বিশ্ব পুতলা নাচ দিৱস
বিশ্ব পুতলা দিৱস (ইংৰাজী: World Puppetry Day) ২১ মাৰ্চ তাৰিখে পালন কৰা হয়।[1] ইৰাণৰ পুতলা থিয়েটাৰ শিল্পী জাভাদ জোলফাঘৰীৰ পৰা এই দিৱস পালন কৰাৰ ধাৰণাটো আহিছিল৷ ২০০০ চনত মেগডেবাৰ্গত অনুষ্ঠিত হোৱা ইউনিয়ন ইণ্টাৰনেশ্যনেল ডে লা মেৰিয়নেট, (UNIMA)ৰ ষোড়শ কংগ্ৰেছত তেওঁ আলোচনাৰ বাবে এই প্ৰস্তাৱ আগবঢ়ায়। দুবছৰৰ পিছত ২০০২ চনৰ জুন মাহত আটলাণ্টাৰ ইউনিমাৰ আন্তঃৰাষ্ট্ৰীয় পৰিষদৰ এখন বৈঠকত এই উদযাপনৰ তাৰিখ নিৰ্ধাৰণ কৰা হয়। ২০০৩ চনত প্ৰথমবাৰৰ বাবে এই দিৱস উদযাপন কৰা হয়।[2]
প্ৰতি বছৰে দিনটো এটা থিম লৈ উদযাপিত হয়। ২০২২ চনত থিম আছিল "দ্য চি"। সেই থিমটো ব্যৱহাৰ কৰি দিনটো উদযাপন কৰাৰ লগতে পুতলা নাচক উৎসাহিত কৰাই আছিল ইয়াৰ উদ্দেশ্য।[3]
বিশ্ব পুতলা দিৱস পুতলা উৎসৱৰ দ্বাৰা উদযাপন কৰা হয়,[4] যʼত পুতলা সংস্থাক দান দিয়া, পুতলা নিৰ্মাণ কৰা বা পুতলা নাচ প্ৰদৰ্শন কৰা আদি কাৰ্যসূচী অন্তৰ্ভুক্ত থাকে। কিছুমান সম্প্ৰদায়ে দিনটোৰ সন্মানত পুতলা নাচ প্ৰদৰ্শন কৰি মানুহক এই বহুমুখী আৰু মৃত্যুমুখত পৰা শিল্পৰূপটোৰ কথা সোঁৱৰাই দিয়ে।[5]
প্ৰায় ৪০০০ বছৰ ধৰি, প্ৰায় প্ৰতিটো সভ্যতাতে পুতলাৰ প্ৰচলন আছেই। আজিকালি বজাৰত প্ৰায় সকলো আকৃতি আৰু আকাৰৰ পুতলা পোৱা যায় আৰু বিভিন্ন কাহিনী ক’বলৈ ইয়াৰ ব্যৱহাৰ কৰা হয়।[6]
লগতে চাওক
[সম্পাদনা কৰক]- ইউনিমা
- পুতলা নাচ
- পুতলা নাচক
- কেনিয়া ইনষ্টিটিউট অৱ পুতলা থিয়েটাৰ (কিপ্ট)
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ BE, Admin (2021-03-21). "World Puppetry Day: 8 celebrity puppets that made many Belgians happy" (en-GB ভাষাত). Brussels Express. https://brussels-express.eu/world-puppetry-day-8-celebrity-puppets-that-made-many-belgians-happy/। আহৰণ কৰা হৈছে: 2022-10-03.
- ↑ BE, Admin (2021-03-21). "World Puppetry Day: 8 celebrity puppets that made many Belgians happy" (en-GB ভাষাত). Brussels Express. https://brussels-express.eu/world-puppetry-day-8-celebrity-puppets-that-made-many-belgians-happy/। আহৰণ কৰা হৈছে: 2022-10-03.
- ↑ "World Puppetry Day 2022: Theme, Importance and Activities" (en ভাষাত). Merazone.com. https://www.merazone.com/2022/03/world-puppetry-day-2022-theme.html। আহৰণ কৰা হৈছে: 2022-10-03.
- ↑ Pioneer, The. "World Puppetry Day: Puppet fest to be held today" (en ভাষাত). The Pioneer. https://www.dailypioneer.com/2022/india/world-puppetry-day--puppet-fest-to-be-held-today.html। আহৰণ কৰা হৈছে: 2022-10-03.
- ↑ Star, Yasmin Acosta for the Arizona Daily. "Tucson puppet troupe celebrates World Puppetry Day with two events" (en ভাষাত). Arizona Daily Star. https://tucson.com/entertainment/arts-and-theatre/tucson-puppet-troupe-celebrates-world-puppetry-day-with-two-events/article_9b8819c2-c630-5c3d-879c-31639f043e18.html। আহৰণ কৰা হৈছে: 2022-10-03.
- ↑ "It’s World Puppetry Day! Do you have a favorite puppet?" (en-US ভাষাত). ABC27. 2022-03-21. Archived from the original on 2022-10-07. https://web.archive.org/web/20221007052315/https://www.abc27.com/digital-originals/its-world-puppetry-day-do-you-have-a-favorite-puppet/। আহৰণ কৰা হৈছে: 2022-10-03.