সমললৈ যাওক

য়োমাৰী পুন্হী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Yomari Punhiৰ পৰা পুনঃনিৰ্দেশিত)
য়োমাৰী পুন্হী
য়োমাৰী পুন্হী
যোমাৰী মিঠাই
সম্পূৰ্ণ নাম য়োমাৰী পুন্হী, অসমীয়া অনুবাদ: সোৱাদযুক্ত ৰুটিৰ পূৰ্ণিমা
পালন কৰে নেৱাৰ
প্ৰকাৰ নেৱাৰী
আৰম্ভ হয় মাৰ্গ শুক্লা পূৰ্ণিমা
শেষ হয় ৪ দিন পিছত
উদযাপন অন্নপূৰ্ণা দেৱীৰ পূজা কৰা, য়োমাৰী খোৱা
য়োমাৰী পুন্হীৰ নৈবেদ্য।

য়োমাৰী পুন্হী (ইংৰাজী: Yomari Punhi) হৈছে শস্য (ধান) চপোৱাৰ অন্ত পৰাৰ উপলক্ষে নেৱাৰী জনগোষ্ঠীৰ লোকসকলে পালন কৰা এটি উৎসৱ। ইংৰাজী বৰ্ষপঞ্জীৰ নৱেম্বৰ/ডিচেম্বৰ মাহত আৰু চান্দ্ৰ নেপাল সংবৎ-ৰ দ্বিতীয় মাহ থিংলাৰ পূৰ্ণিমাৰ দিনা এই উৎসৱ পালন কৰা হয়।[1][2]

য়োমাৰী পুন্হী মানে য়োমাৰীৰ পূৰ্ণিমা। ই নেৱাৰসকলৰ অন্যতম জনপ্ৰিয় উৎসৱ আৰু প্ৰতি বছৰে ডিচেম্বৰ মাহৰ পূৰ্ণিমা তিথিত এই উৎসৱ পালন কৰা হয়। য়োমাৰী হৈছে পিঠাগুড়ি (নতুনকৈ চপোৱাৰ পৰা) আৰু মটীয়া কুঁহিয়াৰৰ চেনি আৰু তিলেৰে প্ৰস্তুত কৰা মাছৰ আকৃতিৰ এবিধ ভাপত দিয়া মিঠাই। এই সুস্বাদু খাদ্যবিধ শস্য (ধান) চপোৱাৰ পিছত উদযাপিত, য়োমাৰী পুন্হীৰ সময়ত মূল খাদ্য হিচাপে পৰিৱেশন কৰা হয়।

এই পূৰ্ণিমাৰদিনা কাঠমাণ্ডু উপত্যকাৰ লোকসকলে শস্য (ধান) চপোৱাৰ বাবে শস্যৰ দেৱী অন্নপূৰ্ণাক পূজা কৰে। উপত্যকাখনৰ লʼৰা-ছোৱালীৰ দলবোৰে সেই দিনা চুবুৰিত ঘূৰি ফুৰে আৰু সন্ধিয়া গৃহিণীসকলৰপৰা য়োমাৰী নামৰ নেৱাৰী খাদ্যবিধ[3] খুজি খায়। এই উৎসৱ উপলক্ষ্যে উপত্যকাখনৰ দক্ষিণ মূৰৰ হৰি সিদ্ধি আৰু থেচো গাঁৱত পৱিত্ৰ মুখা পিন্ধা নৃত্যও প্ৰদৰ্শন কৰা হয়।[4][5] য়োমাৰীত মানুহে চাকু (চকলেটৰ দৰে খাদ্য) বা খোৱা (ৰিকোটা চীজৰ দৰে দুগ্ধজাত সামগ্ৰী) খায়। এইবোৰ বৰ জুতিলগা খাদ্য।[6] এই উৎসৱ কেৱল নেৱাৰ সম্প্ৰদায়ৰ লোকসকলে পালন কৰা অন্যতম প্ৰধান উৎসৱ।

মাটিনা পাৰু

[সম্পাদনা কৰক]

য়োমাৰী পুন্হীৰ পাছদিনা ভেলেণ্টাইন দিৱসৰ দৰে এটা বিশেষ দিন পালন কৰা হয়। বসু পাছা ৰচিত ঐতিহাসিক গ্ৰন্থ কান্তীপুৰ অনুসৰি, বিভিন্ন আকৃতিৰ য়োমাৰীৰ ভিতৰত, 'বায়ো' পুৰুষৰ যৌন অংগৰ প্ৰতীক আৰু দুই দুটা প্ৰান্তযুক্ত ত্ৰিভুজ আকৃতিৰ 'মায়ো' স্ত্ৰী যৌন অংগৰ প্ৰতীক হিচাপে দুয়োটাই ক্ৰমে পিতৃ আৰু মাতৃক প্ৰতিনিধিত্ব কৰে। বায়ো য়োমাৰীত গুড় আৰু তিল ভৰোৱা হয় আৰু মায়ো য়োমাৰীত দালি ভৰোৱা হয়। গতিকে, য়োমাৰীক যৌনতাৰ প্ৰতীকী সংমিশ্ৰণ বুলি গণ্য কৰা হয়। 'য়োমাৰী ফনেগু'ৰ সংস্কৃতি প্ৰেম আৰু প্ৰণয়ৰ সৈতে জড়িত। মানুহে ঘৰে ঘৰে, গলিয়ে গলিয়ে য়োমাৰী খুজিবলৈ গৈছিল আৰু সেই সময়ত তেওঁলোকে লুকাই চুৰকৈ উকি মাৰি আপোনজনৰ লগত কথা পতাৰ সুযোগ পাইছিল। পৰম্পৰাগত দিনবোৰত সমাজখন প্ৰেম-ভালপোৱাৰ ক্ষেত্ৰত কঠোৰ আছিল। য়োমাৰী পুন্হীৰ ‘য়োমাৰী ফনেগু’ সংস্কৃতিক সেই সময়ত দেখা কৰাৰ দিন হিচাপে ব্যৱহাৰ কৰা হৈছিল, আৰু প্ৰেমিক-প্ৰেমিকাসকলে সিদিনা গোপনে লগ হৈছিল। তেতিয়াৰ দিনত মোবাইল বা ফোন নাছিল। মানুহে বিশেষ অভিব্যক্তিত লিখিছিল: 'द्यः निभाः ह्याउँ ह्याउँ धाइ बलय् बुइँचा हिति फल्चा क्वसं पंबुझाः ल्यूने' (যেনেকৈ সূৰ্য্য ৰঙা হʼবলৈ আৰম্ভ কৰে, বুইঞ্চা হি ফালচাৰ পৰা তললৈ, বাঁহগছৰ পিছফালে)

কিছুমান মানুহে মাটিনা পাৰুক মাজিপা লাখেইৰ কাহিনীৰ সৈতেও সম্পৰ্কিত কৰে। মাজিপা লাখেইৰ প্ৰেম কাহিনী আন এক পৌৰাণিক প্ৰেম কাহিনী, য’ত এজন লাখেই (দানৱ) কাঠমাণ্ডুৰ এগৰাকী ছোৱালীৰ প্ৰেমত পৰি তত্ত্বাৱধায়কলৈ পৰিণত হৈছিল।[7]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Tom Woodhatch (1999). Nepal handbook. Footprint Travel Guides. পৃষ্ঠা. 230. ISBN 978-1-900949-44-6. https://archive.org/details/nepalhandbook0000wood/page/230. 
  2. "Celebrations of Yomari Punhi festival in Nepal". http://english.people.com.cn/90001/90782/7238981.html। আহৰণ কৰা হৈছে: 10 January 2016. 
  3. "Yamari Dumplings - We All Nepali". We all Nepali. Archived from the original on November 29, 2011. https://web.archive.org/web/20111129180533/http://www.weallnepali.com/recipe/newari-food/how-to-make-yomari-yamari-dumplings। আহৰণ কৰা হৈছে: 2021-12-21. 
  4. "Nepal Travel Guide". Archived from the original on 2002-06-01. https://web.archive.org/web/20020601212913/http://www.nepalhomepage.com/society/festivals/yompun.html। আহৰণ কৰা হৈছে: 2002-06-01. 
  5. We All Nepali[usurped]
  6. Republica. "PHOTOS: Sweet Yomari" (en ভাষাত). My Republica. http://myrepublica.nagariknetwork.com/news/102450/। আহৰণ কৰা হৈছে: 2021-01-05. 
  7. "There is a Newa Valentine's Day too : Matinaa Paaru". https://newaissues.wordpress.com/2019/02/07/there-is-a-newa-valentines-day-too-matinaa-paaru/. [সংযোগবিহীন উৎস]