পি ভি নৰসিংহ ৰাও

অসমীয়া ৱিকিপিডিয়াৰ পৰা


P. V. Narasimha Rao
9th Prime Minister of India
কাৰ্যকাল
21 June 1991 – 16 May 1996
ৰাষ্ট্ৰপতি R. Venkataraman
Shankar Dayal Sharma
পূৰ্বসূৰী Chandra Shekhar
উত্তৰসূৰী Atal Bihari Vajpayee
Minister of Defence
কাৰ্যকাল
6 March 1993 – 16 May 1996
পূৰ্বসূৰী Sharad Pawar
উত্তৰসূৰী Pramod Mahajan
কাৰ্যকাল
31 December 1984 – 25 September 1985
প্ৰধানমন্ত্ৰী Rajiv Gandhi
পূৰ্বসূৰী Rajiv Gandhi
উত্তৰসূৰী Shankarrao Chavan
Minister of External Affairs
কাৰ্যকাল
31 March 1992 – 18 January 1993
পূৰ্বসূৰী Madhavsinh Solanki
উত্তৰসূৰী Dinesh Singh
কাৰ্যকাল
25 June 1988 – 2 December 1989
প্ৰধানমন্ত্ৰী Rajiv Gandhi
পূৰ্বসূৰী Rajiv Gandhi
উত্তৰসূৰী V. P. Singh
কাৰ্যকাল
14 January 1980 – 19 July 1984
প্ৰধানমন্ত্ৰী Indira Gandhi
পূৰ্বসূৰী Shyam Nandan Prasad Mishra
উত্তৰসূৰী Indira Gandhi
Minister of Home Affairs
কাৰ্যকাল
12 March 1986 – 12 May 1986
প্ৰধানমন্ত্ৰী Rajiv Gandhi
পূৰ্বসূৰী Shankarrao Chavan
উত্তৰসূৰী Sardar Buta Singh
কাৰ্যকাল
19 July 1984 – 31 December 1984
প্ৰধানমন্ত্ৰী Indira Gandhi
Rajiv Gandhi
পূৰ্বসূৰী Prakash Chandra Sethi
উত্তৰসূৰী Shankarrao Chavan
Chief Minister of Andhra Pradesh
কাৰ্যকাল
30 September 1971 – 10 January 1973
ৰাজ্যপাল Khandubhai Kasanji Desai
পূৰ্বসূৰী Kasu Brahmananda Reddy
উত্তৰসূৰী President's Rule
ব্যক্তিগত তথ্য
জন্ম ২৮ জুন, ১৯২১
Vangara, Hyderabad State, British India
(now in Andhra Pradesh, India)
মৃত্যু ২৩ ডিচেম্বৰ, ২০০৪ (৮৩ বছৰ)
New Delhi, Delhi, India
ৰাষ্ট্ৰীয়তা Indian
ৰাজনৈতিক দল Indian National Congress
দাম্পত্যসঙ্গী Satyamma Rao (d. 1970)
শিক্ষানুষ্ঠান Osmania University
Fergusson College
জীৱিকা Lawyer
Activist
Poet

পামুলাপাৰ্তি ভেংকট নৰসিংহ ৰাও (ইংৰাজী: Pamulaparti Venkata Narasimha Rao, তেলেগু: పాములపర్తి వేంకట నరసింహ రావు, ২৮ জুন ১৯২১ – ২৩ ডিচেম্বৰ ২০০৪), আইনজীৱী আৰু ৰাজনীতিবিদ, ১৯৯১-ৰ পৰা ১৯৯৬-লৈকে ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল।[1] ৰাও চৰকাৰে ভাৰতৰ এক গুৰুত্বপূৰ্ণ অৰ্থনৈতিক সংস্কাৰৰ বাবে পদক্ষেপ লয়। একে সময়তে চৰকাৰখন ৰাষ্ট্ৰীয় সুৰক্ষাৰ বাবে গুৰুত্বপূৰ্ণ কেইবাটাও ঘটনাৰ সন্মুখীন হয়[2]। নিজৰ হাতত ব্যৱসায় আৰু উদ্যোগ দপ্তৰ ৰখা ৰাৱে ভাৰতৰ "লাইচেন্স ৰাজ"ৰো অৱসান ঘটায়।[3]। তেওঁক কেতিয়াবা "ভাৰতৰ অৰ্থনৈতিক সংস্কাৰৰ জনক" বুলিও কোৱা হয়।[4][5]

পৰৱৰ্তী প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী আৰু মনমোহন সিঙেও ৰাওৰ অৰ্থনৈতিক সংস্কাৰৰ নীতিসমূহক আগবঢ়াই নিয়ে। ৰাৱে ৰাজীব গান্ধীৰ দিনৰ সমাজবাদী নীতিসমূহ আঁতৰাই লাইচেন্স ৰাজ"ৰ অৱসানৰ গতি খৰতকীয়া কৰে। ১৯৯১ ত তেওঁ অৰ্থনৈতিকভাবে প্ৰায় ভাগি পৰা ভাৰতৰ পৰিত্ৰাণৰ বাবে ইন্টাৰনেশ্যনেল মনিটেৰী ফাণ্ডৰ নীতিসমূহৰ আধাৰত ভাৰতীয় দৃষ্টিভংগীৰ পৰা গ্ৰহণ কৰি দেশৰ এক ঐতিহাসিক অৰ্থনৈতিক সংস্কাৰৰ বাবে মনমোহন সিঙক বিত্তমন্ত্ৰী নিযুক্তি দিয়ে[3]এক সংখ্যালঘু চৰকাৰৰ নেতা হৈও অৰ্থনৈতিক আৰু ৰাজনৈতিক আইনসমূহ সংসদত উত্থাপন আৰু অনুমোদন কৰোৱাৰ ক্ষমতাৰ বাবে তেওঁক চাণক্য আখ্যা দিয়া হয়।[6][7]

ভাৰতৰ একাদশ ৰাষ্ট্ৰপতি এ পি জে আবুল কালামৰ মতে ৰাৱ এজন "দেশপ্ৰেমীক ৰাজনেতা যি দেশৰ স্বাৰ্থ যিকোনো ৰাজনীতি তন্ত্ৰতকৈ উৰ্ধত বুলি ভাবিছিল"। কালামে আৰু কৈছিল যে ৰাৱে ১৯৯৬ চনতে তেওঁক পাৰমাণৱিক পৰীক্ষাৰ বাবে সাজু হ'বলৈ কৈছিল যদিও ১৯৯৬ চনৰ সাধাৰণ নিৰ্বাচনত চৰকাৰ সলনি হোৱাৰ হেতুকে তেতিয়া কৰিব পৰা নগ'ল যদিও পাছৰ বাজপায়ী চৰকাৰৰ দিনত কৰা হ'ল।

ৰাওৰ সময়তে কংগ্ৰেছৰ বিকল্প হিচাবে ভাৰতীয় জনতা পাৰ্টিৰ (বি জে পি) উত্থান ঘটে। চৰকাৰখনে উত্তৰ প্ৰদেশৰ বি জে পিৰ কল্যান সিং চৰকাৰৰ সময়ত অযোধ্যাত বাবৰি মছজিদ ধ্বংসক লৈ স্বাধীনতাৰ পাছত হোৱা চৰম দুৰ্ভাগ্যজনক হিন্দু-মুছলমান সংঘৰ্ষৰো সন্মুখীন হ'ব লগা হয়[8]

ব্যক্তিগত হিচাবে ৰাও সাহিত্য, কম্পিউটাৰ চফ্টৱেৰ আদি বিভিন্ন বিষয়ত জিজ্ঞাসু আছিল[9]। তেওঁ ১৭ টা ভাষা ক'ব পাৰিছিল[10][11]

২০০৪ চনত হৃদযন্ত্ৰৰ মাইকৰ্ডিয়েল ইনফ্ৰেকশ্যনৰ ফলত ৰাওৰ দেহাৱসান হয়। হাইদৰাবাদত তেওঁৰ অন্তিম সংস্কাৰ কৰা হয়।[12]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Prime Ministers of India. Indian PM's official website. Retrieved 2 March 2007.
  2. Narasimha Rao – a Reforming PM. BBC News (23 December 2004). Retrieved 2 March 2007.
  3. 3.0 3.1 Arvind Kumar, Arun Narendhranath (3 October 2001). India must embrace unfettered free enterprise. Daily News and Analysis.
  4. PV Narasimha Rao Remembered as Father of Indian Economic Reforms. VOA News (23 December 2004).
  5. "Narasimha Rao led India at crucial juncture, was father of economic reform: Pranab". 31 December 2012. Archived from the original on 20 May 2013. https://web.archive.org/web/20130520071110/http://articles.timesofindia.indiatimes.com/2012-12-31/india/36078990_1_economic-reforms-president-pranab-mukherjee-finance-minister। আহৰণ কৰা হৈছে: 25 January 2013. 
  6. V. Venkatesan (1–14 January 2005). "Obituary: A scholar and a politician". Frontline খণ্ড 22 (1). Archived from the original on 30 January 2010. https://web.archive.org/web/20100130013320/http://www.hinduonnet.com/fline/fl2201/stories/20050114008013000.htm। আহৰণ কৰা হৈছে: 30 March 2010. 
  7. PV Narasimha Rao Passes Away. Retrieved 7 October 2007. Archived 1 November 2007 at the Wayback Machine
  8. BBC On This Day, 1992: Mob rips apart mosque in Ayodhya. BBC News.
  9. "The meek inheritor". India Today. 15 July 1991. Archived from the original on 17 Nov 2013. https://web.archive.org/web/20131117090315/http://indiatoday.intoday.in/story/prime-minister-narasimha-rao-a-faithful-but-unambitious-congressman/1/318533.html। আহৰণ কৰা হৈছে: 17 November 2013. "Rao was one of the first converts to the new technology. Today, he is so adept with the machines that along with the 10 Indian and four foreign languages, Rao has also taught himself some computer languages and is now able to programme them." 
  10. "PVN - Obituary". 23 December 2004. Archived from the original on August 28, 2013. https://web.archive.org/web/20130828224716/http://www.theguardian.com/news/2004/dec/24/guardianobituaries.india। আহৰণ কৰা হৈছে: 17 November 2013. 
  11. "'PV': A scholar, a statesman". December 23, 2004. Archived from the original on 7 Apr 2010. https://web.archive.org/web/20100407134414/http://www.rediff.com/news/2004/dec/23rao2.htm। আহৰণ কৰা হৈছে: 17 November 2013. "A Sahitya Ratan in Hindi, Rao was fluent in several languages, including Spanish." 
  12. Narasimha Rao cremated. thehindubusinessline.com (26 December 2004). Retrieved 18 April 2007.