বালি, ইণ্ডোনেছিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বালি
ᬩᬮᬶ
Bālī
—  প্ৰদেশ  —
Tanah-Lot Bali Indonesia Pura-Tanah-Lot-01.jpgবালিৰ বিখ্যাত তানাহ লট মন্দিৰ

পতাকা
বালিৰ মোহৰ
মোহৰ
নীতি বাক্য: ᬩᬮᬶ ᬤ᭄ᬯᬶᬧ ᬚᬬ
বালি দ্বীপা জয়া (বালীয়)
(অৰ্থ: সমৃদ্ধময় বালি দ্বীপ)
ইণ্ডোনেছিয়াত বালিৰ অৱস্থান
ইণ্ডোনেছিয়াত বালিৰ অৱস্থান
দেশ ইণ্ডোনেছিয়া
ৰাজধানী ডেনপাচাৰ
মাটিকালি
 - মুঠ ৫,৭৮০ কি.মি. 
(২,২৩১.৭ বৰ্গ মাইল)
জনসংখ্যা (২০১৪)
 - মুঠ ৪২,২৫,৩৮৪ জন
 - জনঘনত্ব ৭৩১ প্ৰতি বৰ্গ কি.মি. 
(১,৮৯৩.৪ প্ৰতি বৰ্গ মাইল)
জনগাঁথনি
 - জনগোষ্ঠী[1]
  • বালীয় লোক (৯০%)
  • জাভা লোক (৭%)
  • বালিঅগা (১%)
  • মাডুৰিচি লোক (১%)
 - ধৰ্ম[2]
 - ভাষা[3]
সময় অঞ্চল WITA (গ্ৰী.মা.স.+০৮)
যানবাহনৰ নম্বৰ DK
HDI বৃদ্ধি ০.৭৪৩ (উচ্চ)
ৱেবছাইট www.baliprov.go.id

বালি ইণ্ডোনেছিয়াৰ এক দ্বীপ অঞ্চল আৰু প্ৰদেশ। বালি আৰু ইয়াৰ কাষৰ কিছু ক্ষুদ্ৰ দ্বীপ নুচা পেনিদা, নুচা লেমবনগান আৰু নুচা চেনিনগানৰ লগ লাগি এই প্ৰদেশ গঠিত হৈছে। ইয়াৰ ৰাজধানী হৈছে ডেনপাচাৰ। ই দ্বীপটোৰ দক্ষিণাঞ্চলত অৱস্থিত।

পূব জাভা অঞ্চলৰ ৩.২ কিলোমিটাৰ দূৰত বালি দ্বীপ অৱস্থিত। বালি প্ৰণালীৰ দ্বাৰা বালি আৰু জাভা পৃথক হৈছে। পূবৰ পৰা পশ্চিমলৈ দ্বীপটো ১৫৩ কিলোমিটাৰ আৰু উত্তৰৰ পৰা দক্ষিণলৈ ১১২ কিলোমিটাৰ। নুচা পেনিদা জিলা বাদ দি প্ৰশাসনিকভাবে ইয়াৰ মাটিকালি ৫,৭৮০ বৰ্গকিলোমিটাৰ।[4] জনঘনত্ব প্ৰতি বৰ্গকিলোমিটাৰত প্ৰায় ৭৫০ জন।

২০১০ চনৰ লোকপিয়ল অনুযায়ী অঞ্চলটোৰ জনসংখ্যা ৩৮,৯০,৭৫৭ জন[5] আৰু ২০১৪ চনৰ জানুৱাৰীৰ অনুমান অনুসৰি ৪২,২৫,৩৮৪ জন।[6] দ্বীপটোৰ অধিকাংশ লোক হিন্দু ধৰ্মালম্বী। ২০১০ চনৰ তথ্য অনুসৰি বালিৰ জনসংখ্যাৰ ৮৩.৫% শতাংশই বালীয় হিন্দু।[1] বাকী লোকসকলৰ হৈছে ইছলাম (১৩.৪%), খ্ৰীষ্টান (২.৫%) আৰু বৌদ্ধ (০.৫%) ধৰ্মালম্বী।[7]

অতীজতে বালিত বিভিন্ন হিন্দু সম্প্ৰদায়ৰ লোকে বসবাস কৰিছিল। প্ৰত্যেক সম্প্ৰদায়ে একো একোজন নিৰ্দিষ্ট দেৱতাক পূজা কৰিছিল।[8] বালিৰ সংস্কৃতি ভাৰতীয় আৰু চীনা সংস্কৃতিৰ দ্বাৰা প্ৰচুৰভাৱে প্ৰভাৱান্বিত। ইয়াত প্ৰথম শতিকাৰ পৰাই হিন্দু সংস্কৃতিৰ বিকাশ হোৱা বুলি অনুমান কৰা হয়।[9]

ইতিহাস[সম্পাদনা কৰক]

খ্ৰীষ্টপূৰ্ব প্ৰায় দুহেজাৰ বছৰ পূৰ্বে দক্ষিণ-পূব এছিয়াৰ জলপথৰে দক্ষিণ-পূব এছিয়া আৰু ওচেনিয়াৰ পৰা অষ্ট্ৰোনেছিয়ানলোকৰ আগমন এই অঞ্চললৈ হয় আৰু ইয়াতে বসতি আৰম্ভ কৰে।[10][11] সাংস্কৃতিক আৰু ভাষাগত দিশৰ পৰা বালিৰ লোকসকল ইণ্ডোনেছিয়া দ্বীপপুঞ্জ, মালয়েছিয়া, ফিলিপাইন আৰু ওচেনিয়াৰ লোকসকলৰ সৈতে ওচৰ সম্পৰ্ক দেখা যায়।[11]

জনপ্ৰিয় পৰ্যটন কেন্দ্ৰ হিচাপে বালিৰ সুনাম আছে।[12] প্ৰাচীন আৰু আধুনিক নৃত্যকলা, ভাস্কৰ্য, চিত্ৰকলা, সংগীত, চামৰা আৰু ধাতবশিল্পৰ উচ্চ পৰ্যায়ৰ শিল্পকলাৰ বাবে অঞ্চলটোৱে বিশেষ গুৰুত্বতা পায়ছে। বাৰ্ষিক ইণ্ডোনেছীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ইয়াতে অনুষ্ঠিত হয়। বিংশ শতাব্দীত পৰ্যটনৰ দিশত অঞ্চলটোৱে বিশেষ গুৰুত্ব প্ৰদান কৰে। সাম্প্ৰতিককালত বালিত ২০১১ চনৰ এচিয়েন সম্মিলন, ২০১৩ চনৰ এপেক সম্মিলন আৰু মিচ ৱৰ্ল্ড সুন্দৰী প্ৰতিযোগিতা, ২০১৮ চনৰ আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি আৰু বিশ্ব বেংকৰ বাৰ্ষিক সভা অনুষ্ঠিত হৈছে।

প্ৰৱাল ত্ৰিভুজ বা ক'ৰাল ট্ৰায়াঙ্গলৰ অংশ হিচাপে এই অঞ্চলটি সামুদ্ৰিক প্ৰজাতিৰ জীৱবৈচিত্ৰ্যত অতি চহকী।[13] কেৱল এই অঞ্চলতে পাঁচ শতাধিক প্ৰৱাল প্ৰাচীৰ গঢ়া প্ৰজাতিৰ প্ৰাণী পোৱা যায়। এই সংখ্যা তুলনামূলকভাৱে সম্পূৰ্ণ কেৰিবীয়ান অঞ্চলৰ প্ৰায় সাত গুণ বেছি।[14]

দ্বিতীয় বিশ্বযুদ্ধ[সম্পাদনা কৰক]

দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাপানে বালি দখল কৰে। ১৯ ফেব্ৰুৱাৰী, ১৯৪২ তাৰিখে জাপানী বাহিনী চহৰখনৰ কাষত অৱতৰণ কৰে আৰু ক্ষিপ্ৰতাৰে দ্বীপটোক কৰায়ত্ত্ব কৰে।[15] ওলন্দাজ সকলৰ শাসনৰ তুলনাত জাপানী শাসন অধিক সহনীয় আছিল।[16] ১৯৪৫ চনৰ আগষ্টত জাপানৰ আত্মসমৰ্পণৰ পাছত ওলন্দাজসকল ইণ্ডোনেছিয়ালৈ প্ৰত্যাৱৰ্তন কৰে আৰু ঔপনিবেশিক শাসন চলায় যায়। ১৯৪৯ চনৰ ২৯ ডিচেম্বৰত বালি ওলন্দাজৰ ঔপনিবেশিক শাসনৰ পৰা মুক্তি লাভ কৰে।[17]

জীৱবৈচিত্ৰ[সম্পাদনা কৰক]

বালিত প্ৰায় ২৮০ প্ৰজাতিৰ চৰাই আছে। ইয়াৰ মাজৰে বালি শালিকা নামৰ প্ৰজাতিটোৰ অৱস্থা ঘোৰ সংকটাপন্ন অৰ্থাৎ ই বিপন্ন হৈ পৰাৰ সম্ভাৱনা আছে। বিংশ শতাব্দীত আৰম্ভণিলৈকে বালিতে কিছু বৃহৎ আকাৰৰ স্তণ্যপায়ী প্ৰাণীও আছিল। ১৯৩৭ চনত অন্তিমটো বালি বাঘক দেখা পোৱা গৈছিল। ১৯৪০ দশকৰ পৰা ১৯৫০ দশকলৈ বালি বাঘৰ উপ-প্ৰজাতি এটাও দেখা গৈছিল।[18]

পৰ্যটন[সম্পাদনা কৰক]

তিনি দশক পূৰ্বে বালিৰ অৰ্থনীতিৰ অধিকাংশই আছিল কৃষিভিত্তিক। বৰ্তমানে পৰ্যটনশিল্প আয়ৰ প্ৰধান ক্ষেত্ৰ, যাৰ ফলত বালি ইণ্ডোনেছিয়াৰ অন্যতম সম্পদশালী অঞ্চল হিচাপে পৰিগণিত হৈছে। ২০০৩ চনৰ বালিৰ অৰ্থনীতিৰ ৮০% আছিল পৰ্যটন সম্পৰ্কীয়।[19] ২০০২ আৰু ২০০৫ চনৰ সন্ত্ৰাসবাদী আক্ৰমণে বালিৰ অৰ্থনীতিত ব্যাপকভাবে ঋণাত্মক প্ৰভাৱ পেলায়। পিছে বৰ্তমানে পৰ্যটনশিল্প পুনৰ ঠন ধৰি উঠিছে।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 Penduduk Menurut Wilayah dan Agama yang Dianut (2010 Census). bps.go.id
  2. Suryadinata, Leo; Arifin, Evi Nurvidya & Ananta, Aris (2003). Indonesia's Population: Ethnicity and Religion in a Changing Political Landscape. Institute of Southeast Asian Studies. ISBN 9812302123. 
  3. bali.com. "Languages Spoken in Bali" (en ভাষাত). www.bali.com. Archived from the original on 2013-12-22. https://web.archive.org/web/20131222052007/https://www.bali.com/bali-languages-translation.html। আহৰণ কৰা হৈছে: 2018-09-16. 
  4. "Kabupaten Klungkung, Data Agregat per Kecamatan". Sp2010.bps.go.id. 2010. http://sp2010.bps.go.id/files/ebook/5105.pdf. 
  5. "Indonesia (Urban City Population): Provinces & Cities – Statistics & Maps on City Population". Citypopulation.de. 1 May 2010. http://www.citypopulation.de/Indonesia-MU.html। আহৰণ কৰা হৈছে: 30 December 2012. 
  6. Ni Komang Erviani (17 December 2012). "Bali faces population boom, now home to 4.2 million residents". Bali Daily via The Jakarta Post. http://www.thejakartapost.com/news/2012/12/17/bali-faces-population-boom-now-home-42-million-residents.html। আহৰণ কৰা হৈছে: 30 December 2012. 
  7. "Population by Region and Religion: Bali Province". https://sp2010.bps.go.id/index.php/site/tabel?tid=321&wid=5100000000. 
  8. "The birthplace of Balinese Hinduism". The Jakarta Post. 28 April 2011. http://www.thejakartapost.com/news/2011/04/28/the-birthplace-balinese-hinduism.html। আহৰণ কৰা হৈছে: 30 December 2012. 
  9. Handbook of Oriental Studies. Section 3 Southeast Asia, Religions, p. 1, গুগুল বুকচ্‌ত, পৃষ্ঠা. 1-54
  10. Taylor, Jean Gelman (2003). Indonesia: Peoples and Histories. প্ৰকাশক New Haven and London: Yale University Press. ISBN 0-300-10518-5. 
  11. 11.0 11.1 Hinzler, Heidi (1995) Artifacts and Early Foreign Influences. From Oey, Eric (Editor) (1995). Bali. প্ৰকাশক Singapore: Periplus Editions. পৃষ্ঠা. 24–25. ISBN 9625930280. 
  12. "Discover Indonesia". http://www.indonesia.travel/en/discover-indonesia/region-detail/35/bali. 
  13. Dudley, Nigel; Stolton, Sue (2010-08-12). Arguments for Protected Areas: Multiple Benefits for Conservation and Use. Routledge. ISBN 9781136542923. https://books.google.com/books?id=-wDJBQAAQBAJ. 
  14. "Species diversity by ocean basin". NOAA Coral Reef Conservation Program. 9 May 2014. Archived from the original on 12 May 2014. https://web.archive.org/web/20140512230756/http://coralreef.noaa.gov/aboutcorals/facts/coral_species.html. 
  15. Klemen, L (1999–2000). "The Capture of Bali Island, February 1942". Forgotten Campaign: The Dutch East Indies Campaign 1941–1942. Archived from the original on 2012-03-25. https://web.archive.org/web/20120325051425/http://www.dutcheastindies.webs.com/bali.html। আহৰণ কৰা হৈছে: 2019-02-17. 
  16. Haer, Debbie Guthrie; Morillot, Juliette & Toh, Irene (2001). Bali, a traveller's companion. Editions Didier Millet. ISBN 978-981-4217-35-4. 
  17. Andy Barski, Albert Beaucort; Bruce Carpenter, Barski (2007). Bali and Lombok. Dorling Kindersley, London. পৃষ্ঠা. 51. ISBN 978-0-7566-2878-9. 
  18. IUCN Red List of Threatened Species Archived 2019-03-29 at the Wayback Machine. Retrieved 24 June 2010
  19. Desperately Seeking Survival Archived 2013-08-27 at the Wayback Machine Time. 25 November 2002.

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

স্থানাংক: 8°20′06″S 115°05′17″E / 8.335°S 115.08806°E / -8.335; 115.08806 অপেন ষ্ট্ৰীট মেপত বালি, ইণ্ডোনেছিয়া বিষয়ক ভৌগোলিক তথ্য আছে।