আংগামী জাপো ফিজ’

অসমীয়া ৱিকিপিডিয়াৰ পৰা

আংগামী জাপো ফিজ’ (১৯০৩-১৯৯০) এগৰাকী নগা সংগ্ৰামী নেতা ৷ তেওঁৰ নেতৃত্বত নাগা নেশ্যনেল কাউন্সিল (Naga National Council)-এ সশস্ত্ৰ সংগ্ৰামৰ যোগেদি ভাৰতৰ পৰা পৃথক এক দেশৰ দাবী জনাইছিল৷ তেওঁক অনুগামীসকলে ’নগাসকলৰ পিতৃ’ ("Father of the Nagas”)ৰূপে গণ্য কৰে৷

চমু জীৱনী[সম্পাদনা কৰক]

আংগামী জাপো ফিজ’ খনমা গাৱঁৰ মেৰহুমা খেল বা বংশ (Merhuma khel (clan)) ৰ এগৰাকী আংগামী নগা আছিল[1]৷ তেওঁ সদ্য স্বাধীনতাপ্ৰাপ্ত ভাৰত চৰকাৰৰ ৰাজনৈতিক দৰ্শনৰ প্ৰতি আস্থা হেৰুৱায়৷ চৰকাৰৰ বিৰুদ্ধে তেওঁ বাৰ্মা (বৰ্তমানৰ ম্যানমাৰ) ত জাপানী সৈন্যৰ সৈতে মিত্ৰতা কৰি যুদ্ধত অংশ লয়[2] ৷ ব্ৰিটিছৰ ভাৰত ত্যাগৰ সময়ত ফিজ’য়ে ভাৰতবৰ্ষৰ অন্তৰ্ভুক্ত নহৈ পৃথক এক দেশ গঢ়াৰ স্বপ্নৰে অসমীয়া, গাৰো, খাচী, লুচাই, মিকিৰ, আবৰ, মিচিমি আদি বিভিন্ন জাতি-জনজাতিৰ নেতাসকলৰ সৈতে যোগাযোগ কৰে৷ কিন্তু তেওঁৰ এই চেষ্টা বিফল হয়৷ তথাপিও ১৯৪৭ চনৰ ১৪ আগষ্টত তেওঁ নাগালেণ্ডৰ স্বাধীনতা প্ৰাপ্তিৰ ঘোষণা কৰে[3]৷ নাগা নেশ্যনেল কাউন্সিলত ১৯৪০ দশকৰ শেষৰফালে ফিজ’ৰ প্ৰভাৱ বৃদ্ধি পাবলৈ ধৰে৷ ১৯৪৯ চনত জখমা গাৱঁৰ ভিজাৰ আংগামী (Vizar Angami)ক মাত্ৰ এটা ভোটৰ ব্যৱধানত পৰাস্ত কৰি তেওঁ কাউন্সিলৰ চেয়াৰমেন পদ লাভ কৰে[4]৷ তেওঁৰ নেতৃত্বত কাউন্সিলৰ পৃথক স্বাধীন দেশৰ দাবী তীব্ৰতৰ হৈ উঠে৷ তেওঁ নগাসকলক ভাৰতৰ প্ৰথম নিৰ্বাচন বৰ্জনৰ আহ্বান জনায়৷ ১৯৫৪ চনৰ ছেপ্টেম্বৰ মাহত ফিজ’য়ে টুৱেনছাঙৰ চাং মুৰব্বীসকলৰ সহযোগীতাত "People's Sovereign Republic of Free Nagaland” গঠন কৰে৷ ১৯৫৫ চনত খনমা গাঁৱত অনুষ্ঠিত এক সভাত অন্য দুগৰাকী প্ৰভাৱশালী আংগামী নেতা টি চাখৰি (T. Sakhrie) আৰু জে বি জাছ’কি (J. B. Jasokie)-ৰ ফিজ’ৰ সৈতে মনোমালিন্য ঘটে৷ ১৯৫৬ চনৰ জানুৱাৰী মাহত ফিজ’ৰ নিৰ্দেশত চাখৰিৰ হত্যা হয়৷ সেইবছৰৰে ২২ মাৰ্চত তেওঁ নাগা কেন্দ্ৰীয় চৰকাৰ ("Naga Central Government”) গঠন কৰে, যাক ১৯৫৯ চনত "Federal Government of Nagaland" (FGN) নামেৰে নামকৰণ কৰা হয়৷ ১৯৫৬ চনৰ ডিচেম্বৰত ফিজ’ই পূব- পাকিস্তান (বৰ্তমানত বাংলাদেশ) লৈ পলায়ন কৰে৷ তাৰপৰা তেওঁ লণ্ডণ পায়গৈ[5]৷ তাৰপৰাই তেওঁ মৃতু্যপৰ্যন্ত ভাৰতবিৰোধী সংগ্ৰাম অব্যাহত ৰাখে ৷ ১৯৯০ চনত লণ্ডণতে তেওঁৰ মৃত্যু হয়[6]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Guha, Ramachandra (2007) [2007]. India After Gandhi. Pan Macmillan Ltd., London. পৃষ্ঠা. 269–278. ISBN 978-0-330-50554-3. 
  2. S.K. Chaube (1999). Hill Politics in Northeast India. Orient Longman. পৃষ্ঠা. 156. ISBN 81-250-1695-3. 
  3. Christopher A Mullen, ed (1997). UNPO Yearbook, 1996. Kluwer Law International. ISBN 978-90-411-0439-7. OCLC 39055035. 
  4. Chaube, Shibani Kinkar (1999) [1973]. Hill politics in Northeast India. Orient Longman. পৃষ্ঠা. 153–161. ISBN 81-250-1695-3. OCLC 42913576. 
  5. "Integration of the North East: the State Formation Process". Institute of Developing Economies, Japan External Trade Organization. Archived from the original on 2007-10-30. https://web.archive.org/web/20071030212058/http://www.ide.go.jp/English/Publish/Jrp/pdf/jrp_133_01.pdf। আহৰণ কৰা হৈছে: 2008-03-20. 
  6. "Nagaland pays tribute to Phizo son". The Telegraph. 2013-04-29. http://www.telegraphindia.com/1130429/jsp/northeast/story_16837685.jsp#.VBNONmPCX3g. 

লগতে চাওক[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]