কাৰ্ল মাৰ্ক্স

ৱিকিউদ্ধৃতিৰ পৰা
কাৰ্ল মাৰ্ক্সৰ আলোকচিত্ৰ

কাৰ্ল হেনৰিখ মাৰ্ক্স (ইংৰাজী: Karl Heinrich Marx; ৫ মে' ১৮১৮ – ১৪ মাৰ্চ ১৮৮৩) এজন জাৰ্মান দাৰ্শনিক, অৰ্থনীতিবিদ, ইতিহাসবিদ, সমাজবিজ্ঞানী, ৰাজনৈতিক তত্ত্ববিদ, সাংবাদিক আৰু সমাজতান্ত্ৰিক বিপ্লৱী আছিল। অৰ্থনীতিৰ ক্ষেত্ৰত মাৰ্ক্সৰ কামে মূল্যৰ শ্ৰম তত্ত্বৰ ভিত্তি স্থাপন কৰিছিল, আৰু পৰৱৰ্তী অৰ্থনৈতিক চিন্তাধাৰাৰ বহুখিনি প্ৰভাৱ পেলাইছিল। জীৱনকালত তেওঁ অসংখ্য গ্ৰন্থ প্ৰকাশ কৰিছিল। ইয়াৰ ভিতৰত আটাইতকৈ উল্লেখযোগ্য গ্ৰন্থ হৈছে: দ্য কমিউনিষ্ট মেনিফেষ্টো (১৮৪৮) আৰু দাস কেপিটেল (১৮৬৭–১৮৯৪)।

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  • কমিউনিষ্ট বিপ্লৱত শাসক শ্ৰেণী কঁপি উঠক। নিজৰ শিকলিডালৰ বাহিৰে হেৰুৱাবলৈ শ্ৰমিক শ্ৰেণীৰ আন একো নাই। জয় কৰিবলৈ আছে এখন পৃথিৱী। বিশ্বৰ শ্ৰমিকসকল, ঐক্যবদ্ধ হ‌ওক।[১]
  • আনৰ গুণ প্ৰশংসা কৰি সময় নষ্ট নকৰিবা, আনৰ গুণক নিজৰ কৰিবলৈ চেষ্টা কৰা৷
  • যুক্তি সদায় আছিল, কিন্তু সদায় যুক্তিবাদী ৰূপত নহয়।[২]
  • এটা ভূতে ইউৰোপক খেদি ফুৰিছে; কমিউনিজমৰ ভূত।[৩]
  • কমিউনিজমৰ তত্ত্বটোক এটা বাক্যত সামৰি ল’ব পাৰি: ব্যক্তিগত সম্পত্তিৰ বিলুপ্তি।[৪]
  • এজন পুৰুষ পুনৰ শিশু হ’ব নোৱাৰে, নহ’লে তেওঁ শিশুসুলভ হৈ পৰে। [৫]
  • প্ৰয়োজন নোহোৱাকৈ কোনো উৎপাদন নহয়। কিন্তু উপভোগে প্ৰয়োজনীয়তাক পুনৰুৎপাদন কৰে। [৬]
  • যোগান আৰু চাহিদাই নিৰন্তৰভাৱে সামগ্ৰীৰ মূল্য নিৰ্ধাৰণ কৰে; কেতিয়াও, বা কেৱল কাকতলীয়াকৈ ভাৰসাম্য ৰক্ষা নকৰে। কিন্তু উৎপাদনৰ ব্যয়ে ইয়াৰ ফালৰ পৰা যোগান আৰু চাহিদাৰ দোলন নিৰ্ধাৰণ কৰে। [৭]
  • প্ৰতিটো পণ্যই নিজৰ সমতুল্য সামগ্ৰীৰ বাবে আন কোনোবা পণ্য বাছি ল’বলৈ বাধ্য হয়। [৮]
  • ভৌতিক বস্তুৰ মাজত এটা শাৰীৰিক সম্পৰ্ক আছে। কিন্তু পণ্যৰ ক্ষেত্ৰত ই বেলেগ। [৯]
  • ধৰ্মীয় জগতখন মাথোঁ বাস্তৱ জগতৰ প্ৰতিফলন। [১০]
  • যিসকল ইতিহাসৰ সৈতে সামান্যভাৱেও পৰিচিত, তেওঁলোকে জানে যে নাৰী জাগৰণ নোহোৱাকৈ কোনো মহান সমাজ বিপ্লৱ নহয়৷ সমাজত নাৰীৰ স্থানেৰেহে সামাজিক প্ৰগতি সঠিকভাৱে নিৰূপণ কৰিব পাৰি৷[১১]
  • ধন হৈছে বিনিময়ৰ কালছোৱাত প্ৰয়োজনীয়তাৰ পৰা গঠিত এটা স্ফটিক, য’ত শ্ৰমৰ বিভিন্ন উৎপাদনক কাৰ্যতঃ ইটোৱে সিটোৰ সৈতে সমান কৰা হয় আৰু এইদৰে অনুশীলনৰ দ্বাৰা পণ্যলৈ ৰূপান্তৰিত কৰা হয়।[১২]
  • মানৱ সমাজৰ উৎপত্তি আৰু ক্ৰমবিৱৰ্তনৰ লগত শিল্প-সাহিত্যৰ উদ্ভৱ আৰু পৰিৱৰ্তন ঐতিহাসিকভাবে সত্য৷[১৩]

উত্‍স[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. এশখন মহৎ গ্ৰন্থ; সম্পাদনা — কনকসেন ডেকা
  2. Letter from Marx to Arnold Ruge (September 1843)
  3. Preamble, paragraph 1, line 1.,The Communist Manifesto (1848)
  4. Section 2, paragraph 13.,The Communist Manifesto (1848)
  5. Introduction, p. 31.,Grundrisse (1857-1858)
  6. Introduction, p. 12. ,Grundrisse (1857-1858)
  7. Notebook I, The Chapter on Money, p. 58.,Grundrisse (1857-1858)
  8. Vol. I, Ch. 1, Section 3, pg. 65.,Das Kapital (Buch I) (1867)
  9. Vol. I, Ch. 1, Section 4, pg. 83.,Das Kapital (Buch I) (1867)
  10. Vol. I, Ch. 1, Section 4, pg. 91.,Das Kapital (Buch I) (1867)
  11. আৱাজ, ছেপ্তেম্বেৰ, ২০১৯, নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ অসম শাখাৰ মুখপত্ৰ
  12. Vol. I, Ch. 2, pg. 99.,Das Kapital (Buch I) (1867)
  13. কবিতাত সংযুতিবাদ: এক বিহংগম আলোচনা, বিপুল কুমাৰ দিহিঙীয়া, নাৰায়ণপুৰ দৰ্পণ, ২০২৩

বাহ্যিক সংযোগ[সম্পাদনা কৰক | উৎস সম্পাদনা]

:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: