অভয়াপুৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অভয়াপুৰী
—  নগৰ  —
অভয়াপুৰী is located in Assam
অভয়াপুৰী
অসমত অভয়াপুৰীৰ অৱস্থান
ভৌগোলিক স্থানাংক: 26°20′N 90°40′E / 26.33°N 90.67°E / 26.33; 90.67স্থানাংক: 26°20′N 90°40′E / 26.33°N 90.67°E / 26.33; 90.67
দেশ  ভাৰত
ৰাজ্য অসম
জিলা বঙাইগাঁও
উচ্চতা ৩৬ মিটাৰ (১১৮.১১ ফুট)
জনসংখ্যা (২০০১)
 - মুঠ ১৪,৬৭১ জন
ভাষা
 - চৰকাৰী অসমীয়া
সময় অঞ্চল ভাৰতীয় মান সময় (গ্ৰী.মা.স.+5:30)

অভয়াপুৰী (IPA: ˌəbɑːjəˈpʊərɪ or ˌəbeɪjəˈpʊərɪ) (ইংৰাজী: Abhayapuri) অসমবঙাইগাঁও জিলাত অৱস্থিত এখন ঠাই৷ এই অঞ্চলটো গুৱাহাটীৰ পশ্চিমে ২০০ কিমি পশ্চিমে অৱস্থিত৷

ইতিহাস[সম্পাদনা কৰক]

ঐতিহাসিক বিজনী ৰাজ্যৰ ৰাজধানী অভয়াপুৰী নগৰৰ পূবদিশত ডুমুৰীয়া নামৰ ঠাইখন আছিল বুলি জনা যায়৷ ৰজা বিজিত নাৰায়ণে ১৬৭১ চনত এই ৰাজধানী প্ৰতিষ্ঠা কৰিছিল৷ কিন্তু ১৮৯৭ চনৰ ভূমিকম্পত ই ধ্বংসপ্ৰাপ্ত হয় আৰু দেওঁহাটীলৈ ইয়াক স্থানান্তৰ কৰা হয়৷ ৰাজবংশৰ ৰাণী অভেয়াশ্বৰীৰ নামেৰে নগৰখনৰ নাম অভয়াপুৰী ৰখা হৈছিল৷

ঐতিহাসিক বিজনী ৰাজ্যৰ ৰজাসকল[সম্পাদনা কৰক]

  • বিজিত নাৰায়ণ (চন্দ্ৰ নাৰায়ন)
  • জয় নাৰায়ণ
  • শিৱ নাৰায়ণ
  • বিজয় নাৰায়ণ
  • মুকুন্দ নাৰায়ণ
  • হৰিদেৱ নাৰায়ণ
  • ইন্দ্ৰ নাৰায়ণ
  • অমৃত নাৰায়ণ
  • কুমুদ নাৰায়ণ
  • যোগেন্দ্ৰ নাৰায়ণ
  • ভৈৰবেন্দ্ৰ নাৰায়ণ

ভৌগোলিক বিৱৰণ[সম্পাদনা কৰক]

অভয়াপুৰী গুৱাহাটীৰ পৰা ২০০ কি: মি: আৰু জিলা সদৰ বঙাইগাঁৱৰ পৰা ২১ কি: মি: দূৰত্বত অৱস্থিত ৷ দেৱদাৰু গছেৰে পৰিবেষ্টিত বাবে ই দেৱদাৰু নগৰী বুলিও জনাজাত ৷

আন্ত:গাঁথনি[সম্পাদনা কৰক]

২০১১ চনৰ লোকপিয়ল অনুসৰি,[1] অভয়াপুৰীৰ মুঠ জনসংখ্যা ১৪,৬৭১ জন৷[2] ইয়াৰে ৫২% পুৰুষ আৰু ৪৮% মহিলা৷ অভয়াপুৰীৰ জনসংখ্যাৰ ১০% ছয় বছৰ বয়সৰ অনুৰ্ধৰ৷

যাতায়ত ব্যৱস্থা[সম্পাদনা কৰক]

অভয়াপুৰী নগৰৰ পৰা ৭ কি: মি: দূৰত্বত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৩১ (খ) নং ৰাষ্ট্ৰীয় ঘাইপথৰ সংযোগস্থল ৷ উত্তৰ পূব সীমান্ত ৰেলপথৰ নিউবঙাইগাওঁ কামাখ্যা শাখা ৰেলপথে (গোৱালপাৰা হৈ) অভয়াপুৰীক চুই গৈছে ৷ ২ নং ৰাজ্যিক ঘাইপথ নগৰখনৰ সোঁমাজেদি পাৰ হৈ গৈছে৷

শিক্ষা[সম্পাদনা কৰক]

অভয়াপুৰীত ভালেসংখ্যক শিক্ষা প্ৰতিষ্ঠান আছে৷ ইয়াৰে ভিতৰত উল্লেখযোগ্য হ'ল- বিদ্যালয়-

  • অভয়েশ্বৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়
  • যোগেন্দ্ৰ নাৰায়ণ সোৱৰণী ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়

মহাবিদ্যালয়-

ৰাজনীতি[সম্পাদনা কৰক]

অভয়াপুৰী বৰপেটা (লোকসভা সমষ্টি)ৰ অন্তৰ্ভুক্ত৷[3]

উল্লেখযোগ্য ঠাই[সম্পাদনা কৰক]

  • ৰাম ৰজাৰ ঘৰ- মোগল ৰাজত্বৰ সৈতে আহোমৰ শৰাইঘাটৰ যুদ্ধৰ সময়ত ৰাজস্থানৰ অম্বাৰ ৰাজত্বৰ ৰামসিংহই খন্দোৱা পুখুৰী
  • লালমাটি-দুৰামাৰি গণেশ মন্দিৰ- ঐতিহাসিক মন্দিৰ
  • লুঙাই পাহাৰ শিৱমন্দিৰ

উল্লেখযোগ্য ব্যক্তি[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "Census of India 2001: Data from the 2001 Census, including cities, villages and towns (Provisional)". Census Commission of India. Archived from the original on 2004-06-16. http://web.archive.org/web/20040616075334/http://www.censusindia.net/results/town.php?stad=A&state5=999। আহৰণ কৰা হৈছে: 2008-11-01. 
  2. "Population Finder". Censusindia.gov.in. http://www.censusindia.gov.in/PopulationFinder/Population_Finder.aspx। আহৰণ কৰা হৈছে: 2012-09-30. 
  3. "List of Parliamentary & Assembly Constituencies". Assam. Election Commission of India. Archived from the original on 2006-05-04. https://web.archive.org/web/20060504181808/http://archive.eci.gov.in/se2001/background/S03/AS_ACPC.pdf। আহৰণ কৰা হৈছে: 2008-10-06.