সমললৈ যাওক

জুন্হেব’ট’ জিলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Zunheboto districtৰ পৰা পুনঃনিৰ্দেশিত)
জুন্হেব’ট’ জিলা
Lining up for inspection
জুন্হেব’ট’ জিলাত চুমি নগাসকলৰ এক উৎসৱ
নাগালেণ্ডত জুন্হেব’ট’ জিলাৰ অৱস্থান
নাগালেণ্ডত জুন্হেব’ট’ জিলাৰ অৱস্থান
স্থানাংক: 26°01′N 94°31′E / 26.017°N 94.517°E / 26.017; 94.517স্থানাংক: 26°01′N 94°31′E / 26.017°N 94.517°E / 26.017; 94.517
দেশ  ভাৰত
ৰাজ্য নাগালেণ্ড
কালি
 • মুঠ
১,২৫৫ বৰ্গকিমি (৪৮৫ বৰ্গমাইল)
 • ভূমি ১,২০০ বৰ্গকিমি (৫০০ বৰ্গমাইল)
 • পানী ৫৫ বৰ্গকিমি (২১ বৰ্গমাইল)  1.8%
জনসংখ্যা
 (২০১১)[1]
 • মুঠ
১,৪০,৭৫৭
 • ঘনত্ব ১১০/km (২৯০/sq mi)

জুন্হেব’ট’ (Zunheboto, উচ্চাৰণ:/ˌzʌnˈhiːbəʊtəʊ/) ভাৰতনাগালেণ্ড ৰাজ্যৰ এখন জিলা৷

ভৌগোলিক অৱস্থান

[সম্পাদনা কৰক]

এই জিলাৰ উত্তৰে নাগালেণ্ডৰ মোককচাং জিলা, পশ্চিমে ক’হিমা জিলা আৰু ৱখা জিলা, দক্ষিণে ফেক জিলা আৰু পূবে টুৱেনচাং আৰু কিফিৰে জিলা৷ এই জিলাৰ সদৰ ঠাই জুন্হেব’ট’৷

জিলাখনৰ সৰহভাগ অঞ্চলেই পাহাৰীয়া আৰু চিৰসেউজীয়া বনাঞ্চলেৰে আগুৰা৷ এই জিলাত চাটৈ ৰেঞ্জ অৱস্থিত যি পক্ষী নীৰিক্ষক আৰু জীৱবিজ্ঞানীসকলৰ গৱেষণাৰ প্ৰধান থলী৷ এই অংশটো Satakha মহকুমাৰ দহখন গাওঁ লৈ গঠিত হৈছে৷ চাটৈ ৰেঞ্জক ভাৰতৰ Important Bird Area আৰু Endemic Bird Area হিচাপে স্বীকৃতি দিয়া হৈছে৷ বহুতো আপুৰুগীয়া চৰাই যেনে Blyth'sTragopan, Kalij Pheasent আৰু Peacock Pheasent ইত্যাদি অঞ্চলটোত দেখিবলৈ পোৱা যায়৷

জনসংখ্যা

[সম্পাদনা কৰক]

২০১১ চনৰ লোকপিয়ল অনুসৰি এই জিলাৰ মুঠ জনসংখ্যা ১৪০,৭৫৭ জন।[1] জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ মুঠ ৬৪০ খন জিলাৰ ভিতৰত এই জিলাৰ স্থান ৫৯৮৷[1] এই জিলাৰ প্ৰতি ১০০০ গৰাকী পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৯৮১ গৰাকী৷[1] জিলাখনৰ সাক্ষৰতাৰ হাৰ ৮৬.২৬%।[1]

জুন্হেব’ট’ৰ সংখ্যাগৰিষ্ঠ লোক চুমি নগা (Sumi Nagas) জনজাতিৰ৷ এই জিলাত খ্ৰীষ্টান মিছনেৰীসকলৰ আগমণৰ সময়লৈকে মুণ্ড চিকাৰ (Head hunting) প্ৰচলিত আছিল৷ এই জিলাৰ অধিকাংশ লোকৰ মূল জীৱিকা কৃষি৷[2]

এই জিলাৰ আকুলুট’ (Akuluto) মহকুমাৰ লুমামি (Lumami) গাঁৱত নাগালেণ্ড বিশ্ববিদ্যালয় অৱস্থিত৷

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 1.3 1.4 "District Census 2011". Census2011.co.in. 2011. http://www.census2011.co.in/district.php। আহৰণ কৰা হৈছে: 2011-09-30. 
  2. "Asia's largest church built in Nagaland; new church building set for dedication". International Business Times. http://www.ibtimes.co.in/asias-largest-church-built-nagaland-new-church-building-set-dedication-723949। আহৰণ কৰা হৈছে: 30 April 2017. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]