গুপ্তেশ্বৰ দেৱালয়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
শ্ৰেণী:শোণিতপুৰ বিলোপ কৰা হ’ল; শ্ৰেণী:শোণিতপুৰ জিলা যোগ কৰা হ’ল   হটকেট ব্যৱহাৰৰ জৰিয়তে
49 নং শাৰী: 49 নং শাৰী:
[[en:Gupteswar Temple]]-->
[[en:Gupteswar Temple]]-->


[[শ্ৰেণী:শোণিতপুৰ জিলা]]
[[শ্ৰেণী:শোণিতপুৰ জিলাৰ পৰ্যটনস্থলী]]

14:12, 20 August 2013ৰ সংস্কৰণ

গুপ্তেশ্বৰ দেৱালয়
গুপ্তেশ্বৰ দেৱালয় is located in Assam
গুপ্তেশ্বৰ দেৱালয়
অসম মানচিত্ৰত গুপ্তেশ্বৰ দেৱালয়ৰ অৱস্থান
ভূ-স্থানাংক 26°22′N 92°17′E / 26.36°N 92.29°E / 26.36; 92.29
নাম
অন্য নাম গুপ্তেশ্বৰ মন্দিৰ
শিঙৰি মন্দিৰ
স্থান
দেশ ভাৰত
ৰাজ্য/ অঞ্চল অসম
জিলা শোণিতপুৰ
স্থাপত্য আৰু সংস্কৃতি
মুখ্য দেৱ/ দেৱী শিৱ
প্ৰধান উৎসৱ মহা শিৱৰাত্ৰি
স্থাপত্য শৈলী আহোম স্থাপত্য

গুপ্তেশ্বৰ দেৱালয় বা গুপ্তেশ্বৰ মন্দিৰ (ইংৰাজী: Gupteswar Temple) হৈছে অসমশোণিতপুৰ জিলাৰ পশ্চিম প্ৰান্তত ঢেকীয়াজুলি চহৰৰ অৱস্থিত হিন্দু ধৰ্মৰ এক দেৱালয়। এই দেৱালয় শিঙৰী মন্দিৰ হিচাপেও জনা যায়, কালিকা পুৰাণটো শৃংগটক নামেৰে ইয়াৰ উল্লেখ আছে[1]তেজপুৰ চহৰৰ পৰা প্ৰায় ৪৫ কিলোমিটাৰ আৰু ঢেকীয়াজুলি চহৰৰ পৰা প্ৰায় ১১ কিলোমিটাৰ আতৰত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত শিঙৰী পাহাৰৰ পাদদেশত এই দেৱালয় অৱস্থিত। লোকপ্ৰবাদ অনুসৰি এই মন্দিৰটো স্বয়ং বিশ্বকৰ্মা দেৱতাই নিৰ্মান কৰিছিল, আৰু পাছত আহোম স্বৰ্গদেউসকলে ইয়াত হাত বুলাইছিল[2]

গঠন

গুপ্তেশ্বৰ দেৱালয়ৰ শিখৰত এটা পিতলৰ কলচী, এখন মূখ্য তোৰণ আছে। দেৱালয়ৰ চৌপাশ প্ৰাচীন কালৰ ইটাৰে নিৰ্মিত[2]

ইতিহাস আৰু প্ৰবাদ

গুপ্তেশ্বৰ দেৱালয়ৰ নামাকৰণ সংক্ৰান্তত এটা লোকশ্ৰুতি অনুসৰি দ্বাপৰ যুগত শোণিতপুৰৰ ৰজা বাণাসুৰ কাশীধামলৈ গৈ শিৱৰ আৰাধনা কৰিছিল। তেওঁ কাশীৰ পৰা আহি নিজ ৰাজ্যৰ ভিতৰত দ্বিতীয় এখন কাশীধাম স্থাপন কৰাৰ মনস্থ কৰি এতিয়াৰ লুহিতৰ পাৰত বিশ্বনাথ ঘাটত নিৰ্মান কাৰ্য আৰম্ভ কৰিছিল। বানাসুৰৰ এই বৃহৎঅ কাশীধাম নিৰ্মানৰ কথা জানিব পাৰি স্বৰ্গৰ দেৱতাসকল বিস্মিত হ’ল আৰু এই পৰিকল্পনা বিফল কৰিবৰ বাবে বাণৰজাই অনা এটা শিৱলিংগ চুৰ কৰি আনি শিঙৰীৰ পাহাৰৰ গুহাত লুকুৱাই থ’লে। শিৱক এনেদৰে গুপ্ত কৰি থোৱাৰ বাবেই এই মন্দিৰ গুপ্তেশ্বৰ নামেৰে জনাজাত হ’ল[2]


তথ্য সংগ্ৰহ

  1. http://www.india9.com/i9show/Singri-Temple-20079.htm india9.com, Singri Temple, আহৰণ কৰা তাৰিখ : ২৮-১০-২০১২
  2. 2.0 2.1 2.2 ঐতিহাসিক গুপ্তেশ্বৰ দেৱালয়ৰ কথা, লিখক: ললিত কুমাৰ গগৈ, পৃষ্ঠা নং : ৬ (সম্পাদকীয় পৃষ্ঠা), অসমীয়া প্ৰতিদিন, প্ৰকাশ: ২৭ অক্টোবৰ, ২০১২, শণিবাৰ

বাহ্যিক সংযোগ