অভিনৱ বিন্দ্ৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অভিনৱ বিন্দ্ৰা
ব্যক্তিগত তথ্যাৱলী
ৰাষ্ট্ৰীয়তা ভাৰতীয়
গঠন পঞ্জাবী
জন্ম ২৮ ছেপ্টেম্বৰ, ১৯৮২ (৪১ বছৰ)[1]
দেৰাডুন, উত্তৰাখণ্ড, ভাৰত
বাসগৃহ জিৰাকপুৰ, পঞ্জাব, ভাৰত
শিক্ষা বিবিএ
শিক্ষানুষ্ঠান দ্য ডন স্কুল
ছেইণ্ট ষ্টিফেন স্কুল, চণ্ডীগড়
কলোৰাডো বিশ্ববিদ্যালয়
জীৱিকা ক্ৰীড়াব্যক্তিত্ব (শ্বুটাৰ)
উচ্চতা 173 cm (U=ft}})
ওজন ৬৫.৫ কেজি (১৪৪ পাউণ্ড)

অভিনৱ বিন্দ্ৰা (ইংৰাজী: Abhinav Bindra; জন্ম: ২৮ ছেপ্তেম্বৰ ১৯৮২) দেৰাডুনত জন্মগ্ৰহণ কৰে।[1] তেওঁ হৈছে বিশ্ব চেম্পিয়নশ্বিপ আৰু অলিম্পিক গেমছত স্বৰ্ণ পদক বিজয়ী এজন ভাৰতীয় শ্বুটাৰ। তেওঁ সাধৰণতে ১০ মিটাৰ এয়াৰ ৰাইফল বিভাগত প্ৰতিদণ্ডিতা কৰে। বিন্দ্ৰা ২০০৮ বেইজিং অলিম্পিক গেমছত প্ৰথম ভাৰতীয় ক্ৰীড়াবিদ হিচাপে ব্যক্তিগত ইভেণ্টত স্বৰ্ণ পদক জিকে।[2] এয়া আছিল ১৯৮০ বৰ্ষৰ পাছত ভাৰতৰ প্ৰথম স্বৰ্ণ বিজয়, সেইবাৰ পুৰুষ ফিল্ড হকী দলে স্বৰ্ণ পদক জিকিছিল।[3][4] বিন্দ্ৰা হৈছে বিশ্ব চেম্পিয়নশ্বিপ আৰু অলিম্পিক গেমছ উভয় প্ৰতিযোগিতাত বৰ্তমানলৈকে স্বৰ্ণ পদক লাভ কৰা একমাত্ৰ খেলুৱৈ। ২০০৮ বেইজিং গেমছৰ আগেয়ে তেওঁ ২০০৬ আইএছএছএফ বিশ্ব শ্বুটিং চেম্পিয়নশ্বিপত স্বৰ্ণ জিকিছিল। ইয়াৰোপৰি বিন্দ্ৰাই ২০১৪ কমনৱেলথ গেমছতো স্বৰ্ণ জিকিছে।

কৰ্মজীবন[সম্পাদনা কৰক]

প্ৰাথমিক বছৰ[সম্পাদনা কৰক]

বিন্দ্ৰা ১৯৮২ চনৰ ২৮ ছেপ্টেম্বৰত পঞ্জাবি শিখ পৰিয়ালত জন্মগ্ৰহণ কৰে। তেওঁৰ শিক্ষা জীবন আৰম্ভ হয় দি ডন স্কুলত। দুবছৰৰ পিছত তাৰ পৰা চণ্ডীগড়ৰ ছেণ্ট ষ্টিফেন স্কুলত ভৰ্তি হয় আৰু ২০০০ চনত তাৰ পৰাই গেজুৱেছন সম্পন্ন কৰে।

উল্লেখযোগ্য আন্তৰ্জাতিক কৰ্ম[সম্পাদনা কৰক]

১৫ বছৰ বয়সত বিন্দ্ৰা ১৯৯৮ কমনৱেলথ গেমছত অংশগ্ৰহণ কৰে, তেওঁ আছিল এই গেমছৰ ইতিহাসৰ সকলোতকৈ কনিষ্ঠ ক্ৰীড়াবিদ। ২০০১ মিউনিখ বিশ্ব কাপত তেওঁ নতুন যুব অভিলেখেৰে ব্ৰঞ্জ পদক জিকে, স্ক'ৰ আছিল ৫৯৭/৬০০। ইয়াৰোপৰি বিন্দ্ৰা ২০০০ গ্ৰীষ্মকালীন অলিম্পিকৰো সকলোতকৈ কনিষ্ঠ অংশগ্ৰহণকাৰী আছিল। ২০০১ চনলৈকে তেওঁ বিভিন্ন আন্তৰ্জাতিক প্ৰতিযোগিতাত ৬টা স্বৰ্ণ পদক জিকে। ২০০০ চনত বিন্দ্ৰা অৰ্জুন পুৰস্কাৰ আৰু ২০০১ চনত ৰাজীব গান্ধী খেলৰত্ন পুৰস্কাৰেৰে ভূষিত হয়। তেওঁ ২০০২ মানচেষ্টাৰ কমনৱেলথ গেমছত এয়াৰ ৰাইফল বিভাগত পুৰুষৰ দ্বৈত ইভেণ্টত স্বৰ্ণ পদক জিকে। লগতে ব্যক্তিগত ইভেণ্টতো ৰূপৰ পদক জিকে। ২০০৪ এথেন্স অলিম্পিকত বিন্দ্ৰাই অলিম্পিক অভিলেখ ভঙ্গ কৰা সত্ত্বেও কোনো পদক জিকিব নোৱাৰিলে। তেওঁ ৫৯৭ নম্বৰ লাভ কৰি তৃতীয় স্থানত থাকে, আনহাতে কিনান জু (৫৯৯ নতুন অলিম্পিক অভিলেখ) প্ৰথম আৰু উ. লি. জি. (৫৯৮) দ্বিতীয় স্থানত থাকে। ফাইনেলত, অভিনৱে ৯৭.৬ পয়ণ্টত শেষ খেল সামৰে আৰু ১০০তকৈ কম নম্বৰ পোৱা তেওঁ একমাত্ৰ খেলুৱৈ হিচাৰে তৃতীয় স্থানৰ পৰা সপ্তম স্থানলৈ অৱনমিত হয়। ২৪ জুলাই ২০০৬ত, বিন্দ্ৰাই প্ৰথম ভাৰতীয় শ্বুটাৰ হিচাপে ৱৰ্ল্ড চেম্পিয়নশ্বিপত স্বৰ্ণ পদক জিকে। ইয়াৰ আগেয়ে ১৯৬২ চনত কাৰণি সিঙে ৱৰ্ল্ড চেম্পিয়নশ্বিপত স্বৰ্ণ পদক জিকিছিল। ২০০৬ মেলব'ৰ্ন কমনৱেলথ গেমছৰ দ্বৈত বিভাগত স্বৰ্ণ তথা একক বিভাগত ব্ৰঞ্জ পদক লাভ কৰে। আঘাতৰ বাবে বিন্দ্ৰাই দোহাত অনুষ্ঠিত ২০০৬ এছিয়ান গেমছত অংশগ্ৰহণ কৰিব নোৱাৰিছিল।

ব্যবসায়িক কৰ্মজীবন[সম্পাদনা কৰক]

অভিনৱ বিন্দ্ৰা যুক্তৰাষ্ট্ৰেৰ কলোৰাডো বিশ্ববিদ্যালয়ৰ পৰা ব্যবসায় প্ৰশাসন বিষয়ত স্নাতক ডিগ্ৰী অৰ্জন কৰে। বৰ্তমান তেওঁ অভিনৱ ফাৰটুৰিষ্টিকছৰ চি.অ' হিচাপে দায়িত্ব পালন কৰি আছে।

পুৰস্কাৰ আৰু স্বীকৃতি[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 Athlete Biography: Abhinav Bindra. The official website of the Beijing 2008 Olympic Games.
  2. India Best21 (23 June 2016). "List of India's best Sportspeople". IndiaBest21. Archived from the original on 30 August 2017. https://web.archive.org/web/20170830200200/http://indiabest21.com/indiabest21/abhinav-bindra/86/73। আহৰণ কৰা হৈছে: 20 August 2016. 
  3. Abhinav Bindra wins 10m air rifle gold
  4. Medalists – India, The official website of the Beijing 2008 Olympic Games
  5. Padma Awards-2009