সমললৈ যাওক

বৃষভানু

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Vrishabhanuৰ পৰা পুনঃনিৰ্দেশিত)
বৃষভানু
সঙ্গী কীৰ্তিদা
পিতৃ-মাতৃ সুৰভানু[1] (পিতৃ)
সন্তান ৰাধা
হিন্দু পাঠ্য পদ্ম পুৰাণ, ব্ৰহ্ম বৈৱৰ্ত পুৰাণ, গৰ্গ সংহিতা
অঞ্চল ব্ৰজ

বৃষভানু (সংস্কৃত: वृषभानु; IAST: Vṛṣbhānu), (বানানভেদে ব্ৰুষভানু বুলিও লিখা হয়) হʼল হিন্দু শাস্ত্ৰত উল্লেখ কৰা এগৰাকী প্ৰধান বা মুখিয়াল।[2][3][4] তেওঁক ভগৱান কৃষ্ণৰ প্ৰধান সহধৰ্মিণী আৰু দ্বাপৰ যুগৰ লক্ষ্মী দেৱীৰ অৱতাৰ হিচাপে গণ্য কৰা ৰাধা দেৱীৰ পিতৃ বুলি বৰ্ণনা কৰা হয়।[5][6]

পদ্ম পুৰাণৰ মতে, বৃষভানু বৰসনাৰ মুখিয়াল আছিল, আৰু ১০ লাখ গৰুৰ মালিক আছিল। পূৰ্বতে ৰজা সুচন্দ্ৰ হিচাপে বৃষভানুৱে দ্বাপৰ যুগত দেৱী লক্ষ্মীৰ পিতৃ হোৱাৰ বাবে ব্ৰহ্মাৰ পৰা ঐশ্বৰিক বৰ লাভ কৰিছিল বুলি কোৱা হয়।[7][8]

গৰ্গ সংহিতাৰ শ্ৰী ৰাধিকা বিবাহ বৰ্ণন মতে “তেওঁ, ৰজা বৃষভানুৰ কন্যা লক্ষ্মী দেৱী।” - পাঠ ২৩, অধ্যায় ১৬।

কিংবদন্তি

[সম্পাদনা কৰক]

পূৰ্বৰ জন্মত বৃষভানুৰ নাম সুচন্দ্ৰ আৰু দক্ষ প্ৰজাপতিৰ নাতিনী কালৱতীৰ সৈতে বিবাহপাশত আবদ্ধ হয়। দীৰ্ঘদিন ধৰি কালাৱতীৰ সৈতে দৈহিক সম্পৰ্ক উপভোগ কৰি সুচন্দ্ৰই পাৰিবাৰিক জীৱনৰপৰা অৱসৰ লৈ অগস্ত্য ঋষিৰ আশ্ৰমলৈ যায়। স্বামীৰদ্বাৰা পৰিত্যক্ত হোৱাৰ বাবে যেতিয়া কালৱতীয়ে কান্দিবলৈ ধৰিলে, তেতিয়া ব্ৰহ্মাই তাইক এক বৰদান দিলে যে তাই পৰৱৰ্তী জীৱনত স্বামীৰ সৈতে পুনৰ জন্ম ল’ব, আৰু দুয়োৰে কন্যা হিচাপে দেৱী লক্ষ্মী (ৰাধা) লাভ কৰিব।[9][10]

ৰাধাৰ পিতৃ

[সম্পাদনা কৰক]

ব্ৰহ্মাৰ বৰমতে ৰজা সুচন্দ্ৰই দ্বাপৰ যুগত ব্ৰজভূমিত ৰজা বৃষভানু হিচাপে পুনৰ জন্ম লাভ কৰিছিল। তেওঁ কীৰ্তিদা (কলাৱতীৰ পুনৰ্জন্ম)ক বিয়া কৰায়, আৰু দেৱী লক্ষ্মী (ৰাধা) তেওঁলোকৰ কন্যা হিচাপে জন্ম হয়।[11][12]

এক বেলেগ কিংবদন্তি অনুসৰি ৰাধাৰ জন্ম কাহিনী সীতাৰ সৈতে মিল আছে। তেৱোঁ লক্ষ্মী দেৱীৰ অৱতাৰ আছিল।[13] এবাৰ ৰজা বৃষভানুৱে পুখুৰীত গা ধুবলৈ যাওঁতে পুখুৰীত পদুম ফুলৰ ওপৰত এটি কন্যা শিশু দেখি, নিজৰ ঘৰলৈ লৈ আহিল। কেঁচুৱা ছোৱালীজনীৰ নাম ৰখা হয় ৰাধা। তেওঁকেই বৃষভানু আৰু কীৰ্তিদাই কন্যা হিচাপে গ্ৰহণ কৰিছিল।[14][15]

লগতে চাওক

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Entwistle 1987, পৃষ্ঠা. 50.
  2. Trilochan Dash. Krishna Leeela in Brajamandal a Retrospect. Soudamini Dash. পৃষ্ঠা. 192–. GGKEY:N5C1YTUK5T3. https://books.google.com/books?id=7YjhTtkcwE0C&dq=Brushabhanu%20yadava%20chieftain&pg=PA192. 
  3. R. K. Das (1990). Temples of Vrindaban. Sandeep Prakashan. ISBN 978-81-85067-47-6. https://books.google.com/books?id=OXXXAAAAMAAJ&q=vrishabhanu+yadava. 
  4. The Vedanta Kesari. Sri Ramakrishna Math.. 1970. https://books.google.com/books?id=NbDWAAAAMAAJ&q=vrishabhanu+yadava. 
  5. Prakashanand Saraswati (2001). The True History and the Religion of India: A Concise Encyclopedia of Authentic Hinduism. Motilal Banarsidass Publ.. পৃষ্ঠা. 666–. ISBN 978-81-208-1789-0. https://books.google.com/books?id=IhLN2I9yTTkC&dq=vrishbhanu%20barsana&pg=PA666. 
  6. Pavan K. Varma (July 2009). The Book of Krishna. Penguin Books India. পৃষ্ঠা. 46–. ISBN 978-0-14-306763-4. https://books.google.com/books?id=_anlsbp56aoC&pg=PA46. 
  7. Paramahamsa Sri Swami Vishwananda (12 January 2017). Shreemad Bhagavad Gita: The Song of Love. Bhakti Marga Publications. পৃষ্ঠা. 1472–. ISBN 978-3-940381-70-5. https://books.google.com/books?id=CJ3JDwAAQBAJ&pg=PT1472. 
  8. Anu Julka (8 October 2014). SHRINATH JI. PartridgeIndia. পৃষ্ঠা. 23–. ISBN 978-1-4828-2286-1. https://books.google.com/books?id=K5LMBAAAQBAJ&pg=PA23. 
  9. Surya N. Maruvada (2 March 2020). Who is Who in Hindu Mythology - VOL 1: A Comprehensive Collection of Stories from the Puranas. Notion Press. পৃষ্ঠা. 528–. ISBN 978-1-64805-684-0. https://books.google.com/books?id=nrvTDwAAQBAJ&pg=PT528. 
  10. Gita Press Gorakhpur. Garga Samhita Gita Press Gorakhpur. পৃষ্ঠা. 35-37. http://archive.org/details/garga-samhita-gita-press-gorakhpur. 
  11. June McDaniel; Associate Professor in the Department of Philosophy and Religious Studies June McDaniel (1 January 2003). Making Virtuous Daughters and Wives: An Introduction to Women's Brata Rituals in Bengali Folk Religion. SUNY Press. পৃষ্ঠা. 89–. ISBN 978-0-7914-5565-4. https://books.google.com/books?id=tGNUbHRGpMUC&dq=brishabhanu&pg=PA89. 
  12. Namita Gokhale; Malashri Lal (10 December 2018). Finding Radha: The Quest for Love. Penguin Random House India Private Limited. পৃষ্ঠা. 14–. ISBN 978-93-5305-361-1. https://books.google.com/books?id=KWJ7DwAAQBAJ&pg=PT14. 
  13. Swami Mukundananda (4 January 2015). Festivals of India. Jagadguru Kripaluji Yog. পৃষ্ঠা. 76–. GGKEY:NQPDB6TQQBK. https://books.google.com/books?id=RYUaBgAAQBAJ&pg=PA76. 
  14. Steven Rosen (2012). The Agni and the Ecstasy: Collected Essays of Steven J. Rosen. Arktos. পৃষ্ঠা. 160–. ISBN 978-1-907166-79-2. https://books.google.com/books?id=fYjX7W6SCLMC&dq=kirtida&pg=PA160. 
  15. Dev Prasad (27 January 2015). Krishna: A Journey through the Lands & Legends of Krishna. Jaico Publishing House. পৃষ্ঠা. 61–. ISBN 978-81-8495-170-7. https://books.google.com/books?id=o0_5caqiUH0C&dq=lotus%20vrishabhanu&pg=PT61.