জুনাগড়

অসমীয়া ৱিকিপিডিয়াৰ পৰা


জুনাগড়
જૂનાગઢ
—  city  —
Gate of Junagadh.jpgজুনাগড় চহৰৰ প্ৰবেশদ্বাৰ
জুনাগড় is located in Gujarat
জুনাগড়
ভৌগোলিক স্থানাংক: 21°31′N 70°28′E / 21.52°N 70.47°E / 21.52; 70.47স্থানাংক: 21°31′N 70°28′E / 21.52°N 70.47°E / 21.52; 70.47
Country ভাৰত
State গুজৰাট
District জুনাগড় জিলা
চৰকাৰ
 - পৰিষদ জুনাগড় পৌৰ নিগম
 - মেয়ৰ জিতেন্দ্ৰভাই হিৰ্পাৰা
মাটিকালি
 - মুঠ ৫৯ কি.মি. 
(২২.৮ বৰ্গ মাইল)
উচ্চতা ১০৭ মিটাৰ (৩৫১.০৫ ফুট)
জনসংখ্যা (২০১১)[1]
 - মুঠ ৩,২০,২৫০ জন
 - জনঘনত্ব ৫,৪২৮ প্ৰতি বৰ্গ কি.মি. 
(১৪,০৫৮.৪ প্ৰতি বৰ্গ মাইল)
Languages
 - Official গুজৰাটী, হিন্দী, ইংৰাজী
সময় অঞ্চল IST (গ্ৰী.মা.স.+5:30)
PIN 362 00X
Telephone code 0285
যানবাহনৰ নম্বৰ GJ-11
Civic agency জুনাগড় পৌৰ নিগম
ৱেবছাইট www.junagadhmunicipal.org

জুনাগড় গুজাৰাট ৰাজ্যত অৱস্থিত এখন জিলা। ‘জুনা’ শব্দৰ অৰ্থ প্ৰাচীন আৰু ‘গড়’ মানে দুৰ্গ। নবাবৰ শাসনাধীন জুনাগড় ১৯৪৮ চনত গণভোটৰ জৰিয়তে ভাৰতৰ অন্তৰ্ভুক্ত কৰা হয়। এই জুনাগড়তে আছে ইতিহাস প্ৰসিদ্ধ জুনাগড় দুৰ্গ। গিৰিনাৰ নামৰ এটা অনুচ্চ পাহাৰৰ ওপৰত জুনাগড় দুৰ্গ অৱস্থিত। ঐতিহাসিক সকলৰ মতে খ্ৰীষ্টপূৰ্ব ৩১৯ত চন্দ্ৰগূপ্ত মৌৰ্যই ইয়াক নিৰ্মাণ কৰোৱাইছিল। পিছত কেইবাবাৰো ইয়াৰ সংস্কাৰ কৰা হয় আৰু এই দুৰ্গৰ পৰিসীমাও বৃদ্ধি পায়। জুনাগড় দুৰ্গৰ ভিতৰত আছে নবাবৰ প্ৰসাদ। ইয়াৰ স্থাপত্য আৰু ভাস্কৰ্য্যত সমসাময়িক কালৰ স্থাপত্য-ভাস্কৰ্য্যৰ নৈপুণ্যৰ স্বাক্ষৰ পৰিলক্ষিত হয়। প্ৰসাদটোৰ বিপৰীত দিশত আছে দৰবাৰ মহল। ইয়াতে নবাবৰ ঘাই সভা অনুষ্ঠিত হৈছিল। প্ৰসাদটোত থকা গোলাকাৰ স্তম্ভবোৰত শিলত কটা বহু দৃষ্টিনন্দন নক্সা আছে। দুৰ্গটোৰ অভ্যন্তৰত কেইবাটাও বৌদ্ধ গুহা আৱিষ্কাৰ হৈছে। ঐতিহাসিকসকলৰ মতে মনোমুগ্ধকৰ শিল্পসম্ভাৰেৰে সমৃদ্ধ এই বৌদ্ধ গুহাবোৰ প্ৰায় ডেৰ হাজাৰ বছৰৰ আগেয়ে নিৰ্মিত। [2]

তথ্য সংগ্ৰহ:[সম্পাদনা কৰক]

  1. "Provisional Population Totals, Census of India 2011; Cities having population 1 lakh and above" (pdf). Office of the Registrar General & Census Commissioner, India. http://www.censusindia.gov.in/2011-prov-results/paper2/data_files/India2/Table_2_PR_Cities_1Lakh_and_Above.pdf। আহৰণ কৰা হৈছে: 27 March 2012. 
  2. শান্তনু কৌশিক বৰুৱা, জ্ঞানাঞ্জন, প্ৰান্তিক, সংখ্যা: ১-১৫ ছেপ্টেম্বৰ, ২০১৪, পৃষ্ঠা: ৩০

বাহ্যিক সংযোগ[সম্পাদনা কৰক]