নয়নতৰা চেহগল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নয়নতৰা চেহগল

এখন সংবাদ মেলত নয়নতৰা চেহগল
জন্ম ১০ মে', ১৯২৭ (৯৬ বছৰ)
এলাহাবাদ, ব্ৰিটিছ ভাৰত
পেচা লেখক
ৰাষ্ট্ৰীয়তা ভাৰতীয়
মাতৃশিক্ষায়তন ৱেলেছলি কলেজ
সময় বিংশ শতিকা
ধৰণ ৰাজনীতি, নাৰীবাদ
সন্তান গীতা চেহগল
আত্মীয়-স্বজন ৰঞ্জিত সীতাৰাম পণ্ডিত (পিতৃ)
বিজয়লক্ষ্মী পণ্ডিত (মাতৃ)
জৱাহৰলাল নেহৰু (খুড়া)
ইন্দিৰা গান্ধী (খুড়াৰ ছোৱালী)

নয়নতৰা চেহগল (ইংৰাজী: Nayantara Sahgal; জন্ম: ১০ মে' ১৯২৭) হ'ল এগৰাকী ভাৰতীয় লেখক, যি ইংৰাজী ভাষাত লেখা-মেলা কৰে। তেওঁ নেহৰু-গান্ধী পৰিয়ালৰ সদস্য। জৱাহৰলাল নেহৰুৰ ভগ্নী বিজয়লক্ষ্মী পণ্ডিতৰ তিনি গৰাকী জীয়ৰীৰ তেওঁ দ্বিতীয় গৰাকী।

১৯৮৬ চনত তেওঁৰ ইংৰাজী উপন্যাস ৰিচ লাইক আচৰ বাবে তেওঁক সাহিত্য অকাডেমি বঁটা প্ৰদান কৰা হয়।[1]

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

চেহগলৰ দেউতাক ৰঞ্জিত সীতাৰাম পণ্ডিত কাথিয়াবাৰৰ এজন বেৰিষ্টাৰ আছিল। তেওঁ এগৰাকী ধ্ৰুপদী পণ্ডিত আছিল, যি 'কলহন'ৰ 'ৰাজতৰংগিনী' সংস্কৃতৰপৰা ইংৰাজীলৈ অনুবাদ কৰিছিল। ভাৰতৰ স্বাধীনতা যুঁজলৈ আগবঢ়োৱা তেওঁৰ সমৰ্থনৰ বাবে তেওঁক আটক কৰা হয় আৰু ১৯৪৪ চনত লক্ষ্ণৌৰ এখন ফাটেকত তেওঁৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁ পত্নী বিজয়লক্ষ্মী পণ্ডিত আৰু তিনিগৰাকী কন্যা ক্ৰমে চন্দ্ৰলেখা মেহতা, নয়নতৰা চেহগল আৰু ৰীতা ডৰক এৰি থৈ যায়।

চেহগলৰ মাক বিজয়লক্ষ্মী পণ্ডিত মতিলাল নেহৰুৰ জীয়ৰী আৰু ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰুৰ ভণীয়েক। ভাৰতীয় স্বাধীনতা সংগ্ৰামত বিজয়লক্ষ্মী পণ্ডিত এগৰাকী সক্ৰিয় কৰ্মী আছিল আৰু এই কাৰণতে ১৯৪৬ চনত কাৰাবাসলৈ গৈছিল আৰু ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত, বিজয়লক্ষ্মী পণ্ডিতে ভাৰতৰ গণসভাৰ সদস্য, কেইবাখনো ভাৰতীয় ৰাজ্যৰ ৰাজ্যপাল আৰু ছোভিয়েট ইউনিয়ন, আমেৰিকা যুক্তৰাজ্য, মেক্সিকো, চেণ্ট জেমছ, আয়াৰলেণ্ডৰ আদালত আৰু ৰাষ্ট্ৰসংঘত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে কাম কৰিছিল।

মেক্সিকোত ফ্ৰিদা কাল'ৰ সৈতে চেহগল (১৯৪৭)[2]

বিগত বছৰবোৰত (১৯৩৫-৪৭) ভাৰতীয় স্বাধীনতা সংগ্ৰামে নেহৰু পৰিয়াললৈ কঢ়িয়াই অনা অশান্তিৰ ফলস্বৰূপে চেহগলে ছোৱালী হিচাপে কেইবাখনো বিদ্যালয় সালসলনি কৰিছিল। অৱশেষত, তেওঁ ১৯৪৩ চনত লেণ্ডাৰৰ হিমালয় পাহাৰ ষ্টেচনৰ উডষ্টক স্কুলৰ পৰা উৰ্ত্তীণ হয় আৰু পিছত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱেলেছলি কলেজৰ (বিএ, ১৯৪৭) পৰা স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁ তেওঁৰ ভগ্নী চন্দ্ৰলেখাৰ সৈতে ইয়াত পঢ়া-শুনা কৰিছিল, যি ২ বছৰ আগতে অৰ্থাৎ১৯৪৫ চনত ইয়াৰপৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল। তেওঁ লেণ্ডাৰৰ ওচৰৰ এখন চহৰ দেৰাদুনত বহু দশক ধৰি ঘৰ কৰি আহিছে য'ত তেওঁ বৰ্ডিং স্কুলত (উডষ্টক) কাম কৰে।[3]

বিবাহ আৰু কেৰিয়াৰ[সম্পাদনা কৰক]

'মিচটেকেন আইডেণ্টিটি' কিতাপৰ উন্মোচনী অনুষ্ঠানত ভাষণৰত অৱস্থাত নয়নতৰা

চেহগালৰ দুবাৰ বিয়া হৈছে, তেওঁৰ প্ৰথম স্বামী গৌতম চেহগল আৰু পিছৰ স্বামী এজন পঞ্জাবী খ্ৰীষ্টান ই.এন. মংগত ৰায় এজন ভাৰতীয় অসামৰিক সেৱাৰ বিষয়া আছিল।[4] নেহৰু পৰিয়ালৰ বংশোদ্ভৱ হিচাপে, চেহগলে তেওঁৰ স্বতন্ত্ৰ সমালোচনামূলক ব্যক্তিত্ব বজাই ৰাখিছিল।[5] ইন্দিৰা গান্ধীয়ে ক্ষমতালৈ উভতি অহাৰ কিছু দিনৰ ভিতৰত ইটালীত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে চেহগলৰ নিৰ্ধাৰিত নিযুক্তি বাতিল কৰিছিল।[6][7][8]

নাৰীবাদ, পুঁজিবাদ আৰু বৰ্ণবাদ ওপৰত লিখা-মেলা কৰা লেখিকা আৰু সাংবাদিক গীতা চেহগল তেওঁৰ জীয়ৰী। গীতা পুৰস্কাৰ প্ৰাপ্ত তথ্যচিত্ৰৰ পৰিচালক আৰু এগৰাকী মানৱ অধিকাৰ কৰ্মী।[9]

৬ অক্টোবৰ ২০১৫ তাৰিখে, যুক্তিবাদী গোবিন্দ পানচাৰে, নৰেন্দ্ৰ দাভোলকাৰ আৰু এম. এম কালবুৰ্গী আৰু দাদৰী মব লিঞ্চিং ঘটনাৰ[10] পিছত তেওঁ এই ঘটনাক "দেশত অসহিষ্ণুতা বৃদ্ধি আৰু ভিন্নমতৰ অধিকাৰক সমৰ্থন" আখ্যা দি প্ৰতিবাদ স্বৰূপে তেওঁৰ সাহিত্য অকাডেমি বঁটা ঘূৰাই দিয়ে; ইয়াৰ বাবে ২০১৭ চনত এয়া সাংস্কৃতিক অধিকাৰ বুলি ৰাষ্ট্ৰসংঘৰ নিৰীক্ষক কৰিমা বেননৌনে তেওঁক প্ৰশংসা কৰিছিল।[11] ২০১৮ চনৰ ছেপ্টেম্বৰত তেওঁ পেন ইণ্টাৰনেচনেলৰ উপ-সভাপতি হিচাপে নিৰ্বাচিত হৈছিল।[12]

গ্ৰন্থপঞ্জী[সম্পাদনা কৰক]

  • প্ৰিজন এণ্ড চকলেট কেক (স্মৃতিকথা; ১৯৫৪)
  • ফ্ৰম ফিয়েৰ চেট ফ্ৰি (স্মৃতিকথা; ১৯৬৩)
  • আ টাইম টু বি হেপ্পি (উপন্যাস; ১৯৬৩)
  • ডিজ টাইম অৱ মৰ্ণিং (উপন্যাস: ১৯৬৩)
  • ষ্ট্ৰম ইন চণ্ডীগড় (উপন্যাস: ১৯৬৫)
  • দ্য ফ্ৰীডম মুভমেণ্ট ইন ইণ্ডিয়া (১৯৭০)
  • চানলাইট চাৰাউণ্ডচ্‌ ইউ (উপন্যাস: ১৯৭০)
  • দ্য ডে ইন চে'ড (উপন্যাস: ১৯৭১)
  • আ ভইচ অৱ ফ্ৰীডম (১৯৭৭)
  • প্লেনচ্‌ ফ'ৰ ডিপাৰচাৰ (উপন্যাস: ১৯৮৫)
  • ৰিচ লাইক আচ (উপন্যাস: ১৯৮৫)
  • মিচটেকেন আইডেণ্টিটি (উপন্যাস; ১৯৮৮)
  • আ চিটুৱেচন ইন নিউ দেল্‌হি (উপন্যাস; ১৯৮৯)
  • লেজাৰ ব্ৰিডচ্‌ (উপন্যাস; ২০০৩)
  • ৰিলেচনশ্বিপ (নয়নতৰা ছেহগল আৰু ই এন মংগত ৰায়ৰ মাজত আদান-প্ৰদান হোৱা চিঠিৰ সংকলন, ১৯৯৪)[13][14]
  • বিফ'ৰ ফ্ৰীডম: নেহৰুজ লেটাৰচ্‌ টু হিজ চিষ্টাৰ ১৯০৯-১৯৪৭ (নয়নতৰা ছেহগলৰ দ্বাৰা সম্পাদিত)
  • দ্য ফেইট অৱ বাটাৰফ্লাইচ্‌ (২০১৯)

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Sahitya Akademi Awards listings". Sahitya Akademi, Official website. http://sahitya-akademi.gov.in/sahitya-akademi/awards/akademi_awards.jsp। আহৰণ কৰা হৈছে: 2 March 2011. 
  2. Prashad, Vijay. "Flashback: How Mexican artist Frida Kahlo came to be photographed in a sari" (en-US ভাষাত). Scroll.in. https://scroll.in/article/837352/flashback-how-mexican-artist-frida-kahlo-came-to-photographed-in-a-sari. 
  3. Sahgal, Nayantara (13 October 2014). "At home in Dehradun: From Hindus to Muslims and Christians to Buddhists--revelling in the multi-cultural hues of the Doon Valley" (en ভাষাত). www.outlookindia.com. https://www.outlookindia.com/outlooktraveller/travelnews/story/45394/at-home-in-dehradun। আহৰণ কৰা হৈছে: 24 December 2019. 
  4. Choudhury, Sonya Dutta (2014-11-02). "Snippets from a rich life" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/books/literary-review/biography-of-nayantara-sahgal-by-ritu-menon/article6555161.ece. 
  5. "Nayantara Sahgal | Jaipur Literature Festival". jaipurliteraturefestival.org. https://jaipurliteraturefestival.org/archive/jlfspeakers/nayantara-sahgal-2/। আহৰণ কৰা হৈছে: 2019-05-25. 
  6. "Nayantara Sahgal -- English writer: The South Asian Literary Recordings Project". Library of Congress New Delhi OfficeLibrary of Congress. https://www.loc.gov/acq/ovop/delhi/salrp/nayantarasahgal.html. 
  7. Choubey, Asha. "Food Metaphor. A Champion's Cause: A Feminist Study of Nayantara Sahgal's Fiction with Special Reference to Her Last Three Novels". Postcolonial Web. http://www.postcolonialweb.org/india/literature/choubey2.html. 
  8. "Bookshelf: Nayantara Sahgal". South Asian Women's NETwork. http://www.sawnet.org/books/authors.php?Sahgal+Nayantara. 
  9. "Vijaya Lakshmi Pandit". www.allahabaddekho.com. Archived from the original on 22 December 2019. https://web.archive.org/web/20191222092019/http://allahabaddekho.com/Home/Vijaya_lakshmi_pandit। আহৰণ কৰা হৈছে: 24 December 2019. 
  10. Ramachandran, Smriti Kak; Raman, Anuradha (6 October 2015). "Nayantara Sahgal protests Dadri lynching, returns Akademi award". The Hindu. http://www.thehindu.com/news/nayantara-sahgal-to-return-her-sahitya-akademi-award/article7730676.ece. 
  11. "UN Body Praises Author Nayantara Sahgal For Returning Sahitya Akademi Award After Dadri Lynching". Outlook India. 26 October 2017. https://www.outlookindia.com/website/story/un-body-praises-author-nayantara-sahgal-for-returning-sahitya-akademi-award-afte/303482। আহৰণ কৰা হৈছে: 28 October 2017. 
  12. "The 84th PEN International Congress closes in India with a focus on free expression and women writers". peninternational.org. Archived from the original on 2020-08-04. https://web.archive.org/web/20200804064852/https://pen-international.org/news/the-84th-pen-international-congress-closes-in-india-with-a-focus-on-free-expression-and-women-writers। আহৰণ কৰা হৈছে: 2019-09-04. 
  13. Alok Rai (30 June 1994). "Lost labour". India Today. http://indiatoday.intoday.in/story/book-review-nayantara-sahgal-and-e-n-mangat-rai-relationship-extracts-from-a-correspondence/1/293578.html। আহৰণ কৰা হৈছে: 4 March 2015. 
  14. Nayantara Sahgal, E.N.Mangat Rai. Relationship. Harper Collins. পৃষ্ঠা. 336. ISBN 9788172236823.