সমললৈ যাওক

বিশ্ব হস্তী দিৱস

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(World Elephant Dayৰ পৰা পুনঃনিৰ্দেশিত)
বিশ্ব হস্তী দিৱস

হাতী
তাৰিখ ১২ আগষ্ট
অন্তৰ বছৰেকীয়া
ঠাই বিশ্বজুৰি
ৱেবছাইট worldelephantday.org
বিশ্ব হস্তী দিৱস ২০১৮

বিশ্ব হস্তী দিৱস (ইংৰাজী: World Elephant Day) হৈছে ১২ আগষ্টত অনুষ্ঠিত হোৱা এটি আন্তঃৰাষ্ট্ৰীয় বাৰ্ষিক অনুষ্ঠান। এই অনুষ্ঠানটি সমগ্ৰ বিশ্বৰ হাতীবোৰৰ সংৰক্ষণ আৰু সুৰক্ষাৰ বাবে উৎসৰ্গিত কৰা হয়। ২০১১ চনত কানাডাৰ চলচ্চিত্ৰ নিৰ্মাতা পেট্ৰিচিয়া চিমছ আৰু কানাজৱেষ্ট পিকচাৰ্ছৰ মাইকেল ক্লাৰ্ক আৰু এলিফেণ্ট ৰিইনট্ৰ’ডচন ফাউণ্ডেশ্যনৰ সচিব প্ৰধান শিভাপৰ্ণ দাৰদাৰানন্দই থাইলেণ্ডত এই অনুষ্ঠানটিৰ পৰিকল্পনা কৰিছিল। ২০১২ চনৰ ১২ আগষ্ট তাৰিখে পেট্ৰিচিয়া চিমছ আৰু এলিফেণ্ট ৰিইনট্ৰ’ডচন ফাউণ্ডেশ্যনে আনুষ্ঠানিকভাৱে এই অনুষ্ঠানটিৰ প্ৰতিষ্ঠা, সমৰ্থন আৰু আৰম্ভণি কৰে।[1] তেতিয়াৰপৰাই, পেট্ৰিচিয়া চিমছে বিশ্ব হস্তী দিৱসৰ নেতৃত্ব, সমৰ্থন আৰু পৰিচালনা কৰি আহিছে।[2] বৰ্তমান বিশ্বৰ বিভিন্ন দেশত, ১০০ৰো অধিক বন্যপ্ৰাণী সংস্থা আৰু বহু ব্যক্তিৰদ্বাৰা এই অনুষ্ঠানটি স্বীকৃত আৰু উদযাপিত হয়।[3][4][5][6][7][8][9]

উদ্দেশ্য

[সম্পাদনা কৰক]

বিশ্ব হাতী দিৱসৰ লক্ষ্য হৈছে আফ্ৰিকা আৰু এছিয়াৰ হাতীৰ তৎপৰ দুৰ্দশাৰ প্ৰতি সজাগতা সৃষ্টি কৰা, আৰু বন্দী আৰু বনৰীয়া হাতীৰ উন্নত যত্ন আৰু ব্যৱস্থাপনাৰ বাবে জ্ঞান আৰু ইতিবাচক সমাধান উলিওৱা। আফ্ৰিকাৰ হাতীক বিপন্ন প্ৰজাতিৰ আই ইউ চি এন ৰঙা তালিকাত "অসুৰক্ষিত" আৰু এছিয়াৰ হাতীক "বিপন্ন" হিচাপে তালিকাভুক্ত কৰা হৈছে।[10][11] এজন সংৰক্ষণবিদে কয় যে আফ্ৰিকা আৰু এছিয়াৰ দুয়োবিধ হাতী প্ৰজাতি বাৰ বছৰৰ ভিতৰত বিলুপ্তিৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে।[12] বৰ্তমান আফ্ৰিকাৰ হাতীৰ জনসংখ্যা প্ৰায় ৪ লাখ আৰু এছিয়াৰ হাতীৰ জনসংখ্যা ৪০ হাজাৰ বুলি অনুমান কৰা হয় যদিও এই সংখ্যা বহুত বেছি বুলিও যুক্তি দিয়া হয়।[13]

তথ্য উৎস

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]