লৰ্ড ভ'লডেমৰ্ট: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
ৰবট যোগ দিছে :ar,bg,bn,br,bs,ca,cs,da,el,en,es,et,eu,fa,fi,fr,gl,he,hi,hr,hu,ia,id,is,it,ja,ka,ko,la,lt,lv,mk,ml,mn,mr,ms,nl,nn,no,pl,pt,ro,ru,sh,sk,sl,sr,sv,th,tr,uk,vi,zh
r2.6.6) (ৰবট যোগ দিছে :de:Figuren der Harry-Potter-Romane#Lord Voldemort
171 নং শাৰী: 171 নং শাৰী:
[[cs:Lord Voldemort]]
[[cs:Lord Voldemort]]
[[da:Lord Voldemort]]
[[da:Lord Voldemort]]
[[de:Figuren der Harry-Potter-Romane#Lord Voldemort]]
[[el:Λόρδος Βόλντεμορτ]]
[[el:Λόρδος Βόλντεμορτ]]
[[en:Lord Voldemort]]
[[en:Lord Voldemort]]

10:59, 4 March 2013ৰ সংস্কৰণ

লৰ্ড ভ’লডেমৰ্ট
হেৰী পটাৰৰ চৰিত্ৰ
[[File:|200px]]
লৰ্ড ভ’লডেমৰ্টৰ চৰিত্ৰত ৰাল্ফ ফিয়েনছ
হেৰী পটাৰ এণ্ড দ্য ডেডলী হ’ল’জ-ভাগ-১
প্ৰথম আৱিৰ্ভাৱ হেৰী পটাৰ এণ্ড দ্য ফিল’ছ’ফাৰ্ছ ষ্ট’ন
অন্তিম আৱিৰ্ভাৱ হেৰী পটাৰ এণ্ড দ্য ডেডলী হ’ল’জ
স্ৰষ্টা জে কে ৰাউলিং
গৃহ শ্লিদেৰিণ

লৰ্ড ভ’লডেমৰ্ট (pron.: /ˈvldəmɔr/)[1][2] (জন্মনাম টম মাৰভোলো ৰিডল) হ’ল এক কাল্পনিক চৰিত্ৰ আৰু জে কে ৰাউলিঙৰ “হেৰী পটাৰ ” শৃংখলাৰ প্ৰধান বিৰোধী চৰিত্ৰ। ১৯৯৭ চনত প্ৰকাশ হোৱা ‘’হেৰী পটাৰ এণ্ড দ্য ফিল’ছ’ফাৰ্ছ ষ্ট’ন’’ত ভ’লডেমৰ্টে আত্মপ্ৰকাশ কৰে । তৃতীয় উপন্যাস ‘’হেৰী পটাৰ এণ্ড দ্য প্ৰিজনাৰ অৱ আজকাবান’’ৰ বাহিৰে বাকী সকলো কেইখন কিতাপ বা চলচ্চিত্ৰ অভিযোজনতে ভ’লডেমৰ্ট হয়তো শাৰীৰিক ভাৱে নহয়তো স্মৃতি ৰোমন্থনৰ জৰিয়তে উপস্থিত আছে।

শৃংখলাটিত ভ’লডেমৰ্ট হেৰী পটাৰৰ প্ৰধান শত্ৰু কাৰণ এক ভৱিষ্যকথন অনুসৰি হেৰীৰ “অন্ধকাৰৰ ৰজাক পৰাভূত কৰিব পৰা শক্তি” আছে। প্ৰায় কোনো যাদুকৰ বা যাদুকৰীয়ে তেওঁৰ নাম ল’বলৈ সাহস নকৰে আৰু নামৰ সলনি “তুমি-জানা-কোন”,”তেওঁ-যাৰ-নাম-ল’ব-নাপায়”,”অন্ধকাৰৰ ৰজা” আদি বিশেষণেৰে সম্বোধন কৰে । যাদুবিশ্বৰ মাগোল(যাদু নজনা লোক) সকলৰ অস্তিত্ব বিলোপ কৰি মাগোলজগত আৰু যাদুজগত উভয়কে নিজৰ অধীনলৈ আনি বিশুদ্ধ তেজৰ এক সাম্ৰাজ্য স্থাপন কৰাই ভ’লডেমৰ্টৰ প্ৰধান লক্ষ্য। মাকৰ ফালৰ পৰা তেওঁ হগৱাৰ্ট্ছ যাদু আৰু তন্ত্ৰ বিদ্যালয়ৰ চাৰিজন প্ৰতিস্থাতাৰ ভিতৰত অন্যতম ছালাজাৰ শ্লিদেৰিণৰ শেষ বংশধৰ।[3] যাদুবিশ্বৰ মাগোল সকলক নাশ কৰি ভ’লডেমৰ্টক সৰ্বেসৰ্বা শাসনকৰ্তা হিচাপে প্ৰতিস্থা কৰিবলৈ গঠিত ডেথ্ ইটাৰ সকল দলৰ তেওঁ দলপতি।

চাৰিত্ৰিক বিকাশ

আবিৰ্ভাৱ

হেৰী পটাৰ এণ্ড দ্য ফিল’ছ’ফাৰ্ছ ষ্ট’ন

চিত্ৰ:Voldemort in Movie 1.jpg
হেৰী পটাৰ এণ্ড দ্য ফিল'ছ'ফার্ছ ষ্ট'নত কুইৰেলৰ মূৰৰ পিছফালে লর্ড ভ'লডেমৰ্ট

হেৰী পটাৰ এণ্ড দ্য ফিল'ছ'ফার্ছ ষ্ট'নত ভ'লডেমর্টৰ প্রথম আৱির্ভাৱ ঘটে। এই কাহিনীত ৰাউলিঙে ভ'লডেমর্টক "ডার্ক লর্ড" হিচাপে পৰিচয় কৰায় যিয়ে হেৰীৰ মাতা-পিতা লিলি পটাৰ আৰু জেমছ পটাৰক হত্যা কৰে আৰু হেৰীকো তত্‍ক্ষণমৰণ শাপেৰে মাৰিবলৈ যাঁওতে হেৰীৰ মাতৃৰ প্রেম আৰু হেৰীৰ বাবে নিজৰ প্রাণ উত্‍সর্গা কৰা প্রৱণতাই হেৰীক এক ঢাল হিচাপে ৰক্ষা কৰে। ফলত ভ'লডেমর্টে নিজৰ শৰীৰ হেৰুৱাই পেলাই আৰু হেৰীৰ কপালত ৰৈ যায় বিজুলীৰ দৰে এক ৰহস্যময় দাগ। কিতাপখনত ভ'লডেমর্টে ফিল'ছ'ফার্ছ ষ্ট'ন বা পৰশ পাথৰটি চুৰি কৰি হেৰোৱা শৰীৰটো পুনৰূদ্ধাৰৰ বিফল চেষ্টা চলাই। ইয়াৰ বাবে ভ'লডেমর্টে প্রফেছৰ কুইৰেলৰ সহায় বিচাৰে আৰু কুইৰেলৰ মূৰৰ পিছফালে আশ্রয় লয়। অৱশ্যে শেষত পৰশ পাথৰটি চুৰি কৰাত হেৰীয়ে ভ'লডেমর্টক বাধা দিবলৈ সক্ষম হয়।

হেৰী পটাৰ এণ্ড দ্য চেম্বাৰ অৱ ছিক্ৰেটছ

হেৰী পটাৰ এণ্ড দ্য চেম্বাৰ অৱ ছিক্রেটছত ৰাউলিঙে জিনি ৱিজলীয়ে বিচাৰি পোৱা ডায়েৰী এটাৰ মাজত লুকাই থকা কিশোৰ ভলডেমর্টৰ এক সত্ত্বা টম মাৰভ'ল' ৰিডলক চিনাকি কৰোৱাই। এই কিতাপখনত জিনিক হেৰীৰ প্রতি আকর্ষিত এক লাজকুৰীয়া যুৱতী হিচাপে বর্ণনা কৰা হৈছে।[4] উত্‍কন্ঠিত আৰু অকলশৰীয়া অনুভৱ কৰি জিনিয়ে ডায়েৰীটোত লিখিবলৈ আৰম্ভ কৰে আৰু সহানুভূতিশীল টমৰ লগত নিজৰ গভীৰতম ভয়সমূহ আলোচনা কৰিবলৈ লয়।[4] ছবিখনৰ শেষৰ ফালে যেতিয়া টম মাৰভ'ল' ৰিডলে নামৰ আখৰ কেইটা সলনি কৰি ময়েই লড ভলডেম'র্ট বুলি প্রকাশ কৰে তেতিয়াহে এইটো ওলাই পৰে যে টম প্রকৃততে ভলডেম'র্টৰ এক মায়াবী ৰূপ। ৰিডলে কয় যে জিনিৰ ভয়বোৰ গ্রাস কৰি সি শক্তিশালী হৈ পৰিছে আৰু জিনিৰ অন্তৰাত্মা দখল কৰি লৈছে। সি জিনিক ব্যৱহাৰ কৰি গোপন কোঠাৰ দুৱাৰ খোলে যাৰ পৰা বাচিলিস্ক নামৰ দৈত্যাকৃতিৰ সাপ এডাল ওলাই হগৱার্টছৰ বহুতো বিদ্যার্থীক জড়ভৰত কৰি পেলায়। হেৰীয়ে শেষত বাচিলিস্ক আৰু ডায়েৰীৰ ৰিডল উভয়কে পৰাস্ত কৰে।[4] হেৰী পটাৰ এণ্ড দ্য হাফ ব্লাড প্রিন্সত , এলবাচ ডাম্বলড'ৰে হেৰীক কয় যে সেই ডায়েৰীটো প্রকৃততে ভলডেম'র্টৰ এটা হৰক্রাক্স(ভলডেম'র্টৰ খণ্ডিত আত্মাৰ এটা অংশ ধাৰণ কৰা এক পাত্র) আছিল।

হেৰী পটাৰ এণ্ড দ্য প্ৰিজনাৰ অৱ আজকাবান

তৃতীয় গ্রন্থ হেৰী পটাৰ এণ্ড দ্য প্রিজনাৰ অৱ আজকাবানত ভলডেম'র্ট নিজে বা আন কোনো ৰূপেৰেও উপস্থিত নাথাকে। হেৰীক যেতিয়া ডিমেনটৰে আক্রমণ কৰে তেতিয়াহে ভলডেম'র্টৰ মাত শুনা যায়। কাহিনীৰ শেষৰফালে জ্যোতিষ বিদ্যাৰ শিক্ষক ছিবিল ট্রেলোনীয়ে এক ভৱিষ্যদ্বাণী কৰে: অন্ধকাৰৰ ৰজা অকলশৰীয়া আৰু বন্ধুত্বহীন হৈ আছে, অনুগামীসকলেও তেওঁক পৰিত্যাগ কৰিছে। এই বাৰ বছৰে তেওঁৰ সেৱক বন্দী হৈ আছিল। আজি মাজৰাতিৰ আগেয়ে সেৱক মুক্ত হব আৰু তাৰ প্রভুক লগ পাবলৈ যাত্রা কৰিব। সেৱকৰ সহায়ত অন্ধকাৰৰ ৰজা আগতকৈ বহুগুণে শক্তিশালী আৰু ভয়ানক হৈ পুনৰ জাগি উঠিব। আজিয়েই...মাজৰাতিৰ আগেয়েই... সেই সেৱক...তাৰ প্রভুক লগ পাবলৈ... যাত্রা কৰিব...[5] প্রথমতে যদিও এই সেৱকজন ছিৰিয়াছ ব্লেক বুলি ভবা হয় পিছলৈ গম পোৱা যায় যে তাত পিটাৰ পেটিগ্রিউৰ কথা কোৱা হৈছে যিয়ে ভলডেম'র্টৰ পতনৰপৰা ইমানদিনে ৰণৰ এন্দুৰ স্কেবার্জৰ ৰূপ লৈ আছিল।

হেৰী পটাৰ এণ্ড দ্য গব্লেট অৱ ফায়াৰ

হেৰী পটাৰ এণ্ড দ্য হাফ ব্লাড প্ৰিন্স

চৰিত্ৰায়ণ

বাহ্যিক ৰেহ-ৰূপ

ব্যক্তিত্ব

যাদুকৰী শক্তি আৰু ক্ষমতা

<…!--Throughout the series, Rowling establishes Voldemort as an extremely powerful, intelligent, and ruthless Dark Wizard. He is known as one of the greatest Legilimens in the world and a highly accomplished Occlumens; he can read minds and shield his own from penetration. Besides Dumbledore he is also the only wizard ever known to be able to apparate silently. Voldemort was also said to fear one wizard alone, Albus Dumbledore.-->



পৰিয়াল

বংশবৃক্ষ

Note: The names 'Thomas' and 'Mary' Riddle are taken from the films and the Potter Family is not shown.

 
 
 
 
 
 
 
 
ছালাজাৰ শ্লিদেৰিণ
 
পেভাৰেল পৰিয়াল
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
থমাছ ৰিডল
 
মেৰী ৰিডল
 
মাৰভোলো গ'ন্ট
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
টম ৰিডল জ্যেষ্ঠ
 
মেৰোপ গ'ন্ট
 
মৰফিন গ'ন্ট
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
টম মাৰভোলো ৰিডল
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
হেৰী পটাৰ

ৰিডল পৰিয়াল

গ’ন্ট পৰিয়াল

সঁহাৰি

]</ref> Alfonso Cuarón, director of Harry Potter and the Prisoner of Azkaban compared Voldemort with George W. Bush and Saddam Hussein, as the two of them "...have selfish interests and are very much in love with power. Also, a disregard for the environment. A love for manipulating people."[6] Andrew Slack and the Harry Potter Alliance compare media consolidation in the U.S. to Voldemort's regime in Deathly Hallows and its control over the Daily Prophet and other media saying that "Once Voldemort took over every form of media in the wizarding world, Dumbledore's Army and the Order of the Phoenix formed an independent media movement called 'Potterwatch'. Now the HP Alliance and Wizard Rock have come together to fight for a Potterwatch movement in the real world to fight back against Big VoldeMedia from further pushing out local and foreign news, minority representation, and the right to a Free Press."[7] Julia Turner from Slate Magazine also noted similarities between the events of Harry Potter and the Half-Blood Prince and the current War on Terror. She said that Voldemort takes up terrorism by destroying bridges, murdering innocents, and forcing children to kill their elders.[8]-->


জনপ্ৰিয় সংস্কৃতিত

তথ্যসূত্ৰ

বাহ্যিক সংযোগ