নাদিৰা বব্বৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নাদিৰা বব্বৰ

ভোপালৰ ভাৰত ভৱনত বব্বৰ, মে ২০১৬
জন্ম ২০ জানুৱাৰী, ১৯৪৮ (৭৬ বছৰ)
বোম্বে, বোম্বে ষ্টেট, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা থিয়েটাৰ অভিনেত্ৰী, পৰিচালক
সক্ৰিয় হৈ থকা সময় ১৯৮০- বৰ্তমানলৈ
দাম্পত্যসঙ্গী ৰাজ বব্বৰ
পিতৃ-মাতৃ শাজিদ জাহিৰ (পিতৃ)
ৰেজিয়া শাজিদ জাহিৰ (মাতৃ)
সন্তান আৰ্য বব্বৰ
জুহী বব্বৰ

নাদিৰা বব্বৰ (ইংৰাজী: Nadira Babbar ; জন্ম ২০ জানুৱাৰী ১৯৪৮) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু থিয়েটাৰৰ অভিনেত্ৰী আৰু পৰিচালক। ২০০১ চনত তেওঁ সংগীত নাটক একাডেমী বঁটা পাইছে। ভাৰতীয় থিয়েটাৰৰ তেওঁ এটা প্ৰতিষ্ঠিত নাম, যি মুম্বাই ভিত্তিক একজুটে নামৰ হিন্দী থিয়েটাৰ দল এটাৰ সৈতে জড়িত।[1]

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

নাদিৰাই ১৯৪৮ চনৰ ২০ জানুৱাৰীত জন্ম গ্ৰহণ কৰে। তেওঁৰ দেউতাক আছিল কমিউনিষ্ট নেতা চৈয়দ সাজ্জাদ জাহিৰ আৰু মাক আছিল উৰ্দু লেখক ৰাজিয়া জাহিদ। মাক-দেউতাকৰ চাৰিজনী কন্যা সন্তানৰ নাদিৰা আছিল তৃতীয়জনী। আন তিনিজনী হ’ল- নাজমা আলী বাকেৰ, নাচিম ভাটিয়া আৰু নুৰ সাজ্জাদ জাহিৰ। তেওঁৰ দেউতাক প্ৰগ্ৰেচিভ ৰাইটাৰ্চ এছোচিয়েন আৰু ভাৰতীয় গণনাট্য সংঘৰ সৈতে জড়িত আছিল। নাদিৰাই ১৯৭১ চনত নতুন দিল্লীৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছে।[2] তেওঁ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ পৰা স্বৰ্ণপদক পোৱাৰ উপৰিও পিছলৈ বৃত্তি লৈ জাৰ্মানীলৈ গৈছিল। তেওঁ গ্ৰ’টোভিস্কি আৰু পিটাৰ ব্ৰুকচৰ দৰে প্ৰথিতযশা পৰিচালকৰ সৈতে কাম কৰাৰো সুযোগ পাইছিল।[3]

কৰ্মজীৱন[সম্পাদনা কৰক]

১৯৮১ চনত নতুন দিল্লীত থিয়েটাৰ দল একজুতে আৰম্ভ কৰে।[1] তেওঁলোকৰ প্ৰথম প্ৰযোজনা ইহুদী কী লড়কী, যিখন নাটকে পাৰ্চী থিয়েটাৰ শৈলীক পুনৰ্জাগৰিত কৰিছিল এই নাট্য শৈলীৰ এখন শ্ৰেষ্ঠ নাট বুলি বিবেচনা কৰা হয়।[4] দলটোৱে বহু বছৰ ধৰি শান্তা গান্ধী ৰচিত ভৱাই শৈলীৰ সঙ্গীত নাটক জচমা ওধান মঞ্চস্থ কৰিছিল। নাদিৰাই ১৯৮৮ চনত মুম্বাইলৈ আহে আৰু তাত এই নাট্য দলটো পুনৰ প্ৰতিষ্ঠা কৰে।[5]


বিগত ৩০ বছৰ ধৰি একজুটেই ৬০খনতকৈও অধিক নাট উপহাৰ পৰিবেশন কৰিছে, যাৰ ভিতৰত আছে- সন্ধ্যা ছায়া, লুক বেক ইন এঙ্গাৰ, বল্লভপুৰ কী ৰূপকথা, বাত লাট কী হালত কী, ভৰম কে ভুত, সুভাষ আনাৰকলী আৰু বেগম জান। ইয়াৰ বাদে তেওঁ ৰচনা কৰা নাটকো কেইখন আছে- দয়াশংকৰ কী ডায়েৰী (১৯৯৭),সাক্কু বাই (১৯৯৯),সুমন ঔৰ সানা আৰু জী জেইসী আপকী মৰ্জি[6][7] ইয়াত ৰাজ বব্বৰ, সতীশ কৌশিক আৰু কিৰণ খেৰৰ দৰে প্ৰখ্যাত অভিনয় শিল্পীয়ে কাম কৰিছে।[1]

১৯৯০ চনত একজুটেই একজুটে তৰুণ পিপ’লছ্ থিয়েটাৰ গ্ৰুপ প্ৰতিষ্ঠা কৰে। এই দলটোৱে আও পিকনিক চলে আৰু আজডাক কা ইনচাফ প্ৰযোজনা কৰিছে।[8] ২০১১ চনত দলটোৱে ৩০ বছৰীয়া প্ৰতিষ্ঠা দিৱস পালন কৰে। এই উপলক্ষে মুম্বাইপৃথ্বী থিয়েটাৰথাৰ্টি ইয়েৰ কাৰাভান ২০১১ শীৰ্ষক সপ্তাহ জোৰা উৎসৱ পালন কৰে।[1][9][10]

নাদিৰাক চলমন খানে অভিনয় কৰা জয় হ (২০১৪) ছবিত দেখা গৈছে। ২০১৬ চনত তেওঁ চানী দেউলৰ ঘায়ল ৱানচ্ এগেইনত অভিনয় কৰে।[11]

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ত তেওঁ স্বামী ৰাজ বব্বৰক লগ পাইছিল। তেওঁলোকৰ পুত্ৰ আৰিয়া বব্বৰ হিন্দী চলচ্চিত্ৰ এজন অভিনেতা আৰু জীয়ৰী জুহী বব্বৰ এজনী ফেচন ডিজাইনাৰ। জীয়ৰীয়ে অভিনয় কৰাৰ উপৰিও নাদিৰাৰ নাটকসমূহৰ সাজ-পোচাক ডিজাইন কৰে।[1]

তথ্য উৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 "Three decades of drama". Mint. 14 April 2011. http://www.livemint.com/2011/04/14222327/Three-decades-of-drama.html?h=C. 
  2. NSD Graduates Archived 18 July 2011 at the Wayback Machine
  3. "Nadira Babbar at indiatimes". Archived from the original on 30 January 2008. https://web.archive.org/web/20080130160215/http://chat.indiatimes.com/Nadira_Babbar/articleshow/5759617.cms। আহৰণ কৰা হৈছে: 28 October 2007. 
  4. "Indian theatre at the crossroads". The Tribune. 25 June 2000. http://www.tribuneindia.com/2000/20000625/spectrum/main9.htm। আহৰণ কৰা হৈছে: 2014-08-27. 
  5. "Stagecraft". The Times of India. 10 July 2003. http://timesofindia.indiatimes.com/city/bombay-times/Stagecraft/articleshow/68292.cms. 
  6. Mission to stage The Tribune, Chandigarh, 26 June 2005.
  7. "Magazine: Mumbai", The Hindu, 2003-05-11, archived from the original on 2012-11-06, https://web.archive.org/web/20121106070232/http://www.hindu.com/mag/2003/05/11/stories/2003051100400500.htm, আহৰণ কৰা হৈছে: 2010-07-12, "Snippet: ... Prithvi hosts two performances of Nadeera Babbar's "Shabash Anarkali" ..." 
  8. Ekjute
  9. "Turning Thirty". Hindustan Times (Mumbai). 14 April 2011. Archived from the original on 25 January 2013. https://archive.today/20130125202913/http://www.hindustantimes.com/Turning-thirty/Article1-685146.aspx. 
  10. "Nadira Babbar's theatre group celebrates 30th anniversary". DNA. 14 April 2011. http://www.dnaindia.com/entertainment/report_nadira-babbar-s-theatre-group-celebrates-30th-anniversary_1531991. 
  11. http://www.mid-day.com/articles/nadira-babbar-cast-in-sunny-deols-ghayal-returns/16054154

বাহ্যিক সংযোগ[সম্পাদনা কৰক]