আপেল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আপেল
হানিক্ৰিস্প প্ৰজাতিৰ ফল
আপেলেৰ ফুল
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
শ্ৰেণী: Angiosperms
বৰ্গ: Rosales
পৰিয়াল: Rosaceae
গণ: Malus
প্ৰজাতি: Malus domestica
বৈজ্ঞানিক নাম
Malus domestica
Borkh., ১৮০৩
সমাৰ্থক[1][2]
  • Malus communis Desf.
  • Malus pumila Mil.
  • M. frutescens Medik.
  • M. paradisiaca (L.) Medikus
  • M. sylvestris Mil.
  • Pyrus malus L.
  • Pyrus malus var. paradisiaca L.
  • Pyrus dioica Moench

আপেল হৈছে আপেল গছ (বৈজ্ঞানিক নাম: Malus domestica)-ত উৎপাদিত এক খাদ্যফল। বিশ্বব্যাপী আপেল গছৰ খেতি কৰা হয় আৰু ই মালছ গণৰ আটাইতকৈ বহুলভাৱে বিকশিত প্ৰজাতি। এই গছৰ উদ্ভৱ হৈছিল মধ্য এছিয়াত, য'ত ইয়াৰ বনৰীয়া পূৰ্বপুৰুষ মালুছ চিভাৰচি (Malus sieversii) আজিও পোৱা যায়। এছিয়া আৰু ইউৰোপত সহস্ৰাধিক বছৰ ধৰি আপেল উৎপাদন কৰা হৈছিল আৰু ইউৰোপীয় উপনিৱেশসকলে উত্তৰ আমেৰিকালৈ ইয়াক আনিছিল। নৰ্চ, গ্ৰীক আৰু ইউৰোপীয় খ্ৰীষ্টান ঐতিহ্যকে ধৰি বহুতো সংস্কৃতিত আপেলৰ ধাৰ্মিক আৰু পৌত্ৰিক তাৎপৰ্য আছে।

বীজৰ পৰা গছ ৰুলে আপেল গছবোৰ ডাঙৰ হয়। সাধাৰণতে, গছৰ আকাৰ নিয়ন্ত্ৰণ কৰিবৰ বাবে গ্ৰাফ্টিং পদ্ধতিৰে আপেলৰ খেতি কৰা হয়। আপেলৰ ৭,৫০০ৰো অধিক জ্ঞাত প্ৰকাৰ আছে। ৰন্ধিবৰ বাবে, কেঁচাকৈ খাবৰ বাবে বা চাইডাৰ উৎপাদনৰ দৰে অনেক ব্যৱহাৰৰ বাবে বিভিন্ন প্ৰকাৰৰ ভিন্ন স্বাদৰ আপেলৰ খেতি কৰা হয়। আপেল গছসমূহ আৰু ফলবোৰ বহুসংখ্যক ভেঁকুৰ, বেক্টেৰিয়া আৰু কীটৰ দ্বাৰা সহজে আক্ৰান্ত হ'ব পাৰে, আৰু এনে সমস্যাক বহুসংখ্যক জৈৱিক আৰু অ-জৈৱিক উপায়েৰে নিয়ন্ত্ৰণ কৰিব পাৰি। ২০১০ চনত আপেল উৎপাদনৰ ৰোগ নিয়ন্ত্ৰণ আৰু নিৰ্বাচিত প্ৰজননৰ ওপৰত গৱেষণাৰ অংশ হিচাপে এই ফলৰ জিনম চিকুৱেঞ্চিং কৰা হৈছিল।

২০১৮ চনত বিশ্বব্যাপী আপেলৰ উৎপাদন আছিল ৮.৬ কোটি টন, আৰু ইয়াৰে প্ৰায় আধা অংশ উৎপাদন হৈছিল চীনত।[3]

বিৱৰণ[সম্পাদনা কৰক]

আপেল হৈছে এক পাতল গছ, সাধাৰণতে খেতিত ২ৰ পৰা ৪.৫ মিটাৰ (৬ৰ পৰা ১৫ ফুট) ওখ আৰু বনৰীয়া অৱস্থাত ৯ মিটাৰ (৩০ ফুট) পৰ্যন্ত হয়। যেতিয়া খেতি কৰা হয়, আকাৰ, আকৃতি আৰু শাখাৰ ঘনত্ব ৰুটষ্টক বাছনি আৰু ট্ৰিমিং পদ্ধতিৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয়।

ফলবোৰ গ্ৰীষ্মকাল বা শৰৎ কালৰ পৰিপক্ব হয়। ফলবোৰ বিভিন্ন আকাৰত পোৱা যায়। বাণিজ্যিক উৎপাদকসকলে বজাৰৰ পছন্দৰ বাবে ৭ৰ পৰা ৮.৫ ছেণ্টিমিটাৰ ব্যাসৰ আপেল উৎপাদন কৰাত গুৰুত্ব দিয়ে। কিছুমান গ্ৰাহক, বিশেষকৈ জাপানৰ গ্ৰাহকসকলে ডাঙৰ আপেল পছন্দ কৰে। আনহাতে ৫.৫ ছেণ্টিমিটাৰ তলৰ আপেল সাধাৰণতে ৰস তৈয়াৰ কৰাৰ বাবে ব্যৱহাৰ কৰা হয় আৰু এইবোৰৰ বজাৰৰ মূল্য কম হয়। পকা আপেলৰ ছাল সাধাৰণতে ৰঙা, হালধীয়া, সেউজীয়া, গুলপীয়া, বা ৰুচেট ৰঙৰ হয়, যদিও বহুতো দ্বি-বা ত্ৰি ৰঙৰ প্ৰকাৰো পোৱা যায়।[4]

ব্যৱহাৰ[সম্পাদনা কৰক]

আপেলৰ বীজৰ বাহিৰে চালসহ ফলৰ সকলো অংশ মানুহৰ ব্যৱহাৰৰ বাবে উপযুক্ত। বীজ থকা অংশতো সাধাৰণতে খোৱা নহয় আৰু বৰ্জন কৰা হয়। আপেল প্ৰায়ে কেঁচাকৈ খোৱা হয়। কেঁচা ব্যৱহাৰৰ বাবে উৎপাদন কৰা প্ৰকাবোৰক 'টেবল আপেল' বোলা হয়।

আপেল বিভিন্ন ধৰণে খাব পাৰি: ৰস, চালাডত কেঁচাকৈ, বেকিং কৰি পাই বনাই, চ'চত ৰান্ধি আৰু আপেলৰ মাখন তৈয়াৰ কৰি, আৰু অন্যান্য বেকিং ব্যঞ্জন তৈয়াৰ কৰি।[5]

আপেল আৰু আপেলৰ সামগ্ৰী সংৰক্ষণ কৰিবলৈ কেইবাটাও কৌশল ব্যৱহাৰ কৰা হয়। আপেলবোৰ শুকান বা হিমায়িত কৰিব পাৰি বা টিনত ৰাখিব পাৰি।[5] টিনজাত বা হিমায়িত আপেলবোৰ বেকিং বা আন ব্যঞ্জনবোৰত ব্যৱহাৰ কৰা হয়। আপেলৰ ৰস বা চাইডাৰ বটলো তৈয়াৰ কৰা হয়। আপেলৰ ৰস প্ৰায়ে ঘনীকৃত আৰু হিমায়িত হয়।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Dickson, Elizabeth E. (2014), "Malus pumila", in Flora of North America Editorial Committee, Flora of North America North of Mexico (FNA), 9, প্ৰকাশক New York and Oxford, http://www.efloras.org/florataxon.aspx?flora_id=1&taxon_id=200010913 
  2. Karen L. Wilson (2017), "Report of the Nomenclature Committee for Vascular Plants: 66: (1933). To conserve Malus domestica Borkh. against M. pumila Miller", Taxon খণ্ড 66 (3): 742–744, doi:10.12705/663.15 
  3. "Apple production in 2018; Crops/World Regions/Production Quantity". FAOSTAT, UN Food & Agriculture Organization, Statistics Division. 2019. http://www.fao.org/faostat/en/#data/QC। আহৰণ কৰা হৈছে: 12 May 2020. 
  4. Jules Janick; James N. Cummins; Susan K. Brown; Minou Hemmat (1996). "Chapter 1: Apples". Fruit Breeding, Volume I: Tree and Tropical Fruits. John Wiley & Sons, Inc.. পৃষ্ঠা. 9. ISBN 978-0-471-31014-3. Archived from the original on 19 July 2013. http://www.hort.purdue.edu/newcrop/pri/chapter.pdf. 
  5. 5.0 5.1 "Apple Varietals". Washington Apple Commission. Archived from the original on 2 July 2017. https://web.archive.org/web/20170702090222/http://bestapples.com/varieties-information/varieties/। আহৰণ কৰা হৈছে: 7 December 2017.