ক্ৰিকেট: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
শ্ৰেণী:খেল যোগ কৰা হ’ল   হটকেট ব্যৱহাৰৰ জৰিয়তে
en interwiki
26 নং শাৰী: 26 নং শাৰী:
==তথ্য সংগ্ৰহ==
==তথ্য সংগ্ৰহ==
{{reflist}}
{{reflist}}

[[en:cricket]]


[[শ্ৰেণী:খেল]]
[[শ্ৰেণী:খেল]]

16:16, 18 January 2013ৰ সংস্কৰণ

ক্ৰিকেট

এজন 'বাউলাৰ'-এ বেট্‌ছমেন-লৈ বল নিক্ষেপ কৰিছে। মাজৰ দীঘলীয়া আয়তাকাৰ ক্ষেত্ৰখন পিট্‌চ। পিটচ-ৰ দুমূৰে থকা কাঠৰ খুঁটি তিনিডালক 'উইকেট' বোলা হয়। উইকেইটৰপৰা পিট্‌চৰ ভিতৰৰ ফালে থকা বগা ৰেখা-কেইডাল 'ক্ৰীজ'।
সৰ্বোচ্চ পৰিচালনা সংস্থা আন্তৰ্জাতিক ক্ৰিকেট পৰিষদ (ICC) International Cricket Council
প্ৰথমবাৰ খেলা হয় ওঠৰ শতিকা (আধুনিক ক্ৰিকেট)
বৈশিষ্ট্য
দলৰ সদস্য প্ৰতি দলতে ১১ জনকৈ খেলুৱৈ
খেলুৱৈ আঘাতপ্ৰাপ্ত হ'লে বিকল্প খেলুৱৈয়ে 'ফিল্ডিং' কৰিব পাৰে।
মিশ্ৰিত লিঙ্গৰ খেল একক
বৰ্গীকৰণ দলীয় ক্ৰীড়া, বেট-বলৰ খেল
উপকৰণ ক্ৰিকেট বল, ক্ৰিকেট বেট,
উইকেট: ষ্টাম্প, বেইল
খেলৰ স্থান ক্ৰিকেট খেলপথাৰ
অলিম্পিক ১৯০০ চনৰ গ্ৰীষ্মকালীন অলিম্পিক-ত এবাৰেই খেলা হৈছিল

ক্ৰিকেট এবিধ 'বেট আৰু বলৰ খেল'। দুটা দলৰ ১১ জনকৈ সদস্যৰে এই খেল ক্ৰিকেট খেলপথাৰত খেলা হয়। খেলপথাৰৰ সোঁমাজত ২২ গজ দৈৰ্ঘৰ এক আয়তাকাৰ ক্ষেত্ৰ থাকে, যাক পিট্‌চ বোলা হয়। এটা দলৰ দুজনকৈ খেলুৱৈয়ে এটা সময়ত বেট ধৰে আৰু যিমান বেছিকৈ পাৰে ৰাণ সংগ্ৰহ কৰিবলৈ যত্ন কৰে, য'ত আনটো দলে বেট ধৰা কেইজনলৈ বল নিক্ষেপ কৰি 'আউট' কৰিবলৈ চেষ্টা কৰে, লগতে খেলপথাৰত আনটো দলৰ আটাইকেইজন সদস্যই ৰাণ সংগ্ৰহত বাধা দিবলৈ চেষ্টা কৰে। একোজন বেট ধৰোঁতাক আউট কৰিব পাৰিলে আন এজন খেলপথাৰলৈ আহে, এনেকৈ সেই দলৰ ১১ গৰাকী খেলুৱৈয়ে বেট ধৰিবলৈ সুযোগ পায়। বেট ধৰোঁতাজনে নিক্ষেপ কৰা বলটো বেটেৰে দূৰলৈ মাৰি পঠিয়াই পিট্‌চ আনটো মূৰলৈ দৌৰ মাৰি 'ৰাণ' ল'ব পাৰে। বলটো খেল পথাৰৰ এক নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰাব পাৰিলে 'চাৰি' বা 'ছয়' সংখ্যক ৰাণো বেট ধৰোঁতাই সংগ্ৰহ কৰিব পাৰে। এটা দলে এনেদৰে বেট কৰা সময়খিনিক এটা 'ইনিংছ' বোলা হয়। এটা ইনিংছ সমাপ্ত হোৱাৰ পাছত আনটো দলে নিজা ইনিংছ খেলিবলৈ সুযোগ পায়।

পেছাদাৰী ক্ৰিকেট প্ৰতিযোগিতা তিনিটা বিভাগত খেলোৱা হয়। 'টেষ্ট ক্ৰিকেট'ত দল এটাৰ ইংনিছ আটাইকেইজন বেট ধৰোঁতাক 'আউট' নকৰালৈকে চলি থাকে। অৱশ্যে বেট ধৰা দলটোৱে সকলো খেলুৱৈ আউট হোৱাৰ আগেয়েই 'ইংনিছ সমাপ্ত' বুলি ঘোষণা কৰিব পাৰে। টেষ্ট ক্ৰিকেট পাঁচদিনীয়া বা তিনিদিনীয়া হিচাপে খেলোৱা হয়। এদিনীয়া ক্ৰিকেটত এটা ইংনিছ এক নিৰ্দিষ্ট অ'ভাৰৰ সংখ্যাত সমাপ্ত কৰা হয়। বা, নিৰ্দিষ্ট অ'ভাৰ শেষ হোৱাৰ আগেয়েই বেট কৰি থকা দলটোৰ আটাইকেইজনক আউট কৰিব লাগে। এদিনীয়া ক্ৰিকেটত বৰ্তমান এটা দলক ৫০ অ'ভাৰকৈ খেলিবলৈ দিয়া হয়। শেহতীয়াকৈ 'টুৱেণ্টী২০' খেল আন্তৰ্জাতিক ভাৱে খেলোৱা হৈছে। এনে খেলত এটা দল ২০ অ'ভাৰৰ ইংনিছ এটা খেলিব লাগে। আটাইকেইটা ভাগতে বৰ্তমাৰ নিয়ম অনুসৰি এটা অ'ভাৰত ৬-টাকৈ শুদ্ধ বল নিক্ষেপন কৰিবলৈ দিয়া হয়। ক্ৰিকেটৰ আইন-কানুনবোৰ ক্ৰিকেটৰ আন্তৰ্জাতিক সংস্থা আন্তৰ্জাতিক ক্ৰিকেট পৰিষদ '(International Cricket Council, ICC)' আৰু মেৰীলিব'ন ক্ৰিকেট ক্লাৱৰ (MCC)-ৰ দ্বাৰা নিয়ন্ত্ৰিত হয়।[1]

ক্ৰিকেটৰ জন্ম হৈছিল দক্ষিণ ইংলেণ্ডত ষষ্ঠদশ শতিকাত। ওঠৰ শতিকাৰ শেষলৈ ক্ৰিকেট ইংলেণ্ডৰ ৰাষ্ট্ৰীয় ক্ৰীড়া হৈ পৰে। ব্ৰিটিছ সাম্ৰাজ্যৰ প্ৰসাৰে উনৈছ শতিকাত ক্ৰিকেট খেলক বিভিন্ন দেশলৈ বিয়পাই দিয়ে। প্ৰথম আন্তৰ্জাতিক ক্ৰিকেট খেলা হৈছিল উনৈছ শতিকাৰ মধ্যভাগত। ক্ৰিকেটৰ নিয়ন্ত্ৰণকাৰী সংস্থা ICC-ৰ ১০-খন পূৰ্ণ সদস্যভুক্ত দেশ আছে।[2] ক্ৰিকেট খেল অষ্ট্ৰেলিয়া, ইংলেণ্ড, ভাৰত উপমহাদেশৰ দেশসমূহ, ৱেষ্ট ইণ্ডিজ আৰু দক্ষিণ আফ্ৰিকাত বিশেষ ভাৱে জনপ্ৰিয়।

ক্ৰিকেট মূলতঃ বহিঃক্ৰীড়া (outdoor game), যদিও আজিকালি অন্তঃক্ৰীড়া (indoor game) হিচাপেও খেলিব পাৰি।

তথ্য সংগ্ৰহ