanavati-case-inspired/. 
  7. "Millennials Review Classics: Vinod Khanna’s Hit-and-Miss ‘Achanak’" (en ভাষাত). The Quint. https://www.thequint.com/bollywood/2017/04/13/millennials-review-classics-vinod-khanna-hit-and-miss-achanak-gulzar-based-on-nanavati. 
  8. "Vinod Khanna and his tryst with spirituality and Osho Rajneesh" (en ভাষাত). http://www.deccanchronicle.com/. 2017-04-27. http://www.deccanchronicle.com/entertainment/bollywood/270417/vinod-khanna-and-his-tryst-with-spirituality-under-the-guidance-of-osho-rajneesh.html. 
  9. "Vinod Khanna Special! 15 Unseen Pictures Of The Legendary Actor!" (en ভাষাত). www.filmibeat.com. 2017-04-07. http://www.filmibeat.com/bollywood/features/2017/vinod-khanna-special-15-unseen-pictures-of-the-legendary-actor/articlecontent-pf200298-258214.html. 
  10. "Handsome B'town hunks in 100 years of Indian cinema - Times of India". The Times of India. http://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/Handsome-Btown-hunks-in-100-years-of-Indian-cinema/articleshow/19677717.cms. 
  11. "Remembering Vinod Khanna, the quintessential toughie, angry cop, and romantic lead" (en-US ভাষাত). Firstpost. 2017-04-27. http://www.firstpost.com/entertainment/bollywood/remembering-vinod-khanna-the-quintessential-toughie-angry-cop-and-romantic-lead-3408508.html. 
  12. "Vinod Khanna: 10 of the most handsome pictures of Hindi film hunk we want etched on our memory forever!" (en-IN ভাষাত). https://in.news.yahoo.com/vinod-khanna-10-most-handsome-142810056.html. 
  13. "Vinod Khanna's interesting lesser known facts | The Times of India". The Times of India. http://timesofindia.indiatimes.com/entertainment/hindi/bollywood/vinod-khannas-interesting-lesser-known-facts/photostory/44496724.cms। আহৰণ কৰা হৈছে: 2017-04-27. 
  14. 27 april 2017. "Vinod Khanna dies at 70, was suffering from bladder cancer". Hindustan Times. http://www.hindustantimes.com/bollywood/veteran-actor-vinod-khanna-dies-at-70/story-bmtOxGhGVrX6af7OUvEnbP.html। আহৰণ কৰা হৈছে: 28 april 2017. 

বহিঃসংযোগ[সম্পাদনা কৰক]